Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል   አንቀፅ:
وَاللّٰهُ اَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَحْیَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّسْمَعُوْنَ ۟۠
আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, সেই পানীৰ জৰিয়তে তেওঁ শুকান ভূমিক সুগম কৰি তাৰ পৰা উদ্ভিদ উৎপন্ন কৰে। নিশ্চয় আকাশৰ পৰা পানী বৰ্ষণত আৰু ভূমিৰ পৰা উদ্ভিদ উৎপন্ন কৰাৰ মাজত সেইসকল লোকৰ বাবে স্পষ্ট প্ৰমাণ আছে, যিসকলে আল্লাহৰ বাণী মনোযোগ সহকাৰে শ্ৰৱণ কৰে আৰু এইবোৰকলৈ গৱেষণা কৰে।
ዓረብኛ ተፍሲሮች:
وَاِنَّ لَكُمْ فِی الْاَنْعَامِ لَعِبْرَةً ؕ— نُسْقِیْكُمْ مِّمَّا فِیْ بُطُوْنِهٖ مِنْ بَیْنِ فَرْثٍ وَّدَمٍ لَّبَنًا خَالِصًا سَآىِٕغًا لِّلشّٰرِبِیْنَ ۟
হে মানৱজাতি! তোমালোকৰ বাবে উট, গৰু আৰু ছাগলীৰ মাজতো আছে পাঠ, যিটো তোমালোকে গ্ৰহণ কৰিব পাৰা। আমি তোমালোকক এইবোৰ জন্তুৰ ওহাৰৰ পৰা গাখীৰ প্ৰদান কৰো। যিবোৰ পেটৰ মাজত থকা গোবৰ আৰু শৰীৰৰ মাজত থকা তেজৰ মাজৰ পৰা ওলাই আহে। তথাপিও এই গাখীৰ নিৰ্ভেজাল তথা বিশুদ্ধ, আৰু পানকাৰী সকলৰ বাবে কিমান সুস্বাদু!
ዓረብኛ ተፍሲሮች:
وَمِنْ ثَمَرٰتِ النَّخِیْلِ وَالْاَعْنَابِ تَتَّخِذُوْنَ مِنْهُ سَكَرًا وَّرِزْقًا حَسَنًا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّعْقِلُوْنَ ۟
আৰু তোমালোকৰ বাবে আমি প্ৰদান কৰা খেজুৰ আৰু আঙুৰ আদি ফলৰ মাজতো আছে শিক্ষা। সেইবোৰৰ দ্বাৰা তোমালোকে মাদক দ্ৰৱ্য বনোৱা, যি দ্ৰৱ্যই তোমালোকৰ বিবেক-বুদ্ধি কাঢ়ি নিয়ে। এইটো ভাল বস্তু নহয়। আনহাতে তোমালোকে এইবোৰ ফলৰ দ্বাৰা ভাল বস্তুও তৈয়াৰ কৰা, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা, যেনেঃ শুকান খেজুৰ, কিচমিচ, ছিৰ্কা আৰু জুচ আদি। এইবোৰ বস্তুত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা আৰু অনুগ্ৰহৰ প্ৰমাণ আছে, যিসকলে বিবেক-বুদ্ধিৰ দ্বাৰা কাম লয়। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
وَاَوْحٰی رَبُّكَ اِلَی النَّحْلِ اَنِ اتَّخِذِیْ مِنَ الْجِبَالِ بُیُوْتًا وَّمِنَ الشَّجَرِ وَمِمَّا یَعْرِشُوْنَ ۟ۙ
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে মৌ-মাখিক শিকাইছে আৰু পথপ্ৰদৰ্শন কৰাই কৈছে যে, তোমালোকে পৰ্বতত ঘৰ বনোৱা, গছ-বৃক্ষত ঘৰ বনোৱা, লগতে মানুহৰ ঘৰ আৰু চাদতো বনোৱা।
ዓረብኛ ተፍሲሮች:
ثُمَّ كُلِیْ مِنْ كُلِّ الثَّمَرٰتِ فَاسْلُكِیْ سُبُلَ رَبِّكِ ذُلُلًا ؕ— یَخْرُجُ مِنْ بُطُوْنِهَا شَرَابٌ مُّخْتَلِفٌ اَلْوَانُهٗ فِیْهِ شِفَآءٌ لِّلنَّاسِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟
তাৰ পিছত যিটো ইচ্ছা সেই ফল ভক্ষণ কৰা, আৰু তোমাৰ প্ৰতিপালকে দেখুৱাই দিয়া সৰল পথত পৰিচালিত হোৱা। সেইবোৰ মৌ-মাখিৰ পেটৰ পৰা বিভিন্ন ৰঙৰ মৌ ওলায়। কিছুমান শুভ্ৰ, আৰু কিছুমান হালধীয়া আৰু কিছুমান অন্যান্য ৰঙৰ। তাত আছে মানুহৰ বাবে শ্বিফা (আৰোগ্য)। ইয়াৰ দ্বাৰা বেমাৰৰ চিকিৎসা কৰা হয়। মৌ মাখিৰ প্ৰশিক্ষণৰ মাজত আৰু সিহঁতৰ পেটৰ পৰা ওলোৱা মৌৰ মাজত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ আৰু তেওঁৰ উত্তম ব্যৱস্থাপনাৰ প্ৰমাণ আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
وَاللّٰهُ خَلَقَكُمْ ثُمَّ یَتَوَفّٰىكُمْ وَمِنْكُمْ مَّنْ یُّرَدُّ اِلٰۤی اَرْذَلِ الْعُمُرِ لِكَیْ لَا یَعْلَمَ بَعْدَ عِلْمٍ شَیْـًٔا ؕ— اِنَّ اللّٰهَ عَلِیْمٌ قَدِیْرٌ ۟۠
আল্লাহে তোমালোকক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তোমালোকৰ আয়ু সমাপ্ত হ'লে তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। আনহাতে তোমালোকৰ কিছুমানৰ বয়স বৃদ্ধি কৰি বেয়া অৱস্থাত উপনীত কৰায় অৰ্থাৎ বৃদ্ধাৱস্থাত, যাতে সি প্ৰথমে যি জানিছিল সেয়া জানিব নোৱাৰে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَاللّٰهُ فَضَّلَ بَعْضَكُمْ عَلٰی بَعْضٍ فِی الرِّزْقِ ۚ— فَمَا الَّذِیْنَ فُضِّلُوْا بِرَآدِّیْ رِزْقِهِمْ عَلٰی مَا مَلَكَتْ اَیْمَانُهُمْ فَهُمْ فِیْهِ سَوَآءٌ ؕ— اَفَبِنِعْمَةِ اللّٰهِ یَجْحَدُوْنَ ۟
আল্লাহে জীৱিকাৰ ক্ষেত্ৰত তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত প্ৰাধান্য দিছে। তোমালোকৰ কিছুমানক ধনী বনাইছে, আকৌ আন কিছুমানক দুখীয়া। কিছুমানক ৰজা বনাইছে, আকৌ আন কিছুমানক বনাইছে প্ৰজা। এতেকে আল্লাহে যাক ধন-সম্পত্তিত প্ৰাধান্য দিছে, সি কেতিয়াও নিজৰ ধন-সম্পত্তি নিজৰ দাসক অৰ্পন নকৰিব, কাৰণ ধন-সম্পত্তিৰ ক্ষেত্ৰত সিও যাতে তাৰ সমপৰ্যায় নাপায়গৈ। তেন্তে সিহঁতে কেনেকৈ আল্লাহৰ লগত অংশী স্থাপন কৰে, অথচ সিহঁতে নিজৰ ক্ষেত্ৰত এইটো অপছন্দ কৰে যে, তাৰ দাস যাতে তাৰ সমপৰ্যায় নাপায়। এইটো কেনেকুৱা অন্যায়? আল্লাহৰ নিয়ামত অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইয়াতকৈ ডাঙৰ পাপ আৰু কি হ’ব পাৰে?
ዓረብኛ ተፍሲሮች:
وَاللّٰهُ جَعَلَ لَكُمْ مِّنْ اَنْفُسِكُمْ اَزْوَاجًا وَّجَعَلَ لَكُمْ مِّنْ اَزْوَاجِكُمْ بَنِیْنَ وَحَفَدَةً وَّرَزَقَكُمْ مِّنَ الطَّیِّبٰتِ ؕ— اَفَبِالْبَاطِلِ یُؤْمِنُوْنَ وَبِنِعْمَتِ اللّٰهِ هُمْ یَكْفُرُوْنَ ۟ۙ
হে মানৱজাতি! আল্লাহে তোমালোকৰ মাজৰ পৰাই তোমালোকৰ বাবে স্ত্ৰী বনাইছে, যিসকলৰ পৰা তোমালোকে প্ৰশান্তি লাভ কৰা। তোমালোকৰ স্ত্ৰীসকলৰ পৰা তোমালোকৰ বাবে সন্তান আৰু নাতি-নাতিনী বনাইছে। লগতে তোমালোকক প্ৰদান কৰিছে খাদ্য বস্তু, যেনেঃ মাংস, শস্য আৰু ফল-মূল। তথাপিও সিহঁতে অসত্য বস্তু যেনেঃ মূৰ্তি আৰু অসত্য উপাস্যবোৰৰ প্ৰতি বিশ্বাস স্থাপন কৰিবনে, আৰু সিহঁতে আল্লাহৰ সেই অসংখ্য নিয়ামতবোৰ অস্বীকাৰ কৰিব নেকি, যিবোৰ সিহঁতে গণনা কৰিও শেষ কৰিব নোৱাৰে, সিহঁতে এক আল্লাহৰ বিশ্বাস পোষণ কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে কিয়?
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• جعل تعالى لعباده من ثمرات النخيل والأعناب منافع للعباد، ومصالح من أنواع الرزق الحسن الذي يأكله العباد طريًّا ونضيجًا وحاضرًا ومُدَّخَرًا وطعامًا وشرابًا.
খেজুৰ আৰু আঙুৰ আদি ফলৰ মাজত আল্লাহে বান্দাৰ বাবে বহুতো উপকাৰ নিহিত কৰি ৰাখিছে। দুয়োটাই উত্তম খাদ্য দ্ৰৱ্য, কেচা পকা উভয় অৱস্থাতেই মানুহে ইয়াক ভক্ষণ কৰে। সময়তো খায়, জমাও কৰিও থয়। লগতে অতিৰিক্ত খাদ্য বস্তু তৈয়াৰ কৰে আৰু পানীয় প্ৰস্তুত কৰে।

• في خلق النحلة الصغيرة وما يخرج من بطونها من عسل لذيذ مختلف الألوان بحسب اختلاف أرضها ومراعيها، دليل على كمال عناية الله تعالى، وتمام لطفه بعباده، وأنه الذي لا ينبغي أن يوحَّد غيره ويُدْعى سواه.
সৰু সৰু মৌ-মাখিৰ সৃষ্টি আৰু সেইবোৰৰ পেটৰ পৰা ওলোৱা বিভিন্ন ৰঙৰ সুস্বাদু মৌ, যিবোৰ সংগৃহীত বিভিন্ন স্থান আৰু ঠাইৰ পৰা, এইবোৰৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে, আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি কিমান দয়ালু আৰু কৃপাশীল। গতিকে তেওঁৰ বাহিৰে আন কাৰোবাক একক বুলি বিশ্বাস কৰাও উচিত নহয় আৰু আহ্বান কৰাও উচিত নহয়।

• من منن الله العظيمة على عباده أن جعل لهم أزواجًا ليسكنوا إليها، وجعل لهم من أزواجهم أولادًا تقرُّ بهم أعينهم، ويخدمونهم ويقضون حوائجهم، وينتفعون بهم من وجوه كثيرة.
বান্দাৰ ওপৰত আল্লাহৰ এটা অন্যতম উপকাৰ হৈছে, তেওঁ সিহঁতৰ বাবে পত্নী সৃষ্টি কৰিছে, যাতে সিহঁতে প্ৰশান্তি লাভ কৰিব পাৰে। আৰু পত্নীৰ পৰা সন্তান সৃষ্টি কৰিছে, যাতে সিহঁতক দেখি চকু জুৰ যায়। সিহঁতে তেওঁলোকৰ সেৱা আগবঢ়ায় আৰু তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰে, লগতে বিভিন্ন ধৰণে তেওঁলোকৰ উপকাৰ কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት