Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
اِنَّ هٰذَا لَهُوَ الْقَصَصُ الْحَقُّ ۚ— وَمَا مِنْ اِلٰهٍ اِلَّا اللّٰهُ ؕ— وَاِنَّ اللّٰهَ لَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
ঈছা আলাইহিছ ছালাম সম্পৰ্কে আমি আপোনাক যি সংবাদ দিলো সেয়া নিশ্চিতভাৱে সত্য। ইয়াত কোনো ধৰণৰ মিছা তথা সন্দেহৰ অৱকাশ নাই। একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আল্লাহ তেওঁৰ ৰাজত্বত মহাপৰাক্ৰমশালী। তেওঁ পৰিচালনাত, আদেশত আৰু সৃষ্টিত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
فَاِنْ تَوَلَّوْا فَاِنَّ اللّٰهَ عَلِیْمٌۢ بِالْمُفْسِدِیْنَ ۟۠
ইয়াৰ পিছত যদি আপুনি লৈ অহা চৰীয়তৰ পৰা সিহঁতে মুখ ঘূৰাই লয় আৰু আপোনাৰ অনুসৰণ নকৰে তেন্তে এইটোৱেই সিহঁতৰ বিপৰ্যয়। আৰু অৱশ্যে পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলক আল্লাহে ভালকৈ জানে আৰু সিহঁতক ইয়াৰ প্ৰতিদানো দিব।
ዓረብኛ ተፍሲሮች:
قُلْ یٰۤاَهْلَ الْكِتٰبِ تَعَالَوْا اِلٰی كَلِمَةٍ سَوَآءٍ بَیْنَنَا وَبَیْنَكُمْ اَلَّا نَعْبُدَ اِلَّا اللّٰهَ وَلَا نُشْرِكَ بِهٖ شَیْـًٔا وَّلَا یَتَّخِذَ بَعْضُنَا بَعْضًا اَرْبَابًا مِّنْ دُوْنِ اللّٰهِ ؕ— فَاِنْ تَوَلَّوْا فَقُوْلُوا اشْهَدُوْا بِاَنَّا مُسْلِمُوْنَ ۟
হে ৰাছুল! কওঁকঃ হে ইয়াহুদী আৰু খৃষ্টানসকল আহা আমি এনেকুৱা এটা ন্যায়ৰ বিষয়ত একমত হওঁ, যিটো বিষয়ত আমি সকলোৱে সমান। আৰু সেয়া হৈছে, আমি কেৱল আল্লাহৰ ইবাদত কৰিম, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰো, যদিও তাৰ পদ যিমানেই ডাঙৰ আৰু তাৰ স্থান যিমানেই উচ্চ নহওঁক কিয়। আৰু আমাৰ মাজৰ কোনেও যাতে ইজনে সিজনক ৰব্ব (প্ৰতিপালক) হিচাপে গ্ৰহণ নকৰে, যাক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় বা যাৰ আদেশ পালন কৰা হয়। এতেকে তোমালোকে আহ্বান কৰা এই সত্যৰ পৰা যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে হে মুমিনসকল! তোমালোকে কোৱাঃ তোমালোকে সাক্ষী থাকা যে, আমি মুছলিম আৰু আল্লাহৰ আনুগত্যকাৰী।
ዓረብኛ ተፍሲሮች:
یٰۤاَهْلَ الْكِتٰبِ لِمَ تُحَآجُّوْنَ فِیْۤ اِبْرٰهِیْمَ وَمَاۤ اُنْزِلَتِ التَّوْرٰىةُ وَالْاِنْجِیْلُ اِلَّا مِنْ بَعْدِهٖ ؕ— اَفَلَا تَعْقِلُوْنَ ۟
হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে ইব্ৰাহীম আলাইহিছ ছালামৰ দ্বীন সম্পৰ্কে বিবাদ কিয় কৰা? ইয়াহূদীসকলৰ দাবী যে, ইব্ৰাহীম ইয়াহূদী আছিল, আনহাতে খৃষ্টানসকলৰ দাবী যে, তেওঁ খৃষ্টান আছিল। অথচ তোমালোকে জানা যে, ইয়াহূদী আৰু খৃষ্টান ধৰ্ম তেওঁৰ মৃত্যুৰ বহু বছৰ পিছত প্ৰকাশ পাইছে। তোমালোকে বুজি নোপোৱা নেকি যে, তোমালোকৰ কথাত কিমান সত্যতা আছে আৰু তোমালোকৰ ধাৰণা কিমান ত্ৰুটিপূৰ্ণ।
ዓረብኛ ተፍሲሮች:
هٰۤاَنْتُمْ هٰۤؤُلَآءِ حَاجَجْتُمْ فِیْمَا لَكُمْ بِهٖ عِلْمٌ فَلِمَ تُحَآجُّوْنَ فِیْمَا لَیْسَ لَكُمْ بِهٖ عِلْمٌ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟
হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত নিজৰ ধৰ্ম আৰু নিজৰ পুথি সম্পৰ্কে বাদ-বিবাদ কৰিছা ঠিকে আছে, এই বিষয়ে তোমালোকৰ জ্ঞান আছে, কিন্তু ইব্ৰাহীম আৰু তেওঁৰ দ্বীন সম্পৰ্কে কিয় বিবাদ কৰা, যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই। কিয়নো তেওঁৰ বিষয়ে তোমালোকৰ পুথিতো একো উল্লেখ নাই আৰু তোমালোকৰ নবীসকলেও একো কোৱা নাই। দৰাচলতে আল্লাহেই সকলো বিষয়ৰ বাস্তাৱতা আৰু অদৃশ্য বিষয় সম্পৰ্কে অৱগত। তোমালোকে এই বিষয়ে একো নাজানা।
ዓረብኛ ተፍሲሮች:
مَا كَانَ اِبْرٰهِیْمُ یَهُوْدِیًّا وَّلَا نَصْرَانِیًّا وَّلٰكِنْ كَانَ حَنِیْفًا مُّسْلِمًا ؕ— وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟
ইব্ৰাহীম আলাইহিছ ছালাম ইয়াহূদী ধৰ্মৰো নাছিল আৰু খৃষ্টান ধৰ্মৰো নাছিল। বৰং তেওঁ আছিল অসত্য ধৰ্মৰ পৰা দূৰত, আল্লাহৰ প্ৰতি আত্মসমৰ্পনকাৰী এজন তাওহীদ পন্থী। তেওঁ কেতিয়াও সিহঁতৰ অন্তৰ্ভুক্ত নাছিল যিসকলে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে, যেনে আৰবৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, সিহঁতে তেওঁৰ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত।
ዓረብኛ ተፍሲሮች:
اِنَّ اَوْلَی النَّاسِ بِاِبْرٰهِیْمَ لَلَّذِیْنَ اتَّبَعُوْهُ وَهٰذَا النَّبِیُّ وَالَّذِیْنَ اٰمَنُوْا ؕ— وَاللّٰهُ وَلِیُّ الْمُؤْمِنِیْنَ ۟
ইব্ৰাহীমৰ লগত সম্পৰ্ক স্থাপনৰ আটাইতকৈ বেছি হকদাৰ তেওঁলোকৰ, যিসকলে তেওঁৰ যুগত তেওঁক অনুসৰণ কৰিছিল। এইদৰে তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ অধিক হকদাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ অনুসাৰীসকলৰ। নিশ্চয় আল্লাহ মুমিনসকলৰ সহায়ক আৰু সংৰক্ষক।
ዓረብኛ ተፍሲሮች:
وَدَّتْ طَّآىِٕفَةٌ مِّنْ اَهْلِ الْكِتٰبِ لَوْ یُضِلُّوْنَكُمْ ؕ— وَمَا یُضِلُّوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟
হে মুমিনসকল! ইয়াহূদী আৰু খৃষ্টানসকলৰ ধৰ্মগুৰুসকলে তোমালোকক এই সত্যৰ পৰা পথভ্ৰষ্ট কৰিব বিচাৰে, যিটোৰ হিদায়ত আল্লাহে তোমালোকক প্ৰদান কৰিছে। যদিও সিহঁতে নিজকেই পথভ্ৰষ্ট কৰি আছে। কাৰণ মুমিনসকলক পথভ্ৰষ্ট কৰাৰ প্ৰয়াসে সিহঁতৰ নিজৰ ভ্ৰষ্টতা বৃদ্ধি কৰে, অথচ সিহঁত নিজৰ কৰ্মৰ পৰিণাম সম্পৰ্কে নাজানে।
ዓረብኛ ተፍሲሮች:
یٰۤاَهْلَ الْكِتٰبِ لِمَ تَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَاَنْتُمْ تَشْهَدُوْنَ ۟
হে পুথি প্ৰাপ্ত ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা সেইবোৰ আয়াতক কিয় অস্বীকাৰ কৰা, যিবোৰ আয়াতত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ সংকেত আছে, অথচ তোমালোক সাক্ষী যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত সত্য, ইয়াৰ বৰ্ণনা তোমালোকৰ পুথিতো উল্লেখ আছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن الرسالات الإلهية كلها اتفقت على كلمة عدل واحدة، وهي: توحيد الله تعالى والنهي عن الشرك.
সকলো ঐশী ধৰ্মই এটা ন্যায় বাক্যৰ ওপৰত একমত। আৰু সেয়া হৈছেঃ আল্লাহক এক বুলি স্বীকাৰ কৰা (আৰু কেৱল তেওঁৰেই ইবাদত কৰা), আৰু শ্বিৰ্ক বৰ্জন কৰা।

• أهمية العلم بالتاريخ؛ لأنه قد يكون من الحجج القوية التي تُرَدُّ بها دعوى المبطلين.
ইতিহাসৰ জ্ঞান আহৰণ কৰাৰ মহত্ব। কিয়নো কেতিয়াবা কেতিয়াবা এই জ্ঞানে অসত্যৰ প্ৰচাৰকসকলৰ দাবী খন্ডন কৰাত সহায় কৰে।

• أحق الناس بإبراهيم عليه السلام من كان على ملته وعقيدته، وأما مجرد دعوى الانتساب إليه مع مخالفته فلا تنفع.
ইব্ৰাহীম আলাইহিছ ছালামৰ লগত সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ বেছি অধিকাৰ সেই ব্যক্তিৰ যিয়ে তেওঁৰ দ্বীন আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বিৰুদ্ধাচৰণ কৰি কেৱল তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ দাবী কৰাটো লাভদায়ক নহয়।

• دَلَّتِ الآيات على حرص كفرة أهل الكتاب على إضلال المؤمنين من هذه الأمة حسدًا من عند أنفسهم.
এই আয়াতসমূহৰ দ্বাৰা এই কথাও প্ৰমাণ হয় যে, আহলে কিতাবৰ কাফিৰসকলে কেৱল ঈৰ্ষাৰ কাৰণে মুমিনসকলক পথভ্ৰষ্ট কৰাৰ কামনা কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት