Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
اِنَّ الَّذِیْنَ كَفَرُوْا لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ— وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তানে কেতিয়াও আল্লাহৰ সিদ্ধান্ত প্ৰতিৰোধ কৰিব নোৱাৰে। সিহঁতে তেওঁৰ শাস্তিও দূৰ কৰিব নোৱাৰিব আৰু তেওঁৰ দয়াও আনিব নোৱাৰিব। বৰং সিহঁতৰ শাস্তি আৰু পৰিতাপহে বৃদ্ধি পাব। এইসকল লোকেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
ዓረብኛ ተፍሲሮች:
مَثَلُ مَا یُنْفِقُوْنَ فِیْ هٰذِهِ الْحَیٰوةِ الدُّنْیَا كَمَثَلِ رِیْحٍ فِیْهَا صِرٌّ اَصَابَتْ حَرْثَ قَوْمٍ ظَلَمُوْۤا اَنْفُسَهُمْ فَاَهْلَكَتْهُ ؕ— وَمَا ظَلَمَهُمُ اللّٰهُ وَلٰكِنْ اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
এই কাফিৰসকলে পূণ্যৰ পথত যি ব্যয় কৰে আৰু ইয়াৰ প্ৰতিফলৰ বাবে যি প্ৰতীক্ষা কৰে, তাৰ উদাহৰণ হৈছে, এনেকুৱা শীতল বতাহ যিটো পাপিষ্ঠ সম্প্ৰদায়ৰ খেতি ধ্বংস কৰে, যদিও সিহঁতে এই খেতিৰ পৰা বহুত কল্যাণ কামনা কৰিছিল। যিদৰে বতাহে সেই খেতি ধ্বংস কৰিলে আৰু সিহঁতে উপকৃত হব নোৱাৰিলে, সেইদৰে কুফৰে সিহঁতৰ সেই সকলো আমল ধ্বংস কৰিব যিবোৰৰ পৰা সিহঁতে কল্যাণ কামনা কৰে। দৰাচলতে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই, বৰং সিহঁতে কুফুৰ তথা ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত নিজেই অন্যায় কৰিছে।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْا بِطَانَةً مِّنْ دُوْنِكُمْ لَا یَاْلُوْنَكُمْ خَبَالًا ؕ— وَدُّوْا مَا عَنِتُّمْ ۚ— قَدْ بَدَتِ الْبَغْضَآءُ مِنْ اَفْوَاهِهِمْ ۖۚ— وَمَا تُخْفِیْ صُدُوْرُهُمْ اَكْبَرُ ؕ— قَدْ بَیَّنَّا لَكُمُ الْاٰیٰتِ اِنْ كُنْتُمْ تَعْقِلُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুমিনসকলৰ বাহিৰে আন কাকো নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যাক তোমালোকে নিজৰ ভিতৰোৱা কথা আৰু বিশেষ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা। কিয়নো সিহঁতে তোমালোকৰ পৰিস্থিতি বিনষ্ট কৰাত আৰু ক্ষতি সাধন কৰাত অলপো পলম নকৰিব। সিহঁতৰ কামনা হৈছে তোমালোকে কষ্টত পতিত হোৱা। তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি, তোমালোকৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰি আৰু তোমালোকৰ ভিতৰোৱা কথাসমূহ প্ৰকাশ কৰি, সিহঁতে নিজ মুখেৰে শত্ৰুতা আৰু বিদ্বেষ প্ৰকাশ কৰিছে। আৰু যি ঘৃণা সিহঁতে নিজৰ অন্তৰত গোপন ৰাখিছে, সেয়া ইয়াতকৈয়ো অধিক ডাঙৰ। হে মুমিনসকল! আমি তোমালোকৰ সন্মুখত স্পষ্ট প্ৰমাণসমূহ বৰ্ণনা কৰিছো, যাৰ মাজত আছে তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ। যদিহে তোমালোকে নিজ প্ৰতিপালকৰ আয়াতসমূহ বুজা।
ዓረብኛ ተፍሲሮች:
هٰۤاَنْتُمْ اُولَآءِ تُحِبُّوْنَهُمْ وَلَا یُحِبُّوْنَكُمْ وَتُؤْمِنُوْنَ بِالْكِتٰبِ كُلِّهٖ ۚ— وَاِذَا لَقُوْكُمْ قَالُوْۤا اٰمَنَّا ۖۗۚ— وَاِذَا خَلَوْا عَضُّوْا عَلَیْكُمُ الْاَنَامِلَ مِنَ الْغَیْظِ ؕ— قُلْ مُوْتُوْا بِغَیْظِكُمْ ؕ— اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
হে মুমিনসকল! তোমালোকে সিহঁতক মুহাব্বত কৰা আৰু সিহঁতৰ কল্যাণ কামনা কৰা, অথচ সিহঁতে তোমালোকক ভাল নাপায় আৰু তোমালোকৰ কল্যাণো নিবিচাৰে, বৰং বিপৰীতে তোমালোকৰ লগত শত্ৰুতা পোষণ কৰে। তোমালোকে সকলো পুথিৰ প্ৰতি বিশ্বাস পোষণ কৰা, যাৰ মাজত সিহঁতৰ পুথিও আছে, কিন্তু সিহঁতে সেই পুথিৰ প্ৰতি ঈমান পোষণ নকৰে যিটো আল্লাহে তোমালোকৰ নবীৰ প্ৰতি অৱতীৰ্ণ কৰিছে। সিহঁতে যেতিয়া তোমালোকৰ লগত মিলিত হয়, তেতিয়া মৌখিক ভাৱে স্বীকাৰ কৰে যে, আমি সত্য মানি লৈছো, কিন্তু যেতিয়া অকলশৰীয়া অৱস্থাত থাকে, তেতিয়া তোমালোকৰ একতা, অখণ্ডতা আৰু ইছলামৰ শক্তি তথা নিজৰ অপমান দেখি ক্ৰোধ আৰু দুখত নিজৰে আঙুলি কামুৰে। হে নবী! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে এই অৱস্থাতেই থাকা, অৱশেষত ক্ৰোধ আৰু দুখৰ ফলতে মৃত্যুবৰণ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ অন্তৰৰ ঈমান আৰু কুফুৰী তথা সৎ আৰু অসৎ সংকল্প সম্পৰ্কে অৱগত।
ዓረብኛ ተፍሲሮች:
اِنْ تَمْسَسْكُمْ حَسَنَةٌ تَسُؤْهُمْ ؗ— وَاِنْ تُصِبْكُمْ سَیِّئَةٌ یَّفْرَحُوْا بِهَا ؕ— وَاِنْ تَصْبِرُوْا وَتَتَّقُوْا لَا یَضُرُّكُمْ كَیْدُهُمْ شَیْـًٔا ؕ— اِنَّ اللّٰهَ بِمَا یَعْمَلُوْنَ مُحِیْطٌ ۟۠
হে মুমিনসকল! তোমালোকে যদি কোনো নিয়ামত প্ৰাপ্ত হোৱা, যেনে- শত্ৰুৰ ওপৰত বিজয় অথবা অধিক ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ অধিকাৰী হোৱা, তেন্তে সিহঁতে কষ্ট পায় আৰু চিন্তিত হয়। আনহাতে তোমালোকে কোনো বিপদগ্ৰস্ত হলে, যেনে- শত্ৰুসকল জিকিলে অথবা ধন-সম্পত্তি তথা সন্তান-সন্ততিত কোনো ক্ষতি সাধন হলে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে। কিন্তু যদি তোমালোকে আল্লাহৰ আদেশ আৰু ভাগ্যৰ ওপৰত ধৈৰ্য ধাৰণ কৰা আৰু তেওঁৰ ক্ৰোধৰ পৰা বাচি থাকা তেন্তে সিহঁতৰ ষড়যন্ত্ৰ আৰু কষ্টই তোমালোকক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। নিশ্চয় আল্লাহে সিহঁতৰ চক্ৰান্তক পৰিবেষ্টন কৰি ৰাখিছে আৰু নিশ্চয় তেওঁ সিহঁতক অসফল কৰি পঠাব।
ዓረብኛ ተፍሲሮች:
وَاِذْ غَدَوْتَ مِنْ اَهْلِكَ تُبَوِّئُ الْمُؤْمِنِیْنَ مَقَاعِدَ لِلْقِتَالِ ؕ— وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟ۙ
হে নবী! স্মৰণ কৰক, যেতিয়া আপুনি দিনৰ অগ্ৰভাগতে মদিনাৰ পৰা উহূদলৈ ৰাওনা হৈছিল মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ, য’ত আপুনি মুমিনসকলক যুদ্ধৰ বাবে সাজু কৰি আছিল, প্ৰত্যেককে আপুনি নিজৰ নিজৰ স্থান দেখুৱাই দিছিল। নিশ্চয় আল্লাহে আপোনালোকৰ কথা শ্ৰৱণ কৰে আৰু আপোনালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• نَهْي المؤمنين عن موالاة الكافرين وجَعْلهم أَخِلّاء وأصفياء يُفْضَى إليهم بأحوال المؤمنين وأسرارهم.
মুমিনসকলক কাফিৰসকলৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰা হৈছে লগতে সিহঁতক অন্তৰঙ্গ বন্ধু বনাই মুছলিমসকলৰ পৰিস্থিতি আৰু ভিতৰোৱা কথাবোৰ অৱগত কৰিবলৈ নিষেধ কৰা হৈছে।

• من صور عداوة الكافرين للمؤمنين فرحهم بما يصيب المؤمنين من بلاء ونقص، وغيظهم إن أصابهم خير.
মুমিনসকলৰ লগত কাফিৰসকলৰ শত্ৰুতাৰ এটা উদাহৰণ এই যে, সিহঁতে মুমিনসকলৰ বিপদৰ সময়ত তথা জান-মালৰ ক্ষতি সাধনত উত্ফুল্লিত হয়। আনহাতে মুমিনসকলৰ কল্যাণত ক্ৰোধান্বিত হয়।

• الوقاية من كيد الكفار ومكرهم تكون بالصبر وعدم إظهار الخوف، ثم تقوى الله والأخذ بأسباب القوة والنصر.
কাফিৰসকলৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে, ধৈৰ্য ধাৰণ কৰা আৰু ভয় প্ৰকাশ নকৰা লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শক্তি ও সহায়ৰ সকলো উপায় মজবুতভাৱে ধাৰণ কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት