Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ   አንቀፅ:
وَاِنِ امْرَاَةٌ خَافَتْ مِنْ بَعْلِهَا نُشُوْزًا اَوْ اِعْرَاضًا فَلَا جُنَاحَ عَلَیْهِمَاۤ اَنْ یُّصْلِحَا بَیْنَهُمَا صُلْحًا ؕ— وَالصُّلْحُ خَیْرٌ ؕ— وَاُحْضِرَتِ الْاَنْفُسُ الشُّحَّ ؕ— وَاِنْ تُحْسِنُوْا وَتَتَّقُوْا فَاِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟
যদি কোনো স্ত্ৰীয়ে এই আশংকা কৰে যে, তাইৰ প্ৰতি তাইৰ স্বামীৰ চাহিদা নাইকীয়া হৈছে, এতেকে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তাই যদি নিজৰ কিছুমান অধিকাৰ, যেনে- ভৰণ পোষণ আৰু একেলগে ৰাতি যাপন কৰা আদি লাঘৱ কৰি লয় আৰু উভয়ে যদি বুজা পৰাৰ মাধ্যমত সন্মত হয় তেন্তে কোনো গুনাহ নহয়। এনে ক্ষেত্ৰত পৰস্পৰৰ সন্মতিয়ে হৈছে তালাকতকৈ উত্তম। যদিও লোভ আৰু কৃপণতা হৈছে মানুহৰ স্বভাৱগত বস্তু। সেয়ে স্ত্ৰীয়ে সহজে নিজৰ অধিকাৰ হ্ৰাস কৰিবলৈ টান পায়। গতিকে স্বামী স্ত্ৰী উভয়ে ক্ষমা আৰু উপকাৰ কৰাৰ স্বভাৱ অৱলম্বন কৰি এই মানৱ প্ৰকৃতিৰ উপকাৰ কৰা উচিত। যদি তোমালোকে নিজৰ সকলো বিষয়ত উপকাৰৰ পন্থা অৱলম্বন কৰা লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
وَلَنْ تَسْتَطِیْعُوْۤا اَنْ تَعْدِلُوْا بَیْنَ النِّسَآءِ وَلَوْ حَرَصْتُمْ فَلَا تَمِیْلُوْا كُلَّ الْمَیْلِ فَتَذَرُوْهَا كَالْمُعَلَّقَةِ ؕ— وَاِنْ تُصْلِحُوْا وَتَتَّقُوْا فَاِنَّ اللّٰهَ كَانَ غَفُوْرًا رَّحِیْمًا ۟
হে পতিসকল! তোমালোকে ইচ্ছা থকা সত্তেও আন্তৰিকতাৰ ক্ষেত্ৰত স্ত্ৰীসকলৰ মাজত পূৰ্ণ ন্যায় কৰিব নোৱাৰিবা। ইয়াৰ কিছুমান কাৰণ তোমালোকৰ ইচ্ছাৰ বাহিৰত। এতেকে যি গৰাকী স্ত্ৰী তোমাৰ পছন্দ নহয়, তাইৰ লগত ওলোমাই থোৱাৰ দৰে ব্যৱহাৰ নকৰিবা যে, তাই যাতে বিবাহিত মহিলাৰ অধিকাৰো নাপায় আৰু অবিবাহিত নাৰীৰ দৰে বিবাহৰ ইচ্ছাও কৰিব নোৱাৰে। যদি তোমালোকে নিজৰ মাজৰ ব্যৱহাৰ ঠিক ৰাখা আৰু অনিচ্ছা সত্ত্বেও স্ত্ৰীৰ অধিকাৰসমূহ পূৰণ কৰা লগতে স্ত্ৰী বিষয়ত আল্লাহক ভয় কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, তেওঁ তোমালোকৰ প্ৰতি কৃপা কৰিব।
ዓረብኛ ተፍሲሮች:
وَاِنْ یَّتَفَرَّقَا یُغْنِ اللّٰهُ كُلًّا مِّنْ سَعَتِهٖ ؕ— وَكَانَ اللّٰهُ وَاسِعًا حَكِیْمًا ۟
যদি তালাক তথা খোলাৰ (স্ত্ৰীৰ ফালৰ পৰা বিবাহ বিচ্ছেদৰ) জৰীয়তে পতি-পত্নীয়ে ইজনে সিজনৰ পৰা পৃথক হৈ যায়, তেন্তে আল্লাহে উভয়কে তেওঁৰ অসীম অনুগ্ৰহৰ দ্বাৰা ইজনক সিজনৰ পৰা অমুখাপেক্ষী কৰি দিব। আল্লাহ অসীম অনুগ্ৰহ আৰু কৃপাৰ অধিকাৰী, তেওঁ পৰিচালনা আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَلَقَدْ وَصَّیْنَا الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ وَاِیَّاكُمْ اَنِ اتَّقُوا اللّٰهَ ؕ— وَاِنْ تَكْفُرُوْا فَاِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَكَانَ اللّٰهُ غَنِیًّا حَمِیْدًا ۟
আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। আমি আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলক আদেশ দিছিলো আৰু স্বয়ং তোমালোককো আদেশ দিছিলো যে, আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা। যদি তোমালোকে এই আদেশ অমান্য কৰা, তেন্তে তোমালোকৰ নিজৰ বাহিৰে আন কাৰো ক্ষতি নহব। কিয়নো আল্লাহ তোমালোকৰ ইবাদতৰ মুখাপেক্ষী নহয়। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰে মালিক, তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী আৰু তেওঁ নিজৰ সকলো গুণাৱলী আৰু কৰ্মৰ কাৰণে মহাপ্ৰশংসিত।
ዓረብኛ ተፍሲሮች:
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟
আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। মখলুকৰ সকলো বিষয়ৰ পৰিচালনা তেৱেঁই কৰে, অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট।
ዓረብኛ ተፍሲሮች:
اِنْ یَّشَاْ یُذْهِبْكُمْ اَیُّهَا النَّاسُ وَیَاْتِ بِاٰخَرِیْنَ ؕ— وَكَانَ اللّٰهُ عَلٰی ذٰلِكَ قَدِیْرًا ۟
হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক ধ্বংস কৰি আন সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, যিসকলে আল্লাহৰ আনুগত্য কৰিব আৰু তেওঁৰ বিৰুদ্ধাচাৰণ নকৰিব। আৰু এনেকুৱা কৰিবলৈ আল্লাহ ক্ষমতাশীল।
ዓረብኛ ተፍሲሮች:
مَنْ كَانَ یُرِیْدُ ثَوَابَ الدُّنْیَا فَعِنْدَ اللّٰهِ ثَوَابُ الدُّنْیَا وَالْاٰخِرَةِ ؕ— وَكَانَ اللّٰهُ سَمِیْعًا بَصِیْرًا ۟۠
হে মানৱজাতি! তোমালোকৰ মাজৰ যিয়ে নেক কৰ্মৰ বিনিময়ত কেৱল পাৰ্থিৱ সফলতা বিচাৰে, সি জানি থোৱা উচিত যে, আল্লাহৰ ওচৰত পাৰ্থিৱ তথা আখিৰাত উভয় প্ৰকাৰৰ প্ৰতিদান আছে। এতেকে তেওঁৰ পৰা উভয় প্ৰতিদান বিচৰা উচিত। আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্ম দেখে আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• استحباب المصالحة بين الزوجين عند المنازعة، وتغليب المصلحة بالتنازل عن بعض الحقوق إدامة لعقد الزوجية.
পতি-পত্নীৰ বিবাদ হলে পৰামৰ্শৰ মাধ্যমত মীমাংসা কৰা উত্তম। লগতে বিবাহ সম্পৰ্ক অটুট ৰাখিবলৈ কিছুমান অধিকাৰ এৰি দিয়াৰ আদেশ।

• أوجب الله تعالى العدل بين الزوجات خاصة في الأمور المادية التي هي في مقدور الأزواج، وتسامح الشرع حين يتعذر العدل في الأمور المعنوية، كالحب والميل القلبي.
আল্লাহে স্ত্ৰীসকলৰ মাজত ন্যায় বিচাৰ কৰিবলৈ অনিবাৰ্য কৰিছে। বিশেষকৈ থকা মেলা আৰু ভৰণ-পোষণৰ ক্ষেত্ৰত, কিয়নো এই বিষয়বোৰ স্বামীৰ আয়ত্তত থাকে। আনহাতে অন্তৰৰ বিষয়বোৰ যেনে- মুহাব্বত, আন্তৰিক চাহিদা আদিৰ ক্ষেত্ৰত ন্যায় কৰা কঠিন হলে সেয়া চৰীয়তে অব্যাহতি দিছে।

• لا حرج على الزوجين في الفراق إذا تعذرت العِشْرة بينهما.
যদি বৈবাহিক জীৱন অতিবাহিত কৰা সম্ভৱ নহয় তেন্তে বিবাহ বিচ্ছেদ কৰাত কোনো অসুবিধা নাই।

• الوصية الجامعة للخلق جميعًا أولهم وآخرهم هي الأمر بتقوى الله تعالى بامتثال الأوامر واجتناب النواهي.
সকলো মানৱজাতিৰ প্ৰতি, সেয়া পূৰ্ব যুগৰ হওঁক অথবা পৰবৰ্তী যুগৰ, সকলোৰে প্ৰতি এটা ব্যপক উপদেশ এই যে, আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি কেৱল তেওঁকেই ভয় কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት