Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَقَالُوْا كُوْنُوْا هُوْدًا اَوْ نَصٰرٰی تَهْتَدُوْا ؕ— قُلْ بَلْ مِلَّةَ اِبْرٰهٖمَ حَنِیْفًا ؕ— وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟
ইয়াহুদীসকলে মুছলিমসকলক কয়ঃ ইয়াহুদী হৈ যোৱা হিদায়তৰ পথ পাবা। আনহাতে খৃষ্টানসকলে কয়ঃ খৃষ্টান হৈ যোৱা, হিদায়ত প্ৰাপ্ত হবা। হে নবী! আপুনি সিহঁতক কৈ দিয়কঃ বৰং আমি কেৱল ইব্ৰাহীমৰ দ্বীনৰ অনুসৰণ কৰিম। যিয়ে সকলো অসত্য ধৰ্মৰ পৰা বিমুখ হৈ সত্য ধৰ্মক আঁকোৱালি লৈছিল আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।
ዓረብኛ ተፍሲሮች:
قُوْلُوْۤا اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْنَا وَمَاۤ اُنْزِلَ اِلٰۤی اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَمَاۤ اُوْتِیَ مُوْسٰی وَعِیْسٰی وَمَاۤ اُوْتِیَ النَّبِیُّوْنَ مِنْ رَّبِّهِمْ ۚ— لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْهُمْ ؗ— وَنَحْنُ لَهٗ مُسْلِمُوْنَ ۟
হে ঈমান্দাৰসকল! এই অসত্য দাবী কৰা ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়কঃ আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু সেই কোৰআনৰ ওপৰত যিটো আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে তাৰ ওপৰতো ঈমান আনিছো যিটো ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল, ইছহাক্ব আৰু ইয়াকূবৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। এইদৰে আমি ঈমান আনিছো তাওৰাতৰ ওপৰত যিটো মূছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল। আৰু ইঞ্জীলৰ ওপৰত যিটো ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল। লগতে সেই সকলো পুথিৰ ওপৰত যিবোৰ আন আন নবীসকলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো যে, কিছুমানৰ প্ৰতি ঈমান আনিম আকৌ আন কিছুমানক অস্বীকাৰ কৰিম। বৰং আমি সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰোঁ। আৰু একমাত্ৰ পৱিত্ৰ আল্লাহৰ আজ্ঞা পালন কৰো।
ዓረብኛ ተፍሲሮች:
فَاِنْ اٰمَنُوْا بِمِثْلِ مَاۤ اٰمَنْتُمْ بِهٖ فَقَدِ اهْتَدَوْا ۚ— وَاِنْ تَوَلَّوْا فَاِنَّمَا هُمْ فِیْ شِقَاقٍ ۚ— فَسَیَكْفِیْكَهُمُ اللّٰهُ ۚ— وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟ؕ
এতেকে এতিয়া যদি ইয়াহুদী, খৃষ্টান আৰু আন আন কাফিৰসকল তোমালোকৰ দৰে ঈমান আনে তেন্তে সিহঁতে সেই পোন পথৰ হিদায়ত পাব যিটো আল্লাহে পছন্দ কৰে। কিন্তু যদি ঈমানৰ পৰা বিমুখ হয় লগতে সকলো অথবা কিছুমান নবীক অস্বীকাৰ কৰে তেন্তে জানি থোৱা! সিহঁত বিভেদ আৰু শত্ৰুতাত লিপ্ত হৈছে। এতেকে হে নবী! আপুনি চিন্তা নকৰিব। কিয়নো আল্লাহে আপোনাক সিহঁতৰ নিৰ্যাতনৰ পৰা বচাবলৈ আৰু সিহঁতৰ অন্যায়ৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ অকলেই যথেষ্ট। তেওঁ সিহঁতৰ কথা শুনে আৰু সিহঁতৰ সংকল্প ও কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ।
ዓረብኛ ተፍሲሮች:
صِبْغَةَ اللّٰهِ ۚ— وَمَنْ اَحْسَنُ مِنَ اللّٰهِ صِبْغَةً ؗ— وَّنَحْنُ لَهٗ عٰبِدُوْنَ ۟
আল্লাহৰ দ্বীনক বাহ্যিক আৰু আভ্যন্তৰীণভাৱে গ্ৰহণ কৰা। আল্লাহৰ দ্বীনতকৈ সুন্দৰ আন কোনো দ্বীন নাই। এইটো প্ৰকৃতিৰ অনুকূল, লাভপ্ৰদ আৰু ক্ষতিৰ পৰা ৰক্ষাকাৰী দ্বীন। সিহঁতক কৈ দিয়া যে, আমি কেৱল এক আল্লাহৰ ইবাদত কৰো তাৰ লগত আন কাকো অংশী নকৰো।
ዓረብኛ ተፍሲሮች:
قُلْ اَتُحَآجُّوْنَنَا فِی اللّٰهِ وَهُوَ رَبُّنَا وَرَبُّكُمْ ۚ— وَلَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ۚ— وَنَحْنُ لَهٗ مُخْلِصُوْنَ ۟ۙ
হে নবী আপুনি কওঁক, হে আহলে কিতাব! তোমালোকে মোৰ লগত এই কথাত বিতৰ্ক কৰা নেকি যে, তোমালোকে আমাৰ তুলনাত আল্লাহ আৰু তেওঁৰ ধৰ্মৰ বেছি হকদাৰ, এই কাৰণে নেকি যে, তোমালোকৰ ধৰ্ম পুৰণি আৰু তোমালোকৰ পুথি আগতে অৱতীৰ্ণ হৈছে? তেন্তে শুনা! ইয়াৰ দ্বাৰা তোমালোকৰ কোনো লাভ নহব। কিয়নো আল্লাহ আমাৰ সকলোৰে ৰব্ব, অকল তোমালোকৰ ৰব্ব নহয়। আমাৰ বাবে আমাৰ কৰ্ম, আমাৰ কৰ্ম সম্পৰ্কে তোমালোকক সোধ-পোচ কৰা নহব। আৰু তোমালোকৰ বাবে তোমালোকৰ কৰ্ম, তোমালোকৰ কৰ্ম সম্পৰ্কে আমাক সোধ-পোচ কৰা নহব। প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হব। আমি কেৱল আল্লাহৰ ইবাদত আৰু অনুসৰণ কৰো। তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰো।
ዓረብኛ ተፍሲሮች:
اَمْ تَقُوْلُوْنَ اِنَّ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطَ كَانُوْا هُوْدًا اَوْ نَصٰرٰی ؕ— قُلْ ءَاَنْتُمْ اَعْلَمُ اَمِ اللّٰهُ ؕ— وَمَنْ اَظْلَمُ مِمَّنْ كَتَمَ شَهَادَةً عِنْدَهٗ مِنَ اللّٰهِ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
হে আহলে কিতাব! তোমালোকে এইটো কোৱা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁলোকৰ বংশধৰ সকলৰ আন আন নবীসকল ইয়াহুদী অথবা খৃষ্টান আছিল? হে নবী! সিহঁতক উত্তৰ দি কওঁক, তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে? যদি সিহঁতে এইটো ভাৱে যে, সকলো নবী সিহঁতৰ ধৰ্মৰ অনুসাৰী আছিল তেন্তে সিহঁত মিছলীয়া। কিয়নো তেওঁলোকৰ মৃত্যু তাওৰাত আৰু ইঞ্জীল অৱতীৰ্ণ হোৱাৰ আগতেই হৈছিল। ইয়াৰ দ্বাৰা বুজা গল যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰিছিল। আৰু সিহঁতে সেই সত্য গোপন কৰিছিল যিটো সিহঁতৰ ওপৰত অৱতীৰ্ণ হৈছিল। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোন হব পাৰে যিয়ে নিজৰ ওচৰত থকা আল্লাহৰ প্ৰমাণিত সাক্ষী গোপন কৰে। যেনে- আহলে কিতাবসকলে কৰিছিল। আল্লাহে তোমালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয় আৰু তেওঁ নিশ্চয় ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ— لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ— وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ۟۠
সেয়া তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা এটা সম্প্ৰদায়। তেওঁলোকে নিজৰ কৰ্ম সম্পন্ন কৰিছে। গতিকে তেওঁলোকৰ কৰ্ম তেওঁলোকৰ, আৰু তোমালোকৰ কৰ্ম তোমালোকৰ। এতেকে তোমালোকক তেওঁলোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব; আৰু তেওঁলোককো তোমালোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব। আৰু কোনেও আনৰ গুনাহৰ বাবে জবাবদিহী নহব। লগতে কোনেও আনৰ আমলেৰে লাভাম্বিত নহব। বৰং প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن دعوى أهل الكتاب أنهم على الحق لا تنفعهم وهم يكفرون بما أنزل الله على نبيه محمد صلى الله عليه وسلم.
আহলে কিতাবসকলে ভাৱে যে, সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত কিন্তু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিক অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ এই দাবী ফলপ্ৰসূ নহব।

• سُمِّي الدين صبغة لظهور أعماله وسَمْته على المسلم كما يظهر أثر الصبغ في الثوب.
দ্বীনক ৰং বুলি কোৱা হৈছে। কিয়নো ইয়াৰ কৰ্ম আৰু চিহ্ন মুছলিমৰ ওপৰত সেইদৰেই স্পষ্ট হয় যিদৰে কাপোৰৰ ওপৰত ৰং স্পষ্ট হয়।

• أن الله تعالى قد رَكَزَ في فطرةِ خلقه جميعًا الإقرارَ بربوبيته وألوهيته، وإنما يضلهم عنها الشيطان وأعوانه.
আল্লাহে তেওঁৰ প্ৰভূত্ব আৰু উপাস্যৰ স্বীকৃতি সৃষ্টিৰ স্বভাৱগত নীতিত নিহিত কৰি ৰাখিছে। কিন্তু সিহঁতক চয়তানে আৰু তাৰ সহযোগীসকলেহে পথভ্ৰষ্ট কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት