Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:
وَلَمَّا جَآءَهُمْ كِتٰبٌ مِّنْ عِنْدِ اللّٰهِ مُصَدِّقٌ لِّمَا مَعَهُمْ ۙ— وَكَانُوْا مِنْ قَبْلُ یَسْتَفْتِحُوْنَ عَلَی الَّذِیْنَ كَفَرُوْا ۚ— فَلَمَّا جَآءَهُمْ مَّا عَرَفُوْا كَفَرُوْا بِهٖ ؗ— فَلَعْنَةُ اللّٰهِ عَلَی الْكٰفِرِیْنَ ۟
যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা কোৰআন আহিল, যিটো সাধাৰণ নিয়ম-নীতি আৰু বিধানত তাওৰাত তথা ইঞ্জীলৰ দৰেই। আৰু সিহঁতে কোৰআন অৱতীৰ্ণ হোৱাৰ আগত কৈছিলঃ অনতিপলমে আমি মুশ্বৰিকসকলক পৰাজয় কৰিম যেতিয়া আমাৰ ওচৰত এজন নবী আহিব, আমি তেওঁৰ প্ৰতি ঈমান পোষণ কৰিম আৰু তেওঁৰ অনুসৰণ কৰিম। কিন্তু যেতিয়া কোৰআন আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল সেইসমূহ বৈশিষ্ট্যৰ সৈতে যিবোৰ বৈশিষ্ট্য সম্পৰ্কে সিহঁতে ভালকৈয়ে অৱগত আছিল লগতে সেই সত্য উপস্থাপন কৰা হল যি সত্যক সিহঁতে ভালকৈয়ে জানিছিল; তথাপিও সিহঁতে অস্বীকাৰ কৰিলে। এনেকুৱা কাফিৰৰ প্ৰতি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অভিসম্পাত।
ዓረብኛ ተፍሲሮች:
بِئْسَمَا اشْتَرَوْا بِهٖۤ اَنْفُسَهُمْ اَنْ یَّكْفُرُوْا بِمَاۤ اَنْزَلَ اللّٰهُ بَغْیًا اَنْ یُّنَزِّلَ اللّٰهُ مِنْ فَضْلِهٖ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ۚ— فَبَآءُوْ بِغَضَبٍ عَلٰی غَضَبٍ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ مُّهِیْنٌ ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমানৰ পৰিবৰ্তে সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে। ফলত সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা চৰীয়তক অস্বীকাৰ কৰিলে আৰু তেওঁৰ ৰাছুলসকলক মিছা প্ৰতিপন্ন কৰিলে। এইবোৰ সিহঁতে অন্যায় আৰু ঈৰ্ষাৰ ফলত কৰিছিল, কাৰণ আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নুবুওৱত আৰু কোৰআনৰ দ্বাৰা সন্মানিত কৰিছে। এতেকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱজ্ঞা আৰু ইয়াৰ পূৰ্বে তাওৰাত বিকৃত কৰাৰ কাৰণে সিহঁত আল্লাহৰ গজব আৰু অসন্তুষ্টিৰ পাত্ৰ হৈ গ’ল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত অস্বীকাৰকাৰী সকলৰ বাবে কিয়ামতৰ দিনা আছে লাঞ্ছনাদায়ক শাস্তি।
ዓረብኛ ተፍሲሮች:
وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا بِمَاۤ اَنْزَلَ اللّٰهُ قَالُوْا نُؤْمِنُ بِمَاۤ اُنْزِلَ عَلَیْنَا وَیَكْفُرُوْنَ بِمَا وَرَآءَهٗ ۗ— وَهُوَ الْحَقُّ مُصَدِّقًا لِّمَا مَعَهُمْ ؕ— قُلْ فَلِمَ تَقْتُلُوْنَ اَنْۢبِیَآءَ اللّٰهِ مِنْ قَبْلُ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
যেতিয়া এই ইয়াহুদীসকলক কোৱা হয় যে, ‘সেই সত্য আৰু হিদায়তৰ প্ৰতি ঈমান পোষণ কৰা যিটো আল্লাহে তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে’। তেতিয়া সিহঁতে কয়ঃ ‘আমি সেইটোৰ প্ৰতি ঈমান পোষণ কৰো যিটো আমাৰ নবীৰ প্ৰতি অৱতীৰ্ণ হৈছে’। এইদৰে সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা পুথিক অস্বীকাৰ কৰে। অথচ এই কোৰআন সত্য হোৱাৰ লগতে সেই সমূহ পুথিৰো সত্যায়ন কৰে যিবোৰ সিহঁতে ইতিপূৰ্বে আল্লাহৰ পৰা পাইছে। দৰাচলতে সিহঁতে যদি পূৰ্বে অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি ঈমান পোষণ কৰা হলেহেঁতেন তেন্তে নিশ্চয় কোৰআনৰ প্ৰতিও ঈমান আনিলেহেঁতেন! হে নবী! আপুনি সিহঁতক কওঁক, যদি তোমালোকে পূৰ্বৱৰ্তী নবীসকলে লৈ অহা সত্যৰ প্ৰতি সঁচাকৈয়ে ঈমান পোষণ কৰিছিলা, তেন্তে কোৱাচোন, তোমালোকে আল্লাহৰ নবীসকলক কিয় অন্যায়ভাৱে হত্যা কৰিছিলা?
ዓረብኛ ተፍሲሮች:
وَلَقَدْ جَآءَكُمْ مُّوْسٰی بِالْبَیِّنٰتِ ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟
নিশ্চয় মূছা আলাইহিছ ছালাম সত্য নবী হোৱাৰ স্পষ্ট নিদৰ্শন আৰু প্ৰমাণাদি লৈ তোমালোকৰ ওচৰত আহিছিল। আকৌ যেতিয়া মূছা আলাইহিছ ছালামে নিৰ্ধাৰিত সময়ত তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাত কৰিব গল, তেতিয়া তোমালোকে দামুৰি এটাক উপাস্য কৰি লৈছিলা। দৰাচলতে তোমালোকে আল্লাহৰ ইবাদতত আনক অংশীদাৰ কৰি মহা অন্যায় কৰিছিলা। অথচ একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য তেওঁৰ কোনো অংশীদাৰ নাই।
ዓረብኛ ተፍሲሮች:
وَاِذْ اَخَذْنَا مِیْثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّوْرَ ؕ— خُذُوْا مَاۤ اٰتَیْنٰكُمْ بِقُوَّةٍ وَّاسْمَعُوْا ؕ— قَالُوْا سَمِعْنَا وَعَصَیْنَا ۗ— وَاُشْرِبُوْا فِیْ قُلُوْبِهِمُ الْعِجْلَ بِكُفْرِهِمْ ؕ— قُلْ بِئْسَمَا یَاْمُرُكُمْ بِهٖۤ اِیْمَانُكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে মূছা আলাইহিছ ছালামৰ অনুসৰণ কৰিবা আৰু আল্লাহ প্ৰদত্ত চৰীয়তক আঁকোৱালী লবা। আৰু তোমালোকক ভয় দেখুৱাবলৈ আমি তোমালোকৰ ওপৰত তুৰ পৰ্বতক দাঙি ধৰিছিলো আৰু কৈছিলোঃ তাওৰাতক দৃঢ়ভাৱে ধাৰণ কৰা যিটো আমি তোমালোকক প্ৰদান কৰিছো। লগতে মানি লোৱা আৰু অনুসৰণ কৰাৰ উদ্দেশ্যে মনোযোগেৰে শুনা অন্যথা তোমালোকৰ ওপৰত আমি এই পৰ্বত পেলাই দিম। তেতিয়া তোমালোকে কৈছিলাঃ আমি কাণেৰে শুনিলো কিন্তু আমল কৰিবলৈ অস্বীকাৰ কৰিলো। দৰাচলতে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিৰ উপাসনাই শিপা মেলিছিল। হে নবী! আপুনি কৈ দিয়ক, যদি তোমালোক মুমিন তেন্তে এয়া তোমালোকৰ নিকৃষ্ট ঈমান, যি ঈমানে তোমালোকক আল্লাহৰ লগত কুফৰী কৰাৰ নিৰ্দেশ দিয়ে। কাৰণ প্ৰকৃত ঈমানৰ লগত কেতিয়াও কুফৰী সম্পৃক্ত থাকিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• اليهود أعظم الناس حسدًا؛ إذ حملهم حسدهم على الكفر بالله وردِّ ما أنزل، بسبب أن الرسول صلى الله عليه وسلم لم يكن منهم.
ইয়াহুদীসকল হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ঈৰ্ষা পোষণকাৰী সম্প্ৰদায়। কিয়নো সিহঁতৰ ঈৰ্ষাই সিহঁতক কেৱল এই কাৰণে আল্লাহৰ কুফৰী আৰু তেওঁ অৱতীৰ্ণ কৰা পুথি কোৰআনক অস্বীকাৰ কৰিবলৈ উদ্বুদ্ধ কৰে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সিহঁতৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহয়।

• أن الإيمان الحق بالله تعالى يوجب التصديق بكل ما أَنزل من كتب، وبجميع ما أَرسل من رسل.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমানৰ দাবী এই যে, তেওঁ অৱতীৰ্ণ কৰা সকলো পুথি আৰু তেওঁ প্ৰেৰণ কৰা সকলো ৰাছুলক সত্য বুলি স্বীকাৰ কৰা।

• من أعظم الظلم الإعراض عن الحق والهدى بعد معرفته وقيام الأدلة عليه.
সত্য তথা হিদায়ত জনাৰ পাছত তাৰ ওপৰত দলীল প্ৰতিষ্ঠা হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লোৱাটো ঘোৰ অন্যায়।

• من عادة اليهود نقض العهود والمواثيق، وهذا ديدنهم إلى اليوم.
প্ৰতিশ্ৰুতি ও অঙ্গীকাৰ ভঙ্গ কৰা ইয়াহুদীসকলৰ স্বভাৱ। আজিও এইটোৱে সিহঁতৰ নীতি।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት