Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَاذْكُرُوا اللّٰهَ فِیْۤ اَیَّامٍ مَّعْدُوْدٰتٍ ؕ— فَمَنْ تَعَجَّلَ فِیْ یَوْمَیْنِ فَلَاۤ اِثْمَ عَلَیْهِ ۚ— وَمَنْ تَاَخَّرَ فَلَاۤ اِثْمَ عَلَیْهِ ۙ— لِمَنِ اتَّقٰی ؕ— وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّكُمْ اِلَیْهِ تُحْشَرُوْنَ ۟
নিৰ্দিষ্ট কেইটামান দিনত তকবীৰ আৰু তাহলীলৰ জৰিয়তে আল্লাহক স্মৰণ কৰা। ইয়াত কেইটামান দিনৰ দ্বাৰা জুলহিজ্জা মাহৰ ১১, ১২ আৰু ১৩ তাৰিখক বুজোৱা হৈছে। যদি কোনোবাই আগতীয়াকৈ শিল দলিয়াই ১২ তাৰিখে মিনা ত্যাগ কৰিব বিচাৰে তেন্তে কৰিব পাৰে, এনে কৰাত কোনো গুনাহ নহব। কিয়নো এই সুবিধা আল্লাহে প্ৰদান কৰিছে। আনহাতে যিয়ে ১৩ তাৰিখ লৈকে অপেক্ষা কৰি শিল দলিয়াই মিনা ত্যাগ কৰিব বিচাৰে, তাৰ অপেক্ষা কৰাত কোনো অসুবিধা নাই। বৰং তেওঁ উত্তম কৰ্মহে কৰিছে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছে। এই সকলো বিধান তাৰ বাবে যিয়ে হজ্জৰ ক্ষেত্ৰত আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু আল্লাহৰ আদেশ মতে হজ্জ আদায় কৰিব বিচাৰে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা, লগতে এই বিশ্বাস পোষণ কৰা যে, নিশ্চয় তোমালোক তেওঁৰ পিনেই উভতি যাবা আৰু তেওঁ তোমালোকক তোমালোকৰ আমলৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
وَمِنَ النَّاسِ مَنْ یُّعْجِبُكَ قَوْلُهٗ فِی الْحَیٰوةِ الدُّنْیَا وَیُشْهِدُ اللّٰهَ عَلٰی مَا فِیْ قَلْبِهٖ ۙ— وَهُوَ اَلَدُّ الْخِصَامِ ۟
হে নবী! মানুহৰ মাজত কিছুমান মুনাফিক মানুহো আছে, পাৰ্থিৱ জীৱন সম্পৰ্কে সিহঁতৰ কিছুমান কথা আপোনাৰ অন্তৰ চুই যায়। সিহঁতৰ মিঠা আৰু সুমধুৰ কথাৰ ফলত আপুনি সিহঁতক সত্যবাদী আৰু শুভাকাংক্ষী বুলি ধাৰণা কৰে। অথচ সিহঁতৰ এনে কৰাৰ উদ্দেশ্য হৈছে একমাত্ৰ নিজৰ ধন-সম্পদ আৰু প্ৰাণ ৰক্ষাৰ বাহিৰে আন একো নহয়। সিহঁতে আল্লাহক এই কথাৰ সাক্ষী বনাই যে, সিহঁতৰ অন্তৰত ঈমান আৰু কল্যাণৰ বাহিৰে আন একো নাই অথচ সিহঁত মিছলীয়া, অত্যন্ত কলহপ্ৰিয় আৰু মুছলিমসকলৰ শত্ৰু।
ዓረብኛ ተፍሲሮች:
وَاِذَا تَوَلّٰی سَعٰی فِی الْاَرْضِ لِیُفْسِدَ فِیْهَا وَیُهْلِكَ الْحَرْثَ وَالنَّسْلَ ؕ— وَاللّٰهُ لَا یُحِبُّ الْفَسَادَ ۟
যেতিয়া আপোনাৰ পৰা আঁতৰি যায় তেতিয়া পৃথিৱীত দৌৰা-দৌৰি আৰম্ভ কৰে যাতে গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰিব পাৰে লগতে খেতি-বাতি বিনষ্ট কৰিব পাৰে আৰু জীৱ-জন্তু হত্যা কৰিব পাৰে। অথচ আল্লাহে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা কাৰ্যক আৰু উপদ্ৰৱ সৃষ্টিকাৰীক পছন্দ নকৰে।
ዓረብኛ ተፍሲሮች:
وَاِذَا قِیْلَ لَهُ اتَّقِ اللّٰهَ اَخَذَتْهُ الْعِزَّةُ بِالْاِثْمِ فَحَسْبُهٗ جَهَنَّمُ ؕ— وَلَبِئْسَ الْمِهَادُ ۟
যেতিয়া এই বিপৰ্যয়কাৰী সকলক উপদেশ দি কোৱা হয় যে, আল্লাহৰ সীমাৰেখাৰ সন্মান কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তেতিয়া তাৰ অভিমানে তাক সত্য পিনে উভতিবলৈ বাধা দিয়ে আৰু সি গুনাহত আৰু অধিক আগুৱায় যায়। এতেকে তাৰ বাবে জাহান্নামেই যথেষ্ট, আৰু জাহান্নাম বৰ নিকৃষ্ট ঠাই আৰু অত্যন্ত বেয়া আৱাসস্থল।
ዓረብኛ ተፍሲሮች:
وَمِنَ النَّاسِ مَنْ یَّشْرِیْ نَفْسَهُ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ ؕ— وَاللّٰهُ رَءُوْفٌۢ بِالْعِبَادِ ۟
তথা মানুহৰ মাজত ঈমান্দাৰ মানুহো আছে। যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যত আৰু তেওঁৰ পথত জিহাদ কৰাৰ কাৰণে আৰু তেওঁৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাৰ প্ৰতি অসীম দয়াৱান আৰু সিহঁতৰ প্ৰতি পৰম কৰুণাময়।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا ادْخُلُوْا فِی السِّلْمِ كَآفَّةً ۪— وَلَا تَتَّبِعُوْا خُطُوٰتِ الشَّیْطٰنِ ؕ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟
হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! ইছলামৰ ভিতৰত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰা আৰু ইয়াৰ কোনো বিধানক এৰি নিদিবা। যিদৰে আহলে কিতাবসকলে কৰিছিল, সিহঁতে পুথি এটা ভাগৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আনটো ভাগক অস্বীকাৰ কৰিছিল। লগতে চয়তানৰ পদানুসৰণ নকৰিবা। কিয়নো সি তোমালোকৰ প্ৰকাশ্য শত্ৰু, তাৰ শত্ৰুতা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
فَاِنْ زَلَلْتُمْ مِّنْ بَعْدِ مَا جَآءَتْكُمُ الْبَیِّنٰتُ فَاعْلَمُوْۤا اَنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟
যদি এনেকুৱা স্পষ্ট আৰু সংশয়হীন প্ৰমাণ অহাৰ পিছতো তোমালোকে আঁতৰি যোৱা আৰু বিমুখ হোৱা তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ মহাপৰাক্ৰশালী অতি ক্ষমতাৱান। পৰিচালনা আৰু বিধান প্ৰস্তুত কৰাত তেওঁ মহাপ্ৰজ্ঞাৱান। সেয়ে কেৱল তেওঁকেই ভয় কৰা আৰু তেওঁক সন্মান কৰা।
ዓረብኛ ተፍሲሮች:
هَلْ یَنْظُرُوْنَ اِلَّاۤ اَنْ یَّاْتِیَهُمُ اللّٰهُ فِیْ ظُلَلٍ مِّنَ الْغَمَامِ وَالْمَلٰٓىِٕكَةُ وَقُضِیَ الْاَمْرُ ؕ— وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟۠
চয়তানৰ পদানুসৰণকাৰী সকলে আৰু সত্পথৰ পৰা পথভ্ৰষ্ট লোকসকলে কেৱল ইয়াৰ অপেক্ষাত আছে যে, সিহঁতৰ ফয়চালা কৰিবলৈ ক্বিয়ামতৰ দিনা আল্লাহে নিজৰ মৰ্যদা আৰু প্ৰতাপ অনুযায়ী মেঘৰ ছাঁত আহিব আৰু তেওঁৰ লগত থাকিব ফিৰিস্তাসকল, সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব, সেই সময়ত সিহঁতৰ বিষয়ে আল্লাহৰ ফয়চালা সম্পন্ন হব। দৰাচলতে সৃষ্টিজগতৰ সকলো বিষয় কেৱল আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• التقوى حقيقة لا تكون بكثرة الأعمال فقط، وإنما بمتابعة هدي الشريعة والالتزام بها.
দৰাচলতে অধিক আমল কৰিলেই তাক্বৱা অৰ্জন নহয়। বৰং চৰীয়তৰ পূৰ্ণ অনুসৰণ আৰু সেই মুতাবিক চলিলেহে অৰ্জন হয়।

• الحكم على الناس لا يكون بمجرد أشكالهم وأقوالهم، بل بحقيقة أفعالهم الدالة على ما أخفته صدورهم.
মানুহৰ আকাৰ-আকৃতি আৰু কথাৰ ওপৰত ভিত্তি কৰি তাৰ বিষয়ে ফয়চালা কৰা নহয়, বৰং তাৰ বাস্তৱ কৰ্মৰ ওপৰত ভিত্তি কৰি ফয়চালা কৰা হয় যি কৰ্মই দৰাচলতে তাৰ অন্তৰৰ অৱস্থা বৰ্ণনা কৰে।

• الإفساد في الأرض بكل صوره من صفات المتكبرين التي تلازمهم، والله تعالى لا يحب الفساد وأهله.
পৃথিৱীত সকলো ধৰণৰ উপদ্ৰৱ সৃষ্টি কৰা অহংকাৰীসকলৰ বিশেষ বৈশিষ্ট্য। আৰু আল্লাহে বিপৰ্যয় আৰু বিপৰ্যয় সৃষ্টিকাৰীক পছন্দ নকৰে।

• لا يكون المرء مسلمًا حقيقة لله تعالى حتى يُسَلِّم لهذا الدين كله، ويقبله ظاهرًا وباطنًا.
কোনো ব্যক্তি তেতিয়ালৈকে প্ৰকৃত মুছলিম হব নোৱাৰে যেতিয়ালৈকে সি ইছলামক পূৰ্ণৰূপে গ্ৰহণ নকৰিব লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যৰূপে স্বীকাৰ নকৰিব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት