Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟۠
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰ সৃষ্টি আৰু পৰিচালনাৰ দায়িত্ব আল্লাহৰ ৰাজত্বত। আৰু সকলো সৃষ্টিৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰিব, পিছত তেওঁ প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিব, যিটোৰ সিহঁত হকদাৰ (অধিকাৰী)।
ዓረብኛ ተፍሲሮች:
كُنْتُمْ خَیْرَ اُمَّةٍ اُخْرِجَتْ لِلنَّاسِ تَاْمُرُوْنَ بِالْمَعْرُوْفِ وَتَنْهَوْنَ عَنِ الْمُنْكَرِ وَتُؤْمِنُوْنَ بِاللّٰهِ ؕ— وَلَوْ اٰمَنَ اَهْلُ الْكِتٰبِ لَكَانَ خَیْرًا لَّهُمْ ؕ— مِنْهُمُ الْمُؤْمِنُوْنَ وَاَكْثَرُهُمُ الْفٰسِقُوْنَ ۟
হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতীসকল! তোমালোকে নিজৰ ঈমান আৰু কৰ্মৰ ফালৰ পৰা আটাইতকৈ শ্ৰেষ্ঠ উম্মত, যিসকলক মানৱ জাতিৰ বাবে সৃষ্টি কৰা হৈছে। তোমালোক মানৱ জাতিৰ বাবে শুভাকাংক্ষী। তোমালোকে সেই সত্কৰ্মৰ আদেশ দিয়া যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত তথা বিবেকেও তাক সঠিক বুলি ভাৱে। আৰু সেই অসত্কৰ্মৰ পৰা তোমালোকে নিষেধ কৰা যিটোৰ পৰা চৰীয়তে নিষেধ কৰিছে আৰু এনেকুৱা কৰ্মক বিবেকেও অসত্কৰ্ম বুলি ভাৱে। আৰু তোমালোকে আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰা যিটো তোমালোকৰ কৰ্মৰ দ্বাৰা প্ৰমাণিত। কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকলে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাত উভয়তে কল্যাণ হলেহেঁতেন। কিতাবধাৰীসকলৰ খুউব কম সংখ্যক লোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা পুথিৰ প্ৰতি ঈমান পোষণ কৰে। আনহাতে সিহঁতৰ অধিকাংশ লোকে আল্লাহৰ দ্বীন আৰু তেওঁৰ চৰীয়তৰ পৰা বহিষ্কৃত।
ዓረብኛ ተፍሲሮች:
لَنْ یَّضُرُّوْكُمْ اِلَّاۤ اَذًی ؕ— وَاِنْ یُّقَاتِلُوْكُمْ یُوَلُّوْكُمُ الْاَدْبَارَ ۫— ثُمَّ لَا یُنْصَرُوْنَ ۟
হে মুমিনসকল! সিহঁতে যিমানেই শত্ৰুতা নকৰক কিয়, তোমালোকক অথবা তোমালোকৰ দ্বীনক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। সিহঁতে কেৱল মৌখিক ভাৱে তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি তথা তোমালোকক উপহাস কৰি তোমালোকক কষ্ট দিব। যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৰাজিত হৈ দৌৰি পলাব আৰু তোমালোকৰ বিৰুদ্ধে সিহঁতক কোনো সহায় কৰা নহ’ব।
ዓረብኛ ተፍሲሮች:
ضُرِبَتْ عَلَیْهِمُ الذِّلَّةُ اَیْنَ مَا ثُقِفُوْۤا اِلَّا بِحَبْلٍ مِّنَ اللّٰهِ وَحَبْلٍ مِّنَ النَّاسِ وَبَآءُوْ بِغَضَبٍ مِّنَ اللّٰهِ وَضُرِبَتْ عَلَیْهِمُ الْمَسْكَنَةُ ؕ— ذٰلِكَ بِاَنَّهُمْ كَانُوْا یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ ؕ— ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟ۗ
ইয়াহূদীসকল য’তেই নাথাকক কিয়, সিহঁতক চাৰিওফালৰ পৰা অপমান আৰু তিৰস্কাৰেৰে পৰিবেষ্টন কৰি ৰখা হৈছে। সিহঁত তেতিয়াই শান্তিত জীৱন নিৰ্বাহ কৰিব পাৰিব, যেতিয়া সিহঁতে অঙ্গীকাৰ পালন কৰিব অথবা আল্লাহৰ আশ্ৰয় পাব নাইবা মানুহৰ আশ্ৰয় পাব। সিহঁতে আল্লাহৰ প্ৰকোপত পৰিছে আৰু সিহঁতৰ ওপৰত আল্লাহে নিৰ্ধনতা আৰু দুৰ্ভিক্ষতা জাপি দিছে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছে লগতে এই কাৰণেও যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু আল্লাহে বান্ধি দিয়া সীমা অতিক্ৰম কৰিছিল।
ዓረብኛ ተፍሲሮች:
لَیْسُوْا سَوَآءً ؕ— مِنْ اَهْلِ الْكِتٰبِ اُمَّةٌ قَآىِٕمَةٌ یَّتْلُوْنَ اٰیٰتِ اللّٰهِ اٰنَآءَ الَّیْلِ وَهُمْ یَسْجُدُوْنَ ۟
সকলো আহলে কিতাবৰ অৱস্থা একে নহয়। সিহঁতৰ মাজৰ এটা দল আল্লাহৰ দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত আছিল, সিহঁতে আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত আছিল। সিহঁতে ৰাতিত নামাজ পঢ়া অৱস্থাত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰিছিল। এই দলটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বে। সিহঁতৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগ পালে তেওঁলোকে ইছলাম গ্ৰহণ কৰিলে।
ዓረብኛ ተፍሲሮች:
یُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَیَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ وَیُسَارِعُوْنَ فِی الْخَیْرٰتِ ؕ— وَاُولٰٓىِٕكَ مِنَ الصّٰلِحِیْنَ ۟
তেওঁলোকে আল্লাহ তথা শেষ দিৱসৰ প্ৰতি মজবুত ঈমান পোষণ কৰিছিল, তেওঁলোকে কল্যাণ তথা সত্কৰ্মৰ আদেশ দিছিল লগতে বেয়া তথা অসত্কৰ্মৰ পৰা মানুহক বিৰত ৰাখিছিল। তেওঁলোক নেক কামত অগ্ৰসৰ কৰিছিল লগতে তেওঁলোকে নেকি কৰাৰ বিভিন্ন মূহূৰ্তৰ পৰা উপকৃত হৈছিল। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ এনেকুৱা বান্দা, যিসকলৰ কৰ্ম আৰু নিয়্যত সঠিক।
ዓረብኛ ተፍሲሮች:
وَمَا یَفْعَلُوْا مِنْ خَیْرٍ فَلَنْ یُّكْفَرُوْهُ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِالْمُتَّقِیْنَ ۟
তেওঁলোকে কম বেছি যি সত্কৰ্মই কৰিব, তেওঁলোকৰ কোনো পূণ্য অথলে নাযাব আৰু হ্ৰাসো কৰা নহ’ব। আল্লাহে অতি ভালকৈ জানে সেইসকল মুত্তাক্বী ব্যক্তিক যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। তেওঁলোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। আৰু অনতিপলমে তেওঁ তেওঁলোকৰ কৰ্মৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أعظم ما يميز هذه الأمة وبه كانت خيريتها - بعد الإيمان بالله - الأمر بالمعروف والنهي عن المنكر.
আল্লাহৰ প্ৰতি ঈমানৰ পিছত এই উম্মতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আৰু এই উম্মতক শ্ৰেষ্ঠতাৰ মৰ্যদা দিয়াৰ গুণটো হৈছেঃ সত্কৰ্মৰ আদেশ আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা কাৰ্য।

• قضى الله تعالى بالذل على أهل الكتاب لفسقهم وإعراضهم عن دين الله، وعدم وفائهم بما أُخذ عليهم من العهد.
আল্লাহে আহলে কিতাবক অপমান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো সিহঁতে পাপকৰ্মত লিপ্ত হৈছে, আৰু আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছে লগতে সিহঁতৰ পৰা গ্ৰহণ কৰা অঙ্গীকাৰ ভঙ্গ কৰিছে।

• أهل الكتاب ليسوا على حال واحدة؛ فمنهم القائم بأمر الله، المتبع لدينه، الواقف عند حدوده، وهؤلاء لهم أعظم الأجر والثواب. وهذا قبل بعثة النبي محمد صلى الله عليه وسلم.
সকলো আহলে কিতাব একে নহয়। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ দ্বীনক অনুসৰণ কৰে আৰু তেওঁৰ সীমালঙ্ঘন নকৰে। এনেকুৱা লোকৰ বাবে আছে মহাপুৰষ্কাৰ আৰু মহাপ্ৰতিদান। আৰু এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বৰ প্ৰেক্ষাপটত কোৱা হৈছে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት