Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
فَلَمَّا فَصَلَ طَالُوْتُ بِالْجُنُوْدِ ۙ— قَالَ اِنَّ اللّٰهَ مُبْتَلِیْكُمْ بِنَهَرٍ ۚ— فَمَنْ شَرِبَ مِنْهُ فَلَیْسَ مِنِّیْ ۚ— وَمَنْ لَّمْ یَطْعَمْهُ فَاِنَّهٗ مِنِّیْۤ اِلَّا مَنِ اغْتَرَفَ غُرْفَةً بِیَدِهٖ ۚ— فَشَرِبُوْا مِنْهُ اِلَّا قَلِیْلًا مِّنْهُمْ ؕ— فَلَمَّا جَاوَزَهٗ هُوَ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ ۙ— قَالُوْا لَا طَاقَةَ لَنَا الْیَوْمَ بِجَالُوْتَ وَجُنُوْدِهٖ ؕ— قَالَ الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوا اللّٰهِ ۙ— كَمْ مِّنْ فِئَةٍ قَلِیْلَةٍ غَلَبَتْ فِئَةً كَثِیْرَةً بِاِذْنِ اللّٰهِ ؕ— وَاللّٰهُ مَعَ الصّٰبِرِیْنَ ۟
যেতিয়া তালূতে তেওঁৰ সৈন্য বাহিনী লৈ ৰাৱানা হল, তেতিয়া তেওঁ নিজৰ সৈন্য বাহিনীক উপদেশ দি কলেঃ নিশ্চয় আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে সেই নদীৰ পৰা পানী পান কৰিব সি মোৰ পথৰ পদাচাৰী নহয় লগতে সি মোৰ লগত থাকি যুদ্ধও কৰিব নোৱাৰিব। আনহাতে যিয়ে তাৰ পৰা পানী পান নকৰিব সি মোৰ পথৰ অনুসাৰী লগতে সি মোৰ লগত থাকি যুদ্ধ কৰিব পাৰিব। কিন্তু কোনোবাই যদি বাধ্য হৈ এচলু পানী পান কৰে তেন্তে কোনো অসুবিধা নাই। এতেকে সৈন্যবাহিনীৰ কেৱল কিছু সংখ্যক লোকেহে প্ৰচণ্ড গৰমত ধৈৰ্য ধাৰণ কৰিছিল আৰু বাকী সকলোৱে তাৰ পৰা পানী পান কৰিছিল। যেতিয়া তালূত আৰু মুমিনসকলে নদী পাৰ কৰিলে তেতিয়া কিছুমান সৈন্যই কলেঃ আজি আমাৰ ওচৰত জালূত আৰু তাৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ শক্তি নাই। কিন্তু সেই সময়ত কিছুমান এনেকুৱা ব্যক্তিয়ে যিসকলে ক্বিয়ামতৰ দিনা আল্লাহৰ লগত সাক্ষাৎ সম্পৰ্কে বিশ্বাস পোষণ কৰিছিল তেওঁলোকে কলেঃ তোমালোকে জানানে, ঈমান্দাৰসকলৰ বহুতো সৰু-সুৰা দলে আল্লাহৰ অনুমতি আৰু তেওঁৰ সহায়ত কাফিৰসকলৰ ডাঙৰ ডাঙৰ দলক পৰাজিত কৰিছে। এতেকে সহায়-সহযোগিতাৰ মূল উত্স হৈছে ঈমান, সংখ্যাগৰিষ্ঠতা নহয়। আৰু আল্লাহে তেওঁৰ ধৈৰ্যশীল বান্দাসকলক লগ দিয়াৰ লগতে সহায়- সহযোগিতা আৰু সমৰ্থন প্ৰদান কৰে।
ዓረብኛ ተፍሲሮች:
وَلَمَّا بَرَزُوْا لِجَالُوْتَ وَجُنُوْدِهٖ قَالُوْا رَبَّنَاۤ اَفْرِغْ عَلَیْنَا صَبْرًا وَّثَبِّتْ اَقْدَامَنَا وَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟ؕ
যেতিয়া তেওঁলোকে জালূত আৰু তাৰ সৈন্যবাহিনীৰ মুখামুখি হল, তেতিয়া আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰিলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ অন্তৰত ধৈৰ্য ঢালি দিয়া লগতে ৰণক্ষেত্ৰত আমাক দৃঢ়তা প্ৰদান কৰা যাতে আমি শত্ৰুৰ পৰা পলায়ন নকৰো আৰু পৰাজিত নহওঁ। লগতে আমাক শক্তি আৰু সমৰ্থন প্ৰদান কৰা যাতে কাফিৰ সম্প্ৰদায়ৰ ওপৰত বিজয় অৰ্জন কৰিব পাৰো।
ዓረብኛ ተፍሲሮች:
فَهَزَمُوْهُمْ بِاِذْنِ اللّٰهِ ۙ۫— وَقَتَلَ دَاوٗدُ جَالُوْتَ وَاٰتٰىهُ اللّٰهُ الْمُلْكَ وَالْحِكْمَةَ وَعَلَّمَهٗ مِمَّا یَشَآءُ ؕ— وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَّفَسَدَتِ الْاَرْضُ وَلٰكِنَّ اللّٰهَ ذُوْ فَضْلٍ عَلَی الْعٰلَمِیْنَ ۟
ফলত আল্লাহৰ সহায়ত তেওঁলোকে সিহঁতক পৰাজিত কৰিলে আৰু দাঊদে সিহঁতৰ নেতা জালূতক বধ কৰিলে। তাৰ পিছত আল্লাহে দাঊদক ৰাজত্ব আৰু নবুওৱত প্ৰদান কৰিলে লগতে বিভিন্ন প্ৰকাৰৰ জ্ঞান প্ৰদান কৰিলে। এইদৰে তেওঁক পৃথিৱী আৰু আখিৰাতৰ কল্যাণ প্ৰদান কৰিলে। দৰাচলতে যদি আল্লাহে কিছুমান লোকৰ দ্বাৰা আন কিছুমান লোকৰ উপদ্ৰৱ প্ৰতিৰোধ নকৰিলেহেঁতেন তেন্তে উপদ্ৰৱকাৰী সকলৰ অন্যায়-অত্যাচাৰ প্ৰতিষ্ঠিত হোৱাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হলেহেঁতেন। কিন্তু আল্লাহ সকলো সৃষ্টিৰ প্ৰতি অনুগ্ৰহশীল।
ዓረብኛ ተፍሲሮች:
تِلْكَ اٰیٰتُ اللّٰهِ نَتْلُوْهَا عَلَیْكَ بِالْحَقِّ ؕ— وَاِنَّكَ لَمِنَ الْمُرْسَلِیْنَ ۟
হে নবী! আমি আপোনাক যিবোৰ পাঠ কৰি শুনাই আছো এয়া আল্লাহৰ স্পষ্ট নিদৰ্শন। ইয়াৰ মাজত আছে সত্য ঘটনা আৰু ন্যায়সংগত বিধান। আৰু নিশ্চয় আপুনি বিশ্বজগতৰ প্ৰতিপালকৰ ৰাছুলসকলৰ অন্তৰ্ভূক্ত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من حكمة القائد أن يُعرِّض جيشه لأنواع الاختبارات التي يتميز بها جنوده ويعرف الثابت من غيره.
এয়া সেনাপতিৰ দুৰদৰ্শিতা, নিজৰ সেনাবাহিনীক বিভিন্ন ধৰণৰ পৰীক্ষা কৰি সিহঁতক চিহ্নিত কৰা যে, কোনে ৰণক্ষেত্ৰত অটল থাকিব পাৰিব আৰু কোনে পলায়ন কৰিব।

• العبرة في النصر ليست بمجرد كثرة العدد والعدة فقط، وإنما معونة الله وتوفيقه أعظم الأسباب للنصر والظَّفَر.
সফলতা কেৱল সংখ্যাগৰিষ্ঠতা আৰু অস্ত্ৰবলৰ ফলত সম্ভৱ নহয়। বৰং আল্লাহৰ সহায় আৰু তেওঁৰ সমৰ্থন হৈছে মূল।

• لا يثبت عند الفتن والشدائد إلا من عَمَرَ اليقينُ بالله قلوبَهم، فمثل أولئك يصبرون عند كل محنة، ويثبتون عند كل بلاء.
কঠিন পৰীক্ষা আৰু বিপদৰ সময়ত কেৱল সেই সকল লোকেই অবিচল থাকিব পাৰে যিসকলৰ অন্তৰত আল্লাহৰ বিশ্বাস আছে। এনেকুৱা লোকেই প্ৰত্যেক পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণ কৰে আৰু বিপদ-আপদৰ সময়ত অবিচল থাকে।

• الضراعة إلى الله تعالى بقلب صادق متعلق به من أعظم أسباب إجابة الدعاء، ولا سيما في مواطن القتال.
দুআ কবুল হোৱাৰ অন্যতম এটা কাৰণ হৈছে আন্তৰিকতাৰে বিনয়পূৰ্বকভাৱে দুআ কৰা। বিশেষকৈ ৰণক্ষেত্ৰত।

• من سُنَّة الله تعالى وحكمته أن يدفع شر بعض الخلق وفسادهم في الأرض ببعضهم.
আল্লাহৰ অন্যতম এটা নিয়ম এই যে, তেওঁ কিছুমান বান্দাৰ জৰিয়তে আন কিছুমান বান্দাৰ অন্যায়-অত্যাচাৰ আৰু উপদ্ৰৱক প্ৰতিৰোধ কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት