Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ   አንቀፅ:
اَلرِّجَالُ قَوّٰمُوْنَ عَلَی النِّسَآءِ بِمَا فَضَّلَ اللّٰهُ بَعْضَهُمْ عَلٰی بَعْضٍ وَّبِمَاۤ اَنْفَقُوْا مِنْ اَمْوَالِهِمْ ؕ— فَالصّٰلِحٰتُ قٰنِتٰتٌ حٰفِظٰتٌ لِّلْغَیْبِ بِمَا حَفِظَ اللّٰهُ ؕ— وَالّٰتِیْ تَخَافُوْنَ نُشُوْزَهُنَّ فَعِظُوْهُنَّ وَاهْجُرُوْهُنَّ فِی الْمَضَاجِعِ وَاضْرِبُوْهُنَّ ۚ— فَاِنْ اَطَعْنَكُمْ فَلَا تَبْغُوْا عَلَیْهِنَّ سَبِیْلًا ؕ— اِنَّ اللّٰهَ كَانَ عَلِیًّا كَبِیْرًا ۟
পুৰুষে স্ত্ৰীসকলক সুৰক্ষা প্ৰদান কৰে আৰু সিহঁতক ৰক্ষণাবেক্ষন দিয়ে। কিয়নো আল্লাহে পুৰুষসকলক নাৰীসকলৰ ওপৰত বিশেষ প্ৰাধান্য প্ৰদান কৰিছে লগতে সিহঁতৰ প্ৰয়োজন পুৰণ কৰা তথা সিহঁতৰ ওপৰত ব্যয় কৰা পুৰুষসকলৰ ওপৰত ওৱাজীব। পূণ্যৱতী স্ত্ৰীসকল নিজ প্ৰতিপালকৰ আনুগত্য কৰে, স্বামীৰ কথা পালন কৰে লগতে আল্লাহৰ তাওফীকত স্বামীৰ অনুপস্থিতিত তেওঁৰ অধিকাৰসমূহ হিফাজত কৰে। হে স্বামীসকল! যিসকল স্ত্ৰী সম্পৰ্কে কথা বা কৰ্মৰ দ্বাৰা স্বামীৰ আনুগত্যৰ পৰা বাহিৰ হোৱাৰ আশংকা হয়, সিহঁতক প্ৰথমে ভালদৰে বুজোৱা আৰু আল্লাহৰ ভয় দেখুৱাই সঠিক পথত আনিবলৈ চেষ্টা কৰা। যদি সিহঁতে নামানে তেন্তে বিছনা পৃথক কৰি দিয়া, যেনে- শুৱাৰ সময়ত তাইৰ পিনে পিঠি দিবা আৰু তাইৰ লগত সহবাস নকৰিবা। এনেকুৱা কৰাৰ পিছতো যদি সঠিক পথত ওভোতি নাহে তেন্তে আঘাত নোহোৱাকৈ অলপ মাৰিবা। ইয়াৰ পিছত যদি সংশোধন হয় তেন্তে সিহঁতৰ ওপৰত অত্যাচাৰ নকৰিবা আৰু সিহঁতক শাস্তিও নিদিবা। আল্লাহ সবাতোকৈ উচ্চ লগতে তেওঁ সত্ত্বাগত আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত অতি মহান, সেয়ে তেওঁক ভয় কৰা।
ዓረብኛ ተፍሲሮች:
وَاِنْ خِفْتُمْ شِقَاقَ بَیْنِهِمَا فَابْعَثُوْا حَكَمًا مِّنْ اَهْلِهٖ وَحَكَمًا مِّنْ اَهْلِهَا ۚ— اِنْ یُّرِیْدَاۤ اِصْلَاحًا یُّوَفِّقِ اللّٰهُ بَیْنَهُمَا ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا خَبِیْرًا ۟
হে স্বামী স্ত্ৰীৰ অভিভাৱকসকল! যদি তোমালোকৰ আশংকা হয় যে, সিহঁত দুজনৰ মতানৈক্য, শত্ৰুতা আৰু পৃথকতাৰ সীমা পাব, তেন্তে স্বামীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি আৰু স্ত্ৰীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি প্ৰেৰণ কৰা, যাতে স্বামী স্ত্ৰীৰ মঙ্গল কামনাৰ্থে সিহঁতৰ মাজত বিবাহ বিচ্ছেদ ঘটায় নাইবা বিষয়টো মিলাপ্ৰীতিৰ মাজেৰে মীমাংসা কৰি দিয়ে। মনত ৰখা উচিত যে, স্বামী স্ত্ৰীৰ যুগ্ম জীৱন বাহাল ৰাখি মিলাপ্ৰীতিৰে সমাধান কৰাটোৱে উত্তম। যদি উভয় পক্ষৰ মধ্যস্থতাকাৰীয়ে যুগ্ম জীৱন বাহাল ৰাখিবলৈ প্ৰয়াস কৰে তেন্তে আল্লাহে স্বামী স্ত্ৰীক, ইজনক সিজনৰ নিকটৱৰ্তী কৰি দিব আৰু সিহঁতৰ মতভেদ সমাপ্ত হব। নিশ্চয় বান্দাৰ কোনো বস্তু আল্লাহৰ পৰা গোপন নহয় লগতে তেওঁ সিহঁতৰ অন্তৰৰ বিষয় সম্পৰ্কেও সম্যক অৱগত।
ዓረብኛ ተፍሲሮች:
وَاعْبُدُوا اللّٰهَ وَلَا تُشْرِكُوْا بِهٖ شَیْـًٔا وَّبِالْوَالِدَیْنِ اِحْسَانًا وَّبِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَالْجَارِ ذِی الْقُرْبٰی وَالْجَارِ الْجُنُبِ وَالصَّاحِبِ بِالْجَنْۢبِ وَابْنِ السَّبِیْلِ ۙ— وَمَا مَلَكَتْ اَیْمَانُكُمْ ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ مَنْ كَانَ مُخْتَالًا فَخُوْرَا ۟ۙ
আল্লাহৰ আদেশ পালন কৰি তেওঁৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাৰো উপাসনা নকৰিবা। পিতৃ-মাতৃক সন্মান কৰিবা আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয়ৰ লগত, এতীমৰ লগত আৰু অভাৱী লোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয় প্ৰতিবেশী তথা অনাত্মীয় প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰিবা। লগত থকা সঙ্গীৰ সৈতে ভাল ব্যৱহাৰ কৰিবা। ঘৰ পৰিয়ালৰ পৰা দূৰত থকা অপৰিচিত যাত্ৰীৰ লগতো ভাল ব্যৱহাৰ কৰিবা। তোমালোকৰ অধীনত থকা দাস-দাসীৰ প্ৰতিও ভাল ব্যৱহাৰ কৰিবা। নিশ্চয় আল্লাহে এনেকুৱা ব্যক্তিক পছন্দ নকৰে, যিয়ে আত্ম গৌৰৱী, মানুহৰ প্ৰতি অহংকাৰী লগতে যিয়ে মানুহৰ সন্মুখত অহংকাৰ কৰি নিজৰ প্ৰশংসা কৰে।
ዓረብኛ ተፍሲሮች:
١لَّذِیْنَ یَبْخَلُوْنَ وَیَاْمُرُوْنَ النَّاسَ بِالْبُخْلِ وَیَكْتُمُوْنَ مَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ؕ— وَاَعْتَدْنَا لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ۟ۚ
আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে আল্লাহে দিয়া ধনক সেই ঠাইতো ব্যয় নকৰে যত ব্যয় কৰা সিহঁতৰ ওপৰত অনিবাৰ্য, লগতে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা আনকো ইয়াৰ উপদেশ নিদিয়ে। আল্লাহে প্ৰদান কৰা নিয়ামত যেনে- জীৱিকা তথা ইল্ম মানুহৰ সন্মুখত প্ৰকাশ কৰাৰ বিপৰীতে সেয়া গোপন কৰে আৰু অসত্যটো প্ৰকাশ কৰে। এইটো দৰাচলতে কাফিৰসকলৰ স্বভাৱ। নিশ্চয় আমি কাফিৰসকলৰ বাবে অপমানকাৰী শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ثبوت قِوَامة الرجال على النساء بسبب تفضيل الله لهم باختصاصهم بالولايات، وبسبب ما يجب عليهم من الحقوق، وأبرزها النفقة على الزوجة.
পুৰুষসকল স্ত্ৰীসকলৰ সংৰক্ষক হোৱাৰ প্ৰমাণ। কাৰণ আল্লাহে পুৰুষসকলক অভিভাৱক হোৱাৰ বৈশিষ্ট্য প্ৰদান কৰিছে, লগতে এই কাৰণেও যে, পুৰুষসকলৰ ওপৰত স্ত্ৰীসকলৰ কেইবাটাও অধিকাৰ অনিবাৰ্য কৰা হৈছে। তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰটো হৈছে স্ত্ৰীৰ ভৰণ-পোষণৰ দায়িত্ব।

• التحذير من البغي وظلم المرأة في التأديب بتذكير العبد بقدرة الله عليه وعلوه سبحانه.
স্ত্ৰীক শাস্তি প্ৰদান কৰাৰ সময়ত তথা সিহঁতৰ প্ৰতি অন্যায় কৰাৰ সময়ত পুৰুষে মনত ৰখা উচিত যে, আল্লাহ তাৰ ওপৰত সৰ্বতোপ্ৰকাৰ শক্তি ৰাখে আৰু তেওঁ সুউচ্চ মহান অতি পৱিত্ৰ।

• التحذير من ذميم الأخلاق، كالكبر والتفاخر والبخل وكتم العلم وعدم تبيينه للناس.
উক্ত আয়াতসমূহৰ দ্বাৰা বেয়া ব্যৱহাৰৰ পৰা সাৱধান কৰা হৈছে, যেনে- অহংকাৰ, দাম্ভিকতা, কৃপণতা আৰু ইল্ম গোপন কৰা তথা মানুহৰ সন্মুখত প্ৰকাশ নকৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት