Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
یٰۤاَهْلَ الْكِتٰبِ لِمَ تَلْبِسُوْنَ الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوْنَ الْحَقَّ وَاَنْتُمْ تَعْلَمُوْنَ ۟۠
হে আহলে কিতাব! তোমালোকৰ পুথিত যি সত্য অৱতীৰ্ণ কৰা হৈছে, তাৰ লগত তোমালোকৰ অসত্য কথাবোৰ কিয় মিশ্ৰিত কৰা। আৰু তোমালোকে নিজৰ পুথিত থকা সত্যক কিয় গোপন কৰা, য’ত ভিতৰত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সত্য নবী স্বীকৃতি দিয়া হৈছে। অথচ তোমালোকে জানা কোনটো সত্য আৰু কোনটো অসত্য তথা কোনটো হিদায়ত আৰু কোনটো ভ্ৰষ্টতা?
ዓረብኛ ተፍሲሮች:
وَقَالَتْ طَّآىِٕفَةٌ مِّنْ اَهْلِ الْكِتٰبِ اٰمِنُوْا بِالَّذِیْۤ اُنْزِلَ عَلَی الَّذِیْنَ اٰمَنُوْا وَجْهَ النَّهَارِ وَاكْفُرُوْۤا اٰخِرَهٗ لَعَلَّهُمْ یَرْجِعُوْنَ ۟ۚۖ
ইয়াহূদী ধৰ্মগুৰুসকলৰ এটা দলে কয়ঃ মুছলিমসকলৰ ওপৰত যি কোৰআন অৱতীৰ্ণ হৈছে তাৰ প্ৰতি পূৱাই ঈমান পোষণ কৰা আৰু সন্ধীয়াপৰত অস্বীকাৰ কৰা। যাতে সিহঁতে তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত আকৌ কুফৰীলৈ উভতি অহাৰ কাৰণে নিজৰ ধৰ্মত সন্দেহ পোষণ কৰে। আৰু অৱশেষত এই কথা কৈ যাতে ইছলাম পৰিত্যাগ কৰে যে, সিহঁতে আমাতকৈ আল্লাহৰ পুথি সম্পৰ্কে অধিক জ্ঞানী তথাপিও সিহঁতে এই দ্বীন পৰিত্যাগ কৰিছে।
ዓረብኛ ተፍሲሮች:
وَلَا تُؤْمِنُوْۤا اِلَّا لِمَنْ تَبِعَ دِیْنَكُمْ ؕ— قُلْ اِنَّ الْهُدٰی هُدَی اللّٰهِ ۙ— اَنْ یُّؤْتٰۤی اَحَدٌ مِّثْلَ مَاۤ اُوْتِیْتُمْ اَوْ یُحَآجُّوْكُمْ عِنْدَ رَبِّكُمْ ؕ— قُلْ اِنَّ الْفَضْلَ بِیَدِ اللّٰهِ ۚ— یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟ۚۙ
সিহঁতে এই কথাও কয়ঃ তোমালোকে কেৱল তাৰেই কথা বিশ্বাস কৰিবা আৰু অনুসৰণ কৰিবা যিজন তোমালোকৰ ধৰ্মৰ অনুসাৰী। হে ৰাছুল! কৈ দিয়ক, সত্যৰ পথ একমাত্ৰ আল্লাহৰ পথ। সত্যৰ পথ, মিছা আৰু অবাধ্যতাৰ পথ নহয় যিটোৰ ওপৰত তোমালোকে আছা। তোমালোকৰ ভয় কেৱল এইটো যে, আন কোনোবাই সেইদৰে অনুগ্ৰহপ্ৰাপ্ত নহওক যিদৰে তোমালোকে প্ৰাপ্ত হৈছা। অথবা তোমালোকৰ ভয় এইটো যে, যদি তোমালোকে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ সত্যতা স্বীকাৰ কৰা তেন্তে সিহঁতে তোমালোকৰ বিৰুদ্ধে আল্লাহৰ সন্মুখত প্ৰমাণ দাঙি ধৰিব। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় অনুগ্ৰহ কেৱল আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। তেওঁৰ দয়া কোনো সম্প্ৰদায় বিশেষ পৰ্যন্ত সীমিত নহয়। নিশ্চয় আল্লাহ অসীম অনুগ্ৰহকাৰী, তেওঁ ভালকৈ জানে কোনে তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ।
ዓረብኛ ተፍሲሮች:
یَّخْتَصُّ بِرَحْمَتِهٖ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟
তেওঁ নিজ সৃষ্টিৰ মাজত যাক ইচ্ছা কৰে ৰহমতৰ বাবে নিৰ্দিষ্ট কৰি লয়। লগতে তাক হিদায়ত, নবুওৱত আৰু বহুতো প্ৰকাৰৰ উপহাৰৰ দ্বাৰা সন্মানিত কৰে। নিশ্চয় আল্লাহ মহা দানশীল আৰু তেওঁৰ দানশীলতাৰ কোনো সীমা নাই।
ዓረብኛ ተፍሲሮች:
وَمِنْ اَهْلِ الْكِتٰبِ مَنْ اِنْ تَاْمَنْهُ بِقِنْطَارٍ یُّؤَدِّهٖۤ اِلَیْكَ ۚ— وَمِنْهُمْ مَّنْ اِنْ تَاْمَنْهُ بِدِیْنَارٍ لَّا یُؤَدِّهٖۤ اِلَیْكَ اِلَّا مَا دُمْتَ عَلَیْهِ قَآىِٕمًا ؕ— ذٰلِكَ بِاَنَّهُمْ قَالُوْا لَیْسَ عَلَیْنَا فِی الْاُمِّیّٖنَ سَبِیْلٌ ۚ— وَیَقُوْلُوْنَ عَلَی اللّٰهِ الْكَذِبَ وَهُمْ یَعْلَمُوْنَ ۟
আহলে কিতাবসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তুমি তাৰ ওচৰত প্ৰচুৰ পৰিমাণে ধন-সম্পত্তিও আমানত হিচাপে ৰাখা, সি তোমাক সেই ধন ঘূৰাই দিব। লগতে সিহঁতৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তাৰ ওচৰত অলপমান ধন আমানত হিচাপে ৰাখা, তথাপিও সি তোমাক ঘূৰাই নিদিব। কিন্তু যদি তুমি তাক বাধ্য কৰোৱা বা সদায় বিচাৰি থাকা তেতিয়াহে সি আদায় কৰিব। এইটো সিহঁতৰ এই কথা আৰু এই কুঃধাৰণাৰ কাৰণে যে, আৰবীয়ানসকলৰ সম্পদ আত্মসাৎ কৰিলে আমাৰ কোনো গুনাহ নহ'ব, কিয়নো আল্লাহে আমাৰ বাবে এইটো বৈধ কৰিছে। সিহঁতে এইটো মিছা কথা কয়, অথচ সিহঁতে জানে যে, সিহঁতে আল্লাহৰ প্ৰতি এয়া মিছা আৰোপ কৰি আছে।
ዓረብኛ ተፍሲሮች:
بَلٰی مَنْ اَوْفٰی بِعَهْدِهٖ وَاتَّقٰی فَاِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে দাবী কৰে, বৰং সিহঁতৰ গুনাহ হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতিশ্ৰুতি পালন কৰি আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে, তথা মানুহৰ প্ৰতিশ্ৰুতি পূৰণ কৰি সিহঁতৰ আমানত আদায় কৰে, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহে মুত্তাক্বীসকলক ভালপায়। আৰু তেওঁ তেওঁলোকক ইয়াৰ উত্তম প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ یَشْتَرُوْنَ بِعَهْدِ اللّٰهِ وَاَیْمَانِهِمْ ثَمَنًا قَلِیْلًا اُولٰٓىِٕكَ لَا خَلَاقَ لَهُمْ فِی الْاٰخِرَةِ وَلَا یُكَلِّمُهُمُ اللّٰهُ وَلَا یَنْظُرُ اِلَیْهِمْ یَوْمَ الْقِیٰمَةِ وَلَا یُزَكِّیْهِمْ ۪— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা পুথিৰ আদেশ-নিৰ্দেশ আৰু ৰাছুলৰ বাণীক বিকৃত কৰে আৰু আল্লাহৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ শপত ভঙ্গ কৰে আৰু ইয়াৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ সামান্য মূল্য গ্ৰহণ কৰে, আখিৰাতত সিহঁতে ছোৱাবৰ কোনো অংশ নাপাব। আল্লাহে সিহঁতৰ লগত সুখদায়ক কোনো কথাই নক'ব আৰু ক্বিয়ামতৰ দিনা সিহঁতলৈ আল্লাহে ৰহমতৰ দৃষ্টিৰেও নাচাব, সিহঁতক কুফৰ আৰু গুনাহৰ ময়লা-আৱৰ্জনাৰ পৰা পৱিত্ৰও নকৰিব, বৰং সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من علماء أهل الكتاب من يخدع أتباع ملتهم، ولا يبين لهم الحق الذي دلت عليه كتبهم، وجاءت به رسلهم.
আহলে কিতাবৰ কিছুমান ধৰ্মগুৰুৱে সিহঁতৰ অনুসাৰীসকলক প্ৰবঞ্চনা কৰে। সিহঁতৰ পুথিত থকা সত্য আৰু সিহঁতৰ ৰাছুলে লৈ অহা সত্যক প্ৰকাশ নকৰে।

• من وسائل الكفار الدخول في الدين والتشكيك فيه من الداخل.
কাফিৰসকলে ইছলামক ক্ষতি কৰাৰ এটা পদ্ধতি হল, ইছলামত প্ৰৱেশ কৰি ভিতৰৰ পৰা সন্দেহ সৃষ্টি কৰা।

• الله تعالى هو الوهاب المتفضل، يعطي من يشاء بفضله، ويمنع من يشاء بعدله وحكمته، ولا ينال فضله إلا بطاعته.
আল্লাহেই দাতা আৰু তেওঁ মহাদানশীল। তেওঁ নিজ কৃপাৰে যাক ইচ্ছা কৰে প্ৰদান কৰে আৰু ন্যায় আৰু হিকমতৰ জৰীয়তে যাক ইচ্ছা কৰে বঞ্চিত কৰে। এতেকে তেওঁৰ অনুগ্ৰহ তেওঁৰ আনুগত্য নকৰাকৈ পোৱা টান।

• كل عِوَضٍ في الدنيا عن الإيمان بالله والوفاء بعهده - وإن كان عظيمًا - فهو قليل حقير أمام ثواب الآخرة ومنازلها.
আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিনিময়ত পৃথিৱীৰ যিকোনো মূল্য প্ৰাপ্ত হওঁক সেয়া যিমানেই ডাঙৰ নহওঁক কিয়, আখিৰাতৰ প্ৰতিদান আৰু মৰ্যদাৰ তুলনাত একো নহয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት