Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
قُلْ اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ عَلَیْنَا وَمَاۤ اُنْزِلَ عَلٰۤی اِبْرٰهِیْمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَمَاۤ اُوْتِیَ مُوْسٰی وَعِیْسٰی وَالنَّبِیُّوْنَ مِنْ رَّبِّهِمْ ۪— لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْهُمْ ؗ— وَنَحْنُ لَهٗ مُسْلِمُوْنَ ۟
হে ৰাছুল! কৈ দিয়ক, আমি আল্লাহক উপাস্য হিচাপে মানিছো, তেওঁ আমাক যি আদেশ কৰিছে সেয়া পালন কৰিছো আৰু ঈমান আনিছো সেই অহীৰ প্ৰতি যিটো আমাৰ ওপৰত তেওঁ অৱতীৰ্ণ কৰিছে লগতে যিটো ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব আৰু ইয়াকূবৰ ওপৰত অৱতীৰ্ণ হৈছিল, তথা যিবোৰ সেইসকল নবীৰ ওপৰত অৱতীৰ্ণ হৈছিল যিসকল আছিল ইয়াকূবৰ সন্তান, আৰু যিবোৰ পুথি আৰু নিদৰ্শন মুছা, ঈছা আৰু সকলো নবীক আল্লাহৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল। আমি নবীসকলৰ মাজত পাৰ্থক্য কৰি কিছুমানৰ প্ৰতি ঈমান আৰু কিছুমানক অস্বীকাৰ নকৰো। আমি কেৱল আল্লাহৰ আনুগত্য কৰো আৰু কেৱল তেওঁৰ ওচৰতেই শিৰণত কৰো।
ዓረብኛ ተፍሲሮች:
وَمَنْ یَّبْتَغِ غَیْرَ الْاِسْلَامِ دِیْنًا فَلَنْ یُّقْبَلَ مِنْهُ ۚ— وَهُوَ فِی الْاٰخِرَةِ مِنَ الْخٰسِرِیْنَ ۟
যিয়ে সেই ধৰ্মৰ বাহিৰে আন কোনো ধৰ্ম অনুসন্ধান কৰিব, যি ধৰ্মক আল্লাহে মনোনীত কৰিছে, আৰু সেয়া হৈছে- ইছলাম ধৰ্ম- এনে ব্যক্তিৰ পৰা আল্লাহে সেই ধৰ্মক কেতিয়াও স্বীকাৰ নকৰিব, আৰু সি আখিৰাতত জাহান্নামত প্ৰৱেশ কৰি নিজৰে ক্ষতিসাধন কৰিব।
ዓረብኛ ተፍሲሮች:
كَیْفَ یَهْدِی اللّٰهُ قَوْمًا كَفَرُوْا بَعْدَ اِیْمَانِهِمْ وَشَهِدُوْۤا اَنَّ الرَّسُوْلَ حَقٌّ وَّجَآءَهُمُ الْبَیِّنٰتُ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟
আল্লাহে তেওঁৰ নিজৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিবলৈ সেইসকল লোকক কেনেকৈ তাওফীক দিব যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ পিছত তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক সত্য বুলি স্বীকৃতি দিয়াৰ পিছত পুনৰ কাফিৰ হৈ গৈছে। অথচ সিহঁতৰ ওচৰত ইয়াৰ সত্যতাৰ সকলো স্পষ্ট নিদৰ্শন আহি পৰিছিল? আল্লাহে এনেকুৱা অত্যাচাৰী সম্প্ৰদায়ক ঈমানৰ তাওফীক নিদিয়ে, যিসকলে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা অৱলম্বন কৰে।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ جَزَآؤُهُمْ اَنَّ عَلَیْهِمْ لَعْنَةَ اللّٰهِ وَالْمَلٰٓىِٕكَةِ وَالنَّاسِ اَجْمَعِیْنَ ۟ۙ
নিশ্চয় এনেকুৱা ভ্ৰষ্টতা অৱলম্বনকাৰী যালিমসকলৰ প্ৰতিদান এইটোৱেই যে, সিহঁতৰ ওপৰত আল্লাহৰ আৰু ফিৰিস্তাসকলৰ আৰু গোটেই মানৱ জাতিৰ অভিসম্পাত। এতেকে সিহঁত আল্লাহৰ দয়াৰ পৰা আঁতৰ হ'ব আৰু বঞ্চিত হ'ব।
ዓረብኛ ተፍሲሮች:
خٰلِدِیْنَ فِیْهَا ۚ— لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟ۙ
সিহঁত জাহান্নামত চিৰস্থায়ী হব আৰু তাৰ পৰা ওলাব নোৱাৰিব। সিহঁতৰ শাস্তিও লাঘৱ কৰা নহ'ব আৰু সিহঁতক তাওবা তথা ক্ষমা প্ৰাৰ্থনাৰো সুযোগ দিয়া নহ'ব।
ዓረብኛ ተፍሲሮች:
اِلَّا الَّذِیْنَ تَابُوْا مِنْ بَعْدِ ذٰلِكَ وَاَصْلَحُوْا ۫— فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
কিন্তু যিসকলে কুফুৰী আৰু অন্যায় কৰাৰ পিছত আকৌ আল্লাহৰ পিনে উভতি আহিছে আৰু নিজৰ কৰ্মৰ সংশোধন কৰিছে, তেন্তে নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, পৰম দয়ালু।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ كَفَرُوْا بَعْدَ اِیْمَانِهِمْ ثُمَّ ازْدَادُوْا كُفْرًا لَّنْ تُقْبَلَ تَوْبَتُهُمْ ۚ— وَاُولٰٓىِٕكَ هُمُ الضَّآلُّوْنَ ۟
যিসকলে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে আৰু সেই কুফুৰীতে মৃত্যুক সাৱটি লৈছে, এতেকে মৃত্যু উপস্থিত হোৱাৰ পিছত তাৰ তাওবা কেতিয়াও গ্ৰহণযোগ্য নহ'ব, কিয়নো তেতিয়া তাওবাৰ সময় সমাপ্ত। এইসকল লোকেই আল্লাহৰ পোন পথৰ পৰা পথভ্ৰষ্ট।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ كَفَرُوْا وَمَاتُوْا وَهُمْ كُفَّارٌ فَلَنْ یُّقْبَلَ مِنْ اَحَدِهِمْ مِّلْءُ الْاَرْضِ ذَهَبًا وَّلَوِ افْتَدٰی بِهٖ ؕ— اُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌۙ— وَّمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟۠
যিসকলে কুফুৰী কৰিছে আৰু সেই কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, যদি সিহঁতে জাহান্নামৰ পৰা মুক্তিৰ বাবে পৃথিৱীৰ সমান সোণ সংগ্ৰহ কৰি প্ৰদান কৰে তথাপিও সেয়া গ্ৰহণ নকৰা নহ'ব। আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি লগতে কিয়ামতৰ দিনা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নহ'ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• يجب الإيمان بجميع الأنبياء الذين أرسلهم الله تعالى، وجميع ما أنزل عليهم من الكتب، دون تفريق بينهم.
আল্লাহৰ প্ৰেৰিত নবীসকলৰ প্ৰতি আৰু তেওঁলোকৰ ওপৰত অৱতীৰ্ণ হোৱা সকলো পুথিৰ প্ৰতি কোনো ধৰণৰ ভেদভাৱ নকৰি ঈমান পোষণ কৰা অনিবাৰ্য।

• لا يقبل الله تعالى من أحد دينًا أيًّا كان بعد بعثة النبي محمد صلى الله عليه وسلم إلا الإسلام الذي جاء به.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পিছত, আল্লাহে ইছলামৰ বাহিৰে আন কোনো ধৰ্ম স্বীকাৰ নকৰিব।

• مَنْ أصر على الضلال، واستمر عليه، فقد يعاقبه الله بعدم توفيقه إلى التوبة والهداية.
যিয়ে ভ্ৰষ্টতাৰ ওপৰত অটল থাকিব আল্লাহে তাক শাস্তিস্বৰূপে হিদায়ত আৰু তাওবা কৰাৰ তাওফীকৰ পৰা বঞ্চিত কৰিব।

• باب التوبة مفتوح للعبد ما لم يحضره الموت، أو تشرق الشمس من مغربها، فعندئذ لا تُقْبل منه التوبة.
বান্দাৰ বাবে তাওবাৰ দুৱাৰ মৃত্যু উপস্থিত নোহোৱা লৈকে অথবা পশ্চিমৰ পৰা সূৰ্যোদয় নোহোৱা পৰ্যন্ত খোলা থাকে। ইয়াৰ পিছত তাওবা কবুল কৰা নহয়।

• لا ينجي المرء يوم القيامة من عذاب النار إلا عمله الصالح، وأما المال فلو كان ملء الأرض لم ينفعه شيئًا.
ক্বিয়ামতৰ দিনা মানুহক তাৰ সত্কৰ্মইহে জাহান্নামৰ পৰা ৰক্ষা কৰিব। আনহাতে সম্পদ যদি পৃথিৱীৰ সমানো থাকে, তথাপিও কোনো উপাকাৰত নাহিব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት