Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
وَمَاۤ اَصَابَكُمْ یَوْمَ الْتَقَی الْجَمْعٰنِ فَبِاِذْنِ اللّٰهِ وَلِیَعْلَمَ الْمُؤْمِنِیْنَ ۟ۙ
আৰু উহুদৰ দিনা, যেতিয়া তোমালোকৰ দল আৰু মুশ্বৰিকসকলৰ দল মুখামুখী হৈছিল। সেইদিনা তোমালোকে যি পৰাজয় বৰণ কৰিছিলা আৰু যি আঘাত প্ৰাপ্ত হৈছিলা আৰু শ্বাহাদত বৰণ কৰিছিলা, সেই সকলো আল্লাহৰ অনুমতি আৰু তেওঁৰ ফয়চালা অনুসাৰে আছিল। ইয়াৰ মাজত এটা ডাঙৰ হিকমত এই আছিল যে, ইয়াৰ ফলত সত্যবাদী মুমিনসকল স্পষ্টৰূপে প্ৰকট হৈছিল।
ዓረብኛ ተፍሲሮች:
وَلِیَعْلَمَ الَّذِیْنَ نَافَقُوْا ۖۚ— وَقِیْلَ لَهُمْ تَعَالَوْا قَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ اَوِ ادْفَعُوْا ؕ— قَالُوْا لَوْ نَعْلَمُ قِتَالًا لَّاتَّبَعْنٰكُمْ ؕ— هُمْ لِلْكُفْرِ یَوْمَىِٕذٍ اَقْرَبُ مِنْهُمْ لِلْاِیْمَانِ ۚ— یَقُوْلُوْنَ بِاَفْوَاهِهِمْ مَّا لَیْسَ فِیْ قُلُوْبِهِمْ ؕ— وَاللّٰهُ اَعْلَمُ بِمَا یَكْتُمُوْنَ ۟ۚ
যাতে মুনাফিকসকল চিহ্নিত হয়, যেতিয়া সিহঁতক কোৱা হৈছিল, আল্লাহৰ পথত যুদ্ধ কৰা অথবা মুছলিমসকলৰ সংখ্যাবল বৃদ্ধি কৰি আত্মৰক্ষা কৰা। তেতিয়া সিহঁতে উত্তৰ দিছিলঃ “যদি আমি জানিলোহেঁতেন যে, যুদ্ধ হ'ব তেন্তে আমি নিশ্চয় তোমালোকৰ লগত থাকিলোহেঁতেন, কিন্তু আমি দেখিলোঁ যে, তোমালোকৰ আৰু সিহঁতৰ মাজত যুদ্ধ হোৱাৰ কোনো সম্ভৱনা নাই”। সিহঁত সেই সময়ত ঈমানৰ তুলনাত কুফৰৰ বেছি নিকটৱৰ্তী আছিল। সিহঁতে নিজ মুখেৰে এনেকুৱা কথা কৈছিল, যিটো সিহঁতৰ অন্তৰত নাছিল। নিশ্চয় আল্লাহে অন্তৰৰ গোপন কথাবোৰ জানে, আৰু অনতিপলমে তেওঁ সিহঁতক ইয়াৰ শাস্তিও প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ قَالُوْا لِاِخْوَانِهِمْ وَقَعَدُوْا لَوْ اَطَاعُوْنَا مَا قُتِلُوْا ؕ— قُلْ فَادْرَءُوْا عَنْ اَنْفُسِكُمُ الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
ইহঁত সেইসকল লোক, যিসকলে যুদ্ধৰ পৰা নিজেই পিছুৱাই আছিল কিন্তু নিজৰ সেইসকল আত্মীয় সম্পৰ্কে যিসকলে উহুদত শ্বহীদ হৈছে মন্তব্য কৰি কয়ঃ “যদি ইহঁতে আমাৰ কথা মানিলেহেঁতেন আৰু যুদ্ধত অংশ গ্ৰহণ নকৰিলেহেঁতেন তেন্তে মৃত্যবৰণ নকৰিলেহেঁতেন”। হে নবী আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওঁক! যদি তোমালোকে নিজৰ এই দাবীত সত্যবাদী যে, ইহঁত যদি তোমালোকৰ লগত থাকিলেহেঁতেন তেন্তে মৃত্যুবৰণ নকৰিলেহেঁতেন, তেন্তে তোমালোকে নিজৰ মৃত্যু প্ৰতিৰোধ কৰি দেখুৱাচোন। আৰু প্ৰমাণ কৰি দেখুৱা যে, আল্লাহৰ পথত যুদ্ধ নকৰি ঘৰত বহি থকাটোৱে মৃত্যুৰ পৰা ৰক্ষা পোৱাৰ কাৰণ।
ዓረብኛ ተፍሲሮች:
وَلَا تَحْسَبَنَّ الَّذِیْنَ قُتِلُوْا فِیْ سَبِیْلِ اللّٰهِ اَمْوَاتًا ؕ— بَلْ اَحْیَآءٌ عِنْدَ رَبِّهِمْ یُرْزَقُوْنَ ۟ۙ
হে নবী! আপুনি এইটো নাভাবিব যে, আল্লাহৰ পথত যিসকলে শ্বহীদ হৈছে তেওঁলোক মৃত্যুবৰণ কৰিছে, বৰং তেওঁলোক জীৱিত। সন্মানিত ঘৰত আল্লাহৰ ওচৰত তেওঁলোক বিশেষ জীৱন প্ৰাপ্ত। তেওঁলোকে বিভিন্ন প্ৰকাৰৰ এনেকুৱা জীৱিকা পায়, যি বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে।
ዓረብኛ ተፍሲሮች:
فَرِحِیْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ۙ— وَیَسْتَبْشِرُوْنَ بِالَّذِیْنَ لَمْ یَلْحَقُوْا بِهِمْ مِّنْ خَلْفِهِمْ ۙ— اَلَّا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۘ
তেওঁলোকৰ ওপৰত সূখৰ ছাঁ আৰু আনন্দৰ পৰিবেষ্টন আছে। কিয়নো আল্লাহে তেওঁলোকক অনুগ্ৰহ প্ৰদান কৰিছে। তেওঁলোকে এই আশা আৰু প্ৰতীক্ষা আছে যে, তেওঁলোকৰ আন আন ভাতৃসকল, যিসকল পৃথিৱীত আছে তেওঁলোকৰ লগত মিলিত হব। এইসকল লোকেও যদি তেওঁলোকৰ দৰে আল্লাহৰ পথত শ্বহীদ হয় তেন্তে এওঁলোকেও তেওঁলোকৰ দৰেই আল্লাহৰ অনুগ্ৰহপ্ৰাপ্ত হব। আখিৰাতৰ বিষয় সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীৰ প্ৰতিও কোনো চিন্তা নাথাকিব।
ዓረብኛ ተፍሲሮች:
یَسْتَبْشِرُوْنَ بِنِعْمَةٍ مِّنَ اللّٰهِ وَفَضْلٍ ۙ— وَّاَنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُؤْمِنِیْنَ ۟
ইয়াৰ লগতে আল্লাহৰ তৰফৰ পৰা পোৱা ডাঙৰ প্ৰতিদান তথা ইয়াৰ বাহিৰে আৰু বহুত ডাঙৰ ডাঙৰ প্ৰতিদান পাই তেওঁলোক সন্তুষ্ট। তেওঁলোকৰ আনন্দৰ এটা কাৰণ এইটোও যে, আল্লাহে ঈমান্দাৰসকলৰ প্ৰতিফল বিনষ্ট নকৰে। বৰং তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান আনকি তাতকৈও অধিক প্ৰতিদান প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ اسْتَجَابُوْا لِلّٰهِ وَالرَّسُوْلِ مِنْ بَعْدِ مَاۤ اَصَابَهُمُ الْقَرْحُ ۛؕ— لِلَّذِیْنَ اَحْسَنُوْا مِنْهُمْ وَاتَّقَوْا اَجْرٌ عَظِیْمٌ ۟ۚ
উহুদৰ যুদ্ধত মুছলিমসকল আঘাতপ্ৰাপ্ত হোৱাৰ পিছত, যেতিয়া তেওঁলোকক হামৰাউল আছাদৰ যুদ্ধত মুশ্বৰিকসকলৰ লগত মুকাবালা কৰিবলৈ আৰু আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আহ্বান কৰা হল, সেই সময়ত যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বান স্বীকাৰ কৰিছিল আৰু তেওঁলোকৰ আঘাতে তেওঁলোকক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ মানিবলৈ বাধা দিয়া নাছিল। তেওঁলোকৰ মাজৰ যিসকলে সত্কৰ্ম কৰিছে তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ قَالَ لَهُمُ النَّاسُ اِنَّ النَّاسَ قَدْ جَمَعُوْا لَكُمْ فَاخْشَوْهُمْ فَزَادَهُمْ اِیْمَانًا ۖۗ— وَّقَالُوْا حَسْبُنَا اللّٰهُ وَنِعْمَ الْوَكِیْلُ ۟
এওঁলোককেই কিছুমান মুশ্বৰিকে কৈছিলঃ কুৰাইছসকলে আবু ছুফিয়ানৰ নেতৃত্বত তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আৰু তোমালোকক নিঃশেষ কৰিবলৈ এটা বৃহত সৈন্যবাহিনী প্ৰস্তুত কৰিছে। গতিকে সিহঁতক ভয় কৰা আৰু সিহঁতৰ মুখামুখী হবলৈ বিৰত থাকা। কিন্তু সিহঁতৰ এই কথা আৰু ভয় দেখুৱাৰ ফলত আল্লাহৰ প্ৰতি তেওঁলোকৰ ভৰসা আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস আৰু অধিক বৃদ্ধি পালে। তেওঁলোকে এই কথা কৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ ওলাই পৰিল যে, আমাৰ বাবে আল্লাহেই যথেষ্ট। তেওঁ অতি উত্কৃষ্ট যাক আমি আমাৰ সকলো বিষয় অৰ্পন কৰো।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من سنن الله تعالى أن يبتلي عباده؛ ليتميز المؤمن الحق من المنافق، وليعلم الصادق من الكاذب.
আল্লাহৰ সাধাৰণ নিয়ম এই যে, তেওঁ বান্দাসকলক পৰীক্ষা কৰে, যাতে সত্যবাদী মুমিনসকল, মুনাফিকৰ পৰা পৃথক হয়। লগতে যাতে সত্যবাদী আৰু মিছলীয়া চিহ্নিত হয়।

• عظم منزلة الجهاد والشهادة في سبيل الله وثواب أهله عند الله تعالى حيث ينزلهم الله تعالى بأعلى المنازل.
আল্লাহৰ পথত যুদ্ধ কৰা তথা শ্বহীদ হোৱাৰ উচ্চ মৰ্যদা, লগতে আল্লাহৰ ওচৰত শ্বহীদসকলৰ মৰ্যদা এই যে, আল্লাহে তেওঁলোকক উচ্চতকৈ উচ্চ স্থান প্ৰদান কৰিব।

• فضل الصحابة وبيان علو منزلتهم في الدنيا والآخرة؛ لما بذلوه من أنفسهم وأموالهم في سبيل الله تعالى.
ছাহাবাসকলৰ শ্ৰেষ্ঠতা, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ উচ্চ মৰ্যদাৰ বৰ্ণনা। কিয়নো তেওঁলোকে আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু সা-সম্পত্তি সকলো ব্যয় কৰিছিল।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት