Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል   አንቀፅ:
وَتَحْمِلُ اَثْقَالَكُمْ اِلٰی بَلَدٍ لَّمْ تَكُوْنُوْا بٰلِغِیْهِ اِلَّا بِشِقِّ الْاَنْفُسِ ؕ— اِنَّ رَبَّكُمْ لَرَءُوْفٌ رَّحِیْمٌ ۟ۙ
এই চতুষ্পদ জন্তুবোৰ যিবোৰ আমি তোমালোকৰ উপকাৰৰ বাবে সৃষ্টি কৰিছো, ভ্ৰমণত তোমালোকৰ সা-সামগ্ৰী এনেকুৱা স্থানলৈ বহন কৰি লৈ যায়, যি স্থানত তোমালোকে অধিক কষ্ট নোহোৱাকৈ যাব নোৱাৰা। হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি কৰুণাময় আৰু দয়াৱান, সেয়ে তেওঁ এই চতুষ্পদ জন্তুবোৰক তোমালোকৰ অধীনস্থ কৰিছে।
ዓረብኛ ተፍሲሮች:
وَّالْخَیْلَ وَالْبِغَالَ وَالْحَمِیْرَ لِتَرْكَبُوْهَا وَزِیْنَةً ؕ— وَیَخْلُقُ مَا لَا تَعْلَمُوْنَ ۟
তোমালোকৰ বাবে ঘোঁৰা, খচ্চৰ আৰু গাধা সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, আৰু তোমালোকৰ সা-সামগ্ৰী স্থানান্তৰ কৰিব পাৰা তথা এইবোৰে তোমালোকৰ বাবে মানুহৰ মাজত শোভা বৃদ্ধি কৰে। আনহাতে আল্লাহে এনেকুৱা এনেকুৱা বস্তু সৃষ্টি কৰিব যিবোৰৰ বিষয়ে তোমালোকে নাজানা।
ዓረብኛ ተፍሲሮች:
وَعَلَی اللّٰهِ قَصْدُ السَّبِیْلِ وَمِنْهَا جَآىِٕرٌ ؕ— وَلَوْ شَآءَ لَهَدٰىكُمْ اَجْمَعِیْنَ ۟۠
সৰল পথ, যি পথে পথিকক আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায় অৰ্থাৎ ইছলাম, ইয়াক বৰ্ণনা কৰাৰ দায়িত্ব আল্লাহৰ। আনহাতে কিছুমান পথ সত্যৰ পৰা দূৰত অৱস্থিত, সেইবোৰ হৈছে চয়তানৰ পথ। দৰাচলতে ইছলামৰ পথৰ বাহিৰে সকলো পথ বক্ৰ। যদি আল্লাহে তোমালোক আটাইকে ঈমান পোষণ কৰিবলৈ তাওফীক দিব বিচাৰিলেহেঁতেন তেন্তে অৱশ্যে দিব পাৰিলেহেঁতেন।
ዓረብኛ ተፍሲሮች:
هُوَ الَّذِیْۤ اَنْزَلَ مِنَ السَّمَآءِ مَآءً لَّكُمْ مِّنْهُ شَرَابٌ وَّمِنْهُ شَجَرٌ فِیْهِ تُسِیْمُوْنَ ۟
তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে তোমালোকৰ বাবে মেঘৰ পৰা পানী বৰ্ষণ কৰে। সেই পানীৰ পৰাই তোমালোকে খোৱা আৰু তোমালোকৰ চতুষ্পদ জন্তুবোৰেও খায়, সেই পানীৰেই ঘাঁহ বন উৎপন্ন হয়, যিবোৰত তোমালোকে নিজৰ চতুষ্পদ জন্তুবোৰ চৰোৱা।
ዓረብኛ ተፍሲሮች:
یُنْۢبِتُ لَكُمْ بِهِ الزَّرْعَ وَالزَّیْتُوْنَ وَالنَّخِیْلَ وَالْاَعْنَابَ وَمِنْ كُلِّ الثَّمَرٰتِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟
আল্লাহে সেই পানীৰেই তোমালোকৰ বাবে ফচল উৎপন্ন কৰে, যিবোৰ তোমালোকে ভক্ষণ কৰা, আৰু সেই পানীৰেই যাইতুন, খেজুৰ আৰু আঙুৰ গছ লালিত পালিত হয়, লগতে তোমালোকৰ বাবে অন্যান্য সকলো ফলমূল উৎপন্ন কৰে। নিশ্চয় সেই পানী আৰু তাৰ দ্বাৰা উৎপন্ন বস্তুবোৰৰ মাজত আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা কৰে, আৰু সেইবোৰৰ পৰা তেওঁৰ মহানতাৰ পাঠ গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
وَسَخَّرَ لَكُمُ الَّیْلَ وَالنَّهَارَ ۙ— وَالشَّمْسَ وَالْقَمَرَ ؕ— وَالنُّجُوْمُ مُسَخَّرٰتٌ بِاَمْرِهٖ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟ۙ
আল্লাহে ৰাতিক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে বিশ্ৰাম লব পাৰা। দিনক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে জীৱিকা সন্ধান কৰিব পাৰা। সূৰ্যক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে আৰু ইয়াক পোহৰৰ উৎস বনাইছে, আনহাতে চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়। তৰাবোৰো তেওঁৰ আদেশতেই তোমালোকৰ কৰ্মত নিয়োজিত, তোমালোকে জল-স্থলত অন্ধকাৰত সেইবোৰৰ দ্বাৰাই পথ সন্ধান কৰা, আৰু সময় নিৰ্ণয় কৰা। এই সকলো বস্তুক তোমালোকৰ কৰ্মত নিয়োজিত কৰাৰ মাজতো আছে স্পষ্ট নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধি খটোৱায়। কিয়নো তেওঁলোকেই ইয়াৰ হিকমত বুজিব পাৰে।
ዓረብኛ ተፍሲሮች:
وَمَا ذَرَاَ لَكُمْ فِی الْاَرْضِ مُخْتَلِفًا اَلْوَانُهٗ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّذَّكَّرُوْنَ ۟
আল্লাহে পৃথিৱীত সৃষ্টি কৰা বিভিন্ন ৰঙৰ ধাতু, জীৱ-জন্তু, গছ-গছনি আৰু ফচলক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। নিশ্চয় এইবোৰৰ সৃষ্টি আৰু নিয়োগত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ আছে, যিসকলে এইবোৰৰ পৰা শিক্ষা গ্ৰহণ কৰে, আৰু তেওঁলোকে জানে যে, নিশ্চয় আল্লাহ ক্ষমতাৱান আৰু উপকাৰকাৰী।
ዓረብኛ ተፍሲሮች:
وَهُوَ الَّذِیْ سَخَّرَ الْبَحْرَ لِتَاْكُلُوْا مِنْهُ لَحْمًا طَرِیًّا وَّتَسْتَخْرِجُوْا مِنْهُ حِلْیَةً تَلْبَسُوْنَهَا ۚ— وَتَرَی الْفُلْكَ مَوَاخِرَ فِیْهِ وَلِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟
তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে সাগৰক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। এতেকে তেৱেঁই তোমালোকক সাগৰত ভ্ৰমণ কৰাৰ আৰু তাৰ তলত অৱস্থিত বস্তুবোৰ উলিয়াই অনাৰ ক্ষমতা প্ৰদান কৰিছে। যাতে তোমালোকে সাগৰৰ মাছ ধৰি ভক্ষণ কৰিব পাৰা, লগতে তাৰ পৰা সৌন্দৰ্যময় বস্তু উলিয়াই নিজে পৰিধান কৰিব পাৰা আৰু তোমালোকৰ স্ত্ৰীসকলক পৰিধান কৰাব পাৰা, যেনে মুকুতা আদি। তোমালোকে নিশ্চয় দেখা পাইছা সাগৰৰ বুকু ফালি চলাচল কৰা জাহাজবোৰক। তোমালোকে আল্লাহৰ অনুগ্ৰহত ব্যৱসায়ৰ পৰা উন্নতি লাভ কৰিবলৈ সেইবোৰত আৰোহণ কৰা। আৰু এই আশাত যে, যাতে আল্লাহে কৰা নিয়ামতৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা, আৰু কেৱল তেওঁৰেই ইবাদত কৰিব পাৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من عظمة الله أنه يخلق ما لا يعلمه جميع البشر في كل حين يريد سبحانه.
আল্লাহৰ মহানতাৰ প্ৰমাণসমূহৰ মাজত অন্যতম এটা হৈছে এই যে, তেওঁ সকলো সময়তে কিবা নহয় কিবা সৃষ্টি কৰে যিবোৰ বিষয়ে সকলোৱে নাজানে।

• خلق الله النجوم لزينة السماء، والهداية في ظلمات البر والبحر، ومعرفة الأوقات وحساب الأزمنة.
আল্লাহে তৰাসমূহক আকাশৰ সৌন্দৰ্যৰ বাবে আৰু জল-স্থলত অন্ধকাৰৰ সময়ত পথ অৱগত হোৱাৰ বাবে, লগতে সময় জনাৰ বাবে আৰু হিচাপ কৰাৰ বাবে সৃষ্টি কৰিছে।

• الثناء والشكر على الله الذي أنعم علينا بما يصلح حياتنا ويعيننا على أفضل معيشة.
প্ৰশংসা আৰু কৃতজ্ঞতা আল্লাহৰ বাবে এই কাৰণে যে, তেওঁ আমাক এনেকুৱা বস্তু দান কৰিছে যিবোৰৰ দ্বাৰা আমাৰ জীৱন সুখদায়ক হৈ উঠে।

• الله سبحانه أنعم علينا بتسخير البحر لتناول اللحوم (الأسماك)، واستخراج اللؤلؤ والمرجان، وللركوب، والتجارة، وغير ذلك من المصالح والمنافع.
আল্লাহে সাগৰক আমাৰ সেৱাত নিয়োজিত কৰি বৰ উপকাৰ কৰিছে, যাতে আমি মাছ চিকাৰ কৰি ভক্ষণ কৰিব পাৰোঁ। তাৰ পৰা মুকুতা উলিয়াব পাৰোঁ, সাগৰ পথেৰে ভ্ৰমণ কৰিব পাৰোঁ, ব্যৱসায় আদিৰ পৰা আৰম্ভ কৰি অন্যান্য উপকাৰবোৰ সাধন কৰিব পাৰোঁ।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት