Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
مَثَلُهُمْ كَمَثَلِ الَّذِی اسْتَوْقَدَ نَارًا ۚ— فَلَمَّاۤ اَضَآءَتْ مَا حَوْلَهٗ ذَهَبَ اللّٰهُ بِنُوْرِهِمْ وَتَرَكَهُمْ فِیْ ظُلُمٰتٍ لَّا یُبْصِرُوْنَ ۟
আল্লাহ তাআলাই এই মুনাফিকসকলৰ দুটা উদাহৰণ দিছে। ইয়াৰে এটা হৈছে জুইৰ উদাহৰণ আৰু আনটো হৈছে পানীৰ উদাহৰণ। জুইৰ উদাহৰণটো হৈছে এই ধৰণৰঃ মুনাফিকসকলৰ উদাহৰণ সেই ব্যক্তিৰ দৰে যিয়ে পোহৰৰ বাবে জুই জ্বলালে। এতেকে যেতিয়া জুইৰ শিখাবোৰ ওপৰলৈ উঠিব ধৰিলে তেতিয়া সি ভাৱিলে যে, এতিয়া ইয়াৰ দ্বাৰা উপকৃত হব। কিন্তু হঠাৎ জুই নুমাই গল। এঙাৰ আছিল যদিও পোহৰ নাই। ফলত জুই জ্বলোৱা ব্যক্তিক অন্ধকাৰে আৱৰি ধৰিলে। সি একো দেখা নোপোৱা হল আৰু পথ বিচাৰিও নাপালে।
ዓረብኛ ተፍሲሮች:
صُمٌّۢ بُكْمٌ عُمْیٌ فَهُمْ لَا یَرْجِعُوْنَ ۟ۙ
এনেকুৱা মানুহ হৈছে বধিৰ। ইহঁতে সত্য গ্ৰহণ কৰাৰ মানসেৰে নুশুনে। ইহঁত হৈছে বোবা, সত্য কব নোৱাৰে। লগতে ইহঁত হৈছে অন্ধ, সত্য দেখিব নোৱাৰে। সেয়ে ইহঁতে পথভ্ৰষ্টতাৰ পৰা ওলায় আহিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَوْ كَصَیِّبٍ مِّنَ السَّمَآءِ فِیْهِ ظُلُمٰتٌ وَّرَعْدٌ وَّبَرْقٌ ۚ— یَجْعَلُوْنَ اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ مِّنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ؕ— وَاللّٰهُ مُحِیْطٌ بِالْكٰفِرِیْنَ ۟
পানী সম্পৰ্কীয় উদাহৰণটো হৈছে এই ধৰণৰঃ সিহঁতৰ উদাহৰণ হৈছে ধাৰাসাৰ বৰষুণৰ দৰে, মেঘে আৱৰি আছে আৰু আছে ঘোৰ অন্ধকাৰ লগতে আছে বজ্ৰধ্বনি আৰু বিদ্যুত চমক। কিছুমান মানুহে (মুনাফিকসকলে) এনেকুৱা বিকট পৰিৱেশত আৱদ্ধ হৈ বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে। এতেকে সত্য এইটোৱে যে, আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰি আছে। সিহঁতে তেওঁক অপাৰগ কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
یَكَادُ الْبَرْقُ یَخْطَفُ اَبْصَارَهُمْ ؕ— كُلَّمَاۤ اَضَآءَ لَهُمْ مَّشَوْا فِیْهِ ۙۗ— وَاِذَاۤ اَظْلَمَ عَلَیْهِمْ قَامُوْا ؕ— وَلَوْ شَآءَ اللّٰهُ لَذَهَبَ بِسَمْعِهِمْ وَاَبْصَارِهِمْ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠
বিজুলীৰ চমকনিয়ে আৰু তীক্ষ্ন পোহৰে যেনিবা সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি লোৱাৰ উপক্ৰম হয়। বিজুলী চমকনিৰ ফলত যেতিয়া অলপ পোহৰ হয় তেতিয়া সিহঁত কেইখোজ মান আগুৱাই যায়। আৰু চমকনি শেষ হোৱাৰ পিছতেই অন্ধকাৰত আৱদ্ধ হয়। ফলত নিজ স্থানৰ পৰা আগুৱাব নোৱাৰে। সত্য অগ্ৰাহ্য কৰাৰ ফলস্বৰূপে সৰ্বশক্তিমান আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটাই হৰণ কৰিব পাৰে। বৰষুণ হৈছে কোৰআনৰ উদাহৰণ। বজ্ৰধ্বনি হৈছে কোৰআনৰ সতৰ্কবাণীসমূহৰ উদাহৰণ। বিজুলীৰ চমকনি হৈছে কেতিয়াবা কেতিয়াবা সিহঁতৰ সন্মুখত সত্য স্পষ্ট হোৱাৰ উদাহৰণ। আনহাতে বজ্ৰধ্বনিৰ ফলত আঙুলিৰে কাণত সোপা দিয়া হৈছে সত্যৰ পৰা মুখ ঘূৰাই লোৱা তথা স্বীকাৰ নকৰাৰ উদাহৰণ। মুনাফিকসকল আৰু উপৰোক্ত দুয়োটা উদাহৰণত দেখুৱা ব্যক্তিসকলৰ মাজত সামঞ্জস্য এইটোৱে যে উভয় পক্ষই উপকৃত হব পৰা নাই। এতেকে জুই সম্পৰ্কীয় উদাহৰণত জুই জ্বলোৱা ব্যক্তিয়ে অন্ধকাৰ আৰু উষ্ণতাৰ বাহিৰে বেলেগ একো পোৱা নাই আনহাতে বৰষুণ সম্পৰ্কীয় উদাহৰণত বৰষুণত আৱদ্ধ লোকসকলে বজ্ৰধ্বনি আৰু চমকনিৰ ভয়ৰ বাহিৰে আন একো লাভ কৰিব পৰা নাই। এনেকুৱা অৱস্থা মুনাফিকসকলৰো, ইছলামৰ মাজত কঠোৰতাৰ বাহিৰে সিহঁতৰ একো দৃষ্টিগোচৰ নহয়।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا النَّاسُ اعْبُدُوْا رَبَّكُمُ الَّذِیْ خَلَقَكُمْ وَالَّذِیْنَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُوْنَ ۟ۙ
হে মানৱ সম্প্ৰদায়! তোমালোকে কেৱল নিজ প্ৰতিপালকৰ ইবাদত কৰা তেওঁৰ বাহিৰে আন কাৰো উপাসনা নকৰিবা। কিয়নো তেৱেঁই তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তী উম্মতসমূহক সৃষ্টি কৰিছে। যাতে তোমালোকে তেওঁৰ আদেশৰ ওপৰত আমল কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱা।
ዓረብኛ ተፍሲሮች:
الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ فِرَاشًا وَّالسَّمَآءَ بِنَآءً ۪— وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ— فَلَا تَجْعَلُوْا لِلّٰهِ اَنْدَادًا وَّاَنْتُمْ تَعْلَمُوْنَ ۟
তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সমতল বিছনা বনাইছে আৰু তাৰ ওপৰত মজবুত আকাশ সৃষ্টি কৰিছে। তেৱেঁই পানী বৰ্ষণ কৰে ফলত তাৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ ফলমূল উত্পাদন কৰে। যাতে জীৱিকাৰ ব্যৱস্থা হয়। এতেকে যিহেতু তোমালোকে জানা যে, আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই, ইয়াৰ পিছতো তোমালোকে আল্লাহৰ সমকক্ষ বা অংশীদাৰ স্থাপন নকৰিবা।
ዓረብኛ ተፍሲሮች:
وَاِنْ كُنْتُمْ فِیْ رَیْبٍ مِّمَّا نَزَّلْنَا عَلٰی عَبْدِنَا فَاْتُوْا بِسُوْرَةٍ مِّنْ مِّثْلِهٖ ۪— وَادْعُوْا شُهَدَآءَكُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
হে মানৱ জাতি! যদি তোমালোকৰ মোৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ ওপৰত কোনো ধৰণৰ সন্দেহ থাকে, তেন্তে আমি তোমালোকক চেলেঞ্জ কৰিছো যে, তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰাকে লৈ আহা। যদিও সৰু ছুৰা এটাকে নহওঁক কিয়। এই কামৰ বাবে তোমালোকে যাক ইচ্ছা তাকেই সহায়ৰ বাবে আহ্বান কৰা, যদি তোমালোকে নিজৰ অভিযোগত সত্যবাদী।
ዓረብኛ ተፍሲሮች:
فَاِنْ لَّمْ تَفْعَلُوْا وَلَنْ تَفْعَلُوْا فَاتَّقُوا النَّارَ الَّتِیْ وَقُوْدُهَا النَّاسُ وَالْحِجَارَةُ ۖۚ— اُعِدَّتْ لِلْكٰفِرِیْنَ ۟
যদি তোমালোকে এনেকুৱা কৰিব নোৱাৰা, আৰু তোমালোকে এনেকুৱা কেতিয়াও কৰিবই নোৱাৰিবা, তেতিয়াহলে সেই অগ্নিক ভয় কৰা, যি অগ্নিয়ে শাস্তি প্ৰাপ্ত লোকক দাহ কৰিব। আৰু সেই সমূহ শিলকো পোৰিব যিবোৰৰ পূজা-পাঠ কৰা হৈছিল। আল্লাহ তাআলাই সেই অগ্নি কাফিৰৰ বাবে সৃষ্টি কৰিছে প্ৰস্তুত কৰি ৰাখিছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن الله تعالى يخذل المنافقين في أشد أحوالهم حاجة وأكثرها شدة؛ جزاء نفاقهم وإعراضهم عن الهدى.
আল্লাহ তাআলাই মুনাফিকসকলক সিহঁতৰ নিফাক আৰু হিদায়তৰ পৰা মুখ ঘূৰাই লোৱাৰ কাৰণে, সেই সময়ত অকলশৰীয়াকৈ এৰি দিব, যি সময়ত সিহঁতৰ সহায়ৰ অধিক প্ৰয়োজন হ’ব আৰু সিহঁত কঠিন পৰিস্থিত থাকিব।

• من أعظم الأدلة على وجوب إفراد الله بالعبادة أنه تعالى هو الذي خلق لنا ما في الكون وجعله مسخَّرًا لنا.
কেৱল এক আল্লাহৰ ইবাদত কৰাৰ মহত্বপূৰ্ণ প্ৰমাণসমূহৰ অন্যতম এটা হৈছে এই যে, তেৱেঁই আমাৰ বাবে বিশ্বজগতৰ সকলো বস্তু সৃষ্টি কৰিছে আৰু আমাৰ আয়ত্ত্বাধীন কৰি দিছে।

• عجز الخلق عن الإتيان بمثل سورة من القرآن الكريم يدل على أنه تنزيل من حكيم عليم.
মানুহে কোৰআনৰ অনুৰূপ এটা ছুৰা আনিবলৈ অপাৰগ হোৱাটো এই কথা প্ৰমাণ কৰে যে, কোৰআন সেই আল্লাহৰ অৱতীৰ্ণ পুথি যিজন প্ৰজ্ঞাৱান তথা সৰ্বজ্ঞানী।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት