Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን   አንቀፅ:
لَقَدْ سَمِعَ اللّٰهُ قَوْلَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ فَقِیْرٌ وَّنَحْنُ اَغْنِیَآءُ ۘ— سَنَكْتُبُ مَا قَالُوْا وَقَتْلَهُمُ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ ۙۚ— وَّنَقُوْلُ ذُوْقُوْا عَذَابَ الْحَرِیْقِ ۟
আল্লাহে ইয়াহুদীসকলৰ এই ককৰ্থন শুনিছে, সিহঁতে কৈছেঃ নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত, কিয়নো তেওঁ আমাৰ পৰা ঋণ বিচাৰে। আৰু আমি ঐশৰ্যশীল, কিয়নো আমাৰ ওচৰত ধন আছে। অৱশ্যে আমি লিখি ৰাখিম নিজ প্ৰতিপালকৰ প্ৰতি আৰোপ কৰা সিহঁতৰ এই অপবাদ, লগতে অন্যায় ভাৱে ৰাছুলসকলক হত্যা কৰা অপৰাধো লিপিবদ্ধ কৰিম। আৰু আমি সিহঁতক কমঃ অগ্নিদগ্ধ হৈ জাহান্নামৰ শাস্তি ভোগ কৰা।
ዓረብኛ ተፍሲሮች:
ذٰلِكَ بِمَا قَدَّمَتْ اَیْدِیْكُمْ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟ۚ
হে ইয়াহুদীসকল! এই শাস্তি তোমালোকৰ নিজৰ গুনাহ আৰু কুকৰ্মৰ কাৰণেহে। জানি থোৱা! আল্লাহে নিজ বান্দাসকলৰ মাজৰ কাৰো ওপৰত অত্যাচাৰ নকৰে।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ عَهِدَ اِلَیْنَاۤ اَلَّا نُؤْمِنَ لِرَسُوْلٍ حَتّٰی یَاْتِیَنَا بِقُرْبَانٍ تَاْكُلُهُ النَّارُ ؕ— قُلْ قَدْ جَآءَكُمْ رُسُلٌ مِّنْ قَبْلِیْ بِالْبَیِّنٰتِ وَبِالَّذِیْ قُلْتُمْ فَلِمَ قَتَلْتُمُوْهُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
ইহঁতেই মিছা আৰোপ লগাই কৈছিলঃ “আল্লাহে আমাক তেওঁৰ পুথি আৰু নবীৰ জৰিয়তে উপদেশ দিছে যে, আমি যেন কোনো ৰাছুলৰ প্ৰতি তেতিয়া লৈকে ঈমান পোষণ নকৰো, যেতিয়া লৈকে তেওঁ নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ কোনো অলৌকিকতা নানিব। আৰু ইয়াৰ পদ্ধতি হব এই ধৰণৰ যে, তেওঁ আল্লাহৰ নৈকট্য লাভৰ বাবে দান কৰিব, আৰু সেই দানকৃত বস্তুটোক আকাশৰ পৰা জুই আহি জ্বলাই দিব”। দৰাচলতে সিহঁতে আল্লাহৰ প্ৰতি অচিয়তৰ সম্পৰ্ক আৰু ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰাৰ বিষয়ত মিছা পন্থা অৱলম্বন কৰিছে। সেই কাৰণে আল্লাহ তাআলাই নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আদেশ দিছে যে, আপুনি সিহঁতক কওকঃ মোৰ পূৰ্বে অহা ৰাছুলসকলে তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ লৈ আহিছিল। লগতে তেওঁলোকে আকাশৰ জুয়ে জ্বলোৱা সেই কুৰাবানীও আনিছিল যিটোৰ বিৱৰণ তোমালোকে দিছা। এতেকে যদি তোমালোক নিজৰ কথাত সত্যবাদী তেন্তে তোমালোকে তেওঁলোকক অস্বীকাৰ কিয় কৰিছিলা আৰু তেওঁলোকক হত্যা কিয় কৰিছিলা।
ዓረብኛ ተፍሲሮች:
فَاِنْ كَذَّبُوْكَ فَقَدْ كُذِّبَ رُسُلٌ مِّنْ قَبْلِكَ جَآءُوْ بِالْبَیِّنٰتِ وَالزُّبُرِ وَالْكِتٰبِ الْمُنِیْرِ ۟
হে নবী! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰিছে তেন্তে আপুনি চিন্তিত নহব। কাফিৰসকলৰ চৰিত্ৰই এইটো। আপোনাৰ পূৰ্বেও বহুত ৰাছুলক অস্বীকাৰ কৰা হৈছে। তেওঁলোকে স্পষ্ট প্ৰমাণ, উপদেশমূলক পুথি লগতে আহকাম আৰু চৰীয়তৰ পিনে পথপ্ৰদৰ্শনকাৰী পুথি লৈ আহিছিল।
ዓረብኛ ተፍሲሮች:
كُلُّ نَفْسٍ ذَآىِٕقَةُ الْمَوْتِ ؕ— وَاِنَّمَا تُوَفَّوْنَ اُجُوْرَكُمْ یَوْمَ الْقِیٰمَةِ ؕ— فَمَنْ زُحْزِحَ عَنِ النَّارِ وَاُدْخِلَ الْجَنَّةَ فَقَدْ فَازَ ؕ— وَمَا الْحَیٰوةُ الدُّنْیَاۤ اِلَّا مَتَاعُ الْغُرُوْرِ ۟
প্ৰত্যেক প্ৰাণীয়েই, সি যিয়েই নহওঁক কিয়, মৃত্যুৰ সোৱাদ লবই লাগিব। এতেকে কোনো সৃষ্টিয়ে এই পৃথিৱীৰ মোহত পৰিব নালাগে। আৰু কিয়ামতৰ দিনা তোমালোকক নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া বিনা কোনো হ্ৰাস নকৰাকৈ। ইয়াৰ পিছত যাক আল্লাহে জাহান্নামৰ পৰা দূৰৈত ৰাখিব আৰু জান্নাতত প্ৰৱেশ কৰাব, তেন্তে জানি থোৱা, সি কল্যাণৰ যি আশা পোষণ কৰিছিল, সেয়া সি পাই গল আৰু যি অকল্যাণৰ পৰা সি ভয় কৰিছিল তাৰ পৰা সি মুক্তি পালে। পাৰ্থিৱ জীৱন হৈছে ধ্বংসশীল এটা সামগ্ৰী। ইয়াৰ লগত কেৱল ব্যৰ্থ ব্যক্তিয়েহে মনোনিবেশ কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
لَتُبْلَوُنَّ فِیْۤ اَمْوَالِكُمْ وَاَنْفُسِكُمْ ۫— وَلَتَسْمَعُنَّ مِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ وَمِنَ الَّذِیْنَ اَشْرَكُوْۤا اَذًی كَثِیْرًا ؕ— وَاِنْ تَصْبِرُوْا وَتَتَّقُوْا فَاِنَّ ذٰلِكَ مِنْ عَزْمِ الْاُمُوْرِ ۟
হে মুমিনসকল! তোমালোকৰ ধন-সম্পত্তিৰ বিষয়ে আৱশ্যকীয় অধিকাৰ আদায়ৰ ক্ষেত্ৰত তথা বিপদ-আপদৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰা হব। লগতে তোমালোকক আৰু পৰীক্ষা কৰা হব চৰীয়তৰ আদেশ পালন তথা বিভিন্ন প্ৰকাৰৰ মুচিবতৰ দ্বাৰা। লগতে তোমালোকে ইয়াহুদী, খ্ৰিষ্টান আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা তোমালোকৰ বিষয়ে তথা তোমালোকৰ দ্বীনৰ বিষয়ে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। এইবোৰ বিপদ-আপদ আৰু কষ্টত যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰত থাকি তেওঁক ভয় কৰা তেন্তে এইটো এটা এনেকুৱা কাম যাৰ বাবে প্ৰয়োজন হয় মজবুত সংকল্পৰ। এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من سوء فعال اليهود وقبيح أخلاقهم اعتداؤهم على أنبياء الله بالتكذيب والقتل.
ইয়াহুদীসকলৰ কুকৰ্ম আৰু সিহঁতৰ নিকৃষ্টতাৰ এটা উদাহৰণ এই যে, সিহঁতে আল্লাহৰ নবীসকলক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকক হত্যাও কৰিছিল।

• كل فوز في الدنيا فهو ناقص، وإنما الفوز التام في الآخرة، بالنجاة من النار ودخول الجنة.
পৃথিৱীৰ সকলো সফলতা অসম্পূৰ্ণ, আনহাতে আখিৰাতৰ সফলতাই হৈছে পৰিপূৰ্ণ সফলতা। আৰু সেয়া হৈছে জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ।

• من أنواع الابتلاء الأذى الذي ينال المؤمنين في دينهم وأنفسهم من قِبَل أهل الكتاب والمشركين، والواجب حينئذ الصبر وتقوى الله تعالى.
সেই কষ্টও এক প্ৰকাৰৰ পৰীক্ষা, যিটো মুমিনসকলে আহলে কিতাব আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা পাই থাকে। এনেকুৱা পৰিস্থিত ধৈৰ্য ধাৰণ কৰা উচিত আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት