Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ   አንቀፅ:
وَاللّٰهُ یُرِیْدُ اَنْ یَّتُوْبَ عَلَیْكُمْ ۫— وَیُرِیْدُ الَّذِیْنَ یَتَّبِعُوْنَ الشَّهَوٰتِ اَنْ تَمِیْلُوْا مَیْلًا عَظِیْمًا ۟
আল্লাহে তোমালোকৰ তাওবা কবূল কৰিব বিচাৰে আৰু তোমালোকক ক্ষমা কৰিব বিচাৰে, আনহাতে প্ৰবৃত্তিৰ অনুসাৰীসকলে বিচাৰে যে, তোমালোকে হিদায়তৰ পথৰ পৰা বহু দূৰ আঁতৰি যোৱা।
ዓረብኛ ተፍሲሮች:
یُرِیْدُ اللّٰهُ اَنْ یُّخَفِّفَ عَنْكُمْ ۚ— وَخُلِقَ الْاِنْسَانُ ضَعِیْفًا ۟
আল্লাহে তেওঁৰ চৰীয়তক তোমালোকৰ বাবে সহজ কৰিব বিচাৰে। সেয়ে তেওঁ তোমালোকক এনেকুৱা কোনো আদেশ নিদিয়ে যিটো তোমালোকৰ সাধ্যাতীত। কিয়নো তেওঁ জানে যে, মানুহ সৃষ্টি আৰু ব্যৱহাৰৰ ফালৰ পৰা অতি দুৰ্বল।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَاْكُلُوْۤا اَمْوَالَكُمْ بَیْنَكُمْ بِالْبَاطِلِ اِلَّاۤ اَنْ تَكُوْنَ تِجَارَةً عَنْ تَرَاضٍ مِّنْكُمْ ۫— وَلَا تَقْتُلُوْۤا اَنْفُسَكُمْ ؕ— اِنَّ اللّٰهَ كَانَ بِكُمْ رَحِیْمًا ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! তোমালোকে ইজনে সিজনৰ সম্পদ অবৈধভাৱে নলবা। যেনে- জবৰদস্তি কাঢ়ি লোৱা, চুৰি আৰু উৎকোচ আদি। আনহাতে যদি ব্যৱসা-বানিজ্যত পৰস্পৰৰ সন্মতিত এনেকুৱা হয় তেন্তে সেয়া ভক্ষণ কৰা আৰু ব্যয় কৰাত কোনো অসুবিধা নাই। এইদৰে তোমালোকে ইজনে সিজনক হত্যা নকৰিবা আৰু আত্মহত্যাও নকৰিবা লগতে নিজকে ধ্বংসৰ পথত ঠেলি নিদিবা। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি অতি দয়ালু। এইটো তেওঁৰেই কৃপা যে, তেওঁ তোমালোকৰ প্ৰাণ, ধন আৰু সন্মানৰ প্ৰতি অত্যাচাৰ হাৰাম কৰি দিছে।
ዓረብኛ ተፍሲሮች:
وَمَنْ یَّفْعَلْ ذٰلِكَ عُدْوَانًا وَّظُلْمًا فَسَوْفَ نُصْلِیْهِ نَارًا ؕ— وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟
যিয়ে মোৰ এই নিষেধকৃত কৰ্মসমূহ কৰিব, অৰ্থাৎ যিয়ে আনৰ ধন অবৈধভাৱে ভক্ষণ কৰিব অথবা কাকো হত্যা কৰিব জানি বুজি, অজানিতে বা ভুলবশতঃ নহয় তেন্তে কিয়ামতৰ দিনা আল্লাহে তাক মহা অগ্নিত নিক্ষেপ কৰিব। সি সেই অগ্নিৰ উষ্ণতাত ককবকাই থাকিব আৰু তাৰ শাস্তি ভোগ কৰিব। এইটো আল্লাহৰ বাবে তেনেই উজু। কিয়নো তেওঁ সকলো বিষয়ত ক্ষমতাৱান, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اِنْ تَجْتَنِبُوْا كَبَآىِٕرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنْكُمْ سَیِّاٰتِكُمْ وَنُدْخِلْكُمْ مُّدْخَلًا كَرِیْمًا ۟
হে মুমিনসকল! যদি তোমালোকে ডাঙৰ ডাঙৰ গুনাহৰ পৰা বিৰত থাকা, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, পিতৃ-মাতৃৰ অবাধ্যতা কৰা, কাৰোবাক হত্যা কৰা, সুতৰ লেনদেন কৰা, তেন্তে আমি তোমালোকৰ সৰু সৰু গুনাহসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানিত ঠাইত (জান্নাতত) প্ৰৱেশ কৰাম।
ዓረብኛ ተፍሲሮች:
وَلَا تَتَمَنَّوْا مَا فَضَّلَ اللّٰهُ بِهٖ بَعْضَكُمْ عَلٰی بَعْضٍ ؕ— لِلرِّجَالِ نَصِیْبٌ مِّمَّا اكْتَسَبُوْا ؕ— وَلِلنِّسَآءِ نَصِیْبٌ مِّمَّا اكْتَسَبْنَ ؕ— وَسْـَٔلُوا اللّٰهَ مِنْ فَضْلِهٖ ؕ— اِنَّ اللّٰهَ كَانَ بِكُلِّ شَیْءٍ عَلِیْمًا ۟
হে মুমিনসকল! আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ তুলনাত যি অধিক প্ৰদান কৰিছে, সেয়া কামনা নকৰিবা। যাতে অসন্তুষ্টি আৰু ঈৰ্ষা ভাৱ সৃষ্টি নহয়। এতেকে আল্লাহে পুৰুষসকলক যি বিশেষত্ব প্ৰদান কৰিছে, নাৰীসকলে সেইবোৰৰ আশা কৰা উচিত নহয়। কাৰণ প্ৰত্যেক বৰ্গৰ বাবে সিহঁতৰ যোগ্যতা অনুসাৰে বেলেগ বেলেগ প্ৰতিফল প্ৰদান কৰা হৈছে, আৰু প্ৰত্যেকেই নিজ নিজ কৰ্মৰ অংশ লাভ কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বজ্ঞ, সেয়ে তেওঁ সকলো বৰ্গকে সিহঁতৰ সক্ষমতা অনুযায়ী কৰ্ম প্ৰদান কৰিছে।
ዓረብኛ ተፍሲሮች:
وَلِكُلٍّ جَعَلْنَا مَوَالِیَ مِمَّا تَرَكَ الْوَالِدٰنِ وَالْاَقْرَبُوْنَ ؕ— وَالَّذِیْنَ عَقَدَتْ اَیْمَانُكُمْ فَاٰتُوْهُمْ نَصِیْبَهُمْ ؕ— اِنَّ اللّٰهَ كَانَ عَلٰی كُلِّ شَیْءٍ شَهِیْدًا ۟۠
আমি তোমালোকৰ প্ৰত্যেককে ওৱাৰিছ বনাইছো, সিহঁতে পিতৃ-মাতৃ আৰু নিকটৱৰ্তী আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ ওৱাৰিছ হব। আৰু যিসকলৰ লগত তোমালোকে শপত খাই সহায় সহযোগীতা কৰাৰ প্ৰতিশ্ৰুতি দিছিলা, সিহঁতকো মীৰাছত সিহঁতৰ অংশ প্ৰদান কৰা। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে অৱগত, সেয়ে তেওঁ তোমালোকৰ এই শপত আৰু প্ৰতিশ্ৰুতি সম্পৰ্কেও অৱগত। জানি থোৱা উচিত যে, শপত বাক্যৰ দ্বাৰা মীৰাছৰ অধিকাৰী হোৱাৰ এই বিধানটো ইছলামৰ প্ৰাৰম্ভিক অৱস্থাত আছিল, যিটো পিছলৈ মনছুখ (ৰহিত) হৈছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• سعة رحمة الله بعباده؛ فهو سبحانه يحب التوبة منهم، والتخفيف عنهم، وأما أهل الشهوات فإنما يريدون بهم ضلالًا عن الهدى.
বান্দাৰ প্ৰতি আল্লাহৰ কৃপা অপৰিসীম। আল্লাহে বান্দাৰ তাওবা পছন্দ কৰে আৰু সিহঁতক সুবিধা প্ৰদান কৰে। আনহাতে প্ৰবৃত্তিৰ অনুসাৰীসকলে সিহঁতক হিদায়তৰ পৰা আঁতৰ কৰাৰ প্ৰয়াস কৰে।

• حفظت الشريعة حقوق الناس؛ فحرمت الاعتداء على الأنفس والأموال والأعراض، ورتبت أعظم العقوبة على ذلك.
চৰীয়তে মানুহৰ অধিকাৰ সুৰক্ষিত কৰি সিহঁতৰ প্ৰাণ, ধন আৰু সন্মানৰ প্ৰতি অন্যায়ক হাৰাম কৰিছে, আৰু ইয়াৰ বাবে কঠোৰতম শাস্তি নিৰ্ধাৰণ কৰিছে।

• الابتعاد عن كبائر الذنوب سبب لدخول الجنة ومغفرة للصغائر.
ডাঙৰ গুনাহৰ পৰা বিৰত থকাটো হৈছে, জান্নাতত প্ৰৱেশ তথা সৰু সুৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ।

• الرضا بما قسم الله، وترك التطلع لما في يد الناس؛ يُجنِّب المرء الحسد والسخط على قدر الله تعالى.
আল্লাহে কৰা বিতৰণত সন্তুষ্টি পোষণ কৰা তথা মানুহৰ ওচৰত যি আছে সেই পিনে মন-কাণ নিদিয়া কাৰ্যই, এজন ব্যক্তিক ঈৰ্ষা তথা আল্লাহৰ ফয়চালাৰ প্ৰতি অসন্তুষ্টি ভাৱৰ পৰা ৰক্ষা কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት