Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሒጅር   አንቀፅ:

আল-হিজৰ

ከሱራዋ ጥቅል ሀሳብ መካከል:
توعد المستهزئين بالقرآن، والوعد بحفظه تأييدًا للنبي وتثبيتًا له.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সমৰ্থন কৰিবলৈ তথা তেওঁক দৃঢ়তা প্ৰদান কৰিবলৈ কোৰআনৰ জৰিয়তে উপহাসকাৰীসকলক সতৰ্ক কৰা হৈছে, লগতে ইয়াৰ হিফাজতৰ প্ৰতিশ্ৰুতি দিছে।

الٓرٰ ۫— تِلْكَ اٰیٰتُ الْكِتٰبِ وَقُرْاٰنٍ مُّبِیْنٍ ۟
(আলিফ-লাম-ৰা) এই সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। এই আয়াতবোৰ খুবেই গুৰুত্বপূৰ্ণ, যিবোৰে প্ৰমাণ কৰে যে, এইবোৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। দৰাচলতে এইবোৰ কোৰআনৰ এনেকুৱা আয়াত, যিবোৰে আল্লাহৰ তাওহীদ আৰু চৰীয়তি আদেশ নিষেধ বৰ্ণনা কৰে।
ዓረብኛ ተፍሲሮች:
رُبَمَا یَوَدُّ الَّذِیْنَ كَفَرُوْا لَوْ كَانُوْا مُسْلِمِیْنَ ۟
ক্বিয়ামতৰ দিনা কাফিৰসকলৰ সন্মুখত যেতিয়া বিষয়টো স্পষ্ট হৈ পৰিব যে, পৃথিৱীত যি কুফুৰী পথ অৱলম্বন কৰিছিলো সেয়া ভুল আছিল, তেতিয়া সিহঁতে কামনা কৰিব, হায়! যদি আমিও মুছলিম হলোহেঁতেন।
ዓረብኛ ተፍሲሮች:
ذَرْهُمْ یَاْكُلُوْا وَیَتَمَتَّعُوْا وَیُلْهِهِمُ الْاَمَلُ فَسَوْفَ یَعْلَمُوْنَ ۟
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী সকলক এৰি দিয়ক, সিহঁতে খাই থাকক যিদৰে চতুষ্পদ জন্তুৱে খায়, আৰু পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰী উপভোগ কৰিবলৈ দিয়ক। সিহঁতৰ ডাঙৰ ডাঙৰ আশায় সিহঁতক ঈমান আৰু নেক আমলৰ পৰা বিৰত ৰাখক। ক্বিয়ামতৰ দিনা যেতিয়া সিহঁত আল্লাহৰ সন্মুখত উপস্থিত হ'ব তেতিয়াহে গ'ম পাব সিহঁত কিমান ক্ষতিগ্ৰস্ত আছিল।
ዓረብኛ ተፍሲሮች:
وَمَاۤ اَهْلَكْنَا مِنْ قَرْیَةٍ اِلَّا وَلَهَا كِتَابٌ مَّعْلُوْمٌ ۟
অন্যায়কাৰী জনবসতিসমূহৰ মাজৰ যিবোৰৰ ওপৰত আমি বিনাশ অৱতীৰ্ণ কৰিছো, সিহঁতৰ বাবে আল্লাহৰ ওচৰত আছিল এটা নিৰ্ধাৰিত সময়। সেই নিৰ্ধাৰিত সময়ৰ পৰা সিহঁত আগুৱাইও যাব পৰা নাই আৰু পিছুৱাবও পৰা নাই।
ዓረብኛ ተፍሲሮች:
مَا تَسْبِقُ مِنْ اُمَّةٍ اَجَلَهَا وَمَا یَسْتَاْخِرُوْنَ ۟
কোনো সম্প্ৰদায়ৰ ওচৰতেই সিহঁতৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে সিহঁতৰ ধ্বংস নামি নাহে। এইদৰে সিহঁতৰ ওচৰত বিনাশ নামি আহিলে সেয়া প্ৰতিৰোধ কৰাও সম্ভৱ নহয়। এতেকে আল্লাহে জালিমসকলক যি অৱকাশ প্ৰদান কৰিছে, তাৰ প্ৰতি সিহঁতে ভুল যোৱা উচিত নহয়।
ዓረብኛ ተፍሲሮች:
وَقَالُوْا یٰۤاَیُّهَا الَّذِیْ نُزِّلَ عَلَیْهِ الذِّكْرُ اِنَّكَ لَمَجْنُوْنٌ ۟ؕ
মক্কাৰ কাফিৰসকলে ৰাছুলক উদ্দেশ্যি ক'লেঃ তুমি যি দাবী কৰিছা যে, তোমাৰ প্ৰতি যিকৰ অৱতীৰ্ণ হৈছে, তোমাৰ এই দাবীয়ে প্ৰমাণ কৰে যে তুমি এজন উন্মাদ। লগতে তুমি উন্মাদৰ দৰে আচৰণও কৰা।
ዓረብኛ ተፍሲሮች:
لَوْ مَا تَاْتِیْنَا بِالْمَلٰٓىِٕكَةِ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ ওচৰলৈ ফিৰিস্তা কিয় লৈ নাহা, যিয়ে তোমাৰ সপক্ষে সাক্ষী দিব যে, তুমি এজন প্ৰেৰিত নবী আৰু (আমি যদি তোমাৰ কথা নামানো তেন্তে) আমাৰ ওপৰত শাস্তি অৱতীৰ্ণ হ'ব।
ዓረብኛ ተፍሲሮች:
مَا نُنَزِّلُ الْمَلٰٓىِٕكَةَ اِلَّا بِالْحَقِّ وَمَا كَانُوْۤا اِذًا مُّنْظَرِیْنَ ۟
সিহঁতৰ ফিৰিস্তা অহাৰ প্ৰস্তাৱ খণ্ডন কৰি আল্লাহে কৈছেঃ ফিৰিস্তা সেই সময়তেই অৱতীৰ্ণ হয় যেতিয়া হিকমত অনুসাৰে সিহঁতৰ বিনাশৰ সময় ওচৰ চাপে। ফিৰিস্তা অৱতীৰ্ণ হোৱাৰ পিছত যদি সিহঁতে ঈমান পোষণ নকৰে তেন্তে সিহঁতক কেতিয়াও অৱকাশ দিয়া নহ'ব। বৰং অচিৰেই শাস্তিৰ সন্মুখীন হ'ব।
ዓረብኛ ተፍሲሮች:
اِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَاِنَّا لَهٗ لَحٰفِظُوْنَ ۟
নিশ্চয় আমিয়েই এই কোৰআন মুহাম্মদৰ অন্তৰত অৱতীৰ্ণ কৰিছো, মানুহক সতৰ্ক কৰিবলৈ। নিশ্চয় আমিয়েই এই কোৰআনক সুৰক্ষা প্ৰদান কৰিম, সকলো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতকৰণৰ পৰা।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اَرْسَلْنَا مِنْ قَبْلِكَ فِیْ شِیَعِ الْاَوَّلِیْنَ ۟
হে ৰাছুল! আমি তোমাৰ পূৰ্বেও কাফিৰ সম্প্ৰদায়ৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলো, কিন্তু সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক সিহঁতে অস্বীকাৰ কৰি আছে।
ዓረብኛ ተፍሲሮች:
وَمَا یَاْتِیْهِمْ مِّنْ رَّسُوْلٍ اِلَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟
পূৰ্বৱৰ্তী কাফিৰ সম্প্ৰদায়সমূহৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল আৰু তেওঁক উপহাস কৰিছিল।
ዓረብኛ ተፍሲሮች:
كَذٰلِكَ نَسْلُكُهٗ فِیْ قُلُوْبِ الْمُجْرِمِیْنَ ۟ۙ
যিদৰে আমি সেইসমূহ সম্প্ৰদায়ৰ অন্তৰত অস্বীকাৰ কৰাৰ প্ৰবৃত্তি সোমাই দিছিলো, ঠিক সেইদৰে মক্কাৰ মুশ্বৰিকসকলৰ অন্তৰতো সোমাই দিম, সিহঁতৰ বিমুখ হোৱাৰ কাৰণে আৰু স্বৈৰাচাৰিতাৰ কাৰণে।
ዓረብኛ ተፍሲሮች:
لَا یُؤْمِنُوْنَ بِهٖ وَقَدْ خَلَتْ سُنَّةُ الْاَوَّلِیْنَ ۟
ইহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব। আল্লাহৰ সাধাৰণ নিয়ম হৈছে এই যে, ৰাছুলসকলে লৈ অহা বাণীক যিসকলে অস্বীকাৰ কৰে তেওঁ সিহঁতক ধ্বংস কৰি দিয়ে। এতেকে অস্বীকাৰকাৰী সকলে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।
ዓረብኛ ተፍሲሮች:
وَلَوْ فَتَحْنَا عَلَیْهِمْ بَابًا مِّنَ السَّمَآءِ فَظَلُّوْا فِیْهِ یَعْرُجُوْنَ ۟ۙ
প্ৰকাশ্য দলিলৰ দ্বাৰা সত্য স্পষ্ট হোৱাৰ পিছতো এই অস্বীকাৰকাৰী সকলে শত্ৰুতাৰ ওপৰত অবিচল থাকিব। এতেকে আমি যদি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিওঁ, সিহঁতে যদি তাত আৰোহণ কৰে,
ዓረብኛ ተፍሲሮች:
لَقَالُوْۤا اِنَّمَا سُكِّرَتْ اَبْصَارُنَا بَلْ نَحْنُ قَوْمٌ مَّسْحُوْرُوْنَ ۟۠
তথাপিও সিহঁতে সত্যক স্বীকাৰ নকৰিলেহেঁতেন। বৰং সিহঁতে কলেহেঁতেনঃ সত্য প্ৰদৰ্শনৰ পৰা আমাৰ দৃষ্টিক প্ৰতিৰোধ কৰা হৈছে। আমি যি দেখি আছো এয়া যাদুৰ প্ৰভাৱ। আমাক যাদু কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• القرآن الكريم جامع بين صفة الكمال في كل شيء، والوضوح والبيان.
পৱিত্ৰ কোৰআন সকলো ফালৰ পৰা এখন পৰিপূৰ্ণ আৰু স্পষ্ট পুথি।

• يهتم الكفار عادة بالماديات، فتراهم مُنْغَمِسين في الشهوات والأهواء، مغترين بالأماني الزائفة، منشغلين بالدنيا عن الآخرة.
কাফিৰসকলৰ সদ্ভাৱে সিহঁতক ভৌতিকবাদৰ পিনে আহ্বান কৰে। সেই কাৰণেই আপুনি সিহঁতক দেখিবলৈ পাব, সিহঁত সদায় প্ৰবৃত্তিৰ কামনাৰ পিছত লাগি থাকে, মিছা আশাৰ প্ৰৱঞ্চনাত নিমজ্জিত থাকে, তথা আখিৰাতক পাহৰি পাৰ্থিৱ জীৱনকলৈ ব্যস্ত থাকে।

• هلاك الأمم مُقَدَّر بتاريخ معين، ومقرر في أجل محدد، لا تأخير فيه ولا تقديم، وإن الله لا يَعْجَلُ لعجلة أحد.
সম্প্ৰদায়সমূহক নিঃশেষ কৰাৰ এটা সময় নিৰ্ধাৰিত থাকে। যিটো কেতিয়াও অগাপিছা নহয়। সেয়ে কাৰোবাৰ ক্ষীপ্ৰ চাহিদাৰ প্ৰতি ভিত্তি কৰি আল্লাহে কেতিয়াও সেই সময় আগুৱাই নানে।

• تكفل الله تعالى بحفظ القرآن الكريم من التغيير والتبديل، والزيادة والنقص، إلى يوم القيامة.
আল্লাহে পৱিত্ৰ কোৰআনক ক্বিয়ামত পৰ্যন্ত সকলো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতৰ পৰা সুৰক্ষিত ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছে।

وَلَقَدْ جَعَلْنَا فِی السَّمَآءِ بُرُوْجًا وَّزَیَّنّٰهَا لِلنّٰظِرِیْنَ ۟ۙ
আমি আকাশত ডাঙৰ ডাঙৰ তৰা বনাইছো, যিবোৰৰ জৰিয়তে মানুহে জল তথা স্থলত অন্ধকাৰত ভ্ৰমণৰ সময়ত দিশ নিৰ্ণয় কৰে। আনহাতে দৰ্শনকাৰী সকলৰ বাবে সুসৌন্দৰ্য কৰিছো। যাতে সিহঁতে পৱিত্ৰ আল্লাহৰ ক্ষমতা আৰু শক্তি-সামৰ্থৰ প্ৰমাণ বিচাৰি পায়।
ዓረብኛ ተፍሲሮች:
وَحَفِظْنٰهَا مِنْ كُلِّ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ
আৰু আমি আকাশক আল্লাহৰ ৰহমতৰ পৰা প্ৰতাৰিত সকলো চয়তানৰ পৰা ৰক্ষা কৰিছো।
ዓረብኛ ተፍሲሮች:
اِلَّا مَنِ اسْتَرَقَ السَّمْعَ فَاَتْبَعَهٗ شِهَابٌ مُّبِیْنٌ ۟
আনহাতে যিয়ে নিকটৱৰ্তী ফিৰিস্তাসকলৰ কথা গোপনে শুনিবলৈ প্ৰয়াস কৰে, তাক জলন্ত শিখাই চোঁচা লয় আৰু অৱশেষত জ্বলাই ভস্মীভূত কৰে।
ዓረብኛ ተፍሲሮች:
وَالْاَرْضَ مَدَدْنٰهَا وَاَلْقَیْنَا فِیْهَا رَوَاسِیَ وَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ شَیْءٍ مَّوْزُوْنٍ ۟
আমি পৃথিৱীক প্ৰসাৰিত কৰিছো যাতে মানুহে তাত বসবাস কৰিব পাৰে। তাত সুদৃঢ় পৰ্বত স্থাপন কৰিছো যাতে পৃথিৱী কম্পমান নহয়, লগতে তাত হিকমত অনুসাৰে এটা নিৰ্দিষ্ট পৰিমাণ মুতাবিক গছ-পুলি উৎপন্ন কৰিছো।
ዓረብኛ ተፍሲሮች:
وَجَعَلْنَا لَكُمْ فِیْهَا مَعَایِشَ وَمَنْ لَّسْتُمْ لَهٗ بِرٰزِقِیْنَ ۟
হে মানৱজাতি! আমি পৃথিৱীত তোমালোকৰ খোৱা বোৱাৰ বাবে এনেকুৱা বস্তু বনাইছো যিবোৰ পাৰ্থিৱ জীৱনৰ বাবে অত্যাৱশ্যক। আনহাতে তোমালোকৰ বাহিৰেও আন আন লোকৰ বাবে আৰু জীৱ-জন্তুৰ বাবে জীৱন-যাপনৰ সাধন বনাইছো, যিবোৰক তোমালোকে জীৱিকা প্ৰদান নকৰা।
ዓረብኛ ተፍሲሮች:
وَاِنْ مِّنْ شَیْءٍ اِلَّا عِنْدَنَا خَزَآىِٕنُهٗ ؗ— وَمَا نُنَزِّلُهٗۤ اِلَّا بِقَدَرٍ مَّعْلُوْمٍ ۟
মানুহক তথা জীৱ-জন্তুক উপকাৰ কৰিব পৰা যিমানবোৰ উপকাৰী সা-সামগ্ৰী আছে, আমি সেইবোৰ সৃষ্টি কৰিবলৈ তথা সেইবোৰৰ দ্বাৰা মানুহক উপকৃত হোৱাৰ অৱকাশ দিবলৈ সামৰ্থৱান। আমি যি সৃষ্টি কৰো, সেই হিকমত অনুসাৰে আৰু আমাৰ ইচ্ছানুসাৰে এটি নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰো।
ዓረብኛ ተፍሲሮች:
وَاَرْسَلْنَا الرِّیٰحَ لَوَاقِحَ فَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً فَاَسْقَیْنٰكُمُوْهُ ۚ— وَمَاۤ اَنْتُمْ لَهٗ بِخٰزِنِیْنَ ۟
আমিয়ে উৰ্বৰ বতাহ প্ৰেৰণ কৰো, যিবোৰে মেঘ কঢ়িয়াই লৈ যায়, লগতে মেঘৰ পৰা পানী বৰ্ষণ কৰো আৰু সেই বৰষুণৰ পানী তোমালোকক পান কৰাওঁ। হে মানৱজাতি! তোমালোকে এই পানীক নিজৰা তথা কুঁৱাত আৱদ্ধ কৰি ৰাখিব নোৱাৰা, সেইটোক কেৱল আল্লাহেই আৱদ্ধ কৰি ৰাখে।
ዓረብኛ ተፍሲሮች:
وَاِنَّا لَنَحْنُ نُحْیٖ وَنُمِیْتُ وَنَحْنُ الْوٰرِثُوْنَ ۟
নিশ্চয় আমিয়েই মৃতক জীয়াই তোলো তথা সিহঁতক সৰ্বপ্ৰথম অস্তিত্বত আনিছো, মৃত্যুৰ পিচত আকৌ সিহঁতক পুনৰুত্থিত কৰিম, জীৱিত লোকসকলৰ মৃত্যুৰ সময় যেতিয়া সন্নিকট হয় তেতিয়া আমিয়েই সিহঁতক মৃত্যু প্ৰদান কৰো। আমিয়েই চিৰঞ্জীৱ, পৃথিৱী তথা ইয়াৰ ওপৰত থকা সকলো বস্তুৰ আমিয়েই স্বত্তাধিকাৰ।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ عَلِمْنَا الْمُسْتَقْدِمِیْنَ مِنْكُمْ وَلَقَدْ عَلِمْنَا الْمُسْتَاْخِرِیْنَ ۟
নিশ্চয় আমি সেইসকল লোককো জানো যিসকলে তোমালোকৰ পূৰ্বে জন্ম গ্ৰহণ কৰিছিল আৰু মৃত্যুবৰণ কৰিছে, আৰু সেইসকল লোককো জানো যিসকলে পিচত জন্ম গ্ৰহণ কৰিব আৰু মৃত্যুবৰণ কৰিব। এই ক্ষেত্ৰত কোনো কথাই আমাৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
وَاِنَّ رَبَّكَ هُوَ یَحْشُرُهُمْ ؕ— اِنَّهٗ حَكِیْمٌ عَلِیْمٌ ۟۠
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই সকলো লোককে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যাতে নেক কৰ্ম কৰা লোকসকলক উত্তম প্ৰতিদান দিব পাৰে আৰু বেয়া কৰ্ম কৰা লোকসকলক বেয়া ফলাফল দান কৰিব পাৰে। নিশ্চয় তেওঁ পৰিচালনাত মহাপ্ৰজ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ خَلَقْنَا الْاِنْسَانَ مِنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟ۚ
নিশ্চয় আমি মানুহক শুকান মাটিৰে সৃষ্টি কৰিছো, যিটো টিং টিঙীয়া শব্দ কৰে। যিটো মাটিৰে সৃষ্টি কৰা হৈছে তাৰ ৰং হৈছে কলা, দীৰ্ঘ সময় হোৱাৰ বাবে গন্ধ পৰিবৰ্তন হৈছিল।
ዓረብኛ ተፍሲሮች:
وَالْجَآنَّ خَلَقْنٰهُ مِنْ قَبْلُ مِنْ نَّارِ السَّمُوْمِ ۟
আমি আদম আলাইহিছ ছালামৰ সৃষ্টিৰ পূৰ্বে জ্বিনসকলৰ আদি পিতাক প্ৰচণ্ড উত্তপ্ত অগ্নিশিখাৰে সৃষ্টি কৰিছিলো।
ዓረብኛ ተፍሲሮች:
وَاِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ خَالِقٌۢ بَشَرًا مِّنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক আৰু ইবলীছক (সি ফিৰিস্তাসকলৰ লগতে আছিল) অৱগত কৰালে যে, নিশ্চয় মই ক’লা বৰণীয়া দুৰ্গন্ধময় শুকান টিং টিঙীয়া মাটিৰে মানুহ সৃষ্টি কৰিম।
ዓረብኛ ተፍሲሮች:
فَاِذَا سَوَّیْتُهٗ وَنَفَخْتُ فِیْهِ مِنْ رُّوْحِیْ فَقَعُوْا لَهٗ سٰجِدِیْنَ ۟
এতেকে মই যেতিয়া পৰিপূৰ্ণৰূপে তাৰ আকৃতি প্ৰদান কৰিম আৰু যেতিয়া সৃষ্টি কাৰ্য সম্পন্ন হ'ব তেতিয়া তোমালোকে মোৰ আদেশ পালন কৰি তেওঁৰ সন্মানাৰ্থে তেওঁক ছাজদাহ কৰিবা।
ዓረብኛ ተፍሲሮች:
فَسَجَدَ الْمَلٰٓىِٕكَةُ كُلُّهُمْ اَجْمَعُوْنَ ۟ۙ
ফলত ফিৰিস্তাসকলে তেওঁৰ আদেশ পালন কৰি সকলোৱে ছাজদা কৰিলে, যিদৰে তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে আদেশ দিছিল।
ዓረብኛ ተፍሲሮች:
اِلَّاۤ اِبْلِیْسَ ؕ— اَبٰۤی اَنْ یَّكُوْنَ مَعَ السّٰجِدِیْنَ ۟
কিন্তু ইবলীছ (যিজন ফিৰিস্তাসকলৰ লগতেই বসবাস কৰিছিল কিন্তু সি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিল) ফিৰিস্তাসকলৰ সৈতে আদমক ছাজদা কৰিবলৈ বিৰত থাকিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ينبغي للعبد التأمل والنظر في السماء وزينتها والاستدلال بها على باريها.
বান্দাই আকাশমণ্ডল আৰু ইয়াৰ সৌন্দৰ্য দেখি চিন্তা-চৰ্চা কৰা উচিত, আৰু ইয়াৰ দ্বাৰা ইয়াৰ সৃষ্টিকৰ্তাৰ প্ৰমাণ যুগুত কৰা উচিত।

• جميع الأرزاق وأصناف الأقدار لا يملكها أحد إلا الله، فخزائنها بيده يعطي من يشاء، ويمنع من يشاء، بحسب حكمته ورحمته.
সকলো প্ৰকাৰ জীৱিকা আৰু সিদ্ধান্তৰ একমাত্ৰ অধিকাৰ আল্লাহ তাআলা। ইয়াৰ ধন ভাণ্ডাৰ কেৱল তেওঁৰেই হাতত। তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰে। এই সকলো তেওঁৰ হিকমত তথা কৃপা অনুসাৰে হয়।

• الأرض مخلوقة ممهدة منبسطة تتناسب مع إمكان الحياة البشرية عليها، وهي مثبّتة بالجبال الرواسي؛ لئلا تتحرك بأهلها، وفيها من النباتات المختلفة ذات المقادير المعلومة على وفق الحكمة والمصلحة.
মাটিক আল্লাহে সমতল তথা বসবাস উপযোগী বনাইছে, যাতে ইয়াৰ ওপৰত মানুহে অতি সহজেই জীৱন-যাপন কৰিব পাৰে। ইয়াক সুদৃঢ় পৰ্বতৰ জৰিয়তে মজবুত কৰিছে, যাতে ই সঞ্চালন নকৰে। ইয়াত তেওঁৰ হিকমত আৰু সৃষ্টিসকলৰ প্ৰয়োজন অনুসাৰে নিৰ্দিষ্ট পৰিমাণত বিভিন্ন প্ৰকাৰৰ গছ-গছনি শাক-পাচলি সৃষ্টি কৰিছে।

• الأمر للملائكة بالسجود لآدم فيه تكريم للجنس البشري.
আদম আলাইহিছ ছালামক ছাজদাহ কৰিবলৈ ফিৰিস্তাসকলক যি আদেশ দিয়া হৈছে, তাত মানুহৰ বাবে সন্মান নিহিত হৈ আছে।

قَالَ یٰۤاِبْلِیْسُ مَا لَكَ اَلَّا تَكُوْنَ مَعَ السّٰجِدِیْنَ ۟
ইবলিছে যেতিয়া আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে তেতিয়া আল্লাহে তাক ক'লেঃ যিহেতু ফিৰিস্তাসকলে মোৰ আদেশ পালন কৰি ছাজদাহ কৰিলে, তেনেস্থলত তুমি কিয় ছাজদাহ নকৰিলা, কিহে তোমাক বাধা দিলে?
ዓረብኛ ተፍሲሮች:
قَالَ لَمْ اَكُنْ لِّاَسْجُدَ لِبَشَرٍ خَلَقْتَهٗ مِنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟
ইবলীছে অহংকাৰ কৰি ক'লেঃ মোৰ পক্ষে এয়া উচিত নহয় যে, মই এনেকুৱা মানুহক ছাজদাহ কৰিম, যাক তুমি শুকান মাটিৰে সৃষ্টি কৰিছা, যি মাটি ইতিপূৰ্বে দুৰ্গন্ধময় ক’লা বৰণীয়া আছিল।
ዓረብኛ ተፍሲሮች:
قَالَ فَاخْرُجْ مِنْهَا فَاِنَّكَ رَجِیْمٌ ۟ۙ
আল্লাহে ইবলীছক ক'লেঃ জান্নাতৰ পৰা ওলাই যোৱা, কাৰণ তোমাক নিলম্বন কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
وَّاِنَّ عَلَیْكَ اللَّعْنَةَ اِلٰی یَوْمِ الدِّیْنِ ۟
নিশ্চয় কিয়ামত পৰ্যন্ত তুমি অভিশপ্ত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত।
ዓረብኛ ተፍሲሮች:
قَالَ رَبِّ فَاَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟
ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! মোক সেই দিনটোলৈকে অৱকাশ দিয়া, যিদিনা তুমি সকলোকে পুনৰ্জীৱিত কৰিবা।
ዓረብኛ ተፍሲሮች:
قَالَ فَاِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟ۙ
আল্লাহে তাক ক'লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ'ল, আৰু তোমাৰ মৃত্যু পিছুৱাই দিয়া হ'ল।
ዓረብኛ ተፍሲሮች:
اِلٰی یَوْمِ الْوَقْتِ الْمَعْلُوْمِ ۟
সেই সময়লৈকে যেতিয়া প্ৰথমবাৰ শিঙাত ফুঁ দিয়া হ'ব আৰু সকলো সৃষ্টি জীৱ মৃত্যুবৰণ কৰিব।
ዓረብኛ ተፍሲሮች:
قَالَ رَبِّ بِمَاۤ اَغْوَیْتَنِیْ لَاُزَیِّنَنَّ لَهُمْ فِی الْاَرْضِ وَلَاُغْوِیَنَّهُمْ اَجْمَعِیْنَ ۟ۙ
ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক পথভ্ৰষ্ট কৰিছা, সেয়ে মই পৃথিৱীত সিহঁতৰ পাপকৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিম, আৰু সকলোকে সঠিক পথৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিম।
ዓረብኛ ተፍሲሮች:
اِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِیْنَ ۟
কেৱল তোমাৰ সেইসকল বান্দাৰ বাহিৰে যিসকলক তুমি তোমাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিছা।
ዓረብኛ ተፍሲሮች:
قَالَ هٰذَا صِرَاطٌ عَلَیَّ مُسْتَقِیْمٌ ۟
আল্লাহে ক'লেঃ এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সঠিক তথা সৰল পথ।
ዓረብኛ ተፍሲሮች:
اِنَّ عِبَادِیْ لَیْسَ لَكَ عَلَیْهِمْ سُلْطٰنٌ اِلَّا مَنِ اتَّبَعَكَ مِنَ الْغٰوِیْنَ ۟
মোৰ নিষ্ঠাৱান বান্দাসকলক বিভ্ৰান্ত কৰিবলৈ তোমাৰ কোনো চক্ৰান্ত কামত নাহিব। আনহাতে কিছুমান পথভ্ৰষ্ট লোক নিজেই তোমাৰ অনুসৰণ কৰিব।
ዓረብኛ ተፍሲሮች:
وَاِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ اَجْمَعِیْنَ ۟ۙ
নিশ্চয় ইবলীছ আৰু তাৰ পথভ্ৰষ্ট অনুসাৰীসকলৰ প্ৰতিশ্ৰুত স্থান হৈছে জাহান্নাম।
ዓረብኛ ተፍሲሮች:
لَهَا سَبْعَةُ اَبْوَابٍ ؕ— لِكُلِّ بَابٍ مِّنْهُمْ جُزْءٌ مَّقْسُوْمٌ ۟۠
জাহান্নামৰ সাতখন দুৱাৰ আছে, যিবোৰ দুৱাৰেৰে সিহঁত প্ৰৱেশ কৰিব। প্ৰত্যেক দুৱাৰেৰে নিৰ্দিষ্ট সংখ্যক ইবলীছৰ অনুসাৰীয়ে প্ৰৱেশ কৰিব।
ዓረብኛ ተፍሲሮች:
اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ؕ
যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, নিশ্চয় তেওঁলোক থাকিব নিজৰা প্ৰবাহিত জান্নাতত।
ዓረብኛ ተፍሲሮች:
اُدْخُلُوْهَا بِسَلٰمٍ اٰمِنِیْنَ ۟
প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক কোৱা হ'বঃ সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা সুৰক্ষিত হৈ আৰু ভয়মুক্ত তথা নিশ্চিন্ত হৈ প্ৰৱেশ কৰা।
ዓረብኛ ተፍሲሮች:
وَنَزَعْنَا مَا فِیْ صُدُوْرِهِمْ مِّنْ غِلٍّ اِخْوَانًا عَلٰی سُرُرٍ مُّتَقٰبِلِیْنَ ۟
আমি তেওঁলোকৰ অন্তৰসমূহক সকলো প্ৰকাৰ হিংসা-বিদ্বেষৰ পৰা পৱিত্ৰ কৰিম। তেওঁলোকে ইজনে সিজনক ভাল পাব, তথা সিংহাসনত বহি ইজনে সিজনক প্ৰত্যক্ষ কৰিব।
ዓረብኛ ተፍሲሮች:
لَا یَمَسُّهُمْ فِیْهَا نَصَبٌ وَّمَا هُمْ مِّنْهَا بِمُخْرَجِیْنَ ۟
তেওঁলোক তাত কেতিয়াও ক্লান্ত নহ'ব, আৰু তেওঁলোকক তাৰ পৰা কেতিয়াও বহিষ্কাৰো কৰা নহ'ব। বৰং তেওঁলোক তাত চিৰকাল থাকিব।
ዓረብኛ ተፍሲሮች:
نَبِّئْ عِبَادِیْۤ اَنِّیْۤ اَنَا الْغَفُوْرُ الرَّحِیْمُ ۟ۙ
হে ৰাছুল! মোৰ বান্দাসকলক জনাই দিয়ক যে, নিশ্চয় মই তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিওঁ আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰো।
ዓረብኛ ተፍሲሮች:
وَاَنَّ عَذَابِیْ هُوَ الْعَذَابُ الْاَلِیْمُ ۟
লগতে তেওঁলোকক জনাই দিয়ক যে, মোৰ শাস্তি অতি কষ্টদায়ক। এতেকে তেওঁলোকে তাওবা কৰা উচিত, যাতে তেওঁলোকে মোৰ ক্ষমা লাভ কৰিব পাৰে আৰু মোৰ শাস্তিৰ পৰা নিৰাপদ থাকিব পাৰে।
ዓረብኛ ተፍሲሮች:
وَنَبِّئْهُمْ عَنْ ضَیْفِ اِبْرٰهِیْمَ ۟ۘ
আপুনি তেওঁলোকক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰলৈ অতিথি হৈ অহা ফিৰিস্তাসকলৰ বিষয়ে জনাই দিয়ক, ফিৰিস্তাসকলে তেওঁৰ ওচৰলৈ তেওঁৰ পুত্ৰৰ সুসংবাদ আৰু লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাৰ্তা লৈ আহিছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• في الآيات دليل على تزاور المتقين واجتماعهم وحسن أدبهم فيما بينهم، في كون كل منهم مقابلًا للآخر لا مستدبرًا له.
উক্ত আয়াতসমূহত এই কথাৰ প্ৰমাণ পোৱা গ'ল যে, জান্নাতত মুত্তাক্বীসকলে ইজনে সিজনক সাক্ষাৎ কৰিবলৈ যাব, আৰু বৈঠক কৰিব, লগতে তেওঁলোকে উত্তম শিষ্টাচাৰ অৱলম্বন কৰি সদাচৰণ কৰিব। ইজনে সিজনৰ সন্মুখত বহিব, কোনেও কাকো পিঠি দিয়াকৈ নবহিব।

• ينبغي للعبد أن يكون قلبه دائمًا بين الخوف والرجاء، والرغبة والرهبة.
বান্দাৰ অন্তৰ সদায় ভয় আৰু আশাৰ মাজত তথা উৎসাহ আৰু আশংকাৰ মাজত থকা উচিত।

• سجد الملائكة لآدم كلهم أجمعون سجود تحية وتكريم إلا إبليس رفض وأبى.
সকলো ফিৰিস্তাই আদমক সন্মানাৰ্থে ছাজদাহ কৰিছিল, কেৱল ইবলীছেই ছাজদাহ কৰা নাছিল তথা অস্বীকাৰ কৰিছিল।

• لا سلطان لإبليس على الذين هداهم الله واجتباهم واصطفاهم في أن يلقيهم في ذنب يمنعهم عفو الله.
আল্লাহে যিসকলক হিদায়ত প্ৰদান কৰিছে তথা সৎকৰ্মৰ বাবে নিৰ্বাচিত কৰিছে, ইবলীছে কেতিয়াও তেওঁলোকক এনেকুৱা পাপকৰ্মত লিপ্ত কৰিব নোৱাৰিব যিটো ক্ষমাৰ যোগ্য নহয়।

اِذْ دَخَلُوْا عَلَیْهِ فَقَالُوْا سَلٰمًا ؕ— قَالَ اِنَّا مِنْكُمْ وَجِلُوْنَ ۟
যেতিয়া তেওঁলোক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত উপস্থিত হ'ল আৰু ছালাম জনালে, তেতিয়া তেওঁ তেওঁলোকৰ ছালামৰ উত্তমভাৱে উত্তৰ দিলে। লগতে তেওঁলোকৰ সন্মুখত খোৱাৰ বাবে ভজা গো-পোৱালী এটা আগবঢ়াই দিলে, কাৰণ তেওঁ তেওঁলোকক মানুহ বুলি ভাৱিছিল। কিন্তু যেতিয়া তেওঁ দেখিলে যে, তেওঁলোকে খাদ্য বস্তুৰ পিনে আগ্ৰহ প্ৰকাশ কৰা নাই, তেতিয়া তেওঁ ক'লেঃ তোমালোকক দেখি আমি ভয় কৰি আছো।
ዓረብኛ ተፍሲሮች:
قَالُوْا لَا تَوْجَلْ اِنَّا نُبَشِّرُكَ بِغُلٰمٍ عَلِیْمٍ ۟
তেতিয়া সেই বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ ভয় নকৰিব, আমি আপোনাক আনন্দদায়ক সুসংবাদ দিবলৈ আহিছো। আপোনাৰ ঘৰত এজন জ্ঞানী সন্তান জন্ম লাভ কৰিব।
ዓረብኛ ተፍሲሮች:
قَالَ اَبَشَّرْتُمُوْنِیْ عَلٰۤی اَنْ مَّسَّنِیَ الْكِبَرُ فَبِمَ تُبَشِّرُوْنَ ۟
ইব্ৰাহীম আলাইহিচ্ছালামে পুত্ৰৰ সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ আপোনালোকে মোক এই বৃদ্ধ বয়সত পুত্ৰ সুসংবাদ দি আছে? কি ভিত্তিত আপোনালোকে মোক এই সুসংবাদ দি আছে?
ዓረብኛ ተፍሲሮች:
قَالُوْا بَشَّرْنٰكَ بِالْحَقِّ فَلَا تَكُنْ مِّنَ الْقٰنِطِیْنَ ۟
বাৰ্তাবাহক ফিৰিস্তাসকলে ইব্ৰাহীম আলাইহিচ্ছালামক উদ্দেশ্যি ক'লেঃ আমি আপোনাক সত্য সুসংবাদ শুনাইছো, যাৰ ভিতৰত কোনো ধৰণৰ সন্দেহ নাই। গতিকে আপুনি ইয়াৰ পৰা নিৰাশ নহব, যি সুসংবাদ আমি আপোনাক প্ৰদান কৰিছো।
ዓረብኛ ተፍሲሮች:
قَالَ وَمَنْ یَّقْنَطُ مِنْ رَّحْمَةِ رَبِّهٖۤ اِلَّا الضَّآلُّوْنَ ۟
ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ নিজ প্ৰতিপালকৰ দয়াৰ পৰা কেৱল সেইসকল লোকেই নিৰাশ হয়, যিসকল আল্লাহৰ সঠিক-সৰল পথৰ পৰা বিভ্ৰান্ত।
ዓረብኛ ተፍሲሮች:
قَالَ فَمَا خَطْبُكُمْ اَیُّهَا الْمُرْسَلُوْنَ ۟
ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ হে আল্লাহৰ প্ৰেৰিত বাৰ্তাবাহকসকল! আপোনালোকে কোনো অভিযানত আহিছে নেকি?
ዓረብኛ ተፍሲሮች:
قَالُوْۤا اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمٍ مُّجْرِمِیْنَ ۟ۙ
বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ আল্লাহে আমাক এনেকুৱা এটা সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে প্ৰেৰণ কৰিছে, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে আৰু সকলো প্ৰকাৰ অসৎকৰ্ম কৰে। সিহঁত হৈছে লূত সম্প্ৰদায়।
ዓረብኛ ተፍሲሮች:
اِلَّاۤ اٰلَ لُوْطٍ ؕ— اِنَّا لَمُنَجُّوْهُمْ اَجْمَعِیْنَ ۟ۙ
কেৱল লূত আলাইহিচ্ছালামৰ পৰিয়াল আৰু তেওঁৰ অনুসাৰী মুমিনসকলৰ বাহিৰে। এওঁলোকক বিনাশ কৰাৰ আদেশ দিয়া হোৱা নাই। আমি এই সকলো লোকক উদ্ধাৰ কৰিম।
ዓረብኛ ተፍሲሮች:
اِلَّا امْرَاَتَهٗ قَدَّرْنَاۤ ۙ— اِنَّهَا لَمِنَ الْغٰبِرِیْنَ ۟۠
কিন্তু তেওঁৰ স্ত্ৰীৰ বিষয়টো সুকীয়া। আমাৰ ফয়চালা অনুসাৰে তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব আৰু শাস্তিৰ সন্মুখীন হ'ব।
ዓረብኛ ተፍሲሮች:
فَلَمَّا جَآءَ اٰلَ لُوْطِ ١لْمُرْسَلُوْنَ ۟ۙ
এতেকে প্ৰেৰিত ফিৰিস্তাসকল যেতিয়া মানুহৰ ৰূপত লূত আলাইহিচ্ছালামৰ ঘৰত আহি উপস্থিত হ'ল।
ዓረብኛ ተፍሲሮች:
قَالَ اِنَّكُمْ قَوْمٌ مُّنْكَرُوْنَ ۟
লূত আলাইহিচ্ছালামে তেওঁলোকক ক'লেঃ আপোনালোক দেখোন অপৰিচিত।
ዓረብኛ ተፍሲሮች:
قَالُوْا بَلْ جِئْنٰكَ بِمَا كَانُوْا فِیْهِ یَمْتَرُوْنَ ۟
প্ৰেৰিত ফিৰিস্তাসকলে লূত আলাইহিচ্ছালামক ক'লেঃ ভয় নকৰিব। আমি আপোনাৰ সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে শাস্তি লৈ আহিছো, যি শাস্তিক সিহঁতে সদায় সন্দেহ কৰি আহিছে।
ዓረብኛ ተፍሲሮች:
وَاَتَیْنٰكَ بِالْحَقِّ وَاِنَّا لَصٰدِقُوْنَ ۟
এয়া কোনো ধেমালি নহয়, আমি সঁচাই আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছো, নিশ্চয় আমি এই বিষয়ত সত্যবাদী।
ዓረብኛ ተፍሲሮች:
فَاَسْرِ بِاَهْلِكَ بِقِطْعٍ مِّنَ الَّیْلِ وَاتَّبِعْ اَدْبَارَهُمْ وَلَا یَلْتَفِتْ مِنْكُمْ اَحَدٌ وَّامْضُوْا حَیْثُ تُؤْمَرُوْنَ ۟
এতেকে ৰাতিৰ কিছু অংশ অতিবাহিত হোৱাৰ পিছত আপুনি আপোনাৰ পৰিয়ালসহ ৰাওনা হওক। আৰু আপুনি এওঁলোকৰ পিচে পিচে থাকিব। কোনেও যেন পিচফালে ঘূৰি নাচায় যে, বাকী লোকসকলৰ কি হ'ল। সেই স্থানলৈ গুচি যাওক, য'ত যাবলৈ আল্লাহে আপোনালোকক আদেশ কৰিছে।
ዓረብኛ ተፍሲሮች:
وَقَضَیْنَاۤ اِلَیْهِ ذٰلِكَ الْاَمْرَ اَنَّ دَابِرَ هٰۤؤُلَآءِ مَقْطُوْعٌ مُّصْبِحِیْنَ ۟
আনহাতে আমি লূত আলাইহিচ্ছালামক অহীৰ দ্বাৰা আমাৰ নিৰ্ণয় সম্পৰ্কে অৱগত কৰাইছিলো যে, প্ৰভাত হোৱাৰ আগতেই আমি সিহঁতৰ প্ৰত্যেককে ধ্বংস কৰিম।
ዓረብኛ ተፍሲሮች:
وَجَآءَ اَهْلُ الْمَدِیْنَةِ یَسْتَبْشِرُوْنَ ۟
ইপিনে ছুদুমৰ অধিবাসীসকলে লূত আলাইহিচ্ছালামৰ অতিথিসকলক দেখি অশ্লীল কাৰ্যৰ বাসনাৰে আনন্দিত হৈ উপস্থিত হ'ল।
ዓረብኛ ተፍሲሮች:
قَالَ اِنَّ هٰۤؤُلَآءِ ضَیْفِیْ فَلَا تَفْضَحُوْنِ ۟ۙ
লূত আলাইহিচ্ছালামে সিহঁতক ক'লেঃ এওঁলোক হৈছে মোৰ অতিথি। এতেকে এওঁলোকৰ লগত অশ্লীলতা অৱলম্বন কৰি মোক অপমানিত নকৰিবা।
ዓረብኛ ተፍሲሮች:
وَاتَّقُوا اللّٰهَ وَلَا تُخْزُوْنِ ۟
এইবোৰ অশ্লীলতাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। তোমালোকৰ এনেকুৱা বেয়া স্বভাৱৰ জৰিয়তে মোক লাঞ্ছিত নকৰিবা।
ዓረብኛ ተፍሲሮች:
قَالُوْۤا اَوَلَمْ نَنْهَكَ عَنِ الْعٰلَمِیْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ আমি আপোনাক নিষেধ কৰা নাছিলোনে যে, আপুনি কাকো অতিথি নবনাব?
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تعليم أدب الضيف بالتحية والسلام حين القدوم على الآخرين.
কোনো ব্যক্তিৰ ঘৰত অতিথি হিচাপে গলে প্ৰথমে ছালাম কৰা উচিত।

• من أنعم الله عليه بالهداية والعلم العظيم لا سبيل له إلى القنوط من رحمة الله.
আল্লাহে যাক হিদায়তৰ পথ দেখুৱাইছে, আৰু উচ্চ জ্ঞান দান কৰিছে তেনেকুৱা ব্যক্তিয়ে কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা উচিত নহয়।

• نهى الله تعالى لوطًا وأتباعه عن الالتفات أثناء نزول العذاب بقوم لوط حتى لا تأخذهم الشفقة عليهم.
আল্লাহে লূত আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰীসকলক তেওঁৰ সম্প্ৰদায়ৰ ওপৰত যেতিয়া শাস্তি অৱতীৰ্ণ হ'ব তেতিয়া পিচফালে ঘূৰি চাবলৈ নিষেধ কৰিছিল, যাতে সিহঁতৰ প্ৰতি পুতৌ নজন্মে।

• تصميم قوم لوط على ارتكاب الفاحشة مع هؤلاء الضيوف دليل على طمس فطرتهم، وشدة فحشهم.
লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁৰ অতিথিসকলৰ লগত অশ্লীল কাৰ্য কৰাৰ দৃঢ় বাসনাই প্ৰমাণ কৰে যে, সিহঁতৰ প্ৰবৃত্তি কিমান বিকৃত হৈছিল, আৰু সিহঁত কিমান নিৰ্লজ্জ হৈ পৰিছিল।

قَالَ هٰۤؤُلَآءِ بَنَاتِیْۤ اِنْ كُنْتُمْ فٰعِلِیْنَ ۟ؕ
লূত আলাইহিচ্ছালামে তেওঁৰ অতিথিসকলৰ সন্মুখত বিৱশতা দেখুৱাই নিজ জাতিৰ লোকসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ স্ত্ৰীৰসকলৰ লগতে এয়া মোৰ কন্যা সকলো আছে, যদি তোমালোকে প্ৰবৃত্তিৰ বাসনা পূৰণ কৰিব বিচৰা তেন্তে এওঁলোকক বিবাহ কৰিব পাৰা।
ዓረብኛ ተፍሲሮች:
لَعَمْرُكَ اِنَّهُمْ لَفِیْ سَكْرَتِهِمْ یَعْمَهُوْنَ ۟
হে ৰাছুল! আপোনাৰ জীৱনৰ শপত! প্ৰকৃততে লূত সম্প্ৰদায় কাম-বাসনাত মতলীয়া হৈ আছিল।
ዓረብኛ ተፍሲሮች:
فَاَخَذَتْهُمُ الصَّیْحَةُ مُشْرِقِیْنَ ۟ۙ
অৱশেষত সূৰ্যোদয়ৰ সময়ত সিহঁতক এক বিনাশকাৰী প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।
ዓረብኛ ተፍሲሮች:
فَجَعَلْنَا عَالِیَهَا سَافِلَهَا وَاَمْطَرْنَا عَلَیْهِمْ حِجَارَةً مِّنْ سِجِّیْلٍ ۟ؕ
আৰু সিহঁতৰ জনবসতিক ওলোটাই দিলো, লগতে সিহঁতৰ ওপৰত বৰ্ষণ কৰিলো শিলাবৃষ্টি।
ዓረብኛ ተፍሲሮች:
اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّلْمُتَوَسِّمِیْنَ ۟
লূত সম্প্ৰদায়ক বিনাশ কৰাৰ যি ঘটনা বৰ্ণনা কৰা হ'ল, নিশ্চয় তাৰ মাজত চিন্তা-চৰ্চাকাৰী সকলৰ বাবে আছে বহুতো নিদৰ্শন।
ዓረብኛ ተፍሲሮች:
وَاِنَّهَا لَبِسَبِیْلٍ مُّقِیْمٍ ۟
লূত আলাইহিচ্ছালামৰ জাতিৰ গাওঁসমূহ সাৰ্বজনিক পথত অৱস্থিত আছিল, সেই পথেৰে অতিক্ৰম কৰা সকলো ভ্ৰমণকাৰীয়ে সিহঁতক প্ৰত্যক্ষ কৰিছিল।
ዓረብኛ ተፍሲሮች:
اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّلْمُؤْمِنِیْنَ ۟ؕ
যিবোৰ ঘটনা সংঘটিত হৈছে তাত আছে মুমিনসকলৰ বাবে ডাঙৰ শিক্ষা, যিবোৰৰ পৰা তেওঁলোকে পাঠ লব পাৰে।
ዓረብኛ ተፍሲሮች:
وَاِنْ كَانَ اَصْحٰبُ الْاَیْكَةِ لَظٰلِمِیْنَ ۟ۙ
পাতশূন্য গছ থকা গাওঁৰ অধিবাসীসকল অৰ্থাৎ ছোৱাইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ লোকসকলেও আছিল অত্যাচাৰী। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুল ছোৱাইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
فَانْتَقَمْنَا مِنْهُمْ ۘ— وَاِنَّهُمَا لَبِاِمَامٍ مُّبِیْنٍ ۟ؕ۠
ফলত আমি সিহঁতৰ প্ৰতিশোধ ল'লো, আৰু শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় লূত সম্প্ৰদায়ৰ গাওঁ আৰু ছোৱাইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ গাওঁ সাধাৰণ পথৰ দাঁতিত অৱস্থিত আছিল।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ كَذَّبَ اَصْحٰبُ الْحِجْرِ الْمُرْسَلِیْنَ ۟ۙ
হিজৰৰ (অৰ্থাৎ হিজাজ আৰু চিৰিয়াৰ মধ্যৱৰ্তী এখন স্থানৰ) অধিবাসীসকল অৰ্থাৎ ছামূদ সম্প্ৰদায়ে সিহঁতৰ নবী ছলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰাৰ জৰিয়তে সকলো ৰাছুলকে অস্বীকাৰ কৰিছে।
ዓረብኛ ተፍሲሮች:
وَاٰتَیْنٰهُمْ اٰیٰتِنَا فَكَانُوْا عَنْهَا مُعْرِضِیْنَ ۟ۙ
আমি সিহঁতক তেওঁৰ সত্য নবী হোৱাৰ প্ৰমাণ আৰু নিদৰ্শন প্ৰদান কৰিছিলো। তাৰে অন্যতম নিদৰ্শন আছিল এজনী মাইকী উট। কিন্তু সিহঁতে সেই প্ৰমাণসমূহক গুৰুত্ব নিদিলে, আৰু কোনো ভ্ৰুক্ষেপ নকৰিলে।
ዓረብኛ ተፍሲሮች:
وَكَانُوْا یَنْحِتُوْنَ مِنَ الْجِبَالِ بُیُوْتًا اٰمِنِیْنَ ۟
সিহঁতে পৰ্বত খনন কৰি নিৰাপদে থকাৰ বাবে ঘৰ সাজিছিল।
ዓረብኛ ተፍሲሮች:
فَاَخَذَتْهُمُ الصَّیْحَةُ مُصْبِحِیْنَ ۟ۙ
অৱশেষত প্ৰভাতৰ সময়ত সিহঁতক প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।
ዓረብኛ ተፍሲሮች:
فَمَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟ؕ
কিন্তু সিহঁতৰ উপাৰ্জিত ধন আৰু সিহঁতৰ নিৰাপত্তামূলক ঘৰে সিহঁতক ৰক্ষা কৰিব নোৱাৰিলে।
ዓረብኛ ተፍሲሮች:
وَمَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَاۤ اِلَّا بِالْحَقِّ ؕ— وَاِنَّ السَّاعَةَ لَاٰتِیَةٌ فَاصْفَحِ الصَّفْحَ الْجَمِیْلَ ۟
আমি আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা বস্তুসমূহক উদ্দেশ্যবিহীন সৃষ্টি কৰা নাই। নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। এতেকে হে ৰাছুল! আপুনি অস্বীকাৰকাৰী সকলক আওকাণ কৰক, আৰু সিহঁতক উত্তমৰূপে ক্ষমা কৰি দিয়ক।
ዓረብኛ ተፍሲሮች:
اِنَّ رَبَّكَ هُوَ الْخَلّٰقُ الْعَلِیْمُ ۟
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকেই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্তা, আৰু তেওঁ সেই সম্পৰ্কে সম্যক জ্ঞানৰ অধিকাৰী।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اٰتَیْنٰكَ سَبْعًا مِّنَ الْمَثَانِیْ وَالْقُرْاٰنَ الْعَظِیْمَ ۟
অৱশ্যে আমি আপোনাক সাতটা আয়াতবিশিষ্ট ছুৰা আল-ফাতিহা প্ৰদান কৰিছো, এইটোৱে হৈছে মহা কোৰআন।
ዓረብኛ ተፍሲሮች:
لَا تَمُدَّنَّ عَیْنَیْكَ اِلٰی مَا مَتَّعْنَا بِهٖۤ اَزْوَاجًا مِّنْهُمْ وَلَا تَحْزَنْ عَلَیْهِمْ وَاخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِیْنَ ۟
আমি কাফিৰসকলৰ বিভিন্ন দলক ধ্বংসশীল জীৱনৰ যি সা-সামগ্ৰী প্ৰদান কৰিছো আপুনি তালৈ দৃষ্টিপাত নকৰিব, আৰু সিহঁতৰ অস্বীকাৰ কাৰ্যত দুখ নকৰিব আৰু মুমিনসকলৰ লগত নম্ৰ ব্যৱহাৰ কৰিব।
ዓረብኛ ተፍሲሮች:
وَقُلْ اِنِّیْۤ اَنَا النَّذِیْرُ الْمُبِیْنُ ۟ۚ
হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মই শাস্তিৰ পৰা সতৰ্ককাৰী, স্পষ্টভাৱে সতৰ্ক কৰো।
ዓረብኛ ተፍሲሮች:
كَمَاۤ اَنْزَلْنَا عَلَی الْمُقْتَسِمِیْنَ ۟ۙ
মই তোমালোকক সেই শাস্তিৰ পৰা সাৱধান কৰো, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল আল্লাহৰ পুথিক ভাগ ভাগকাৰী সকলৰ ওপৰত, সিহঁতে কিছু অংশৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু কিছু অংশক অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن الله تعالى إذا أراد أن يهلك قرية ازداد شرهم وطغيانهم، فإذا انتهى أوقع بهم من العقوبات ما يستحقونه.
আল্লাহে যেতিয়া কোনো জনবসতিক ধ্বংস কৰিব বিচাৰে, তেতিয়া সেই সম্প্ৰদায়ৰ অধিবাসী সকলৰ পাপ কৰ্ম আৰু স্বৈৰাচাৰিতা বৃদ্ধি কৰি দিয়ে। এতেকে যেতিয়া সিহঁতে সীমা অতিক্ৰম কৰি পেলায় তেতিয়া সিহঁত প্ৰাপ্য শাস্তিৰ সন্মুখীন হয়।

• كراهة دخول مواطن العذاب، ومثلها دخول مقابر الكفار، فإن دخل الإنسان إلى تلك المواضع والمقابر فعليه الإسراع.
যি স্থানত আল্লাহৰ শাস্তি অৱতীৰ্ণ হৈছে সেই স্থানত যোৱাটো অপছন্দনীয়। ঠিক সেইদৰে কাফিৰসকলৰ কবৰস্থানৰো একেই অৱস্থা। যদি কোনোবাই তেনেকুৱা ঠাই অতিক্ৰম কৰিবলগীয়া হয় তেন্তে অতি দ্ৰুত গতিত সেই ঠাই অতিক্ৰম কৰা উচিত।

• ينبغي للمؤمن ألا ينظر إلى زخارف الدنيا وزهرتها، وأن ينظر إلى ما عند الله من العطاء.
মুমিন ব্য়ক্তিয়ে পৃথিৱীৰ সা-সৌন্দৰ্য আৰু ইয়াৰ আকৰ্ষণৰ প্ৰতি আকৃষ্ট হোৱা উচিত নহয়, বৰং আল্লাহৰ ওচৰত থকা প্ৰতিদানৰ প্ৰতি মনোযোগ দিয়া উচিত।

• على المؤمن أن يكون بعيدًا من المشركين، ولا يحزن إن لم يؤمنوا، قريبًا من المؤمنين، متواضعًا لهم، محبًّا لهم ولو كانوا فقراء.
মুমিনসকলে মুশ্বৰিকসকলৰ পৰা দূৰত্ব অৱলম্বন কৰা উচিত, সিহঁতে যদি ঈমান পোষণ নকৰে তেন্তে দুখ কৰিব নালাগে। মুমিনসকলৰ লগত থকা উচিত, তেওঁলোকৰ লগত নম্ৰ ব্যৱহাৰ কৰা উচিত, তেওঁলোকক ভালপোৱা উচিত যদিও তেওঁলোকক দৰিদ্ৰ হয়।

الَّذِیْنَ جَعَلُوا الْقُرْاٰنَ عِضِیْنَ ۟
যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। ফলত সিহঁতে কৈছেঃ এয়া হৈছে যাদু অথবা জ্যোতিষবিদ্ধা নাইবা কবিতা।
ዓረብኛ ተፍሲሮች:
فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ اَجْمَعِیْنَ ۟ۙ
এতেকে হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! আমি কিয়ামতৰ দিনা সেই সকলো লোককে প্ৰশ্ন কৰিম, যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
ዓረብኛ ተፍሲሮች:
عَمَّا كَانُوْا یَعْمَلُوْنَ ۟
আমি সিহঁতক কুফৰী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰিম, যিবোৰ সিহঁতে কৰিছিল।
ዓረብኛ ተፍሲሮች:
فَاصْدَعْ بِمَا تُؤْمَرُ وَاَعْرِضْ عَنِ الْمُشْرِكِیْنَ ۟
হে ৰাছুল! আপুনি সেই আদেশৰ ঘোষণা দিয়ক যিটো আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে মুশ্বৰিকসকলে যি কয় আৰু কৰে তাৰ প্ৰতি আপুনি ভ্ৰুক্ষেপ নকৰিব।
ዓረብኛ ተፍሲሮች:
اِنَّا كَفَیْنٰكَ الْمُسْتَهْزِءِیْنَ ۟ۙ
আৰু সিহঁতক ভয় নকৰিব। কুৰাইছৰ মাজৰ পৰা কাফিৰসকলৰ নেতৃবৰ্গৰ উপহাস আৰু চক্ৰান্তৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ বাবে আমিয়েই যথেষ্ট।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ یَجْعَلُوْنَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۚ— فَسَوْفَ یَعْلَمُوْنَ ۟
যিসকলে আল্লাহৰ সৈতে আনক উপাস্য কৰি লৈছে। অতি শীঘ্ৰেই সিহঁতে নিজৰ শ্বিৰ্কৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ نَعْلَمُ اَنَّكَ یَضِیْقُ صَدْرُكَ بِمَا یَقُوْلُوْنَ ۟ۙ
হে ৰাছুল! নিশ্চয় আমি জানো সিহঁতে কৰা অস্বীকাৰ আৰু উপহাসৰ ফলত আপোনাৰ অন্তৰ সংকীৰ্ণ হৈ পৰে।
ዓረብኛ ተፍሲሮች:
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُنْ مِّنَ السّٰجِدِیْنَ ۟ۙ
এতেকে আপুনি আল্লাহক অনোপযুক্ত সকলো বিষয়ৰ পৰা পৱিত্ৰ ঘোষণা কৰি তেওঁৰ আশ্ৰয় গ্ৰহণ কৰক। লগতে পৰিপূৰ্ণ গুণাৱলীৰ সৈতে তেওঁৰ প্ৰশংসা কৰক। তথা আল্লাহৰ ইবাদতকাৰী আৰু তেওঁৰ বাবে চালাত আদায়কাৰী হৈ যাওক। ইয়াৰ ভিতৰতেই আপোনাৰ আন্তৰিক শান্তি নিহিত আছে।
ዓረብኛ ተፍሲሮች:
وَاعْبُدْ رَبَّكَ حَتّٰی یَاْتِیَكَ الْیَقِیْنُ ۟۠
এতেকে জীৱিত থকালৈকে নিজ প্ৰতিপালকৰ ইবাদত কৰি যাওক, আনকি এই অৱস্থাতেই আপোনাৰ মৃত্যু হওঁক।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عناية الله ورعايته بصَوْن النبي صلى الله عليه وسلم وحمايته من أذى المشركين.
নবী চা্ল্লাল্লাহু আলাইহি অছাল্লামক মুশ্বৰিকসকলৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহৰ বিশেষ তৎপৰতা।

• التسبيح والتحميد والصلاة علاج الهموم والأحزان، وطريق الخروج من الأزمات والمآزق والكروب.
আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰা, তেওঁৰ প্ৰশংসা কৰা আৰু ছালাত আদায় কৰাটো হৈছে দুখ, দুশ্চিন্তা আৰু বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ সহজ উপায়।

• المسلم مطالب على سبيل الفرضية بالعبادة التي هي الصلاة على الدوام حتى يأتيه الموت، ما لم يغلب الغشيان أو فقد الذاكرة على عقله.
মৃত্যু পৰ্যন্ত অচেতন নোহোৱালৈকে মুছলিমৰ ওপৰত ছালাত আদায় কৰা ফৰজ।

• سمى الله الوحي روحًا؛ لأنه تحيا به النفوس.
আল্লাহে অহীক ৰূহ নামেৰে নামকৰণ কৰিছে, কিয়নো ইয়াৰ দ্বাৰা অন্তৰসমূহে জীৱন লাভ কৰে।

• مَلَّكَنا الله تعالى الأنعام والدواب وذَلَّلها لنا، وأباح لنا تسخيرها والانتفاع بها؛ رحمة منه تعالى بنا.
এয়া আল্লাহৰ আমাৰ ওপৰত অসীম অনুগ্ৰহ যে, তেওঁ আমাক চতুষ্পদ জন্তুৰ মালিক বনাইছে, তথা সেইবোৰক অধীনত ৰখাৰ সুযোগ দিছে আৰু সেইবোৰৰ দ্বাৰা উপকৃত হ'বলৈ আমাৰ বাবে বৈধ কৰিছে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሒጅር
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት