Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَاتَّبَعُوْا مَا تَتْلُوا الشَّیٰطِیْنُ عَلٰی مُلْكِ سُلَیْمٰنَ ۚ— وَمَا كَفَرَ سُلَیْمٰنُ وَلٰكِنَّ الشَّیٰطِیْنَ كَفَرُوْا یُعَلِّمُوْنَ النَّاسَ السِّحْرَ ۗ— وَمَاۤ اُنْزِلَ عَلَی الْمَلَكَیْنِ بِبَابِلَ هَارُوْتَ وَمَارُوْتَ ؕ— وَمَا یُعَلِّمٰنِ مِنْ اَحَدٍ حَتّٰی یَقُوْلَاۤ اِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ ؕ— فَیَتَعَلَّمُوْنَ مِنْهُمَا مَا یُفَرِّقُوْنَ بِهٖ بَیْنَ الْمَرْءِ وَزَوْجِهٖ ؕ— وَمَا هُمْ بِضَآرِّیْنَ بِهٖ مِنْ اَحَدٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَیَتَعَلَّمُوْنَ مَا یَضُرُّهُمْ وَلَا یَنْفَعُهُمْ ؕ— وَلَقَدْ عَلِمُوْا لَمَنِ اشْتَرٰىهُ مَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ۫ؕ— وَلَبِئْسَ مَا شَرَوْا بِهٖۤ اَنْفُسَهُمْ ؕ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟
যেতিয়া সিহঁতে আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই ললে, তেতিয়া ইয়াৰ পৰিবৰ্তে সেই সমূহ মনেসজা কথাৰ অনুসৰণ কৰিবলৈ ধৰিলে, যিবোৰ ছুলাইমান আলাইহিচ ছালামৰ ৰাজত্বৰ বিষয়ে চয়তানে প্ৰচাৰ কৰিছিল। সিহঁতে ধাৰণা কৰিছিল যে, ছুলাইমান আলাইহিচ ছালামে তেওঁৰ ৰাজত্ব মজবুত কৰি ৰাখিবলৈ যাদু বিদ্যাৰ সহায় লৈছিল। অথচ ছুলাইমান আলাইহিচ ছালামে যাদু বিদ্যাৰ সহায় লৈ কুফৰী কৰা নাছিল। বৰং চয়তানেহে কুফৰী কৰিছিল, যিয়ে মানুহক যাদু শিকাইছিল। চয়তানে মানুহক সেইসমূহ যাদু শিকাইছিল যিটো ইৰাকৰ বেবিলন চহৰত দুজন ফিৰিস্তা হাৰূত আৰু মাৰূতৰ প্ৰতি মানুহৰ পৰীক্ষা বাবে অৱতীৰ্ণ কৰা হৈছিল। এওঁলোক উভয়ে যাদু শিকোৱাৰ আগত প্ৰত্যেককে এই সতৰ্কবাণী দি কৈছিলঃ আমি মানুহৰ বাবে কেৱল মাথো পৰীক্ষাহে, এতেকে তোমালোকে যাদু শিকি কুফৰী নকৰিবা। যিয়ে তেওঁলোকৰ উপদেশ গ্ৰহণ কৰা নাছিল সি যাদু শিকিছিল। সেই যাদুৰে এটা প্ৰকাৰ আছিল এই ধৰণৰ যিটোৰ দ্বাৰা স্বামী-স্ত্ৰীৰ মাজত বিদ্বেষ সৃষ্টি কৰি বিচ্ছেদ ঘটোৱা হৈছিল। অথচ সিহঁতৰ যাদুৱে আল্লাহৰ অনুমতি আৰু ইচ্ছা অবিহনে কাকো কোনো ধৰণৰ ক্ষতি কৰিব পৰা নাছিল। লগতে এই কথা ইয়াহুদীসকলেও জানে যে, আল্লাহৰ কিতাবৰ পৰিবৰ্তে যাদু বিদ্যা পছন্দ কৰা সকলৰ আখিৰাতত কোনো অংশ নাথাকিব। সিহঁতে আল্লাহৰ অহী আৰু তেওঁৰ চৰীয়তৰ পৰিবৰ্তে যাদু বিদ্যাক পছন্দ কৰিছে। নিশ্চয় সেয়া জঘন্য বস্তু যিটোৰ পৰিবৰ্তে সিহঁতে নিজকে বিক্ৰী কৰিছে। যদি সিহঁতে জানিলেহেঁতেন যে, কোনটো বস্তুৰ দ্বাৰা সিহঁতৰ লাভ হব তেন্তে এই জঘন্য কৰ্ম আৰু স্পষ্ট ভ্ৰষ্টতাত পতিত নহলেহেঁতেন!
ዓረብኛ ተፍሲሮች:
وَلَوْ اَنَّهُمْ اٰمَنُوْا وَاتَّقَوْا لَمَثُوْبَةٌ مِّنْ عِنْدِ اللّٰهِ خَیْرٌ ؕ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟۠
যদি ইয়াহুদীসকলে আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰিলেহেঁতেন! আৰু তেওঁক ভয় কৰি সত্কৰ্ম কৰিলেহেঁতেন লগতে তেওঁৰ অবাধ্যতা পৰিত্যাগ কৰিলেহেঁতেন! তেন্তে সিহঁতে বৰ্তমান যি অৱস্থাত আছে তাতোকৈ উত্তম প্ৰতিদান আল্লাহৰ ওচৰত পালেহেঁতেন! কোনটো বস্তু সিহঁতৰ বাবে উপকাৰী হব যদি সিহঁতে জানিলেহেঁতেন!
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقُوْلُوْا رَاعِنَا وَقُوْلُوا انْظُرْنَا وَاسْمَعُوْا ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟
আল্লাহে মুমিনসকলক ভাল শব্দ ব্যৱহাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকে ৰা-ঈনা (অৰ্থাৎ আমাৰ প্ৰতি লক্ষ্য কৰক) শব্দটো ব্যৱহাৰ নকৰিবা। কিয়নো ইয়াহুদীসকলে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাৰ সময়ত অহংকাৰ কৰি বেয়া অৰ্থ প্ৰকাশ কৰে। সেয়ে আল্লাহে এই দুৱাৰ বন্ধ কৰিবলৈ এই শব্দটোকে ব্যৱহাৰ কৰিবলৈ নিষেধ কৰিছে আৰু বান্দাসকলক আদেশ দিছে যে, ইয়াৰ পৰিবৰ্তে তোমালোকে উনযুৰনা (অৰ্থাৎ অকণমান অপেক্ষা কৰক, যাতে আমি আপোনাৰ কথা ভালদৰে বুজি পাওঁ) শব্দ ব্যৱহাৰ কৰা। এই শব্দটোৱে কোনো ক্ষতি নোহোৱাকৈ মূল অৰ্থ প্ৰকাশ কৰে। আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক অতি কষ্টকৰ শাস্তি।
ዓረብኛ ተፍሲሮች:
مَا یَوَدُّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَلَا الْمُشْرِكِیْنَ اَنْ یُّنَزَّلَ عَلَیْكُمْ مِّنْ خَیْرٍ مِّنْ رَّبِّكُمْ ؕ— وَاللّٰهُ یَخْتَصُّ بِرَحْمَتِهٖ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟
কাফিৰ আহলে কিতাবসকলৰ হওঁক নাইবা মুশ্বৰিকসকলৰ, তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো কল্যাণ অহাটো সিহঁতে কেতিয়াও পছন্দ নকৰে। কম হওঁক বা বেছি। অথচ আল্লাহে তেওঁৰ বান্দাসকলৰ যাক ইচ্ছা কৰে নবুওৱত, অহী আৰু ঈমান প্ৰদান কৰে। আৰু আল্লাহ মহা অনুগ্ৰহশীল। সৃষ্টিজগতৰ সকলো কল্যাণ তেওঁৰ পৰাই আহে। ৰাছুল প্ৰেৰণ কৰা আৰু কিতাপ অৱতীৰ্ণ কৰাও তেওঁৰ এটা অনুগ্ৰহ।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• سوء أدب اليهود مع أنبياء الله حيث نسبوا إلى سليمان عليه السلام تعاطي السحر، فبرّأه الله منه، وأَكْذَبَهم في زعمهم.
নবীসকলৰ লগত ইয়াহুদীসকলৰ কুঃআচৰণ। কিয়নো সিহঁতে ছুলাইমান আলাইহিছ ছালামৰ লগত যাদু বিদ্যাৰ বিষয় সম্পৃক্ত কৰিছিল। আল্লাহে তেখেতক ইয়াৰ পৰা মুক্ত ঘোষণা কৰিছে আৰু ইয়াহুদীসকলৰ কথাক মিছা প্ৰমাণিত কৰিছে।

• أن السحر له حقيقة وتأثير في العقول والأبدان، والساحر كافر، وحكمه القتل.
যাদু বিদ্যা বাস্তৱ। জ্ঞান-বুদ্ধি তথা শৰীৰত ইয়াৰ প্ৰভাৱ পৰে। এতেকে যাদুকৰ হৈছে কাফিৰ আৰু ইয়াৰ বিধান হৈছে মৃত্যুদণ্ড।

• لا يقع في ملك الله تعالى شيء من الخير والشر إلا بإذنه وعلمه تعالى.
আল্লাহৰ ৰাজত্বত ভাল বেয়া যি সংঘটিত হয়, সেই সকলোবোৰ আল্লাহৰ অনুমতি আৰু জ্ঞানৰ দ্বাৰাই হয়।

• سد الذرائع من مقاصد الشريعة، فكل قول أو فعل يوهم أمورًا فاسدة يجب تجنبه والبعد عنه.
অসত্কৰ্মৰ মাধ্যমবোৰ বন্ধ কৰা চৰীয়তৰ এটা অন্যতম উদ্দেশ্য। প্ৰত্যেক এনেকুৱা কথা বা কৰ্ম যিটো বেয়া ধাৰণা সৃষ্টি কৰে, তাৰ পৰা বিৰত থকা আৰু দূৰত থকা বাঞ্চনীয়।

• أن الفضل بيد الله تعالى وهو الذي يختص به من يشاء برحمته وحكمته.
সকলো ধৰণৰ কল্যাণ কেৱল আল্লাহৰ হাততহে আছে। তেওঁ নিজৰ কৃপা আৰু প্ৰজ্ঞাৰে যাক ইচ্ছা প্ৰদান কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት