Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል   አንቀፅ:
لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ؕ— فَتَمَتَّعُوْا ۫— فَسَوْفَ تَعْلَمُوْنَ ۟
আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ ফলত সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিছে, তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, বিপদ-আপদ দূৰ কৰা। সেই কাৰণে সিহঁতক কোৱা হৈছেঃ তোমালোকক যি নিয়ামত দান কৰা হৈছে, সেইবোৰ কিছুসময় উপভোগ কৰা, কাৰণ তোমালোকৰ ওপৰত আগতীয়াকৈ হওক অথবা পলমকৈ আল্লাহৰ আযাব আহিবই।
ዓረብኛ ተፍሲሮች:
وَیَجْعَلُوْنَ لِمَا لَا یَعْلَمُوْنَ نَصِیْبًا مِّمَّا رَزَقْنٰهُمْ ؕ— تَاللّٰهِ لَتُسْـَٔلُنَّ عَمَّا كُنْتُمْ تَفْتَرُوْنَ ۟
মুশ্বৰিকসকলে আমি প্ৰদান কৰা ধন-সম্পদৰ এটা অংশ সিহঁতৰ মূৰ্তিবোৰৰ কাৰণেও নিৰ্দিষ্ট কৰে, যিবোৰে একোৱে নাজানে। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ, সেইবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। সিহঁতে ইয়াৰ দ্বাৰা নৈকট্য লাভ কৰিব বিচাৰে। হে মুশ্বৰিকসকল! আল্লাহৰ শপত! তোমালোকক কিয়ামতৰ দিনা তোমালোকৰ এই ধাৰণা সম্পৰ্কে নিশ্চয় প্ৰশ্ন কৰা হ'ব যে, এই মূৰ্তিবোৰ উপাস্য হয় নে নহয়, আৰু তোমালোকৰ ধন-সম্পদত সেইবোৰৰ নিৰ্দিষ্ট অংশ থকাটো সঁচানে।
ዓረብኛ ተፍሲሮች:
وَیَجْعَلُوْنَ لِلّٰهِ الْبَنٰتِ سُبْحٰنَهٗ ۙ— وَلَهُمْ مَّا یَشْتَهُوْنَ ۟
মুশ্বৰিকসকলে আল্লাহৰ জীয়ৰি আছে বুলি ধাৰণা পোষণ কৰে, সিহঁতৰ মতে আল্লাহৰ জীয়ৰি হৈছে ফিৰিস্তাসকল। সিহঁতে আল্লাহৰ বাবে সেইবোৰ নিৰ্বাচন কৰে যিবোৰ সিহঁতে নিজৰ বাবে পছন্দ নকৰে। সিহঁতৰ এই কৰ্মৰ পৰা আল্লাহ পৱিত্ৰ। আনহাতে সিহঁতে কিন্তু নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰে। ইয়াতকৈ ডাঙৰ অপৰাধ আৰুনো কি হ’ব পাৰে?
ዓረብኛ ተፍሲሮች:
وَاِذَا بُشِّرَ اَحَدُهُمْ بِالْاُنۡثٰى ظَلَّ وَجْهُهٗ مُسْوَدًّا وَّهُوَ كَظِیْمٌ ۟ۚ
এইসকল মুশ্বৰিকৰ মাজৰ কাৰোবাক যদি কন্যা সন্তান জন্ম লাভ কৰাৰ সুসংবাদ দিয়া হয়, তেতিয়া সিহঁতৰ মুখ ক'লা পৰি যায় আৰু সিহঁতৰ অন্তৰ দুখত ভাগি পৰে, এনেকুৱা সংবাদক সিহঁতে ইমান অপছন্দ কৰে। আকৌ সেই ব্যক্তিয়েই আল্লাহৰ বাবে সেইটো পছন্দ কৰে, যিটো নিজৰ বাবে অপছন্দ কৰে।
ዓረብኛ ተፍሲሮች:
یَتَوَارٰی مِنَ الْقَوْمِ مِنْ سُوْٓءِ مَا بُشِّرَ بِهٖ ؕ— اَیُمْسِكُهٗ عَلٰی هُوْنٍ اَمْ یَدُسُّهٗ فِی التُّرَابِ ؕ— اَلَا سَآءَ مَا یَحْكُمُوْنَ ۟
কন্যা সন্তান জন্ম লাভৰ সংবাদ সিহঁতৰ ওচৰত ইমান নিন্দনীয় যে, তেনেকুৱা খবৰ পালে সিহঁতে মানুহৰ পৰা আত্মগোপন কৰি ফুৰে। সি মনে মনে ভাৱে, এই নৱজাত শিশুটিকলৈ অপমান সহ্য কৰি জীয়াই ৰাখিম নে তাইক জীৱিত অৱস্থাতেই দাফন কৰিম? মুশ্বৰিকসকলৰ সিদ্ধান্ত কিমান নিকৃষ্ট, সিহঁতে নিজৰ বাবে যিটো অপছন্দ কৰে সেইটো নিজ প্ৰতিপালকৰ বাবে পছন্দ কৰে।
ዓረብኛ ተፍሲሮች:
لِلَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ مَثَلُ السَّوْءِ ۚ— وَلِلّٰهِ الْمَثَلُ الْاَعْلٰی ؕ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠
আখিৰাতৰ প্ৰতি বিশ্বাস নকৰা কাফিৰসকলৰ বেয়া গুণ যেনেঃ সন্তানৰ চাহিদা, মুৰ্খতা আৰু কুফৰী আদি। আনহাতে আল্লাহৰ বৈশিষ্ট্য হৈছে প্ৰশংসনীয় আৰু সুউচ্চ। যেনেঃ প্ৰতাপশালী, স্বয়ংসম্পূৰ্ণ, অমুখাপেক্ষী আৰু সৰ্বজ্ঞ। তেওঁ মহাপৱিত্ৰ, ক্ষমতাত মহাপৰাক্ৰমশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
وَلَوْ یُؤَاخِذُ اللّٰهُ النَّاسَ بِظُلْمِهِمْ مَّا تَرَكَ عَلَیْهَا مِنْ دَآبَّةٍ وَّلٰكِنْ یُّؤَخِّرُهُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ۚ— فَاِذَا جَآءَ اَجَلُهُمْ لَا یَسْتَاْخِرُوْنَ سَاعَةً وَّلَا یَسْتَقْدِمُوْنَ ۟
মানুহৰ অন্যায়-অত্যাচাৰ আৰু কুফৰীৰ কাৰণে যদি আল্লাহে সিহঁতক শাস্তি দিয়া আৰম্ভ কৰে তেন্তে পৃথিৱীৰ বুকুত কোনো মানুহ তথা প্ৰাণীয়ে ৰেহাই নাপাব। কিন্তু তেওঁ সিহঁতক জানি বুজি এটা নিৰ্দিষ্ট সময়লৈকে অৱকাশ দিয়ে। অৱশেষত যেতিয়া সেই নিৰ্দিষ্ট সময় আহি পৰে, তেতিয়া অলপ আগুৱাইয়ো নাযায় আৰু পিছুৱাইয়ো নাযায়।
ዓረብኛ ተፍሲሮች:
وَیَجْعَلُوْنَ لِلّٰهِ مَا یَكْرَهُوْنَ وَتَصِفُ اَلْسِنَتُهُمُ الْكَذِبَ اَنَّ لَهُمُ الْحُسْنٰی ؕ— لَا جَرَمَ اَنَّ لَهُمُ النَّارَ وَاَنَّهُمْ مُّفْرَطُوْنَ ۟
সিহঁতে আল্লাহৰ কন্যা সন্তান আছে বুলি দাবী কৰে, অথচ নিজৰ বাবে সেইটোক অপছন্দ কৰে। সিহঁতে আৰু এটা মিছা দাবী কৰে যে, মুছলিমসকলৰ কোৱা মতে যদি সঁচাই সিহঁতক পুনৰ্জীৱিত কৰা হয় তেন্তে আল্লাহৰ ওচৰত সিহঁতৰ বাবে থাকিব উত্তম স্থান। প্ৰকৃততে সিহঁতৰ বাবে আছে জাহান্নাম। সেই জাহান্নামত সিহঁতক এৰি দিয়া হ'ব, আৰু তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
تَاللّٰهِ لَقَدْ اَرْسَلْنَاۤ اِلٰۤی اُمَمٍ مِّنْ قَبْلِكَ فَزَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ فَهُوَ وَلِیُّهُمُ الْیَوْمَ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
আল্লাহৰ শপত! হে ৰাছুল! আমি আপোনাৰ পূৰ্বে অতিবাহিত হোৱা সম্প্ৰদায় সমূহৰ ওচৰতো ৰাছুল প্ৰেৰণ কৰিছিলো। কিন্তু চয়তানে সেইসমূহ সম্প্ৰদায়ৰ বেয়া কৰ্মবোৰক যেনেঃ শ্বিৰ্ক, কুফৰী আৰু বিভিন্ন গুনাহক সিহঁতৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰিছিল। সিহঁতৰ ধাৰণা মতে কিয়ামতৰ দিনা সিয়ে সিহঁতক সহায় কৰিব, সেয়ে যাতে সিহঁতে তাৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে। প্ৰকৃততে কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
ዓረብኛ ተፍሲሮች:
وَمَاۤ اَنْزَلْنَا عَلَیْكَ الْكِتٰبَ اِلَّا لِتُبَیِّنَ لَهُمُ الَّذِی اخْتَلَفُوْا فِیْهِ ۙ— وَهُدًی وَّرَحْمَةً لِّقَوْمٍ یُّؤْمِنُوْنَ ۟
হে ৰাছুল! আমি আপোনাৰ প্ৰতি এই কোৰআন এইবাবে অৱতীৰ্ণ কৰিছো, যাতে আপুনি সকলো লোকৰ সন্মুখত তাওহীদ, পুনৰুত্থান আৰু চৰীয়তৰ বিধি-বিধান স্পষ্টভাৱে বৰ্ণনা কৰি দিব পাৰে। আৰু যাতে এই কোৰআন আৰু ইয়াৰ শিক্ষা, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু ৰহমত হয়। সত্যৰ দ্বাৰা কেৱল তেওঁলোকেই উপকৃত হয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من جهالات المشركين: نسبة البنات إلى الله تعالى، ونسبة البنين لأنفسهم، وأَنفَتُهم من البنات، وتغيّر وجوههم حزنًا وغمَّا بالبنت، واستخفاء الواحد منهم وتغيبه عن مواجهة القوم من شدّة الحزن وسوء الخزي والعار والحياء الذي يلحقه بسبب البنت.
মুশ্বৰিকসকলৰ মুৰ্খতাৰ এটা প্ৰমাণ এই যে, সিহঁতে আল্লাহৰ কন্যা সন্তান আছে বুলি দাবী কৰে। কিন্তু নিজৰ বাবে পুত্ৰ সন্তানক প্ৰাধান্য দিয়ে। সিহঁতে কন্যা সন্তানৰ পৰা পলায়ন কৰে, আৰু কন্যা সন্তানৰ খবৰ পালে সিহঁতৰ মুখমণ্ডলৰ ৰং পৰিবৰ্তন হৈ যায়। দুশ্চিন্তাই সিহঁতৰ মুখ ছানি ধৰে। লাজত সিহঁতে মানুহৰ পৰা আত্মগোপন কৰে।

• من سنن الله إمهال الكفار وعدم معاجلتهم بالعقوبة ليترك الفرصة لهم للإيمان والتوبة.
আল্লাহৰ এটা সাধাৰণ নিয়ম হৈছে, তেওঁ কাফিৰসকলক অৱকাশ দিয়ে আৰু শাস্তি প্ৰদানত খৰধৰ নকৰে, যাতে সিহঁতে ঈমান পোষণ কৰাৰ আৰু তাওবা কৰাৰ সুবিধা পায়।

• مهمة النبي صلى الله عليه وسلم الكبرى هي تبيان ما جاء في القرآن، وبيان ما اختلف فيه أهل الملل والأهواء من الدين والأحكام، فتقوم الحجة عليهم ببيانه.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুৰুত্বপূৰ্ণ ভূমিকাটো হৈছে কোৰআনৰ ব্যাখ্যা কৰা, লগতে বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা দ্বীন আৰু বিধি-বিধান সম্পৰ্কীয় মতভেদসমূহৰ সঠিক সমাধান দাঙি ধৰা। যাতে এই স্পষ্টীকৰণৰ পিছত সিহঁতৰ বাবে কোনো অজুহাত দাঙি ধৰাৰ সুযোগ নাথাকে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት