Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-ፋቲሃ   አንቀፅ:

আল-ফাতিহা

ከሱራዋ ጥቅል ሀሳብ መካከል:
تحقيق العبودية الخالصة لله تعالى.
নিৰ্ভেজালভাৱে আল্লাহৰ বাবে ইবাদত সাব্যস্ত কৰা

بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِیْمِ ۟
মই আল্লাহৰ নামেৰে, তেওঁৰ সহায়-সহযোগিতাৰে আৰু তেওঁৰ নাম উল্লেখ কৰি বৰকত লৈ কোৰআন পঢ়া আৰম্ভ কৰিলো। বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমত আল্লাহৰ তিনিটা নাম উল্লেখ আছে। ১) "আল্লাহ", অৰ্থাৎ সত্য উপাস্য। এইটো আল্লাহৰ বিশেষ নাম। এই নামেৰে তেওঁৰ বাহিৰে আনক মাতিব নোৱাৰি। ২) "আৰ-ৰহমান", অৰ্থাৎ অসীম কৰুণাৰ গৰাকী। এতেকে তেওঁ স্বয়ং কৰুণাৰে পৰিপূৰ্ণ। ৩) "আৰ-ৰাহীম", অৰ্থাৎ দয়াৱান, কৃপাকাৰী। এতেকে তেওঁ মুমিন বান্দাসকলৰ লগতে তেওঁৰ সৃষ্টি জগতৰ যাক ইচ্ছা কৃপা কৰে।
ዓረብኛ ተፍሲሮች:
اَلْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟ۙ
প্ৰতাপ আৰু স্বয়ংসম্পূৰ্ণতাৰ গুণৰ লগতে সকলো প্ৰকাৰৰ প্ৰশংসা কেৱল তেওঁৰ বাবেই। কিয়নো আল্লাহেই প্ৰত্যেক বস্তুৰ প্ৰতিপালক, স্ৰষ্টা আৰু পৰিচালক। ‘আল-আলামূন’, ‘আলম’ শব্দৰ বহুবচন। আৰু ইয়াৰ মাজত আল্লাহৰ বাহিৰে সকলোকে সামৰি লোৱা হৈছে।
ዓረብኛ ተፍሲሮች:
الرَّحْمٰنِ الرَّحِیْمِ ۟ۙ
পূৰ্বৱৰ্তী আয়াতত আল্লাহৰ প্ৰশংসাৰ পিছত ইয়াত তেওঁৰ গুণাৱলীৰ বৰ্ণনা কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
مٰلِكِ یَوْمِ الدِّیْنِ ۟ؕ
ইয়াত আল্লাহৰ প্ৰভূত্ব বৰ্ণনা কৰি কোৱা হৈছে যে, তেওঁ কিয়ামত দিৱসৰ সকলো বস্তুৰ গৰাকী। যিদিনা কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব। "ইয়াউমিদ্দীন" শব্দৰ দ্বাৰা প্ৰতিদান আৰু হিচাপ-নিকাচৰ দিন বুজোৱা হৈছে।
ዓረብኛ ተፍሲሮች:
اِیَّاكَ نَعْبُدُ وَاِیَّاكَ نَسْتَعِیْنُ ۟ؕ
আমি সকলো প্ৰকাৰৰ ইবাদত আৰু আনুগত্য কেৱল তোমাৰ বাবেই কৰো। তোমাৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰো আৰু আমি আমাৰ সকলো ক্ষেত্ৰতে কেৱল তোমাৰ ওচৰতেই সহায় বিচাৰো। কিয়নো সকলো প্ৰকাৰৰ কল্যাণ কেৱল তোমাৰ হাততেই আছে আৰু তোমাৰ বাহিৰে আন কোনো সহায়ক নাই।
ዓረብኛ ተፍሲሮች:
اِهْدِنَا الصِّرَاطَ الْمُسْتَقِیْمَ ۟ۙ
আমাক সুপথ দেখুৱা, সেই পথত পৰিচালিত কৰা, তাৰে ওপৰত অবিচল ৰাখা লগতে আমাৰ হিদায়ত বৃদ্ধি কৰি দিয়া। ‘আচ-ছিৰাত আল-মুস্তাক্বীম’ৰ দ্বাৰা সেই পথক বুজোৱা হৈছে, যিটো স্পষ্ট, যিপথৰ কোনো বক্ৰতা নাই। আৰু সেইটো হৈছে ইছলাম। যিটো প্ৰদান কৰি আল্লাহ তাআলাই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে।
ዓረብኛ ተፍሲሮች:
صِرَاطَ الَّذِیْنَ اَنْعَمْتَ عَلَیْهِمْ ۙ۬— غَیْرِ الْمَغْضُوْبِ عَلَیْهِمْ وَلَا الضَّآلِّیْنَ ۟۠
আমাক তোমাৰ সেই বান্দাসকলৰ পথ দেখুৱা, যিসকলক তুমি হিদায়তেৰে পুৰস্কৃত কৰিছিলা। যেনে- নবীসকল, সত্যনিষ্ঠসকল, শ্বহীদ আৰু সত্কৰ্মপৰায়ণসকল। এওঁলোক কিমান উত্তম সঙ্গী!!
সেইসকলৰ পথ নহয় যিসকলে সত্য জনাৰ পিছতো তাৰ অনুসৰণ কৰা নাই। যেনে- ইয়াহুদীসকল। লগতে সেই সকলৰ পথো নেদেখুৱাবা, যিসকলে সত্যৰ অনুসন্ধান আৰু সেয়া পোৱাৰ প্ৰয়াসত অৱহেলা কৰাৰ কাৰণে সত্যত উপনীত হবলৈ অসফল হৈছে। যেনে- খৃষ্টানসকল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• افتتح الله تعالى كتابه بالبسملة؛ ليرشد عباده أن يبدؤوا أعمالهم وأقوالهم بها طلبًا لعونه وتوفيقه.
আল্লাহ তাআলাই তেওঁৰ এই কিতাবখন বিছমিল্লাহৰ দ্বাৰা আৰম্ভ কৰিছে। তেওঁৰ বান্দাসকলক এই শিক্ষা দিবলৈ যে, সিহঁতে যেন আল্লাহৰ সহায় আৰু তাওফীক প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে নিজৰ কৰ্ম আৰু কথা ইয়াৰ দ্বাৰাই আৰম্ভ কৰে।

• من هدي عباد الله الصالحين في الدعاء البدء بتمجيد الله والثناء عليه سبحانه، ثم الشروع في الطلب.
দুআ সম্পৰ্কে আল্লাহৰ পূণ্যৱান ব্যক্তিসকলৰ এইটো পদ্ধতি আছিল যে, তেওঁলোকে পোনপ্ৰথমে আল্লাহৰ গৌৰৱ-গৰিমা ব্যক্ত কৰিছিল, তাৰ পিছত তেওঁৰ প্ৰশংসা কৰিছিল, তাৰ পিছতহে যি বিচাৰিব লগা আছিল সেয়া প্ৰাৰ্থনা কৰিছিল।

• تحذير المسلمين من التقصير في طلب الحق كالنصارى الضالين، أو عدم العمل بالحق الذي عرفوه كاليهود المغضوب عليهم.
পথভ্ৰষ্ট খৃষ্টানসকলৰ দৰে সত্যৰ সন্ধানত অৱহেলা কৰাৰ পৰা মুছলিমসকলক সতৰ্ক কৰা হৈছে। অথবা সত্য জনাৰ পিছতো তাৰ ওপৰত আমল নকৰাৰ পৰা সতৰ্ক কৰা হৈছে। এইটো আল্লাহৰ ক্ৰোধগ্ৰস্থ হোৱা ইয়াহুদীসকলৰ কাৰ্য।

• دلَّت السورة على أن كمال الإيمان يكون بإخلاص العبادة لله تعالى وطلب العون منه وحده دون سواه.
এই ছুৰাটোৱে প্ৰমাণ কৰে যে, পূৰ্ণ ঈমান প্ৰাপ্তিৰ বাবে আৱশ্যক হৈছে নিৰ্ভেজালভাৱে কেৱল এক আল্লাহৰ ইবাদত কৰা আৰু কেৱল তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰা, তেওঁৰ বাহিৰে আন কাৰো ওচৰত নহয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-ፋቲሃ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት