Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اَرِنِیْ كَیْفَ تُحْیِ الْمَوْتٰی ؕ— قَالَ اَوَلَمْ تُؤْمِنْ ؕ— قَالَ بَلٰی وَلٰكِنْ لِّیَطْمَىِٕنَّ قَلْبِیْ ؕ— قَالَ فَخُذْ اَرْبَعَةً مِّنَ الطَّیْرِ فَصُرْهُنَّ اِلَیْكَ ثُمَّ اجْعَلْ عَلٰی كُلِّ جَبَلٍ مِّنْهُنَّ جُزْءًا ثُمَّ ادْعُهُنَّ یَاْتِیْنَكَ سَعْیًا ؕ— وَاعْلَمْ اَنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟۠
হে নবী! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে কৈছিলঃ হে মোৰ ৰব ! মৃতক কেনেকৈ পুনৰ জীৱিত কৰা হব? মই মোৰ নিজ চকুৰে দেখিব বিচাৰো। আল্লাহে কলেঃ কিয়, তুমি বিশ্বাস নকৰা নেকি? ইব্ৰাহীমে কলেঃ নিশ্চয় বিশ্বাস কৰো, কিন্তু মনৰ সন্তুষ্টি বৃদ্ধি কৰাৰ বাবে দেখিব বিচাৰো। আল্লাহে তেওঁক আদেশ দি ক'লেঃ চাৰিটা চৰাই লোৱা আৰু সেইবোৰক শিক্ষা দিয়া আৰু সেইবোৰক টুকুৰা টুকুৰ কৰা। তাৰ পিছত সেই টুকুৰাসমূহ ওচৰে পাঁজৰে থকা পাহাৰত গৈ এটা এটাকৈ টুকুৰা থৈ আহা। তাৰ পিছত সেই চৰাইবোৰৰ নাম লৈ মাতা। সিহঁত তোমাৰ পিনে দৌৰি আহিব আৰু সিহঁত পুনৰ জীৱন দান পাব। হে ইব্ৰাহীম! জানি থোৱা যে, আল্লাহ তেওঁৰ ৰাজত্বত বৰ ক্ষমতাৱান লগতে তেওঁৰ আদেশ আৰু চৰীয়ত প্ৰণয়নত তেওঁ অতি প্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
مَثَلُ الَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ فِیْ سَبِیْلِ اللّٰهِ كَمَثَلِ حَبَّةٍ اَنْۢبَتَتْ سَبْعَ سَنَابِلَ فِیْ كُلِّ سُنْۢبُلَةٍ مِّائَةُ حَبَّةٍ ؕ— وَاللّٰهُ یُضٰعِفُ لِمَنْ یَّشَآءُ ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟
আল্লাহৰ পথত ব্যয়কাৰী মুমিনসকলৰ ছোৱাবৰ উদাহৰণ এটা শস্য দানাৰ দৰে, যিটোক কৃষকে ভাল মাটিত ৰোপন কৰে, তাৰ পিছত ইয়াৰ পৰা সাত টা সিজা ওলায়, আৰু প্ৰতিটো সিজাত এশ টাকৈ দানা থাকে। আল্লাহে তেওঁৰ বান্দাসকলৰ যাক ইচ্ছা কৰে তাৰ ছোৱাব বৃদ্ধি কৰি দিয়ে আৰু তাক অগণন প্ৰতিফল প্ৰদান কৰে। আল্লাহ বৰ অনুগ্ৰহশীল আৰু প্ৰদানকাৰী। আৰু তেওঁ ভালকৈয়ে জানে কোনে অধিক পোৱাৰ বেছি হকদাৰ।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ فِیْ سَبِیْلِ اللّٰهِ ثُمَّ لَا یُتْبِعُوْنَ مَاۤ اَنْفَقُوْا مَنًّا وَّلَاۤ اَذًی ۙ— لَّهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ— وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟
যি সকলে নিজৰ সম্পদ আল্লাহৰ অনুসৰণ আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, আৰু ব্যয় কৰাৰ পিছত এনেকুৱা কোনো কাম নকৰে যাৰ ফলত তাৰ আমল বিনষ্ট হৈ যাব, যেনেঃ মানুহৰ প্ৰতি সহায় সহযোগিতা কৰি সেই কথা গাই নুফুৰে। সিহঁতৰ ছোৱাব সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে। সিহঁতে এনেকুৱা অনুগ্ৰহ প্ৰাপ্ত হব যাৰ ফলত ভৱিষ্যতৰ কোনো চিন্তা নাথাকিব আৰু অতীতৰ প্ৰতিও কোনো দুখ নহব।
ዓረብኛ ተፍሲሮች:
قَوْلٌ مَّعْرُوْفٌ وَّمَغْفِرَةٌ خَیْرٌ مِّنْ صَدَقَةٍ یَّتْبَعُهَاۤ اَذًی ؕ— وَاللّٰهُ غَنِیٌّ حَلِیْمٌ ۟
ভাল কথাই মুমিনৰ অন্তৰত আনন্দ দিয়ে লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়াটো সেই দানতকৈ উত্তম, যি দান দিয়াৰ পিছত মানুহৰ মাজত প্ৰচাৰ কৰি দানকৃত ব্যক্তিক কষ্ট দিয়া হয়। আল্লাহ তেওঁৰ বান্দাসকলৰ পৰা অমুখাপেক্ষী। তেওঁ বৰ সহনশীল, শাস্তি প্ৰদানত খৰখেদা নকৰে।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُبْطِلُوْا صَدَقٰتِكُمْ بِالْمَنِّ وَالْاَذٰی ۙ— كَالَّذِیْ یُنْفِقُ مَالَهٗ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— فَمَثَلُهٗ كَمَثَلِ صَفْوَانٍ عَلَیْهِ تُرَابٌ فَاَصَابَهٗ وَابِلٌ فَتَرَكَهٗ صَلْدًا ؕ— لَا یَقْدِرُوْنَ عَلٰی شَیْءٍ مِّمَّا كَسَبُوْا ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! দান কৰাৰ পিছত সেই দানৰ কথা মানুহৰ মাজত গাই ফুৰি আৰু কষ্ট প্ৰদান কৰি নিজৰ দানৰ ছোৱাব বিনষ্ট নকৰিবা। এনে কৰা ব্যক্তিৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে নিজৰ ধন-সম্পত্তি এই উদ্দেশ্যে ব্যয় কৰে যাতে মানুহে সেয়া দেখে আৰু তাৰ প্ৰশংসা কৰে। অথচ এনেকুৱা ব্যক্তিয়ে আল্লাহৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি আৰু সেইদিনা পাবলগীয়া ছোৱাব আৰু শাস্তিৰ প্ৰতি বিশ্বাস নকৰে। তাৰ উদাহৰণ হৈছে সেই শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে কিন্তু ধাৰাসাৰ বৰষুণে সেই মাটি ধুই নিয়ে আৰু সেই শিল পুনৰ আগৰ অৱস্থাত আহি পৰে। মানুহক দেখুৱাবলৈ নেক কৰ্ম কৰা ব্যক্তিৰ অৱস্থাও এনেকুৱাই হয়। সিহঁতৰ কৰ্ম আৰু ব্যয়ৰ পুণ্য শেষ হৈ যায়। আৰু আল্লাহৰ ওচৰত সিহঁতৰ কোনো পুণ্য অৱশিষ্ট নাথাকে। আল্লাহে কাফিৰসকলক তেওঁৰ সন্তুষ্টি অৰ্জনৰ তাওফীক নিদিয়ে। লগতে এনেকুৱা কোনো কৰ্ম আৰু ব্যয়ৰো তাওফীক নিদিয়ে যিটোৰ পৰা সিহঁতৰ উপকাৰ হব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• مراتب الإيمان بالله ومنازل اليقين به متفاوتة لا حد لها، وكلما ازداد العبد نظرًا في آيات الله الشرعية والكونية زاد إيمانًا ويقينًا.
আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ প্ৰতি বিশ্বাসৰ স্তৰ ভিন ভিন, যাৰ কোনো সীমা নাই। যেতিয়া মানুহে আল্লাহৰ সাৰ্বভৌমিক আৰু ধাৰ্মিক নিদৰ্শনৰ প্ৰতি চিন্তা-চৰ্চা কৰে তেতিয়া তাৰ ঈমান বৃদ্ধি পায়।

• بَعْثُ الله تعالى للخلق بعد موتهم دليل ظاهر على كمال قدرته وتمام عظمته سبحانه.
মৃত্যুৰ পিছত পুনৰ সৃষ্টি কৰাটো আল্লাহৰ পূৰ্ণ শক্তি আৰু তেওঁৰ মহানতাৰ বৰ ডাঙৰ প্ৰমাণ।

• فضل الإنفاق في سبيل الله وعظم ثوابه، إذا صاحبته النية الصالحة، ولم يلحقه أذى ولا مِنّة محبطة للعمل.
আল্লাহৰ পথত ব্যয় কৰাৰ ফজীলত আৰু ইয়াৰ অধিক ছোৱাব তেতিয়াই পোৱা সম্ভৱ যেতিয়া নিয়ত সঠিক থাকিব। যাতে দানৰ পৰিবৰ্তে কষ্ট দিয়াৰ অভিপ্ৰায় নাথাকে। কাৰণ এনে কৰিলে আমল বিনষ্ট হয়।

• من أحسن ما يقدمه المرء للناس حُسن الخلق من قول وفعل حَسَن، وعفو عن مسيء.
আটাইতকৈ উত্তম বস্তু, যিটো এজনে আনজনক দিব লাগে, সেয়া হৈছে সদাচৰণৰ সৈতে উত্তম কথা কোৱা, সত্কৰ্ম কৰা আৰু ভুল কৰিলে ক্ষমা কৰি দিয়া।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት