Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَاِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ جَاعِلٌ فِی الْاَرْضِ خَلِیْفَةً ؕ— قَالُوْۤا اَتَجْعَلُ فِیْهَا مَنْ یُّفْسِدُ فِیْهَا وَیَسْفِكُ الدِّمَآءَ ۚ— وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ؕ— قَالَ اِنِّیْۤ اَعْلَمُ مَا لَا تَعْلَمُوْنَ ۟
আল্লাহৰ তৰফৰ পৰা ঘোষণা দিয়া হৈছে যে, তেওঁ ফিৰিস্তাসকলক কৈছিলঃ তেওঁ পৃথিৱীত মানুহ সৃষ্টি কৰিব, যিসকলে তেওঁৰ আদেশত পৃথিৱীখনক আবাদ কৰিবলৈ এজনে আনজনৰ প্ৰতিনিধিত্ব কৰিব। এতেকে ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ পৰা মানৱ জাতিক পৃথিৱীৰ প্ৰতিনিধি নিযুক্তি দিয়াৰ ৰহস্য জানিবলৈ বিচাৰিলে। যিহেতু সিহঁত পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু অন্যায়ভাৱে ৰক্তপাত কৰিব। তেওঁলোকে ইয়াৰ দ্বাৰা এইটো বুজাব বিচাৰিছিল যে, আমিতো তোমাৰ আনুগত্য কৰিয়ে আছো। তোমাৰ পৱিত্ৰতা আৰু প্ৰশংসা কৰো। তোমাৰ প্ৰতাপ আৰু পূৰ্ণতাৰ সন্মান কৰো। লগতে এই বিষয়ে কোনো অৱহেলাও নকৰো। (গতিকে মানুহ সৃষ্টি কৰাৰ কি প্ৰয়োজন)। আল্লাহ তাআলাই ইয়াৰ উত্তৰ দি কৈছেঃ সিহঁতৰ সৃষ্টি তথা পৃথিৱীৰ প্ৰতিনিধি নিযুক্ত কৰাৰ যি নিহিত উদ্দেশ্য সম্পৰ্কে মই জ্ঞাত, সেয়া তোমালোকে নাজানা।
ዓረብኛ ተፍሲሮች:
وَعَلَّمَ اٰدَمَ الْاَسْمَآءَ كُلَّهَا ثُمَّ عَرَضَهُمْ عَلَی الْمَلٰٓىِٕكَةِ فَقَالَ اَنْۢبِـُٔوْنِیْ بِاَسْمَآءِ هٰۤؤُلَآءِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আল্লাহ তাআলাই আদম আলাইহিছ ছালামৰ মৰ্যদা স্পষ্ট কৰিবলৈ, তেওঁক সকলো সজীৱ আৰু নিৰ্জীৱ বস্তুৰ নাম অৰ্থাৎ শব্দ আৰু অৰ্থ আদি শিকাই দিলে। তাৰ পিছত এইবোৰ বস্তু ফিৰিস্তাসকলৰ সন্মুখত ৰাখি ক'লে, "যদি তোমালোকে নিজৰ এই কথাত সত্যবাদী যে, তোমালোক এওঁতকৈ (আদমতকৈ) অধিক প্ৰতিষ্ঠাৱান আৰু উত্তম তেনেহ’লে তোমালোকে এইবোৰ বস্তুৰ নাম কোৱা"।
ዓረብኛ ተፍሲሮች:
قَالُوْا سُبْحٰنَكَ لَا عِلْمَ لَنَاۤ اِلَّا مَا عَلَّمْتَنَا ؕ— اِنَّكَ اَنْتَ الْعَلِیْمُ الْحَكِیْمُ ۟
তেওঁলোকে নিজৰ অসম্পূৰ্ণতা স্বীকাৰ কৰি আৰু আল্লাহৰ শ্ৰেষ্ঠতাৰ গুণগান কৰি কলে, হে আমাৰ প্ৰতিপালক! তোমাৰ ফয়চালা আৰু আদেশৰ প্ৰতি অভিযোগ কৰিবলৈ আমাৰ ক্ষমতা নাই। কিয়নো তুমি আমাক যি শিক্ষা দান কৰিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তু গোপন নহয়। তুমি প্ৰজ্ঞাময়, তুমিয়ে প্ৰত্যেক বস্তু তকদীৰ আৰু বিধান অনুযায়ী উচিত ভাৱে নিৰ্ধাৰণ কৰা।
ዓረብኛ ተፍሲሮች:
قَالَ یٰۤاٰدَمُ اَنْۢبِئْهُمْ بِاَسْمَآىِٕهِمْ ۚ— فَلَمَّاۤ اَنْۢبَاَهُمْ بِاَسْمَآىِٕهِمْ ۙ— قَالَ اَلَمْ اَقُلْ لَّكُمْ اِنِّیْۤ اَعْلَمُ غَیْبَ السَّمٰوٰتِ وَالْاَرْضِ ۙ— وَاَعْلَمُ مَا تُبْدُوْنَ وَمَا كُنْتُمْ تَكْتُمُوْنَ ۟
তেতিয়া আল্লাহ তাআলাই আদম আলাইহিচ ছালামক ক'লে, "তুমি এওঁলোকক এই সকলো বস্তুৰ নাম জনাই দিয়া"। এতেকে যেতিয়া আদম আলাইহি ছালামে আল্লাহ তাআলাই প্ৰদান কৰা জ্ঞান অনুসাৰে সকলো বস্তুৰ নাম জনাই দিলে। তেতিয়া আল্লাহ তাআলাই ফিৰিস্তাসকলক ক'লে, "মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন বিষয়সমূহ জানো। লগতে তোমালোকৰ প্ৰকাশ্য অৱস্থা আৰু অন্তৰৰ গোপন বিষয়েও অৱগত"।
ዓረብኛ ተፍሲሮች:
وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ— اَبٰی وَاسْتَكْبَرَ وَكَانَ مِنَ الْكٰفِرِیْنَ ۟
ইয়াত এই কথা স্পষ্ট কৰা হৈছে যে, তাৰ পিছত আল্লাহ তাআলাই ফিৰিস্তাসকলক আদমক সন্মানাৰ্থে ছাজদাহ কৰিবলৈ আদেশ দিলে। ফলত তেওঁলোকে আল্লাহৰ আদেশ পালন কৰোঁতে অকনো পলম নকৰিলে। তত্ক্ষণাত ছাজদাহ কৰিলে। আনহাতে ইবলীছ, যিজন জিন জাতিৰ অন্তৰ্ভূক্ত আছিল, সি আল্লাহৰ আদেশত অভিযোগ কৰিলে আৰু অহংকাৰ কৰি আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে। ফলত সি আল্লাহক অস্বীকাৰকাৰীসকলৰ অন্তৰ্ভূক্ত হৈ গ'ল।
ዓረብኛ ተፍሲሮች:
وَقُلْنَا یٰۤاٰدَمُ اسْكُنْ اَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَیْثُ شِئْتُمَا ۪— وَلَا تَقْرَبَا هٰذِهِ الشَّجَرَةَ فَتَكُوْنَا مِنَ الظّٰلِمِیْنَ ۟
আৰু আমি ক'লো, 'হে আদম! তুমি আৰু তোমাৰ পত্নী হাওৱা জান্নাতত অৱস্থান কৰা। আৰু উভয়ে এই বিস্তৃত জান্নাতত যৰ পৰা ইচ্ছা আনন্দচিত্তে আহাৰ গ্ৰহণ কৰা। কিন্তু সৌ গছজোপাৰ পিনে কেতিয়াও নাযাবা, যি গছৰ ফল খাবলৈ মই তোমালোক দুজনক নিষেধ কৰিছো। অন্যথা মোৰ অবাধ্যতা কৰাৰ কাৰণে তোমালোক দুজন অত্যাচাৰী বুলি পৰিগণিত হ'বা'।
ዓረብኛ ተፍሲሮች:
فَاَزَلَّهُمَا الشَّیْطٰنُ عَنْهَا فَاَخْرَجَهُمَا مِمَّا كَانَا فِیْهِ ۪— وَقُلْنَا اهْبِطُوْا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۚ— وَلَكُمْ فِی الْاَرْضِ مُسْتَقَرٌّ وَّمَتَاعٌ اِلٰی حِیْنٍ ۟
এতেকে চয়তানে সদায় তেওঁলোক দুয়োকে কুমন্ত্ৰণা দিবলৈ ধৰিলে। অৱশেষত দুয়োকে নিষেধকৃত গছৰ ফল খাবলৈ উদ্বুদ্ধ কৰিলে। ফলত আল্লাহে উভয়কে জান্নাতৰ পৰা বহিষ্কাৰ কৰিলে। লগতে তেওঁলোক দুয়োকে আৰু চয়তানকো ক'লে, "পৃথিৱীলৈ নামি যোৱা। তোমালোক পৰস্পৰ পৰস্পৰৰ শত্ৰু। এতিয়া পৃথিৱী হৈছে তোমালোকৰ আবাসস্থান। মৃত্যু অথবা ক্বিয়ামত নহালৈকে তাতেই তোমালোক থাকিব লাগিব আৰু তাত থকা বস্তুৰে উপকৃত হ'ব লাগিব"।
ዓረብኛ ተፍሲሮች:
فَتَلَقّٰۤی اٰدَمُ مِنْ رَّبِّهٖ كَلِمٰتٍ فَتَابَ عَلَیْهِ ؕ— اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
তাৰ পিছত আল্লাহে আদম আলাইহিছ ছালামৰ অন্তৰত কেইটামান শব্দ অৱতীৰ্ণ কৰিলে আৰু তাৰ দ্বাৰা দুআ কৰিবলৈ আদমৰ অন্তৰত জনাই দিলে। সেই শব্দবোৰেৰে আদম আলাইহিছ ছালামে দুআ কৰিবলৈ ধৰিলে। দুআৰ সেই শব্দবোৰ আল্লাহৰ এই বাণীত উল্লেখ আছে। উভয়ে ক’লে, “হে আমাৰ ৰব্ব! আমি নিজেই নিজৰ প্ৰতি অন্যায় কৰিছো আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্থসকলৰ অন্তৰ্ভুক্ত হম”। (ছুৰা আল-আৰাফঃ ২৩) ফলত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিলে আৰু তেওঁলোকক ক্ষমা কৰি দিলে। তাওবা কিয় কবুল নকৰিব! তেওঁ বান্দাৰ তাওবা অতি আগ্ৰহেৰে কবুল কৰে আৰু তেওঁ বান্দাৰ প্ৰতি অতি দয়ালু।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الواجب على المؤمن إذا خفيت عليه حكمة الله في بعض خلقه وأَمْرِهِ أن يسلِّم لله في خلقه وأَمْرِهِ.
যদি আল্লাহৰ কোনো সৃষ্টি অথবা আদেশৰ হিকমত বুজা নাযায়, তেন্তে সেই বিষয়টোক মুমিনসকলে আল্লাহৰ পিনে প্ৰত্যাৰ্পন কৰা উচিত।

• رَفَعَ القرآن الكريم منزلة العلم، وجعله سببًا للتفضيل بين الخلق.
কোৰআনে জ্ঞানৰ মৰ্যদা উচ্চ কৰিছে আৰু জ্ঞানক শ্ৰেষ্ঠতা প্ৰাপ্ত হোৱাৰ মাধ্যম বনাই দিছে।

• الكِبْرُ هو رأس المعاصي، وأساس كل بلاء ينزل بالخلق، وهو أول معصية عُصِيَ الله بها.
অহংকাৰ হৈছে সকলো গুনাহৰ মূল। সৃষ্টিৰ প্ৰতি আপতিত প্ৰত্যেক বিপদৰ ভেটি। অহংকাৰেই হৈছে আল্লাহৰ লগত কৰা সৰ্বপ্ৰথম অবাধ্যতা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት