Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (102) ሱራ (ምዕራፍ): አል-በቀራህ
وَاتَّبَعُوْا مَا تَتْلُوا الشَّیٰطِیْنُ عَلٰی مُلْكِ سُلَیْمٰنَ ۚ— وَمَا كَفَرَ سُلَیْمٰنُ وَلٰكِنَّ الشَّیٰطِیْنَ كَفَرُوْا یُعَلِّمُوْنَ النَّاسَ السِّحْرَ ۗ— وَمَاۤ اُنْزِلَ عَلَی الْمَلَكَیْنِ بِبَابِلَ هَارُوْتَ وَمَارُوْتَ ؕ— وَمَا یُعَلِّمٰنِ مِنْ اَحَدٍ حَتّٰی یَقُوْلَاۤ اِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ ؕ— فَیَتَعَلَّمُوْنَ مِنْهُمَا مَا یُفَرِّقُوْنَ بِهٖ بَیْنَ الْمَرْءِ وَزَوْجِهٖ ؕ— وَمَا هُمْ بِضَآرِّیْنَ بِهٖ مِنْ اَحَدٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَیَتَعَلَّمُوْنَ مَا یَضُرُّهُمْ وَلَا یَنْفَعُهُمْ ؕ— وَلَقَدْ عَلِمُوْا لَمَنِ اشْتَرٰىهُ مَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ۫ؕ— وَلَبِئْسَ مَا شَرَوْا بِهٖۤ اَنْفُسَهُمْ ؕ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟
যেতিয়া সিহঁতে আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই ললে, তেতিয়া ইয়াৰ পৰিবৰ্তে সেই সমূহ মনেসজা কথাৰ অনুসৰণ কৰিবলৈ ধৰিলে, যিবোৰ ছুলাইমান আলাইহিচ ছালামৰ ৰাজত্বৰ বিষয়ে চয়তানে প্ৰচাৰ কৰিছিল। সিহঁতে ধাৰণা কৰিছিল যে, ছুলাইমান আলাইহিচ ছালামে তেওঁৰ ৰাজত্ব মজবুত কৰি ৰাখিবলৈ যাদু বিদ্যাৰ সহায় লৈছিল। অথচ ছুলাইমান আলাইহিচ ছালামে যাদু বিদ্যাৰ সহায় লৈ কুফৰী কৰা নাছিল। বৰং চয়তানেহে কুফৰী কৰিছিল, যিয়ে মানুহক যাদু শিকাইছিল। চয়তানে মানুহক সেইসমূহ যাদু শিকাইছিল যিটো ইৰাকৰ বেবিলন চহৰত দুজন ফিৰিস্তা হাৰূত আৰু মাৰূতৰ প্ৰতি মানুহৰ পৰীক্ষা বাবে অৱতীৰ্ণ কৰা হৈছিল। এওঁলোক উভয়ে যাদু শিকোৱাৰ আগত প্ৰত্যেককে এই সতৰ্কবাণী দি কৈছিলঃ আমি মানুহৰ বাবে কেৱল মাথো পৰীক্ষাহে, এতেকে তোমালোকে যাদু শিকি কুফৰী নকৰিবা। যিয়ে তেওঁলোকৰ উপদেশ গ্ৰহণ কৰা নাছিল সি যাদু শিকিছিল। সেই যাদুৰে এটা প্ৰকাৰ আছিল এই ধৰণৰ যিটোৰ দ্বাৰা স্বামী-স্ত্ৰীৰ মাজত বিদ্বেষ সৃষ্টি কৰি বিচ্ছেদ ঘটোৱা হৈছিল। অথচ সিহঁতৰ যাদুৱে আল্লাহৰ অনুমতি আৰু ইচ্ছা অবিহনে কাকো কোনো ধৰণৰ ক্ষতি কৰিব পৰা নাছিল। লগতে এই কথা ইয়াহুদীসকলেও জানে যে, আল্লাহৰ কিতাবৰ পৰিবৰ্তে যাদু বিদ্যা পছন্দ কৰা সকলৰ আখিৰাতত কোনো অংশ নাথাকিব। সিহঁতে আল্লাহৰ অহী আৰু তেওঁৰ চৰীয়তৰ পৰিবৰ্তে যাদু বিদ্যাক পছন্দ কৰিছে। নিশ্চয় সেয়া জঘন্য বস্তু যিটোৰ পৰিবৰ্তে সিহঁতে নিজকে বিক্ৰী কৰিছে। যদি সিহঁতে জানিলেহেঁতেন যে, কোনটো বস্তুৰ দ্বাৰা সিহঁতৰ লাভ হব তেন্তে এই জঘন্য কৰ্ম আৰু স্পষ্ট ভ্ৰষ্টতাত পতিত নহলেহেঁতেন!
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• سوء أدب اليهود مع أنبياء الله حيث نسبوا إلى سليمان عليه السلام تعاطي السحر، فبرّأه الله منه، وأَكْذَبَهم في زعمهم.
নবীসকলৰ লগত ইয়াহুদীসকলৰ কুঃআচৰণ। কিয়নো সিহঁতে ছুলাইমান আলাইহিছ ছালামৰ লগত যাদু বিদ্যাৰ বিষয় সম্পৃক্ত কৰিছিল। আল্লাহে তেখেতক ইয়াৰ পৰা মুক্ত ঘোষণা কৰিছে আৰু ইয়াহুদীসকলৰ কথাক মিছা প্ৰমাণিত কৰিছে।

• أن السحر له حقيقة وتأثير في العقول والأبدان، والساحر كافر، وحكمه القتل.
যাদু বিদ্যা বাস্তৱ। জ্ঞান-বুদ্ধি তথা শৰীৰত ইয়াৰ প্ৰভাৱ পৰে। এতেকে যাদুকৰ হৈছে কাফিৰ আৰু ইয়াৰ বিধান হৈছে মৃত্যুদণ্ড।

• لا يقع في ملك الله تعالى شيء من الخير والشر إلا بإذنه وعلمه تعالى.
আল্লাহৰ ৰাজত্বত ভাল বেয়া যি সংঘটিত হয়, সেই সকলোবোৰ আল্লাহৰ অনুমতি আৰু জ্ঞানৰ দ্বাৰাই হয়।

• سد الذرائع من مقاصد الشريعة، فكل قول أو فعل يوهم أمورًا فاسدة يجب تجنبه والبعد عنه.
অসত্কৰ্মৰ মাধ্যমবোৰ বন্ধ কৰা চৰীয়তৰ এটা অন্যতম উদ্দেশ্য। প্ৰত্যেক এনেকুৱা কথা বা কৰ্ম যিটো বেয়া ধাৰণা সৃষ্টি কৰে, তাৰ পৰা বিৰত থকা আৰু দূৰত থকা বাঞ্চনীয়।

• أن الفضل بيد الله تعالى وهو الذي يختص به من يشاء برحمته وحكمته.
সকলো ধৰণৰ কল্যাণ কেৱল আল্লাহৰ হাততহে আছে। তেওঁ নিজৰ কৃপা আৰু প্ৰজ্ঞাৰে যাক ইচ্ছা প্ৰদান কৰে।

 
የመልዕክት ትርጉም አንቀፅ: (102) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት