Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ   አንቀፅ:

আল-বাক্বাৰাহ

ከሱራዋ ጥቅል ሀሳብ መካከል:
الأمر بتحقيق الخلافة في الأرض بإقامة الإسلام، والاستسلام لله، والتحذير من حال بني إسرائيل.
আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ তথা ইছলাম প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীত খিলাফত কায়েম কৰাৰ নিৰ্দেশ দিয়া হৈছে। লগতে বনী ইছৰাঈলৰ আচৰণৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে।

الٓمّٓ ۟ۚ
আলিফ লাম মীম, এইবোৰ সেইসমূহ আখৰ, যিবোৰৰ দ্বাৰা কিছুমান ছুৰা আৰম্ভ হৈছে। এইবোৰ কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হলে ইয়াৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইটো নিৰৰ্থক নহয়। কিয়নো কোৰআনত এনেকুৱা বস্তু নাই যিটো প্ৰজ্ঞাহীন। ইয়াৰ এটা প্ৰমূখ প্ৰজ্ঞা হৈছে কোৰআনৰ জৰিয়তে চেলেঞ্জ কৰা যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে। যিবোৰ সিহঁতে জানে আৰু কথাও কয়। সেই কাৰণেই এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ পিছতেই কোৰআনৰ বৰ্ণনা প্ৰায় উল্লেখ হৈছে। যেনে- এই ছুৰাত আমি দেখিলো।
ዓረብኛ ተፍሲሮች:
ذٰلِكَ الْكِتٰبُ لَا رَیْبَ ۖۚۛ— فِیْهِ ۚۛ— هُدًی لِّلْمُتَّقِیْنَ ۟ۙ
এই মহান কোৰআনত কোনো সন্দেহ নাই। অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো নাই, শব্দ আৰু অৰ্থৰ ক্ষেত্ৰতো নাই। এতেকে এইটো আল্লাহৰ বাণী, যিয়ে মুত্ত্বাক্বীসকলক আল্লাহৰ পিনে যোৱাৰ বাট দেখুৱায়।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ یُؤْمِنُوْنَ بِالْغَیْبِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ۙ
যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই ( অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি ভেদভাৱ নকৰাকৈ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান ও শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ ۚ— وَبِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟ؕ
যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই ( অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি বিনা ভেদভাৱ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান ও শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ ۗ— وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
এইবোৰ বৈশিষ্টৰ ব্যক্তিসকলেই হিদায়তৰ পথত পৰিচালিত আৰু এওঁলোকেই পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত। তেওঁলোকে নিজৰ আকাংক্ষিত বস্তুসমূহ লাভ কৰিব আৰু যিটোৰ পৰা তেওঁলোকে ভয় কৰিছিল তাৰ পৰা মুক্তি লাভ কৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الثقة المطلقة في نفي الرَّيب دليل على أنه من عند الله؛ إذ لا يمكن لمخلوق أن يدعي ذلك في كلامه.
সন্দেহৰ পৰা পৱিত্ৰতাৰ পূৰ্ণ ভৰষাই এই কথা প্ৰমাণ কৰে যে, কোৰআন আল্লাহৰ কিতাপ। কিয়নো কোনো সৃষ্টিৰ পক্ষে নিজৰ কালাম সম্পৰ্কে এনেকুৱা ডাঙৰ দাবী কৰা কেতিয়াও সম্ভৱ নহয়।

• لا ينتفع بما في القرآن الكريم من الهدايات العظيمة إلا المتقون لله تعالى المعظِّمون له.
কোৰআনৰ মহান হিদায়তসমূহৰ পৰা কেৱল সেই সকল লোকেই লাভৱান হয় যিসকলে আল্লাহক ভয় কৰে আৰু তেওঁক সন্মান কৰে।

• من أعظم مراتب الإيمانِ الإيمانُ بالغيب؛ لأنه يتضمن التسليم لله تعالى في كل ما تفرد بعلمه من الغيب، ولرسوله بما أخبر عنه سبحانه.
গায়েবৰ প্ৰতি বিশ্বাস স্থাপন হৈছে উচ্চ পৰ্যায়ৰ ঈমান। কিয়নো এয়া আল্লাহ তাআলাৰ গায়েব সম্পৰ্কীয় জ্ঞান আৰু এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰদান কৰা দিক নিৰ্দেশনাৰ প্ৰতি আত্মসমৰ্পনৰ অন্তৰ্ভূক্ত।

• كثيرًا ما يقرن الله تعالى بين الصلاة والزكاة؛ لأنَّ الصلاة إخلاص للمعبود، والزكاة إحسان للعبيد، وهما عنوان السعادة والنجاة.
আল্লাহ তাআলাই অধিকাংশ ঠাইত ছালাত আৰু যাকাতক একেলগে উল্লেখ কৰিছে। কিয়নো ছালাত হৈছে নিষ্ঠাৰ সৈতে কৰা আল্লাহৰ ইবাদত। আৰু যাকাত হৈছে বান্দাৰ প্ৰতি কৰা উপকাৰ। আৰু এই দুটা বস্তুৱেই সৌভাগ্য আৰু মুক্তিৰ শিৰোনাম।

• الإيمان بالله تعالى وعمل الصالحات يورثان الهداية والتوفيق في الدنيا، والفوز والفلاح في الأُخرى.
আল্লাহৰ প্ৰতি ঈমান আৰু নেক আমলে মানুহক পাৰ্থিৱ জীৱনত হিদায়ত আৰু তাওফীকৰ লগতে আখিৰাতত সফলতা আৰু কল্যাণৰ অধিকাৰী বনায়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት