Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
هُنَالِكَ دَعَا زَكَرِیَّا رَبَّهٗ ۚ— قَالَ رَبِّ هَبْ لِیْ مِنْ لَّدُنْكَ ذُرِّیَّةً طَیِّبَةً ۚ— اِنَّكَ سَمِیْعُ الدُّعَآءِ ۟
সেই সময়তে যেতিয়া জাকাৰিয়্যা আলাইহিছ ছালামে ইমৰাণৰ কন্যা মাৰইয়ামৰ ওচৰত সাধাৰণ নিয়মৰ বিপৰীতে আল্লাহে প্ৰদান কৰা খাদ্য বস্তু দেখা পালে, তেতিয়া তেওঁৰ অন্তৰত এই আশা জাগিলে যে, তেওঁ বৃদ্ধাৱস্থাত আৰু তেওঁৰ পত্নী বন্ধা হোৱাৰ পিছতো আল্লাহে তেওঁলোকক সন্তান প্ৰদান কৰাত সক্ষম। সেয়ে তেওঁ প্ৰাৰ্থনা কৰিলেঃ হে মোৰ প্ৰতিপালক! মোক এজন পৱিত্ৰ সন্তান দান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শুনা আৰু সেয়া কবুল কৰা।
ዓረብኛ ተፍሲሮች:
فَنَادَتْهُ الْمَلٰٓىِٕكَةُ وَهُوَ قَآىِٕمٌ یُّصَلِّیْ فِی الْمِحْرَابِ ۙ— اَنَّ اللّٰهَ یُبَشِّرُكَ بِیَحْیٰی مُصَدِّقًا بِكَلِمَةٍ مِّنَ اللّٰهِ وَسَیِّدًا وَّحَصُوْرًا وَّنَبِیًّا مِّنَ الصّٰلِحِیْنَ ۟
ফিৰিস্তাসকলে তেওঁক মাতি ক'লে যেতিয়া তেওঁ ইবাদতৰ ঠাইত ছালাত আদায় কৰি আছিলঃ আল্লাহে আপোনাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছে। যাৰ নাম হ'ব ইয়াহয়া। তেওঁৰ বিশেষত্ব হ'ব এইটো যে, তেওঁ আল্লাহৰ কলিমা অৰ্থাৎ মাৰইয়ামৰ পুত্ৰ ঈছাক সমৰ্থন কৰিব। ঈছাক আল্লাহৰ কলিমা এই বাবেই কোৱা হৈছে যে, তেওঁ আল্লাহৰ এটা বিশেষ শব্দৰ জৰিয়তে সৃষ্টি হৈছে। আৰু সেই সন্তানটো জ্ঞান তথা ইবাদতৰ ক্ষেত্ৰত নিজ সম্প্ৰদায়ৰ নেতৃত্ব দিব। নিজকে কুপ্ৰবৃত্তিৰ পৰা বিৰত ৰাখিব, ইয়াৰ মাজত নাৰীৰ নৈকট্যও অন্তৰ্ভুক্ত। তেওঁ নিজকে আল্লাহৰ ইবাদতৰ বাবে সমৰ্পিত কৰিব লগতে তেওঁ হ'ব এজন সত্যবাদী নবী।
ዓረብኛ ተፍሲሮች:
قَالَ رَبِّ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّقَدْ بَلَغَنِیَ الْكِبَرُ وَامْرَاَتِیْ عَاقِرٌ ؕ— قَالَ كَذٰلِكَ اللّٰهُ یَفْعَلُ مَا یَشَآءُ ۟
যেতিয়া ফিৰিস্তাসকলে জাকাৰিয়্যা আলাইহিছ ছালামক সুসংবাদ দিলে তেতিয়া তেওঁ কলেঃ হে মোৰ প্ৰতিপালক! মোৰ ঘৰত পুত্ৰ কেনেকৈ জন্ম লাভ কৰিব, অথচ মই বৃদ্ধাৱস্থাত উপনীত হৈছো আৰু মোৰ পত্নীও বন্ধা, তাইৰ সন্তান নহয়? তেতিয়া আল্লাহে উত্তৰত কলেঃ তোমাৰ বৃদ্ধাৱস্থা আৰু তোমাৰ পত্নী বন্ধা হোৱাৰ পিছতো ইয়াহয়াক সৃষ্টি কৰাটো তেনেকুৱাই যেনেকুৱা সাধাৰণ নিয়মৰ বিপৰীতে আল্লাহৰ আন আন বস্তু সৃষ্টি কৰা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁ নিজৰ হিকমত আৰু জ্ঞানেৰে যিটো ইচ্ছা সেইটোৱেই সৃষ্টি কৰে।
ዓረብኛ ተፍሲሮች:
قَالَ رَبِّ اجْعَلْ لِّیْۤ اٰیَةً ؕ— قَالَ اٰیَتُكَ اَلَّا تُكَلِّمَ النَّاسَ ثَلٰثَةَ اَیَّامٍ اِلَّا رَمْزًا ؕ— وَاذْكُرْ رَّبَّكَ كَثِیْرًا وَّسَبِّحْ بِالْعَشِیِّ وَالْاِبْكَارِ ۟۠
জাকাৰিয়্যাই কলেঃ হে মোৰ প্ৰতিপালক! মোৰ দ্বাৰা মোৰ পত্নী গৰ্ভৱতী হোৱাৰ বিষয়ে এটা সংকেত দিয়া মোক। আল্লাহে কলেঃ তুমি যিটো সংকেত বিচাৰি আছা, সেয়া হৈছে এই যে, তুমি তিনিদিন আৰু তিনি ৰাতি মানুহৰ লগত কথা কব নোৱাৰিবা, কেৱল ইঙ্গিতেৰে কথা কব পাৰিবা। আৰু এই অৱস্থা কোনো বেমাৰৰ কাৰণেও নহব। এতেকে তুমি পূৱা-গধূলি বেছি বেছি আল্লাহৰ তাছবীহ পাঠ কৰা।
ዓረብኛ ተፍሲሮች:
وَاِذْ قَالَتِ الْمَلٰٓىِٕكَةُ یٰمَرْیَمُ اِنَّ اللّٰهَ اصْطَفٰىكِ وَطَهَّرَكِ وَاصْطَفٰىكِ عَلٰی نِسَآءِ الْعٰلَمِیْنَ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে মাৰইয়াম আলাইহিছ ছালামক কৈছিলঃ আল্লাহে তোমাক তোমাৰ উত্কৃষ্ট বৈশিষ্ট্যৰ ফলত নিৰ্বাচন কৰিছে। তোমাক বিভিন্ন ত্ৰুটিৰ পৰা পৱিত্ৰ কৰিছে আৰু তোমাৰ যুগৰ সকলো নাৰীৰ মাজৰ পৰা তোমাক নিৰ্বাচিত কৰিছে।
ዓረብኛ ተፍሲሮች:
یٰمَرْیَمُ اقْنُتِیْ لِرَبِّكِ وَاسْجُدِیْ وَارْكَعِیْ مَعَ الرّٰكِعِیْنَ ۟
হে মাৰইয়াম! ছালাতৰ ক্বিয়াম (থিয় হৈ থকা অৱস্থা) দীৰ্ঘ কৰা, নিজ প্ৰতিপালকক ছাজদাহ কৰা আৰু তেওঁ ৰুকুকাৰী নেক বান্দাসকলৰ লগত ৰুকু কৰা।
ዓረብኛ ተፍሲሮች:
ذٰلِكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهِ اِلَیْكَ ؕ— وَمَا كُنْتَ لَدَیْهِمْ اِذْ یُلْقُوْنَ اَقْلَامَهُمْ اَیُّهُمْ یَكْفُلُ مَرْیَمَ ۪— وَمَا كُنْتَ لَدَیْهِمْ اِذْ یَخْتَصِمُوْنَ ۟
জাকাৰিয়্যা আৰু মাৰইয়াম আলাইহিমাছ ছালাম সম্পৰ্কে উপৰোক্ত বৰ্ণনাসমূহ গায়েবৰ অন্তৰ্ভুক্ত, যিটো আমি -হে ৰাছুল- আপোনাৰ প্ৰতি অহী কৰিছো। আপুনি সেই ধৰ্মগুৰু আৰু নেক মানুহসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে পৰস্পৰে এই কথাত বাদানুবাদ কৰি আছিল যে, মাৰইয়ামৰ লালন-পালনৰ অধিক হকদাৰ কোন? বিবাদ ইমান ডাঙৰ হৈ গল যে, সিহঁত এই বিষয়ে লটাৰী কৰিবলৈ বাধ্য হল, আৰু নিজৰ নিজৰ কলম নিক্ষেপ কৰিলে। ফলত জাকাৰিয়্যা আলাইহিছ ছালামৰ কলমে সফলতা অৰ্জন কৰিলে।
ዓረብኛ ተፍሲሮች:
اِذْ قَالَتِ الْمَلٰٓىِٕكَةُ یٰمَرْیَمُ اِنَّ اللّٰهَ یُبَشِّرُكِ بِكَلِمَةٍ مِّنْهُ ۙۗ— اسْمُهُ الْمَسِیْحُ عِیْسَی ابْنُ مَرْیَمَ وَجِیْهًا فِی الدُّنْیَا وَالْاٰخِرَةِ وَمِنَ الْمُقَرَّبِیْنَ ۟ۙ
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে কৈছিলঃ হে মাৰইয়াম! আল্লাহে তোমালৈ এজন সুসন্তানৰ সংবাদ প্ৰেৰণ কৰিছে, যাৰ জন্ম পিতৃ নোহোৱাকৈ হব। তেওঁৰ জন্ম আল্লাহৰ এটা শব্দ দ্বাৰা হব, আল্লাহে ক'ব “কূন” (হোৱা), ফলত আল্লাহৰ আদেশত পুত্ৰ সন্তান জন্ম লাভ কৰিব। তেওঁৰ নাম হব মছীহ ঈছা ইবনে মৰিয়ম। তেওঁ পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিব লগতে তেওঁ আল্লাহৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলৰ অন্তৰ্ভুক্ত হ'ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عناية الله تعالى بأوليائه، فإنه سبحانه يجنبهم السوء، ويستجيب دعاءهم.
আল্লাহে তেওঁৰ প্ৰিয় বান্দাসকলৰ প্ৰতি মনোযোগ প্ৰদান কৰে, ফলত আল্লাহে তেওঁলোকক অসত্কৰ্মৰ পৰা ৰক্ষা কৰে আৰু তেওঁলোকৰ দুআ কবুল কৰে।

• فَضْل مريم عليها السلام حيث اختارها الله على نساء العالمين، وطهَّرها من النقائص، وجعلها مباركة.
মাৰইয়াম আলাইহিছ ছালামৰ শ্ৰেষ্ঠতা। কিয়নো আল্লাহে তেওঁক পৃথিৱীৰ নাৰীসকলৰ পৰা মনোনীত কৰিছিল। ত্ৰুটিৰ পৰা পৱিত্ৰ কৰিছিল আৰু তেওঁক বৰকতময় বনাইছিল।

• كلما عظمت نعمة الله على العبد عَظُم ما يجب عليه من شكره عليها بالقنوت والركوع والسجود وسائر العبادات.
বান্দাৰ ওপৰত আল্লাহৰ নিয়ামত যিমান ডাঙৰ হয়, সেই অনুপাতে ছালাতত দীৰ্ঘ ক্বিয়াম, ৰুকু, ছাজাদাহ আৰু সকলো ধৰণৰ ইবাদতৰ জৰীয়তে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা সিমানেই জৰুৰী হৈ পৰে।

• مشروعية القُرْعة عند الاختلاف فيما لا بَيِّنة عليه ولا قرينة تشير إليه.
যদি এনেকুৱা কোনো বিষয়ত মতানৈক্য হয় যাৰ কোনো প্ৰমাণ নাই অথবা এই দিশত ইঙ্গিত কৰিবলৈ কোনো সংকেত নাই তেনে অৱস্থাত লটাৰী কৰি মীমাংসা কৰিব পাৰি।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት