Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
اِنَّ الَّذِیْنَ كَفَرُوْا سَوَآءٌ عَلَیْهِمْ ءَاَنْذَرْتَهُمْ اَمْ لَمْ تُنْذِرْهُمْ لَا یُؤْمِنُوْنَ ۟
ঈমান পোষণ নকৰাকৈ বিভ্ৰান্তিত অব্যাহত থকাৰ কাৰণে তথা সিহঁতৰ স্বৈৰাচাৰিতাৰ কাৰণে যিসকলৰ ওপৰত আল্লাহৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ ক্ষেত্ৰত আপোনাৰ এই সতৰ্কবাণীৰ কোনো মূল্য নাই। আপুনি সিহঁতক সতৰ্ক কৰক বা নকৰক, সিহঁতৰ ওপৰত কোনো প্ৰভাৱ নপৰে।
ዓረብኛ ተፍሲሮች:
خَتَمَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَعَلٰی سَمْعِهِمْ ؕ— وَعَلٰۤی اَبْصَارِهِمْ غِشَاوَةٌ ؗ— وَّلَهُمْ عَذَابٌ عَظِیْمٌ ۟۠
কাৰণ আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। আৰু সিহঁতৰ অন্তৰত থকা বাতিল ধাৰণাসহ সিহঁতৰ অন্তৰ বন্ধ কৰি দিছে। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, সেয়ে সিহঁতে সত্য গ্ৰহণ তথা অনুসৰণৰ উদ্দেশ্যে শুনিব নোৱাৰে। আৰু সিহঁতৰ চকুৰ ওপৰত দিয়া আছে আৱৰণ, এতেকে সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতে সেয়া দেখিব নোৱাৰে; আৰু সিহঁতৰ বাবে আখিৰাতত আছে কষ্টদায়ক মহাশাস্তি।
ዓረብኛ ተፍሲሮች:
وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ وَبِالْیَوْمِ الْاٰخِرِ وَمَا هُمْ بِمُؤْمِنِیْنَ ۟ۘ
মানুহৰ ভিতৰত এনেকুৱা এটা দল আছে যিসকলে নিজকে মুমিন বুলি দাবী কৰে। প্ৰকৃততে প্ৰাণ আৰু সম্পদৰ ভয়ত কেৱল এইটো মৌখিক দাবী মাত্ৰ। দৰাচলতে আভ্যন্তৰীণভাৱে সিহঁত কাফিৰ।
ዓረብኛ ተፍሲሮች:
یُخٰدِعُوْنَ اللّٰهَ وَالَّذِیْنَ اٰمَنُوْا ۚ— وَمَا یَخْدَعُوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟ؕ
ইহঁতৰ অজ্ঞানতাৰ কাৰণে ইহঁতে ভাবে যে, ইহঁতে ঈমান দেখুৱাই আৰু কুফৰ গোপন কৰি আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰি আছে। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। কিয়নো আল্লাহে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়েই জানে ফলত আল্লাহে মুমিনসকলক সিহঁতৰ আচৰণ আৰু অৱস্থা সম্পৰ্কে অৱগত কৰাই দিছে।
ዓረብኛ ተፍሲሮች:
فِیْ قُلُوْبِهِمْ مَّرَضٌ ۙ— فَزَادَهُمُ اللّٰهُ مَرَضًا ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۙ۬۟ — بِمَا كَانُوْا یَكْذِبُوْنَ ۟
কাৰণ সিহঁতৰ অন্তৰত আছে সন্দেহ। ফলত আল্লাহে সিহঁতৰ সন্দেহ আৰু বৃদ্ধি কৰি দিছে। কিয়নো প্ৰতিদান কৰ্মৰ অনুৰূপ বস্তুৰে দিয়া হয়। সিহঁতক জাহান্নামৰ আটাইতকৈ নিম্ন স্থানত নিক্ষেপ কৰি কষ্টদায়ক শাস্তি দিয়া হব। কিয়নো সিহঁতে আল্লাহৰ লগত আৰু মনুহৰ লগত মিছা কৈছিল (মুমিন বুলি বহিঃপ্ৰকাশ কৰিছিল কিন্তু সিহঁত ঈমান অনা নাছিল)। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা জীৱন ব্যৱস্থাকো অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَاِذَا قِیْلَ لَهُمْ لَا تُفْسِدُوْا فِی الْاَرْضِ ۙ— قَالُوْۤا اِنَّمَا نَحْنُ مُصْلِحُوْنَ ۟
যেতিয়া সিহঁতক কুফৰ আৰু পাপকৰ্মৰ দ্বাৰা পৃথিৱীত উপদ্ৰৱ কৰিবলৈ নিষেধ কৰা হয় তেতিয়া সিহঁতে সেয়া মানিবলৈ অস্বীকাৰ কৰে আৰু সিহঁতে ভাৱে যে কেৱল সিহঁতেই সংশোধনকাৰী।
ዓረብኛ ተፍሲሮች:
اَلَاۤ اِنَّهُمْ هُمُ الْمُفْسِدُوْنَ وَلٰكِنْ لَّا یَشْعُرُوْنَ ۟
প্ৰকৃততে সিহঁতেই বিপৰ্যয়কাৰী। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। সিহঁতে এইটোও নাজানে যে সিহঁতৰ কৰ্মই হৈছে আচল বিপৰ্যয়।
ዓረብኛ ተፍሲሮች:
وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا كَمَاۤ اٰمَنَ النَّاسُ قَالُوْۤا اَنُؤْمِنُ كَمَاۤ اٰمَنَ السُّفَهَآءُ ؕ— اَلَاۤ اِنَّهُمْ هُمُ السُّفَهَآءُ وَلٰكِنْ لَّا یَعْلَمُوْنَ ۟
যেতিয়া সিহঁতক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলৰ দৰে ঈমান আনিবলৈ আদেশ দিয়া হয়, তেতিয়া সিহঁতে অস্বীকাৰ কৰি উপলুঙাৰ সুৰত কয়, “আমিও জ্ঞানহীন নিৰ্বোধ লোকসকলৰ দৰে ঈমান আনিম নেকি”? প্ৰকৃততে সিহঁতেই নিৰ্বোধ জ্ঞানহীন কিন্তু সিহঁতে নাজানে।
ዓረብኛ ተፍሲሮች:
وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ— وَاِذَا خَلَوْا اِلٰی شَیٰطِیْنِهِمْ ۙ— قَالُوْۤا اِنَّا مَعَكُمْ ۙ— اِنَّمَا نَحْنُ مُسْتَهْزِءُوْنَ ۟
যেতিয়া মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া তেওঁলোকৰ ভয়ত কয়ঃ “আমিও সেইটো বিশ্বাস কৰো যিটো আপোনালোকে বিশ্বাস কৰে”। আৰু যেতিয়া মুমিনসকলৰ পৰা উভতি গৈ সিহঁতৰ নেতাসকলৰ লগত অকলশৰীয়া ভাৱে সাক্ষাৎ কৰে তেতিয়া সিহঁতৰ অনুসৰণকাৰী বুলি বিশ্বাস প্ৰদান কৰি কয়, “আমি আপোনালোকৰ লগত আৰু আপোনালোকৰ পথতে আছো। আমি প্ৰকাশ্যভাৱে মুমিনসকলৰ লগ দিওঁ কেৱল সিহঁতক ঠাট্টা-বিদ্ৰূপ আৰু উপলুঙা কৰিবলৈহে”।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ یَسْتَهْزِئُ بِهِمْ وَیَمُدُّهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟
সিহঁতে মুমিনসকলৰ লগত উপহাস কৰাৰ কাৰণে স্বয়ং আল্লাহে সিহঁতৰ লগত উপহাস কৰে। কিয়নো আমলৰ প্ৰতিদান সেই শ্ৰেণীৰ আমলৰ দ্বাৰাই দিয়া হয়। এই কাৰণেই পৃথিৱীত সিহঁতৰ ওপৰত মুমিনসকলৰ বিধান জাৰি কৰিছে কিন্তু আখিৰাতত সিহঁতক কুফৰ আৰু নিফাকৰ প্ৰতিদান দিয়া হ'ব। এইদৰে আল্লাহে সিহঁতক পথভ্ৰষ্টতা আৰু অবাধ্যতাৰ মাজত পৰি থাকিবলৈ অৱকাশ দিয়ে। ফলত সিহঁত হয়ৰান-পৰেচান হৈ দোদুল্যমান অৱস্থাত থাকে।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الضَّلٰلَةَ بِالْهُدٰی ۪— فَمَا رَبِحَتْ تِّجَارَتُهُمْ وَمَا كَانُوْا مُهْتَدِیْنَ ۟
প্ৰকৃততে উক্ত বৈশিষ্ট্যৰ অধিকাৰী মুনাফিকসকলেই হৈছে নিৰ্বোধ তথা কাণ্ডজ্ঞানহীন, যিসকলে ঈমানৰ পৰিবৰ্তে কুফৰ গ্ৰহণ কৰিছে। সেয়ে সিহঁতৰ ব্যৱসায় ফলপ্ৰসূ হোৱা নাই। কিয়নো সিহঁতে আল্লাহৰ প্ৰতি ঈমান বিনষ্ট কৰিছে আৰু হিদায়তৰ কোনো পথো পোৱা নাই।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن من طبع الله على قلوبهم بسبب عنادهم وتكذيبهم لا تنفع معهم الآيات وإن عظمت.
যিসকলৰ অন্তৰত অবাধ্যতা আৰু অস্বীকাৰ কৰাৰ ফলত মোহৰ মাৰি দিয়া হৈছে. সিহঁতৰ বাবে ডাঙৰতকৈ ডাঙৰ নিদৰ্শনো কোনো উপকাৰত নাহে।

• أن إمهال الله تعالى للظالمين المكذبين لم يكن عن غفلة أو عجز عنهم، بل ليزدادوا إثمًا، فتكون عقوبتهم أعظم.
আল্লাহৰ তৰফৰ পৰা অন্যায়কাৰী মিছলীয়াসকলৰ প্ৰতি যিটো শিথিলতা সেয়া অৱহেলা বা অপাৰগৰ বাবে নহয় বৰং এই কাৰণে যে, যাতে সিহঁতৰ গুনাহ আৰু বৃদ্ধি হয় ফলত সিহঁতে অধিক শাস্তিৰ সন্মুখীন হব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት