Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَمَاۤ اَنْفَقْتُمْ مِّنْ نَّفَقَةٍ اَوْ نَذَرْتُمْ مِّنْ نَّذْرٍ فَاِنَّ اللّٰهَ یَعْلَمُهٗ ؕ— وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ۟
তোমালোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে যি ব্যয় কৰা, কম হওঁক বা বেছি, অথবা নিজৰ ফালৰ পৰা যি নেকী কৰা যিটো চৰীয়তে তোমাৰ ওপৰত ধাৰ্য্য কৰা নাই, আল্লাহে সেই সকলোবোৰ জানে। তেওঁৰ ওচৰত কোনো বস্তু বিনষ্ট নহব, আৰু তেওঁ তোমালোকক অতি উত্তম প্ৰতিদান দিব। আনহাতে আল্লাহৰ সীমালঙ্ঘনকাৰী সকল আৰু নিজৰ ওপৰত অনিবাৰ্য (অধিকাৰসমূহ) আদায় নকৰা অত্যাচাৰীসকলৰ বাবে এনেকুৱা কোনো সহায়ক নহব যিয়ে ক্বিয়ামতৰ দিনা তাৰ শাস্তি দূৰ কৰিব পাৰিব।
ዓረብኛ ተፍሲሮች:
اِنْ تُبْدُوا الصَّدَقٰتِ فَنِعِمَّا هِیَ ۚ— وَاِنْ تُخْفُوْهَا وَتُؤْتُوْهَا الْفُقَرَآءَ فَهُوَ خَیْرٌ لَّكُمْ ؕ— وَیُكَفِّرُ عَنْكُمْ مِّنْ سَیِّاٰتِكُمْ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
তোমালোকে যি দান কৰা সেয়া যদি প্ৰকাশ্যভাৱে কৰা তথাপিও ভাল, কিন্তু যদি গোপনে দুখীয়াক দান কৰা তেন্তে এয়া প্ৰকাশ্য দান কৰাতকৈ অধিক উত্তম। কিয়নো এইটো পৱিত্ৰতা আৰু নিষ্ঠাৰ অধিক অনুকূল। তথা দানৰ পৰিবৰ্তে আল্লাহৰ তৰফৰ পৰা নিষ্ঠাৱানৰ পাপসমূহ গোপন কৰা হয় আৰু ক্ষমা কৰি দিয়া হয়। জানি থোৱা! আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। এতেকে তোমালোকৰ কোনো অৱস্থা তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
لَیْسَ عَلَیْكَ هُدٰىهُمْ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ؕ— وَمَا تُنْفِقُوْا مِنْ خَیْرٍ فَلِاَنْفُسِكُمْ ؕ— وَمَا تُنْفِقُوْنَ اِلَّا ابْتِغَآءَ وَجْهِ اللّٰهِ ؕ— وَمَا تُنْفِقُوْا مِنْ خَیْرٍ یُّوَفَّ اِلَیْكُمْ وَاَنْتُمْ لَا تُظْلَمُوْنَ ۟
হে নবী! এনেকুৱা হিদায়ত দিয়া আপোনাৰ কৰ্তব্য নহয় যাৰ দ্বাৰা সিহঁতে সত্য গ্ৰহণ কৰিব, নত স্বীকাৰ কৰিব বা সিহঁতে ইয়াৰ দ্বাৰা প্ৰেৰণা পাব। বৰং আপোনাৰ কৰ্তব্য হৈছে, সত্যৰ পথ দেখুৱা আৰু সেই পথৰ পৰিচয় দিয়া। কিয়নো সত্যৰ হিদায়ত আৰু ইয়াৰ তাওফীক কেৱল আল্লাহৰ হাতত। তেওঁ যাক ইচ্ছা কৰে হিদায়ত দিয়ে। তথা তোমালোকে যি ব্যয় কৰা, ইয়াৰ প্ৰতিদান তোমালোকেই লাভ কৰিবা। কিয়নো আল্লাহ ইয়াৰ পৰা অমুখাপেক্ষী। এতেকে তোমালোকৰ ব্যয় কেৱল আল্লাহৰ বাবেই হোৱা উচিত। কিয়নো প্ৰকৃত মুমিন ব্যক্তিয়ে কেৱল আল্লাহৰ সন্তুষ্টি লাভৰ বাবেহে ব্যয় কৰে। তোমালোকে যি ব্যয় কৰা, তাৰ মাত্ৰা কম হওঁক বা অধিক, তোমালোকক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হব আৰু তাত অলপো হ্ৰাস কৰা নহ'ব। জানি থোৱা! আল্লাহে কাৰো ওপৰত অন্যায় নকৰে।
ዓረብኛ ተፍሲሮች:
لِلْفُقَرَآءِ الَّذِیْنَ اُحْصِرُوْا فِیْ سَبِیْلِ اللّٰهِ لَا یَسْتَطِیْعُوْنَ ضَرْبًا فِی الْاَرْضِ ؗ— یَحْسَبُهُمُ الْجَاهِلُ اَغْنِیَآءَ مِنَ التَّعَفُّفِ ۚ— تَعْرِفُهُمْ بِسِیْمٰىهُمْ ۚ— لَا یَسْـَٔلُوْنَ النَّاسَ اِلْحَافًا ؕ— وَمَا تُنْفِقُوْا مِنْ خَیْرٍ فَاِنَّ اللّٰهَ بِهٖ عَلِیْمٌ ۟۠
দান সেইসকল দুখীয়াক কৰা, যিসকলে আল্লাহৰ পথত যুদ্ধৰ কাৰণে জীৱিকা উপাৰ্জনৰ বাবে যাত্ৰা কৰিব নোৱাৰে। সিহঁতৰ অৱস্থা সম্পৰ্কে অজানা ব্যক্তিয়ে সিহঁতক ধনী বুলি ভাৱে, কাৰণ সিহঁতে মানুহৰ ওচৰত মাগি নুফুৰে। আনহাতে জনা ব্যক্তিয়ে সিহঁতৰ লক্ষণ দেখিয়ে চিনি পায়, কিয়নো সিহঁতৰ শৰীৰ আৰু পৰিধানত অভাৱৰ চিহ্ন প্ৰকাশ পায়। সিহঁতৰ আৰু এটা চিহ্ন এই যে, সিহঁতে আন আন মগনীয়াৰ দৰে হেচাঁ মাৰি ধৰি মাগি নুফুৰে। এতেকে তোমালোকে যি ব্যয় কৰা নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত। আৰু তোমালোকক ইয়াৰ উত্তম প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ بِالَّیْلِ وَالنَّهَارِ سِرًّا وَّعَلَانِیَةً فَلَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ— وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ؔ
আৰু যিসকলে নিজৰ ধন দিনে-ৰাতি, প্ৰকাশ্য অপ্ৰকাশ্য কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, মানুহক দেখুৱাবলৈ বা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ব্যয় নকৰে। তেওঁলোকে কিয়ামতৰ দিনা ইয়াৰ প্ৰতিদান নিজ প্ৰতিপালকৰ ওচৰত পাব। ভৱিষ্যতৰ কোনো ভয় তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা বস্তুৰো কোনো চিন্তা নাথাকিব। এই সকলো পুৰষ্কাৰ আল্লাহৰ তৰফৰ পৰা নিয়ামত আৰু অনুগ্ৰহৰূপে লাভ কৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إذا أخلص المؤمن في نفقاته وصدقاته فلا حرج عليه في إظهارها وإخفائها بحسب المصلحة، وإن كان الإخفاء أعظم أجرًا وثوابًا لأنها أقرب للإخلاص.
মুমিন ব্যক্তিয়ে যদি নিষ্ঠাৰ সৈতে দান কৰে বা ব্যয় কৰে তেন্তে পৰিস্থিতি অনুসাৰে গোপন কৰা বা প্ৰকাশ কৰাত কোনো অসুবিধা নাই। যদিও গোপনে দান কৰা উত্তম। কিয়নো গোপনে দান কৰা ইখলাচৰ অধিক নিকটৱৰ্তী।

• دعوة المؤمنين إلى الالتفات والعناية بالمحتاجين الذين تمنعهم العفة من إظهار حالهم وسؤال الناس.
ইয়াত মুমিনসকলক আহ্বান কৰা হৈছে যে, তেওঁলোকে সেইসকল অভাৱী দুখীয়া নিচলাৰ প্ৰতি মনোযোগ দিয়া উচিত, যিসকলে নিজৰ সন্মানৰ কাৰণে মানুহৰ সন্মুখত নিজৰ স্থিতি প্ৰকাশ নকৰে আৰু মানুহৰ ওচৰত মাগি নুফুৰে।

• مشروعية الإنفاق في سبيل الله تعالى في كل وقت وحين، وعظم ثوابها، حيث وعد تعالى عليها بعظيم الأجر في الدنيا والآخرة.
ইয়াৰ দ্বাৰা বুজা গল, সদায় আল্লাহৰ পথত ব্যয় কৰিব লাগে, আৰু ইয়াৰ ছোৱাবও অধিক। কিয়নো আল্লাহে প্ৰতিশ্ৰুতি দিছে যে, তেওঁ এই পৃথিৱীত আৰু আখিৰাততো ইয়াৰ মহা প্ৰতিদান দিব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት