Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
قُلْنَا اهْبِطُوْا مِنْهَا جَمِیْعًا ۚ— فَاِمَّا یَاْتِیَنَّكُمْ مِّنِّیْ هُدًی فَمَنْ تَبِعَ هُدَایَ فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟
আমি সিহঁতক ক'লো, 'তোমালোক আটায়ে জান্নাতৰ পৰা পৃথিৱীলৈ প্ৰস্থান কৰা। যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুলসকলৰ জৰিয়তে হিদায়ত আহে, তেন্তে যিয়ে তাৰ অনুসৰণ কৰিব আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰিব আখিৰাতত তাৰ কোনো ভয় নাই আৰু পৃথিৱীৰ অংশ নোপোৱাৰ কাৰণেও কোনো চিন্তা নাই'।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟۠
আনহাতে যিয়ে কুফৰী কৰিব আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সিহঁত হৈছে জাহান্নামী। তাৰ পৰা সিহঁতে কেতিয়াও ওলাব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَوْفُوْا بِعَهْدِیْۤ اُوْفِ بِعَهْدِكُمْ ۚ— وَاِیَّایَ فَارْهَبُوْنِ ۟
হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! তোমালোকৰ ওপৰত আল্লাহে পৰ্যায়ক্ৰমে কৰা নিয়ামতসমূহক স্মৰণ কৰা আৰু ইয়াৰ কৃতজ্ঞতা জ্ঞাপন কৰা। মোৰ ওপৰত আৰু মোৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰাৰ আৰু মোৰ চৰীয়তৰ ওপৰত আমল কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা। যদি তোমালোকে মোৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰা তেন্তে মই তোমালোকক পৃথিৱীত সৌভাগ্যশালী জীৱন আৰু আখিৰাতত উত্তম প্ৰতিদান দিয়াৰ যিটো প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিম। এতেকে কেৱল মোকেই ভয় কৰা আৰু মোৰ অঙ্গীকাৰ ভঙ্গ নকৰিবা।
ዓረብኛ ተፍሲሮች:
وَاٰمِنُوْا بِمَاۤ اَنْزَلْتُ مُصَدِّقًا لِّمَا مَعَكُمْ وَلَا تَكُوْنُوْۤا اَوَّلَ كَافِرٍ بِهٖ ۪— وَلَا تَشْتَرُوْا بِاٰیٰتِیْ ثَمَنًا قَلِیْلًا ؗ— وَّاِیَّایَ فَاتَّقُوْنِ ۟
আৰু সেই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা যিটো মই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছো। যি পুথিয়ে অবিকৃত তৌৰাতৰ সত্যায়ন কৰে, য’ত আছে আল্লাহৰ একত্ববাদৰ কথা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়। এতেকে তোমালোকে ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহবা আৰু মোৰ আয়াতৰ পৰিবৰ্তে প্ৰতিষ্ঠা আৰু পদৰ তুচ্ছ মূল্য গ্ৰহণ নকৰিবা। এতেকে মোৰ ক্ৰোধ আৰু শাস্তিক ভয় কৰা।
ዓረብኛ ተፍሲሮች:
وَلَا تَلْبِسُوا الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوا الْحَقَّ وَاَنْتُمْ تَعْلَمُوْنَ ۟
আৰু মই ৰাছুলসকলৰ প্ৰতি যি সত্য অৱতীৰ্ণ কৰিছো, তাক তোমালোকে নিজৰ মনেসজা কথাৰে মিশ্ৰিত নকৰিবা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈশিষ্ট্য সম্পৰ্কে তোমালোকৰ পুথিত থকা সত্যক জানি-বুজি তথা বিশ্বাস কৰাৰ পিছতো সেয়া গোপন নকৰিবা।
ዓረብኛ ተፍሲሮች:
وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَارْكَعُوْا مَعَ الرّٰكِعِیْنَ ۟
ছালাতক ইয়াৰ আৰকান, ওৱাজীবসমূহ আৰু ছুন্নতসমূহৰ সৈতে সম্পূৰ্ণ পদ্ধতিৰে আদায় কৰা। আৰু আল্লাহে দিয়া সম্পদৰ পৰা যাকাত আদায় কৰা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ যিসকল লোকে আল্লাহৰ সন্মুখত শিৰ নত কৰে তেওঁলোকৰ লগত তোমালোকেও শিৰ নত কৰা।
ዓረብኛ ተፍሲሮች:
اَتَاْمُرُوْنَ النَّاسَ بِالْبِرِّ وَتَنْسَوْنَ اَنْفُسَكُمْ وَاَنْتُمْ تَتْلُوْنَ الْكِتٰبَ ؕ— اَفَلَا تَعْقِلُوْنَ ۟
কিমান বেয়া কথা যে, তোমালোকে আনক ঈমান আৰু সত্কৰ্মৰ আদেশ দিয়া কিন্তু নিজকে পাহৰি যোৱা তথা মুখ ঘূৰাই লোৱা। অথচ তোমালোকে নিজেই তাওৰাত অধ্যয়ন কৰা। তাত থকা আল্লাহৰ দ্বীনৰ অনুসৰণ আৰু ৰাছুলসকলক স্বীকাৰ কৰাৰ বিষয়টোও তোমালোকে জানা। তোমালোকে নিজৰ বিবেক-বুদ্ধিৰে কাম নোলোৱা নেকি?
ዓረብኛ ተፍሲሮች:
وَاسْتَعِیْنُوْا بِالصَّبْرِ وَالصَّلٰوةِ ؕ— وَاِنَّهَا لَكَبِیْرَةٌ اِلَّا عَلَی الْخٰشِعِیْنَ ۟ۙ
তোমালোকে সকলো ধাৰ্মিক তথা সাংসাৰীক বিষয়সমূহত ধৈৰ্য আৰু ছালাতৰ জৰিয়তে সহায় প্ৰাৰ্থনা কৰা। ধৈৰ্য আৰু ছালাতে আল্লাহৰ নৈকট্য লাভ কৰায় আৰু তেওঁৰ লগত সুসম্পৰ্ক গঢ়ায়। সেয়ে আল্লাহে তোমালোকক সহায় কৰিব আৰু ৰক্ষা কৰিব আৰু তোমালোকৰ বিপদ-আপদ দূৰ কৰিব। নিশ্চয় ছালাত আদায় কৰা বৰ কঠিন কাম কিন্তু তেওঁলোকৰ বাবে কঠিন নহয় নিজ প্ৰতিপালকৰ প্ৰতি বিনীত।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوْا رَبِّهِمْ وَاَنَّهُمْ اِلَیْهِ رٰجِعُوْنَ ۟۠
কিয়নো তেওঁলোকে বিশ্বাস পোষণ কৰে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত উপস্থিত হব। ক্বিয়ামতৰ দিনা তেওঁৰ লগত সাক্ষাৎ হব আৰু তেওঁৰ পিনেই উভতি যাব লাগিব। যাতে প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিয়ে।
ዓረብኛ ተፍሲሮች:
یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَنِّیْ فَضَّلْتُكُمْ عَلَی الْعٰلَمِیْنَ ۟
হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! মই তোমালোকক প্ৰদান কৰা দ্বীনি আৰু দুনয়াবী অনুগ্ৰহসমূহ স্মৰণ কৰা। লগতে এইটোও স্মৰণ কৰা যে, মই তোমালোকক সমকালীন লোকসকলৰ ওপৰত নবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰধান্য দিছিলো।
ዓረብኛ ተፍሲሮች:
وَاتَّقُوْا یَوْمًا لَّا تَجْزِیْ نَفْسٌ عَنْ نَّفْسٍ شَیْـًٔا وَّلَا یُقْبَلُ مِنْهَا شَفَاعَةٌ وَّلَا یُؤْخَذُ مِنْهَا عَدْلٌ وَّلَا هُمْ یُنْصَرُوْنَ ۟
আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি ক্বিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু আল্লাহৰ আদেশ নোহোৱাকৈ বিপদমুক্ত কৰিবলৈ অথবা সফলতা লভিবলৈ কোনো মধ্যস্ততা স্বীকাৰ কৰা নহব, লগতে মুক্তিপণও গ্ৰহণ কৰা নহব। যদিও পৃথিৱীৰ সমান সোণ নহওক কিয়। সেইদিনা তাৰ কোনো সহায়ক নাথাকিব। এতেকে যেতিয়া কোনো মধ্যস্ততা অথবা মুক্তিপণ বা কোনো সহায়ক কোনো উপকাৰত নাহিব তেনে অৱস্থাত পলায়ন কৰি যাবনো ক’ত?
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أعظم الخذلان أن يأمر الإنسان غيره بالبر، وينسى نفسه.
ডাঙৰ ব্যৰ্থতা এইটো যে, মানুহে আনক সত্কৰ্মৰ আদেশ দিয়ে আৰু নিজকে পাহৰি যায়।

• الصبر والصلاة من أعظم ما يعين العبد في شؤونه كلها.
ধৈৰ্য আৰু ছালাতে বান্দাৰ সকলো কৰ্মতে বৰ সহায় কৰে।

• في يوم القيامة لا يَدْفَعُ العذابَ عن المرء الشفعاءُ ولا الفداءُ، ولا ينفعه إلا عمله الصالح.
ক্বিয়ামতৰ দিনা মানুহে মধ্যস্ততাকাৰী আৰু মুক্তিপণৰ দ্বাৰা শাস্তিৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে, আৰু সত্কৰ্মৰ বাহিৰে আন একোৱেই উপকৃত কৰিব নোৱাৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት