Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (3) ሱራ (ምዕራፍ): አል-በቀራህ
الَّذِیْنَ یُؤْمِنُوْنَ بِالْغَیْبِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ۙ
যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই ( অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি ভেদভাৱ নকৰাকৈ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান ও শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الثقة المطلقة في نفي الرَّيب دليل على أنه من عند الله؛ إذ لا يمكن لمخلوق أن يدعي ذلك في كلامه.
সন্দেহৰ পৰা পৱিত্ৰতাৰ পূৰ্ণ ভৰষাই এই কথা প্ৰমাণ কৰে যে, কোৰআন আল্লাহৰ কিতাপ। কিয়নো কোনো সৃষ্টিৰ পক্ষে নিজৰ কালাম সম্পৰ্কে এনেকুৱা ডাঙৰ দাবী কৰা কেতিয়াও সম্ভৱ নহয়।

• لا ينتفع بما في القرآن الكريم من الهدايات العظيمة إلا المتقون لله تعالى المعظِّمون له.
কোৰআনৰ মহান হিদায়তসমূহৰ পৰা কেৱল সেই সকল লোকেই লাভৱান হয় যিসকলে আল্লাহক ভয় কৰে আৰু তেওঁক সন্মান কৰে।

• من أعظم مراتب الإيمانِ الإيمانُ بالغيب؛ لأنه يتضمن التسليم لله تعالى في كل ما تفرد بعلمه من الغيب، ولرسوله بما أخبر عنه سبحانه.
গায়েবৰ প্ৰতি বিশ্বাস স্থাপন হৈছে উচ্চ পৰ্যায়ৰ ঈমান। কিয়নো এয়া আল্লাহ তাআলাৰ গায়েব সম্পৰ্কীয় জ্ঞান আৰু এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰদান কৰা দিক নিৰ্দেশনাৰ প্ৰতি আত্মসমৰ্পনৰ অন্তৰ্ভূক্ত।

• كثيرًا ما يقرن الله تعالى بين الصلاة والزكاة؛ لأنَّ الصلاة إخلاص للمعبود، والزكاة إحسان للعبيد، وهما عنوان السعادة والنجاة.
আল্লাহ তাআলাই অধিকাংশ ঠাইত ছালাত আৰু যাকাতক একেলগে উল্লেখ কৰিছে। কিয়নো ছালাত হৈছে নিষ্ঠাৰ সৈতে কৰা আল্লাহৰ ইবাদত। আৰু যাকাত হৈছে বান্দাৰ প্ৰতি কৰা উপকাৰ। আৰু এই দুটা বস্তুৱেই সৌভাগ্য আৰু মুক্তিৰ শিৰোনাম।

• الإيمان بالله تعالى وعمل الصالحات يورثان الهداية والتوفيق في الدنيا، والفوز والفلاح في الأُخرى.
আল্লাহৰ প্ৰতি ঈমান আৰু নেক আমলে মানুহক পাৰ্থিৱ জীৱনত হিদায়ত আৰু তাওফীকৰ লগতে আখিৰাতত সফলতা আৰু কল্যাণৰ অধিকাৰী বনায়।

 
የመልዕክት ትርጉም አንቀፅ: (3) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት