Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَعْرِفُوْنَهٗ كَمَا یَعْرِفُوْنَ اَبْنَآءَهُمْ ؕ— وَاِنَّ فَرِیْقًا مِّنْهُمْ لَیَكْتُمُوْنَ الْحَقَّ وَهُمْ یَعْلَمُوْنَ ۟ؔ
যিসকলক আমি কিতাব প্ৰদান কৰিছো অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ধৰ্ম গুৰুসকলে কিবলা পৰিবৰ্তনৰ এই বিষয়টো যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ নিদৰ্শনসমূহৰ এটা নিদৰ্শন, এই কথাটো সিহঁতে সেই দৰেই জানে যিদৰে সিহঁতে নিজৰ সন্তানক চিনি পায় বা সিহঁতৰ মাজত পাৰ্থক্য কৰিব পাৰে। ইয়াৰ পিছতো সিহঁতৰ এটা দলে সত্য গোপন কৰে। দৰাচলতে সিহঁতে সত্য জনাৰ পিছতো কেৱল ঈৰ্ষাৰ ফলত সেয়া গোপন কৰে।
ዓረብኛ ተፍሲሮች:
اَلْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ۟۠
হে ৰাছুল! এইটোৱে আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। এতেকে আপুনি কদাপিও ইয়াৰ সত্যতাত সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহব।
ዓረብኛ ተፍሲሮች:
وَلِكُلٍّ وِّجْهَةٌ هُوَ مُوَلِّیْهَا فَاسْتَبِقُوْا الْخَیْرٰتِ ؔؕ— اَیْنَ مَا تَكُوْنُوْا یَاْتِ بِكُمُ اللّٰهُ جَمِیْعًا ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
প্ৰত্যেক উম্মতৰে এটা নিৰ্দিষ্ট দিশ আছে, যিফালে সিহঁতে মুখ কৰে। সেই দিশটো বাহ্যিক হওঁক অথবা আভ্যন্তৰীণ। এই কাৰণেই বেলেগ বেলেগ সম্প্ৰদায়ৰ বেলেগ বেলেগ কিবলা আৰু বেলেগ বেলেগ চৰীয়তি আদেশ। সেয়ে যদি দিশৰ এই ভিন্নতা আল্লাহৰ আদেশ আৰু তেওঁৰ চৰীয়ত অনুসাৰে হয় তেন্তে তো কোনো অসুবিধা থকাৰ কথা নহয়। এতেকে হে মুমিনসকল! সত্কৰ্মত ইজনে সিজনৰ লগত প্ৰতিযোগিতা কৰা যিটো কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে। তোমালোকে যতেই নাথাকা কিয় কিয়ামতৰ দিনা আল্লাহে তোমালোকক একত্ৰিত কৰিব, যাতে তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। নিশ্চয় আল্লাহ সকলো বিষয়ে ক্ষমতাৱান। এতেকে তোমালোকক একত্ৰিত কৰা আৰু প্ৰতিদান দিয়া তেওঁৰ বাবে কোনো কঠিন কাম নহয়।
ዓረብኛ ተፍሲሮች:
وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَاِنَّهٗ لَلْحَقُّ مِنْ رَّبِّكَ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
হে নবী! আপুনি আৰু আপোনাৰ অনুসাৰীসকলে য’ৰ পৰাই নোলাওঁক আৰু যি ঠাইতে অৱস্থান নকৰক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লয় যেন। কাৰণ এইটোৱে আপোনাৰ প্ৰতিপালকৰ সত্য আদেশ যিটো অহীৰ দ্বাৰা আপোনাক জনোৱা হৈছে। আল্লাহ আপোনালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয়। তেওঁ এই বিষয়ে সম্যক অৱগত আৰু তেওঁ ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ۙ— لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَیْكُمْ حُجَّةٌ ۗ— اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ ۗ— فَلَا تَخْشَوْهُمْ وَاخْشَوْنِیْ ۗ— وَلِاُتِمَّ نِعْمَتِیْ عَلَیْكُمْ وَلَعَلَّكُمْ تَهْتَدُوْنَ ۟ۙۛ
হে নবী! আপুনি য’ৰ পৰাই নোলাওক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লওক। লগতে হে মুমিনসকল! তোমালোকে য’তেই নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। যাতে মানুহে তোমালোকৰ বিৰুদ্ধে কোনো দলীল বিচাৰি নাপায়। কিন্তু অন্যায়কাৰী লোকসকলৰ কথাটো বেলেগ। কিয়নো সিহঁত বিদ্বেষপূৰ্ণ আচৰণত অটল থাকিব আৰু তোমালোকৰ বিৰুদ্ধে দুৰ্বলতকৈ দুৰ্বল প্ৰমাণ প্ৰস্তুত কৰি থাকিব। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, বৰং নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। প্ৰকৃততে আল্লাহে কাবা ঘৰৰ পিনে মুখ কৰাৰ আদেশ এই কাৰণেই দিছে যাতে তোমালোকক আন আন সম্প্ৰদায়ৰ পৰা পৃথক পৰিচয় প্ৰদান কৰি তোমালোকৰ ওপৰত তেওঁৰ নিয়ামতসমূহ সম্পূৰ্ণ কৰিব পাৰে লগতে যাতে তোমালোকক সৰ্বশ্ৰেষ্ঠ কিবলাৰ পিনে হিদায়ত দিয়ে।
ዓረብኛ ተፍሲሮች:
كَمَاۤ اَرْسَلْنَا فِیْكُمْ رَسُوْلًا مِّنْكُمْ یَتْلُوْا عَلَیْكُمْ اٰیٰتِنَا وَیُزَكِّیْكُمْ وَیُعَلِّمُكُمُ الْكِتٰبَ وَالْحِكْمَةَ وَیُعَلِّمُكُمْ مَّا لَمْ تَكُوْنُوْا تَعْلَمُوْنَ ۟ؕۛ
যিদৰে আমি ইতিপূৰ্বে তোমালোকৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছো, তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছো, তেওঁ তোমালোকক আমাৰ আয়াতসমূহ পাঠ কৰি শুনায়। তোমালোকক সদাচৰণ তথা সত্কৰ্মৰ আদেশ আৰু অসৎ আচৰণ তথা অসৎ কৰ্মৰ পৰা নিষেধ কৰি পৱিত্ৰ কৰে। লগতে তোমালোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা দিয়ে। লগতে তোমালোকক দ্বীন দুনীয়া সম্পৰ্কে এনেকুৱা শিক্ষা দিয়ে যিটো তোমাকে আগতে জনা নাছিলা।
ዓረብኛ ተፍሲሮች:
فَاذْكُرُوْنِیْۤ اَذْكُرْكُمْ وَاشْكُرُوْا لِیْ وَلَا تَكْفُرُوْنِ ۟۠
তোমালোকে নিজৰ অন্তৰ আৰু শৰীৰৰ দ্বাৰা মোক স্মৰণ কৰা। মই তোমালোকক প্ৰশংসা আৰু সুৰক্ষা প্ৰদানৰ দ্বাৰা স্মৰণ কৰিম। কিয়নো প্ৰতিদান অনুৰূপ কৰ্মৰ দ্বাৰাই প্ৰদান কৰা হয়। মোৰ সেইসমূহ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যিবোৰ মই তোমালোকৰ ওপৰত কৰিছো। সেইবোৰ অস্বীকাৰ কৰি আৰু সেইবোৰ অবৈধ কৰ্মত ব্যৱহাৰ কৰি মোৰ অকৃতজ্ঞতা নকৰিবা।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اسْتَعِیْنُوْا بِالصَّبْرِ وَالصَّلٰوةِ ؕ— اِنَّ اللّٰهَ مَعَ الصّٰبِرِیْنَ ۟
হে ঈমান্দাৰসকল! মোৰ আনুগত্য আৰু আদেশ পালন কৰিবলৈ ধৈৰ্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে, তেওঁ তেওঁলোকক সামৰ্থ প্ৰদান কৰে তথা তেওঁলোকৰ সহায় কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إطالة الحديث في شأن تحويل القبلة؛ لما فيه من الدلالة على نبوة محمد صلى الله عليه وسلم.
কিবলা পৰিবৰ্তন সম্পৰ্কে দীঘলীয়া আলোচনা কৰা হৈছে। কিয়নো এইটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবী হোৱাৰ প্ৰমাণসমূহৰ এটা অন্যতম প্ৰমাণ।

• ترك الجدال والاشتغالُ بالطاعات والمسارعة إلى الله أنفع للمؤمن عند ربه يوم القيامة.
বাদ-বিবাদ পৰিত্যাগ কৰি তত্ক্ষণাত আনুগত্য কৰাটো মুমিনৰ বাবে ক্বিয়ামতৰ দিনা তেওঁৰ প্ৰতিপালকৰ ওচৰত অধিক লাভদায়ক।

• أن الأعمال الصالحة الموصلة إلى الله متنوعة ومتعددة، وينبغي للمؤمن أن يسابق إلى فعلها؛ طلبًا للأجر من الله تعالى.
আল্লাহৰ নৈকট্য অৰ্জন কৰিব পৰা বিভিন্ন প্ৰকাৰৰ বহুতো নেক আমল আছে। মুমিনসকলে আল্লাহৰ পৰা ছোৱাব আশা কৰি সেইবোৰ কৰ্মত প্ৰতিযোগিতা কৰা উচিত।

• عظم شأن ذكر الله -جلّ وعلا- حيث يكون ثوابه ذكر العبد في الملأ الأعلى.
ইয়াৰ দ্বাৰা আল্লাহৰ যিকিৰ বা স্মৰণৰ মহত্ব বুজায়। কিয়নো ইয়াৰ ফলত আল্লাহে তেওঁৰ ওচৰত থকা নৈকট্য প্ৰাপ্ত ফিৰিস্তাসকলৰ মাজত বান্দাক স্মৰণ কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት