Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَاِذْ اَخَذْنَا مِیْثَاقَكُمْ لَا تَسْفِكُوْنَ دِمَآءَكُمْ وَلَا تُخْرِجُوْنَ اَنْفُسَكُمْ مِّنْ دِیَارِكُمْ ثُمَّ اَقْرَرْتُمْ وَاَنْتُمْ تَشْهَدُوْنَ ۟
লগতে সেই প্ৰতিশ্ৰুতি স্মৰণ কৰা যিটো তাওৰাতত আমি তোমালোকৰ পৰা লৈছিলো যে, তোমালোকে পৰস্পৰে পৰস্পৰৰ তেজ প্ৰবাহিত নকৰিবা আৰু ইজনে সিজনক নিজ ঠাইৰ পৰা বহিষ্কাৰ নকৰিবা। তোমালোকে এই প্ৰতিশ্ৰুতি মানিও লৈছিলা আৰু তোমালোক নিজেই ইয়াৰ সাক্ষী।
ዓረብኛ ተፍሲሮች:
ثُمَّ اَنْتُمْ هٰۤؤُلَآءِ تَقْتُلُوْنَ اَنْفُسَكُمْ وَتُخْرِجُوْنَ فَرِیْقًا مِّنْكُمْ مِّنْ دِیَارِهِمْ ؗ— تَظٰهَرُوْنَ عَلَیْهِمْ بِالْاِثْمِ وَالْعُدْوَانِ ؕ— وَاِنْ یَّاْتُوْكُمْ اُسٰرٰی تُفٰدُوْهُمْ وَهُوَ مُحَرَّمٌ عَلَیْكُمْ اِخْرَاجُهُمْ ؕ— اَفَتُؤْمِنُوْنَ بِبَعْضِ الْكِتٰبِ وَتَكْفُرُوْنَ بِبَعْضٍ ۚ— فَمَا جَزَآءُ مَنْ یَّفْعَلُ ذٰلِكَ مِنْكُمْ اِلَّا خِزْیٌ فِی الْحَیٰوةِ الدُّنْیَا ۚ— وَیَوْمَ الْقِیٰمَةِ یُرَدُّوْنَ اِلٰۤی اَشَدِّ الْعَذَابِ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
কিন্তু তোমালোকেই সেই প্ৰতিশ্ৰুতিৰ বিৰুদ্ধাচৰণ কৰা। এতেকে তোমালোকে পৰস্পৰক হত্যা কৰা আৰু নিজৰে কিছুমান মানুহক শত্ৰুৰ সহায় লৈ অন্যায়ভাৱে সিহঁতক ঘৰৰ পৰা বহিষ্কাৰ কৰা। আকৌ সিহঁত যেতিয়া শত্ৰু ওচৰত বন্দী হৈ তোমালোকৰ ওচৰত আহে তেতিয়া তোমালোকে সিহঁতক এৰোৱাবলৈ মুক্তিপণ দিয়াৰ বাবে খৰখেদা কৰা। অথচ পূৰ্বে সিহঁতক সিহঁতৰ ঠাইৰ পৰা বহিষ্কাৰ কৰাটোৱে তোমালোকৰ বাবে অবৈধ আছিল। তোমালোকে কিদৰে কিছুমান আদেশৰ প্ৰতি ঈমান পোষণ কৰা? যেনে- মুক্তিপণ আদায় কৰি বন্দীসকলক বিপদমুক্ত কৰা। আনহাতে কিছুমান বিধানক অস্বীকাৰ কৰা, যেনে- তেজ সংৰক্ষণ আৰু পৰস্পৰে পৰস্পৰক বহিষ্কাৰ নকৰাৰ বিধান। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰে পৃথিৱীত তাৰ শাস্তি হৈছে অপমান আৰু আখিৰাতত সি কঠোৰ শাস্তি ভোগ কৰিব। দৰাচলতে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয় বৰং তেওঁ সকলো বিষয়ে অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الْحَیٰوةَ الدُّنْیَا بِالْاٰخِرَةِ ؗ— فَلَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْصَرُوْنَ ۟۠
ইহঁতেই অস্থায়ী জীৱনক স্থায়ী জীৱনৰ ওপৰত প্ৰাধান্য দি পাৰ্থিৱ জীৱনক আখিৰাতৰ পৰিবৰ্তে বাচি লৈছে। গতিকে আখিৰাতত সিহঁতৰ অকণো শাস্তি লাঘৱ কৰা নহব। আৰু সেইদিনা সিহঁতৰ কোনো সহায়কো নাথাকিব।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَقَفَّیْنَا مِنْ بَعْدِهٖ بِالرُّسُلِ ؗ— وَاٰتَیْنَا عِیْسَی ابْنَ مَرْیَمَ الْبَیِّنٰتِ وَاَیَّدْنٰهُ بِرُوْحِ الْقُدُسِ ؕ— اَفَكُلَّمَا جَآءَكُمْ رَسُوْلٌۢ بِمَا لَا تَهْوٰۤی اَنْفُسُكُمُ اسْتَكْبَرْتُمْ ۚ— فَفَرِیْقًا كَذَّبْتُمْ ؗ— وَفَرِیْقًا تَقْتُلُوْنَ ۟
আমিয়ে মূছাক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছতো বহুত ৰাছুল প্ৰেৰণ কৰিছোঁ লগতে ঈছা ইবনে মাৰয়ামক সত্য নবী হোৱাৰ সপক্ষে কিছুমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ। যেনে- মৃত ব্যক্তিক জীৱিত কৰা। তথা জন্মান্ধ সন্তান আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰা। আমি তেওঁক ফিৰিস্তা জিব্ৰীলৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তথাপিও হে বনী ইছৰাঈল! যেতিয়াই তোমালোকৰ ওচৰত আল্লাহৰ কোনো ৰাছুলে এনেকুৱা বিধান লৈ আহিছিল যিটো তোমালোকৰ প্ৰবৃত্তিৰ লগত খাপ খোৱা নাছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা আৰু আল্লাহৰ ৰাছুলতকৈ নিজকে বেছি শ্ৰেষ্ঠ বুলি ভাৱিছিলা। এতেকে তোমালোকে কিছুমান নবীক অস্বীকাৰ কৰিছিলা আৰু কিছুমানক অন্যায়ভাৱে হত্যা কৰিছিলা।
ዓረብኛ ተፍሲሮች:
وَقَالُوْا قُلُوْبُنَا غُلْفٌ ؕ— بَلْ لَّعَنَهُمُ اللّٰهُ بِكُفْرِهِمْ فَقَلِیْلًا مَّا یُؤْمِنُوْنَ ۟
ইয়াহুদীসকলে মুহাম্মদৰ অনুসৰণ নকৰাৰ দলীল হিচাপে কৈছিলঃ আমাৰ অন্তৰত আৱৰণ পৰিছে, সেয়ে আপোনাৰ কথা আমাৰ অন্তৰত ঢুকি নাপায় আৰু আমাৰ অন্তৰে বুজিও নাপায়। অথচ কাৰণ এইটো নহয়। প্ৰকৃত কাৰণটো হৈছে সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। এতেকে ইহঁত আল্লাহৰ কথা অধিক মানিবলৈ যত্ন কৰা মানুহ নহয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أعظم الكفر: الإيمان ببعض ما أنزل الله والكفر ببعضه؛ لأن فاعل ذلك قد جعل إلهه هواه.
আল্লাহে অৱতীৰ্ণ কৰা চৰীয়তৰ কিছুমান বিধান স্বীকাৰ কৰা আৰু কিছুমানক অস্বীকাৰ কৰাটো হৈছে এটা ডাঙৰ কুফৰী কাৰ্য। কিয়নো যিয়ে এনেকুৱা কৰে সি দৰাচলতে নিজৰ প্ৰবৃত্তিক উপাস্য কৰি লৈছে।

• عِظَم ما بلغه اليهود من العناد، واتباع الهوى، والتلاعب بما أنزل الله تعالى.
ইয়াহুদীসকলৰ অবাধ্যতা, প্ৰবৃত্তিৰ অনুসৰণ আৰু আল্লাহৰ চৰীয়তৰ লগত ধেমালি কাৰ্য বহুত বৃদ্ধি পাইছিল।

• فضل الله تعالى ورحمته بخلقه، حيث تابع عليهم إرسال الرسل وإنزال الكتب لهدايتهم للرشاد.
সৃষ্টিৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু কৃপা। কিয়নো তেওঁ সিহঁতক পোন পথে পৰিচালিত কৰাৰ উদ্দেশ্যে পৰ্যায়ক্ৰমে ৰাছুল প্ৰেৰণ কৰিছিল আৰু পুথি অৱতীৰ্ণ কৰিছিল।

• أن الله يعاقب المعرضين عن الهدى المعاندين لأوامره بالطبع على قلوبهم وطردهم من رحمته؛ فلا يهتدون إلى الحق، ولا يعملون به.
হিদায়তৰ পৰা মুখ ঘূৰাই লোৱাসকল আৰু তেওঁৰ আদেশৰ প্ৰতি শত্ৰুতা পোষণকাৰী সকলৰ অন্তৰত আল্লাহ তাআলাই মোহৰ মাৰি দিয়ে আৰু সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিয়ে। গতিকে সিহঁতে সত্যৰ পথো বিচাৰি নাপায় আৰু তাৰ ওপৰত আমল কৰাৰো তাওফীক নহয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት