Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
وَیُكَلِّمُ النَّاسَ فِی الْمَهْدِ وَكَهْلًا وَّمِنَ الصّٰلِحِیْنَ ۟
তেওঁ কথা কোৱাৰ বয়সত উপনীত হোৱাৰ পূৰ্বেই কোলাত থকা অৱস্থাতে মানুহৰ লগত কথা কব আৰু সেই সময়তো কথা ক'ব যেতিয়া তেওঁ ডাঙৰ হৈ শক্তিশালী আৰু পুৰুষত পৰিণত হব। তেওঁ মানুহক এনেকুৱা কথাৰ উপদেশ দিব যিটো সিহঁতৰ দ্বীন আৰু দুনিয়াৰ কল্যাণ হব লগতে তেওঁ নিজ কথা আৰু কৰ্মত সত্যবাদী হ'ব।
ዓረብኛ ተፍሲሮች:
قَالَتْ رَبِّ اَنّٰی یَكُوْنُ لِیْ وَلَدٌ وَّلَمْ یَمْسَسْنِیْ بَشَرٌ ؕ— قَالَ كَذٰلِكِ اللّٰهُ یَخْلُقُ مَا یَشَآءُ ؕ— اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟
স্বামী নোহোৱাকৈ সন্তান লাভ কৰিব বুলি শুনি মাৰইয়ামে আচৰিত হৈ ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, অথচ কোনো পুৰুষে বৈধ অথবা অবৈধ কোনো ভাৱেই মোৰ ওচৰলৈ অহা নাই, ফিৰিস্তাই ক'লেঃ যিদৰে আল্লাহে তোমাৰ সন্তান পিতৃ নোহোৱাকৈ সৃষ্টি কৰিব, ঠিক সেইদৰে তেওঁ যি ইচ্ছা কৰে সেইটোকে প্ৰাকৃতিক নিয়মৰ বিপৰীতে সৃষ্টি কৰে। যেতিয়া তেওঁ কোনো কাম কৰাৰ ইচ্ছা পোষণ কৰে তেতিয়া কেৱল কয় “কূন” (হোৱা) ফলত সেয়া হৈ যায়। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَیُعَلِّمُهُ الْكِتٰبَ وَالْحِكْمَةَ وَالتَّوْرٰىةَ وَالْاِنْجِیْلَ ۟ۚ
আল্লাহে তেওঁক লিখন-কলা শিকাব, সঠিক কথা তথা সত্কৰ্ম কৰাৰ তাওফীক প্ৰদান কৰিব, মুছা আলাইহিছ ছালামৰ ওপৰত অৱতীৰ্ণ পুথি তাওৰাতৰ জ্ঞান দিব লগতে ইঞ্জীলৰ শিক্ষা দিব, যিটো অচিৰেই তেওঁৰ ওপৰত অৱতীৰ্ণ হ'ব।
ዓረብኛ ተፍሲሮች:
وَرَسُوْلًا اِلٰی بَنِیْۤ اِسْرَآءِیْلَ ۙ۬— اَنِّیْ قَدْ جِئْتُكُمْ بِاٰیَةٍ مِّنْ رَّبِّكُمْ ۙۚ— اَنِّیْۤ اَخْلُقُ لَكُمْ مِّنَ الطِّیْنِ كَهَیْـَٔةِ الطَّیْرِ فَاَنْفُخُ فِیْهِ فَیَكُوْنُ طَیْرًا بِاِذْنِ اللّٰهِ ۚ— وَاُبْرِئُ الْاَكْمَهَ وَالْاَبْرَصَ وَاُحْیِ الْمَوْتٰی بِاِذْنِ اللّٰهِ ۚ— وَاُنَبِّئُكُمْ بِمَا تَاْكُلُوْنَ وَمَا تَدَّخِرُوْنَ ۙ— فِیْ بُیُوْتِكُمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟ۚ
এইদৰে আল্লাহে তেওঁক বনী ইছৰাঈললৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিব। আৰু তেওঁ সিহঁতক ক'বঃ মই তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। মই তোমালোকৰ ওচৰত এনেকুৱা নিদৰ্শন লৈ আহিছো যিবোৰে মোৰ নবুওৱতৰ সত্যতাৰ প্ৰমাণ দিব। আৰু সেয়া হৈছেঃ মই মাটিৰে এটা চৰাইৰ দৰে বনাম তাৰ পিছত তাত ফুঁ দিম আৰু সেইটো আল্লাহৰ অনুমতিত জীৱিত চৰাই হৈ যাব। আৰু মই জন্মান্ধ ব্যক্তিক ঠিক কৰি দিম ফলত সি দেখিবলৈ পাব। আৰু কুষ্ঠ ৰোগীক এনেকৈ ঠিক কৰিম যে, সি সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব। লগতে মই মৃত ব্যক্তিকো জীৱিত কৰিম। আৰু এই সকলোবোৰ আল্লাহৰ আদেশত হব। লগতে মই তোমালোকক সেই বিষয়েও জনাই দিম, তোমালোকে যি খোৱা আৰু ঘৰত যি সঞ্চয় কৰা আৰু যিবোৰ তোমালোকে গোপন কৰি থোৱা। দৰাচলতে এই ডাঙৰ ডাঙৰ বিষয়সমূহ, যিবোৰৰ বিষয়ে মই তোমালোকক সংবাদ দিম সেয়া কোনো মানুহৰ পক্ষে জনোৱা সম্ভৱ নহয়, সেয়ে এইটো স্পষ্ট প্ৰমাণ যে, মই তোমালোকৰ প্ৰতি আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদিহে তোমালোকে ঈমান পোষণ কৰিব বিচৰা আৰু প্ৰমাণসমূহক সত্য বুলি স্বীকাৰ কৰা।
ዓረብኛ ተፍሲሮች:
وَمُصَدِّقًا لِّمَا بَیْنَ یَدَیَّ مِنَ التَّوْرٰىةِ وَلِاُحِلَّ لَكُمْ بَعْضَ الَّذِیْ حُرِّمَ عَلَیْكُمْ وَجِئْتُكُمْ بِاٰیَةٍ مِّنْ رَّبِّكُمْ ۫— فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟
॥এইদৰে মই মোৰ পূৰ্বে অৱতীৰ্ণ পুথি তাওৰাতৰ সমৰ্থন কৰিবলৈ তোমালোকৰ ওচৰত আহিছো। লগতে মই তোমালোকৰ ওচৰত এই কাৰণেও আহিছো যাতে তোমালোকৰ বাবে সহজ আৰু তোমালোকৰ সুবিধাৰ বাবে এনে কিছুমান বস্তু বৈধ কৰিম যিটো পূৰ্বে অবৈধ আছিল। লগতে মই মোৰ কথাৰ সত্যতাৰ বাবে স্পষ্ট প্ৰমাণ লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা লগতে মই তোমালোকক যি বিষয়ৰ ফালে আহ্বান কৰি আছো সেইটো তোমালোকে মানি লোৱা।
ዓረብኛ ተፍሲሮች:
اِنَّ اللّٰهَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
কাৰণ আল্লাহেই মোৰ আৰু তোমালোকৰ প্ৰতিপালক। কেৱল তেৱেঁই একমাত্ৰ যোগ্য, যাৰ তাক্বৱা অৱলম্বন কৰিব লাগে আৰু যাৰ আদেশ পালন কৰিব লাগে। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। আৰু এয়া মই যে তোমালোকক আল্লাহৰ ইবাদত আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ আদেশ দিলো, এইটোৱেই আচ-চিৰাত আল-মুস্তাকীম (পোন পথ), যিটোত কোনো বক্ৰতা নাই।
ዓረብኛ ተፍሲሮች:
فَلَمَّاۤ اَحَسَّ عِیْسٰی مِنْهُمُ الْكُفْرَ قَالَ مَنْ اَنْصَارِیْۤ اِلَی اللّٰهِ ؕ— قَالَ الْحَوَارِیُّوْنَ نَحْنُ اَنْصَارُ اللّٰهِ ۚ— اٰمَنَّا بِاللّٰهِ ۚ— وَاشْهَدْ بِاَنَّا مُسْلِمُوْنَ ۟
যেতিয়া ঈছা আলাইহিছ ছালামে অনুভৱ কৰিলে যে, সিহঁতে কুফৰৰ প্ৰতি ঘাইকৈ লিপ্ত হৈছে, তেতিয়া তেওঁ বনী ইছৰাঈলক সম্বোধন কৰি কলেঃ আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত কোনে মোক সহায় কৰিবা। তেওঁৰ কেইজনমান অনুসাৰীয়ে ক'লেঃ আমি আল্লাহৰ দ্বীনৰ সহায়ক। আমি আল্লাহৰ প্ৰতি ঈমান আনিছো আৰু আপোনাক অনুসৰণ কৰিছো। আৰু হে ঈছা! আপুনি সাক্ষী থাকক যে, আমি একমাত্ৰ আল্লাহৰ আদেশ পালনকাৰী আৰু তেওঁৰ আনুগত্যকাৰী।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• شرف الكتابة والخط وعلو منزلتهما، حيث بدأ الله تعالى بذكرهما قبل غيرهما.
লিখন-কলা আৰু লিপিৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা। কিয়নো আল্লাহে প্ৰথমে এই দুটাৰ কথাই উল্লেখ কৰিছে।

• من سنن الله تعالى أن يؤيد رسله بالآيات الدالة على صدقهم، مما لا يقدر عليه البشر.
আল্লাহৰ এইটো নিয়ম যে, তেওঁ নিজ ৰাছুলৰ সমৰ্থন এনেকুৱা নিদৰ্শনৰ দ্বাৰা কৰে যিবোৰে ৰাছুলৰ সত্যতা প্ৰমাণ কৰে আৰু এই কাম আন কোনো মানুহৰ ক্ষমতাৰ বাহিৰত।

• جاء عيسى بالتخفيف على بني إسرائيل فيما شُدِّد عليهم في بعض شرائع التوراة، وفي هذا دلالة على وقوع النسخ بين الشرائع.
ঈছা আলাইহিচ্ছালাম বনী ইছৰাঈলৰ বাবে তাওৰাতৰ কিছুমান কঠিন আদেশ সহজ আৰু সুবিধাজনক বনাবলৈ প্ৰেৰিত হৈছিল। ইয়াৰ দ্বাৰা এইটো বুজা গ'ল যে, বিভিন্ন চৰীয়তৰ মাজত নছখ (পৰবৰ্তী আদেশৰ দ্বাৰা পূৰ্বৱৰ্তী আদেশক ৰহিত কৰাৰ) প্ৰক্ৰিয়া জাৰি আছিল।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት