Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል   አንቀፅ:
وَمَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ اِلَّا رِجَالًا نُّوْحِیْۤ اِلَیْهِمْ فَسْـَٔلُوْۤا اَهْلَ الذِّكْرِ اِنْ كُنْتُمْ لَا تَعْلَمُوْنَ ۟ۙ
হে ৰাছুল! আমি আপোনাৰ পূৰ্বে মানৱৰ মাজৰ পৰা কেৱল পুৰুষকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিছো, তেওঁলোকৰ প্ৰতি আমি অহী প্ৰেৰণ কৰিছিলো। আমি ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাছিলো। এইটোৱে আমাৰ নীতি। যদি তোমালোকে এই বিষয়টোক অস্বীকাৰ কৰা তেন্তে পূৰ্বৱৰ্তী ঐশী পুথি লাভ কৰা লোকসকলক সুধি লোৱা, তেওঁলোকে তোমালোকক জনাই দিব যে, ৰাছুল কেৱল মানৱেই আছিল, ফিৰিস্তা নাছিল। যদি তোমালোক নাজানা যে, তেওঁলোক মানৱ আছিল।
ዓረብኛ ተፍሲሮች:
بِالْبَیِّنٰتِ وَالزُّبُرِ ؕ— وَاَنْزَلْنَاۤ اِلَیْكَ الذِّكْرَ لِتُبَیِّنَ لِلنَّاسِ مَا نُزِّلَ اِلَیْهِمْ وَلَعَلَّهُمْ یَتَفَكَّرُوْنَ ۟
আমি এই ৰাছুলসকলক স্পষ্ট প্ৰমাণ আৰু ঐশী গ্ৰন্থসহ প্ৰেৰণ কৰিছিলো। হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে প্ৰয়োজন অনুসাৰে আপুনি মানুহক বিশ্লেষণ কৰি দিয়ে। যাতে সিহঁতে বিবেক-বুদ্ধিৰে কাম লয়, আৰু কোৰআনত বৰ্ণিত বাণীৰে শিক্ষা লয়।
ዓረብኛ ተፍሲሮች:
اَفَاَمِنَ الَّذِیْنَ مَكَرُوا السَّیِّاٰتِ اَنْ یَّخْسِفَ اللّٰهُ بِهِمُ الْاَرْضَ اَوْ یَاْتِیَهُمُ الْعَذَابُ مِنْ حَیْثُ لَا یَشْعُرُوْنَ ۟ۙ
মানুহক আল্লাহৰ পথৰ পৰা বাধা দিবলৈ যিসকল লোকে ষড়যন্ত্ৰ ৰচে, সিহঁত নিশ্চিন্ত হৈছে নেকি যে, আল্লাহে সিহঁতক কাৰূনৰ দৰে পৃথিৱীৰ গহ্বৰত পুতি নিদিব অথবা সিহঁতৰ ওচৰত এনেকুৱা শাস্তি নাহিব, যি শাস্তিৰ সিহঁতে কামনা কৰা নাছিল?
ዓረብኛ ተፍሲሮች:
اَوْ یَاْخُذَهُمْ فِیْ تَقَلُّبِهِمْ فَمَا هُمْ بِمُعْجِزِیْنَ ۟ۙ
অথবা জীৱিকা সন্ধানৰ বাবে ভ্ৰমণত থকা অৱস্থাত সিহঁতৰ ওচৰত শাস্তি আহিব পাৰে। এতেকে সিহঁত আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰাও হাত সাৰিব নোৱাৰে আৰু নিজকেও ৰক্ষা কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَوْ یَاْخُذَهُمْ عَلٰی تَخَوُّفٍ ؕ— فَاِنَّ رَبَّكُمْ لَرَءُوْفٌ رَّحِیْمٌ ۟
অথবা সিহঁত এই বিষয়ত নিশ্চিন্ত হৈছে নেকি যে, ভয়-ভীতিৰ সময়ত সিহঁতৰ ওচৰত আল্লাহৰ শাস্তি নাহিব। নিশ্চয় আল্লাহ সকলো অৱস্থাতেই শাস্তি দিবলৈ সক্ষম। নিঃসন্দেহে আপোনাৰ প্ৰতিপালক কৰুণাময় আৰু দয়াৱান। তেওঁ বান্দাসকলক শাস্তি প্ৰদানত খৰধৰ নকৰে, কাৰণ হয়তো বান্দা তেওঁৰ পিনে উভতি আহিব পাৰে।
ዓረብኛ ተፍሲሮች:
اَوَلَمْ یَرَوْا اِلٰی مَا خَلَقَ اللّٰهُ مِنْ شَیْءٍ یَّتَفَیَّؤُا ظِلٰلُهٗ عَنِ الْیَمِیْنِ وَالشَّمَآىِٕلِ سُجَّدًا لِّلّٰهِ وَهُمْ دٰخِرُوْنَ ۟
এই অস্বীকাৰকাৰী লোকসকলে আল্লাহৰ সৃষ্টিসমূহৰ প্ৰতি লক্ষ্য নকৰে নেকি, যিবোৰ সৃষ্টিৰ ছাঁ দিনত সূৰ্যৰ গতি অনুসাৰে আৰু ৰাতিত চন্দ্ৰৰ গতি অনুসাৰে নিজ প্ৰতিপালকৰ সন্মুখত নত হৈ বাস্তৱিক ছাজদাহ কৰি সোঁৱে-বাওঁৱে বাগৰ দিয়ে।
ዓረብኛ ተፍሲሮች:
وَلِلّٰهِ یَسْجُدُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ مِنْ دَآبَّةٍ وَّالْمَلٰٓىِٕكَةُ وَهُمْ لَا یَسْتَكْبِرُوْنَ ۟
তথা আকাশমণ্ডলত থকা আৰু পৃথিৱীত বাস কৰা সকলো জীৱে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰে, আৰু ফিৰিস্তাসকলেও কেৱল তেওঁকেই ছাজদাহ কৰে। তেওঁলোকে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য পালনত কেতিয়াও অহংকাৰ নকৰে।
ዓረብኛ ተፍሲሮች:
یَخَافُوْنَ رَبَّهُمْ مِّنْ فَوْقِهِمْ وَیَفْعَلُوْنَ مَا یُؤْمَرُوْنَ ۟
তেওঁলোকে অবিৰামভাৱে ইবাদত আৰু আনুগত্য কৰাৰ পিছতো আল্লাহক ভয় কৰে, আল্লাহ নিজৰ সত্ত্বাগত, শক্তি সামৰ্থ আৰু প্ৰভুত্বৰ দিশেৰে তেওঁলোকৰ বহু ওপৰত। তেওঁলোকে সেইটোৱে কৰে, যিটো কৰিবলৈ তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক আদেশ দিয়ে।
ዓረብኛ ተፍሲሮች:
وَقَالَ اللّٰهُ لَا تَتَّخِذُوْۤا اِلٰهَیْنِ اثْنَیْنِ ۚ— اِنَّمَا هُوَ اِلٰهٌ وَّاحِدٌ ۚ— فَاِیَّایَ فَارْهَبُوْنِ ۟
আল্লাহে তেওঁৰ সকলো বান্দাকেই কৈছেঃ তোমালোকে কেতিয়াও দুজন উপাস্য গ্ৰহণ নকৰিবা। প্ৰকৃত উপাস্য কেৱল এজন। তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী অথবা অংশীদাৰ নাই। এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা। মোৰ বাহিৰে আন কাকো ভয় নকৰিবা।
ዓረብኛ ተፍሲሮች:
وَلَهٗ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ وَلَهُ الدِّیْنُ وَاصِبًا ؕ— اَفَغَیْرَ اللّٰهِ تَتَّقُوْنَ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো তেওঁৰেই। তেৱেঁই সৃষ্টি কৰিছে। তেৱেঁই মালিক আৰু তেৱেঁই সঞ্চালক। আনুগত্য একমাত্ৰ তেওঁৰেই। তেওঁৰ সন্মুখতেই নত হোৱা উচিত আৰু তেওঁৰ বাবেই সকলো নেক কাম কৰা উচিত। তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক ভয় কৰা নেকি? তেনেকুৱা নকৰিবা, কেৱল তেওঁকেই ভয় কৰিবা।
ዓረብኛ ተፍሲሮች:
وَمَا بِكُمْ مِّنْ نِّعْمَةٍ فَمِنَ اللّٰهِ ثُمَّ اِذَا مَسَّكُمُ الضُّرُّ فَاِلَیْهِ تَجْـَٔرُوْنَ ۟ۚ
হে মানৱ! তোমালোকৰ ওচৰত দ্বীন আৰু দুনিয়া সম্পৰ্কীয় যিমান নিয়ামত আছে, সেই সকলো আল্লাহেই প্ৰদান কৰিছে। তেওঁৰ বাহিৰে আন কাৰো নহয়। এতেকে যেতিয়া তোমালোকৰ ওপৰত কোনো বিপদ, বেমাৰ অথবা দুৰ্ভিক্ষ নামি আহে, তেতিয়া তোমালোকে কেৱল তেওঁৰ ওচৰতেই নত হৈ দুআ কৰা, যাতে তোমালোকৰ সেই কষ্ট দূৰ হয়। এতেকে যিয়ে নিয়ামত প্ৰদান কৰে আৰু কষ্ট দূৰ কৰে, কেৱল তেৱেঁই ইবাদত বন্দেগীৰ যোগ্য।
ዓረብኛ ተፍሲሮች:
ثُمَّ اِذَا كَشَفَ الضُّرَّ عَنْكُمْ اِذَا فَرِیْقٌ مِّنْكُمْ بِرَبِّهِمْ یُشْرِكُوْنَ ۟ۙ
তাৰ পিছত যেতিয়া তেওঁ তোমালোকৰ প্ৰাৰ্থনা স্বীকাৰ কৰে আৰু তোমালোকৰ বিপদ দূৰ কৰি দিয়ে, তেতিয়া তোমালোকৰ মাজৰ কিছুমানে নিজ প্ৰতিপালকৰ লগত অংশীদাৰ স্থাপন কৰে, তেওঁৰ সৈতে আনৰো উপাসনা কৰা আৰম্ভ কৰে। এইটো কেনেকুৱা কথা?
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• على المجرم أن يستحي من ربه أن تكون نعم الله عليه نازلة في جميع اللحظات ومعاصيه صاعدة إلى ربه في كل الأوقات.
পাপিষ্ঠসকলে নিজ প্ৰতিপালকৰ পৰা লাজ কৰা উচিত, কিয়নো এফালে আল্লাহৰ ফালৰ পৰা সিহঁতৰ বাবে সদায় নিয়ামত অৱতীৰ্ণ হৈ আছে, আনফালে সিহঁতৰ অপকৰ্ম অহৰহ আল্লাহৰ ফালে ঊৰ্দ্ধগামী হৈ আছে।

• ينبغي لأهل الكفر والتكذيب وأنواع المعاصي الخوف من الله تعالى أن يأخذهم بالعذاب على غِرَّة وهم لا يشعرون.
কাফিৰসকল, অস্বীকাৰকাৰীসকল আৰু বিভিন্ন গুনাহত লিপ্ত লোকসকলে ভয় কৰা উচিত যে, যিকোনো সময়ত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি আহিব পাৰে, ফলত সিহঁতে গমেই নাপাব।

• جميع النعم من الله تعالى، سواء المادية كالرّزق والسّلامة والصّحة، أو المعنوية كالأمان والجاه والمنصب ونحوها.
সকলো নিয়ামত আল্লাহৰ ফালৰ পৰাই আহে। সেয়া ভৌতিক নিয়ামত হওক, যেনেঃ জীৱিকা, নিৰাপত্তা আৰু স্বাস্থ্য, অথবা অভৌতিক যেনেঃ শান্তি, সন্মান আৰু পদ-মৰ্যাদা আদি।

• لا يجد الإنسان ملجأً لكشف الضُّرِّ عنه في وقت الشدائد إلا الله تعالى فيضجّ بالدّعاء إليه؛ لعلمه أنه لا يقدر أحد على إزالة الكرب سواه.
মানুহে বিপদৰ সময়ত কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপায়। সেয়ে তেওঁৰ ওচৰতেই অশ্ৰুসিক্ত হৈ দুআ কৰে, কাৰণ সি জানে যে, তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት