Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
اِذْ هَمَّتْ طَّآىِٕفَتٰنِ مِنْكُمْ اَنْ تَفْشَلَا ۙ— وَاللّٰهُ وَلِیُّهُمَا ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
হে নবী! স্মৰণ কৰক সেই ঘটনা, যিটো সংঘটিত হৈছিল মুমিনসকলৰ দুটা দল বনী ছালিমা আৰু বনী হাৰিছাৰ মাজত, যেতিয়া সিহঁতে দুৰ্বল হৈ গল আৰু মুনাফিকসকলৰ লগত উভতি অহাৰ সিদ্ধান্ত ললে, অথচ আল্লাহে তেওঁলোকক যুদ্ধত দৃঢ়তা প্ৰদান কৰি তথা তেওঁলোকক তেওঁলোকৰ এই সিদ্ধান্তৰ পৰা আঁতৰাই তেওঁলোকক সহায় কৰিব। আৰু মুমিনসকলে নিজৰ সকলো পৰিস্থিতিতে আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ نَصَرَكُمُ اللّٰهُ بِبَدْرٍ وَّاَنْتُمْ اَذِلَّةٌ ۚ— فَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
নিশ্চয় আল্লাহে বদৰৰ যুদ্ধত মুশ্বৰিকসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰিছে, যেতিয়া তোমালোক সংখ্যাত আৰু অস্ত্ৰবলৰ ক্ষেত্ৰত দুৰ্বল আছিলা। এতেকে আল্লাহক ভয় কৰা, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা।
ዓረብኛ ተፍሲሮች:
اِذْ تَقُوْلُ لِلْمُؤْمِنِیْنَ اَلَنْ یَّكْفِیَكُمْ اَنْ یُّمِدَّكُمْ رَبُّكُمْ بِثَلٰثَةِ اٰلٰفٍ مِّنَ الْمَلٰٓىِٕكَةِ مُنْزَلِیْنَ ۟ؕ
হে নবী! স্মৰণ কৰক, যেতিয়া মুমিনসকলে বদৰৰ যুদ্ধত মুশ্বৰিকসকলৰ সহায়ৰ খবৰ পালে, তেতিয়া মই তেওঁলোকক সাহস প্ৰদান কৰি কৈছিলোঃ এইটো তোমালোকৰ বাবে যথেষ্ট নহয়নে যে, আল্লাহে তোমালোকক আকাশৰ পৰা অৱতীৰ্ণ তিনি হাজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব, যাতে তোমালোকে যুদ্ধত অটল থাকিব পাৰা।
ዓረብኛ ተፍሲሮች:
بَلٰۤی ۙ— اِنْ تَصْبِرُوْا وَتَتَّقُوْا وَیَاْتُوْكُمْ مِّنْ فَوْرِهِمْ هٰذَا یُمْدِدْكُمْ رَبُّكُمْ بِخَمْسَةِ اٰلٰفٍ مِّنَ الْمَلٰٓىِٕكَةِ مُسَوِّمِیْنَ ۟
কিয় নহব, নিশ্চয় এয়া তোমালোকৰ বাবে যথেষ্ট। ইয়াৰ বাহিৰেও তোমালোকৰ বাবে আৰু এটা শুভ সংবাদ আছে, যদি তোমালোকে যুদ্ধত ধৈৰ্য ধাৰণ কৰা আৰু আল্লাহক ভয় কৰা, পক্ষান্তৰে তোমালোকৰ শত্ৰুৱে যদি জৰুৰীকালীন সহায় প্ৰাপ্ত হয় আৰু সিহঁতে তোমালোকৰ ওপৰত আক্ৰমণ কৰে, যদি তোমালোক এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা তেন্তে তোমালোকৰ প্ৰতিপালকে তোমালোকক এনেকুৱা পাঁচ হাজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব যিসকল প্ৰশিক্ষণপ্ৰাপ্ত আৰু তেওঁলোকৰ ঘোড়াৰ থাকিব স্পষ্ট চিহ্ন।
ዓረብኛ ተፍሲሮች:
وَمَا جَعَلَهُ اللّٰهُ اِلَّا بُشْرٰی لَكُمْ وَلِتَطْمَىِٕنَّ قُلُوْبُكُمْ بِهٖ ؕ— وَمَا النَّصْرُ اِلَّا مِنْ عِنْدِ اللّٰهِ الْعَزِیْزِ الْحَكِیْمِ ۟ۙ
আৰু ফিৰিস্তাসকলৰ দ্বাৰা এই সহায়ক আল্লাহে কেৱল তোমালোকৰ বাবে এটা শুভসংবাদহে বনাই দিছিল, যাতে তোমালোকৰ অন্তৰ সন্তুষ্ট হয়। অন্যথা প্ৰকৃততে সহায় কেৱল প্ৰকাশ্য কাৰণতে নহয়, বৰং প্ৰকৃত সহায় সেই মহাপৰাক্ৰমশালী আল্লাহৰ পৰা আহে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে, যিজন পৰিচালনা আৰু বিধান প্ৰস্তুত কৰাত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
لِیَقْطَعَ طَرَفًا مِّنَ الَّذِیْنَ كَفَرُوْۤا اَوْ یَكْبِتَهُمْ فَیَنْقَلِبُوْا خَآىِٕبِیْنَ ۟
বদৰৰ যুদ্ধত তোমালোকে যি সহায় পাইছিলা, ইয়াৰ দ্বাৰা আল্লাহৰ উদ্দেশ্য আছিল কাফিৰসকলৰ এটা দলক হত্যা কৰি নিঃশেষ কৰা। আৰু আনটো দলক অপমানিত কৰা তথা সিহঁতৰ পৰাজয়ত সিহঁতক ক্ৰোধান্বিত কৰা, তাৰ পিছত যাতে সিহঁতে অপমানিত হৈ আৰু অসফল হৈ উভতি যায়।
ዓረብኛ ተፍሲሮች:
لَیْسَ لَكَ مِنَ الْاَمْرِ شَیْءٌ اَوْ یَتُوْبَ عَلَیْهِمْ اَوْ یُعَذِّبَهُمْ فَاِنَّهُمْ ظٰلِمُوْنَ ۟
যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উহুদৰ ময়দামত মুশ্বৰিকসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত সিহঁতৰ বাবে ধ্বংস দুআ কৰিলে, তেতিয়া আল্লাহে কলেঃ সিহঁতৰ বিষয়টো আপোনাৰ হাতত নহয়, বৰং বিষয়টো আল্লাহৰ হাতত। এতেকে আপুনি ধৈৰ্য ধাৰণ কৰক, যেতিয়ালৈকে আল্লাহে আপোনালোকৰ মাজত কোনো সিদ্ধান্ত নলয়। অথবা সিহঁতক ইছলাম গ্ৰহণ কৰিবলৈ তাওবাৰ তাওফীক নিদিয়ে নাইবা সিহঁতে কুফৰৰ শাস্তি ভোগ নকৰালৈকে। কাৰণ সিহঁত অন্যায়কাৰী, সেয়ে সিহঁত শাস্তি ভোগ কৰাৰ যোগ্য।
ዓረብኛ ተፍሲሮች:
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— یَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟۠
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেৱেঁই সেই সকলোবোৰকে সৃষ্টি কৰিছে আৰু তেৱেঁই পৰিচালনা কৰে। তেওঁ নিজ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে, নিজৰ দয়াত ক্ষমা কৰি দিয়ে। আৰু যাক ইচ্ছা কৰে ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰে। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে। আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَاْكُلُوا الرِّبٰۤوا اَضْعَافًا مُّضٰعَفَةً ۪— وَّاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟ۚ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজৰ মূল ধনৰ ওপৰত চক্ৰবৃদ্ধি হাৰত সুত লোৱাৰ পৰা বিৰত থাকা। যিদৰে অজ্ঞতা যুগৰ লোকসকলে লৈছিল। আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। যাতে পৃথিৱী আৰু আখিৰাতত যিটো কল্যাণ তোমালোকে বিচৰা সেইটো পাব পাৰা।
ዓረብኛ ተፍሲሮች:
وَاتَّقُوا النَّارَ الَّتِیْۤ اُعِدَّتْ لِلْكٰفِرِیْنَ ۟ۚ
আৰু তোমালোকে নিজকে সেই অগ্নিৰ পৰা ৰক্ষা কৰাৰ পথ অৱলম্বন কৰা যিটো আল্লাহে কাফিৰসকলৰ বাবে প্ৰস্তুত কৰিছে। আৰু এয়া নেক আমলৰ জৰিয়তে আৰু হাৰাম বস্তু পৰিত্যাগ কৰাৰ জৰিয়তেহে সম্ভৱ।
ዓረብኛ ተፍሲሮች:
وَاَطِیْعُوا اللّٰهَ وَالرَّسُوْلَ لَعَلَّكُمْ تُرْحَمُوْنَ ۟ۚ
তোমালোকে আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুসমূহ পৰিত্যাগ কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। যাতে তোমালোকে পৃথিৱী আৰু আখিৰাতত দয়া লাভ কৰিব পাৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• مشروعية التذكير بالنعم والنقم التي تنزل بالناس حتى يعتبر بها المرء.
মানুহক বিপদ-আপদ আৰু নিয়ামত সম্পৰ্কে স্মৰণ কৰাব লাগে, যাতে ইয়াৰ দ্বাৰা মানুহে শিক্ষা লয়।

• من أعظم أسباب تَنَزُّل نصر الله على عباده ورحمته ولطفه بهم: التزامُ التقوى، والصبر على شدائد القتال.
আল্লাহৰ তৰফৰ পৰা বান্দাৰ প্ৰতি দয়া, কৃপা আৰু সহায় লাভ কৰাৰ কেইটামান ডাঙৰ কাৰণ হৈছে, তাক্বৱা অৱলম্বন কৰা আৰু যুদ্ধৰ কঠিন সময়ত ধৈৰ্য ধাৰণ কৰা।

• الأمر كله لله تعالى، فيحكم بما يشاء، ويقضي بما أراد، والمؤمن الحق يُسَلم لله تعالى أمره، وينقاد لحكمه.
সকলো বিষয় আল্লাহৰ হাতত। এতেকে তেওঁ যি ইচ্ছা কৰে আদেশ কৰে, আৰু যিটো ইচ্ছা কৰে সেইটোৱে সিদ্ধান্ত লয়। সেয়ে প্ৰকৃত মুমিন ব্যক্তিয়ে সকলো বিষয় আল্লাহৰ ওপৰত অৰ্পন কৰে আৰু তেওঁৰ আদেশ পালন কৰে।

• الذنوب - ومنها الربا - من أعظم أسباب خِذلان العبد، ولا سيما في مواطن الشدائد والصعاب.
গুনাহ (যাৰ মাজত সুতও অন্তৰ্ভুক্ত) বান্দাৰ সহায় তথা তাওফীক নোপোৱাৰ ডাঙৰ কাৰণসমূহৰ অন্যতম কাৰণ। বিশেষকৈ বিপদ-আপদ আৰু কঠিন মূহূৰ্তত।

• مجيء النهي عن الربا بين آيات غزوة أُحد يشعر بشمول الإسلام في شرائعه وترابطها بحيث يشير إلى بعضها في وسط الحديث عن بعض.
উহূদৰ যুদ্ধ সম্পৰ্কীয় আয়াতৰ মাজত সুতৰ নিষেধাজ্ঞা বৰ্ণনা কৰাৰ উদ্দেশ্য এই যে, ইছলামী চৰীয়ত হৈছে যথেষ্ট ব্যাপক, আৰু ইয়াৰ বিভিন্ন ভাগ এনেকৈ সংযোগ হৈ আছে যে, এটাৰ বিষয়ে আলোচনা কৰিলে আনটোৰ পিনে ইঙ্গিত কৰা হয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት