Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል   አንቀፅ:
ثُمَّ یَوْمَ الْقِیٰمَةِ یُخْزِیْهِمْ وَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تُشَآقُّوْنَ فِیْهِمْ ؕ— قَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ اِنَّ الْخِزْیَ الْیَوْمَ وَالسُّوْٓءَ عَلَی الْكٰفِرِیْنَ ۟ۙ
তাৰ পিছত কিয়ামতৰ দিনা আল্লাহে সিহঁতক শাস্তিৰ দ্বাৰা অপমানিত কৰিব আৰু ক'বঃ সেইসকল অংশীদাৰ ক'ত এতিয়া? যিবোৰক তোমালোকে মোৰ সৈতে ইবাদতত অংশী কৰিছিলা, আৰু সেইবোৰৰ কাৰণে তোমালোকে মোৰ নবী আৰু মুমিনসকলৰ লগত শত্ৰুতা পোষণ কৰিছিলা। আল্লাহৱালা জ্ঞানী লোকসকলে ক'বঃ নিশ্চয় কিয়ামতৰ দিনা অপমান আৰু শাস্তি হৈছে কাফিৰসকলৰ বাবে।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ تَتَوَفّٰىهُمُ الْمَلٰٓىِٕكَةُ ظَالِمِیْۤ اَنْفُسِهِمْ ۪— فَاَلْقَوُا السَّلَمَ مَا كُنَّا نَعْمَلُ مِنْ سُوْٓءٍ ؕ— بَلٰۤی اِنَّ اللّٰهَ عَلِیْمٌۢ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সহযোগীসকলে যেতিয়া সেইসকল লোকৰ প্ৰাণহৰণ কৰে যিসকলে অন্যায়-অত্যাচাৰ আৰু কুফৰীত লিপ্ত, তেতিয়া সেইসকল লোকে মৃত্যুক সন্মুখত দেখি আত্মসমৰ্পন কৰে, লগতে সিহঁতে তেতিয়া কুফৰী আৰু গুনাহ কৰা বুলি অস্বীকাৰ কৰে। এইকাৰণে অস্বীকাৰ কৰে হয়তো সিহঁতে ইয়াৰ ফলত লাভান্বিত হ'ব। তেতিয়া সিহঁতক কোৱা হ'বঃ তোমালোক মিছলীয়া। তোমালোক কাফিৰ আছিলা, আৰু গুনাহত লিপ্ত আছিলা। তোমালোকে পৃথিৱীত যি কৰিছিলা, নিশ্চিতভাৱে আল্লাহ সেই সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। আৰু তোমালোকক ইয়াৰ প্ৰতিদান দিয়া হ'ব।
ዓረብኛ ተፍሲሮች:
فَادْخُلُوْۤا اَبْوَابَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ— فَلَبِئْسَ مَثْوَی الْمُتَكَبِّرِیْنَ ۟
আৰু সিহঁতক কোৱা হ'ব, তোমালোকে নিজ কৰ্মৰ প্ৰতিফলস্বৰূপে জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা। তাতেই তোমালোক চিৰকাল থাকিব লাগিব। এতেকে আল্লাহৰ ওপৰত ঈমান আৰু তেওঁৰ ইবাদতত অহংকাৰকাৰী সকলৰ ঠিকনা কিমান যে নিকৃষ্ট।
ዓረብኛ ተፍሲሮች:
وَقِیْلَ لِلَّذِیْنَ اتَّقَوْا مَاذَاۤ اَنْزَلَ رَبُّكُمْ ؕ— قَالُوْا خَیْرًا ؕ— لِلَّذِیْنَ اَحْسَنُوْا فِیْ هٰذِهِ الدُّنْیَا حَسَنَةٌ ؕ— وَلَدَارُ الْاٰخِرَةِ خَیْرٌ ؕ— وَلَنِعْمَ دَارُ الْمُتَّقِیْنَ ۟ۙ
আৰু যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, তেওঁলোকক যেতিয়া সোধা হ'বঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কি অৱতীৰ্ণ কৰিছে? তেওঁলোকে ক'বঃ আল্লাহে তেওঁৰ ওপৰত মহান কল্যাণ অৱতীৰ্ণ কৰিছে, যিসকল লোকে উত্তমৰূপে আল্লাহৰ ইবাদত কৰিছে আৰু তেওঁৰ সৃষ্টিৰ লগত ভাল ব্যৱহাৰ কৰিছে, তেওঁলোকৰ বাবে এই পাৰ্থিৱ জীৱনত আছে উত্তম প্ৰতিদান, উদাহৰণ স্বৰূপেঃ সহায় আৰু জীৱিকাত প্ৰশস্ততা। আনহাতে আখিৰাতত আল্লাহে তেওঁলোকৰ বাবে যি প্ৰতিদান প্ৰস্তুত কৰি থৈছে, সেয়া পাৰ্থিৱ জীৱনৰ এই প্ৰতিদানতকৈ বহু গুণে উত্তম। আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি যিসকলে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আখিৰাতৰ বাসস্থান কিমান যে উৎকৃষ্ট।
ዓረብኛ ተፍሲሮች:
جَنّٰتُ عَدْنٍ یَّدْخُلُوْنَهَا تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ لَهُمْ فِیْهَا مَا یَشَآءُوْنَ ؕ— كَذٰلِكَ یَجْزِی اللّٰهُ الْمُتَّقِیْنَ ۟ۙ
তেওঁলোকে প্ৰতিষ্ঠিত জান্নাতত চিৰকালৰ বাবে প্ৰৱেশ কৰিব। যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলদেশত নৈ নিজৰা প্ৰবামান থাকিব। তাত তেওঁলোকে পানাহাৰৰ বাবে সেই সকলো প্ৰকাৰ খাদ্য উপলব্ধ পাব, যিবোৰ তেওঁলোকে ইচ্ছা কৰিব। এইটো প্ৰতিদানেই দিব মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ মুত্তাক্বী ব্যক্তিসকলক, এইদৰে পূৰ্বৱৰ্তী উম্মতৰ মুত্তাক্বী সকলকো অনুৰূপ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ تَتَوَفّٰىهُمُ الْمَلٰٓىِٕكَةُ طَیِّبِیْنَ ۙ— یَقُوْلُوْنَ سَلٰمٌ عَلَیْكُمُ ۙ— ادْخُلُوا الْجَنَّةَ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
যিসকলৰ প্ৰাণ মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সঙ্গীসকলে এনেকুৱা অৱস্থাত হৰণ কৰিব, যেতিয়া তেওঁলোকৰ অন্তৰ কুফৰী আদিৰ পৰা পৱিত্ৰ থাকিব। তেতিয়া ফিৰিস্তাসকলে তেওঁলোকক সম্বোধন কৰি ক'বঃ তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক। তোমালোক সকলো বিপদ-আপদৰ পৰা সুৰক্ষিত। তোমালোকে জান্নাতত প্ৰৱেশ কৰা, কাৰণ তোমালোক পৃথিৱীত বিশুদ্ধ আক্বীদাৰ অধিকাৰী আছিলা আৰু তাৰ প্ৰতি আমল কৰিছিলা।
ዓረብኛ ተፍሲሮች:
هَلْ یَنْظُرُوْنَ اِلَّاۤ اَنْ تَاْتِیَهُمُ الْمَلٰٓىِٕكَةُ اَوْ یَاْتِیَ اَمْرُ رَبِّكَ ؕ— كَذٰلِكَ فَعَلَ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— وَمَا ظَلَمَهُمُ اللّٰهُ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
মুশ্বৰিকসকলে আৰু অস্বীকাৰকাৰীসকলে মালাকুল মওতৰ অপেক্ষাত আছে নেকি, যেতিয়া মৃত্যুৰ ফিৰিস্তা আৰু তাৰ সঙ্গীসকলে সিহঁতৰ প্ৰাণহৰণ কৰিবলৈ আহি সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণহৰণ কৰিব, অথবা পৃথিৱীতেই শাস্তিৰ বাবে আল্লাহৰ নিৰ্দেশৰ অপেক্ষাত আছে নেকি, এনেকুৱা কৰ্ম যিবোৰ মক্কাৰ মুশ্বৰিকসকলে কৰি আছে, সিহঁতৰ পূৰ্বৱৰ্তী মুশ্বৰিকসকলেও কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছে। প্ৰকৃততে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহৰ লগত কুফৰী কৰি নিজকে ধ্বংসৰ পথত ঠেলি দি নিজেই নিজৰ অন্যায় কৰিছে।
ዓረብኛ ተፍሲሮች:
فَاَصَابَهُمْ سَیِّاٰتُ مَا عَمِلُوْا وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠
ফলত সিহঁতৰ ওপৰত সিহঁতৰ আমলৰ শাস্তি অৱতীৰ্ণ হৈছে, আৰু সেই শাস্তিয়ে সিহঁতক পৰিবেষ্টন কৰি লৈছে যিটোক সিহঁতৰ ওচৰত বৰ্ণনা কৰাত সিহঁতে উপহাস কৰিছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• فضيلة أهل العلم، وأنهم الناطقون بالحق في الدنيا ويوم يقوم الأشهاد، وأن لقولهم اعتبارًا عند الله وعند خلقه.
আহলে ইল্ম লোকসকলৰ মৰ্যাদা। তেওঁলোকেই পৃথিৱীত সত্য কথা কয়, আৰু কিয়ামত দিৱসতো সত্য কথা কব। আৰু তেওঁলোকৰ কথা আল্লাহৰ ওচৰত আৰু তেওঁৰ বান্দাসকলৰ ওচৰত মহত্ব আছে।

• من أدب الملائكة مع الله أنهم أسندوا العلم إلى الله دون أن يقولوا: إنا نعلم ما كنتم تعملون، وإشعارًا بأنهم ما علموا ذلك إلا بتعليم من الله تعالى.
ফিৰিস্তাসকলৰ এটা অন্যতম শিষ্টাচাৰ হৈছে তেওঁলোকে জ্ঞানক আল্লাহৰ লগত সম্পৃক্ত কৰিছে, এইটো কোৱা নাই যে, নিশ্চয় আমি তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত আছিলো। ইয়াত এই কথাৰ পিনেও ইংগিত কৰা হৈছে, তেওঁলোকে আল্লাহে জনোৱাৰ পিছতহে জানিছে।

• من كرم الله وجوده أنه يعطي أهل الجنة كل ما تمنوه عليه، حتى إنه يُذَكِّرهم أشياء من النعيم لم تخطر على قلوبهم.
এয়া আল্লাহৰ উদাৰতা আৰু দানশীলতা যে, তেওঁ জান্নাতীসকলক সেই সকলো বস্তু প্ৰদান কৰিব যিবোৰ তেওঁলোকে প্ৰত্যাশা কৰিব। আনকি তেওঁলোকক এনেকুৱা নিয়ামত সম্পৰ্কে স্মৰণ কৰাই দিব যিবোৰ তেওঁলোকৰ মনত উদ্ভৱে হোৱা নাছিল।

• العمل هو السبب والأصل في دخول الجنة والنجاة من النار، وذلك يحصل برحمة الله ومنَّته على المؤمنين لا بحولهم وقوتهم.
আমলেই হৈছে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ পৰা মুক্তি পোৱাৰ মূল কাৰণ। কিন্তু আমল কৰাৰ সামৰ্থ বান্দাৰ শক্তিৰ দ্বাৰা নহয় বৰং আল্লাহৰ কৃপা আৰু তেওঁৰ অনুগ্ৰহৰ দ্বাৰাহে লাভ হয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት