Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ   አንቀፅ:
وَاِنْ اَرَدْتُّمُ اسْتِبْدَالَ زَوْجٍ مَّكَانَ زَوْجٍ ۙ— وَّاٰتَیْتُمْ اِحْدٰىهُنَّ قِنْطَارًا فَلَا تَاْخُذُوْا مِنْهُ شَیْـًٔا ؕ— اَتَاْخُذُوْنَهٗ بُهْتَانًا وَّاِثْمًا مُّبِیْنًا ۟
হে পতিসকল! যদি তোমালোকে কোনো পত্নীক তালাক দিব বিচৰা আৰু তাইৰ ঠাইত আন কোনো স্ত্ৰী আনিব খোজা, তেন্তে ইয়াত একো অসুবিধা নাই। তোমালোকে যিজনী পত্নীক তালাক দিব বিচৰা, তাইক যদি মোহৰ হিচাপে বহু পৰিমাণে টকা পইচা দিছিলা, তেন্তে তাৰ পৰা একো ওভোতাই লব নোৱাৰিবা। কিয়নো তাইক দিয়া ধনৰ কিবা ওভোতাই লোৱাটো স্পষ্ট আৰোপ তথা স্পষ্ট পাপ বুলি গণ্য হ'ব।
ዓረብኛ ተፍሲሮች:
وَكَیْفَ تَاْخُذُوْنَهٗ وَقَدْ اَفْضٰی بَعْضُكُمْ اِلٰی بَعْضٍ وَّاَخَذْنَ مِنْكُمْ مِّیْثَاقًا غَلِیْظًا ۟
সিহঁতক দিয়া মোহৰ তোমালোকে কেনেকৈ ওভোতাই লবা, অথচ তোমালোকৰ মাজত এটা সম্পৰ্ক স্থাপন হৈছিল, প্ৰেম গঢ়ি উঠিছিল, তোমালোকে ইজনে সিজনৰ পৰা উপকৃত হৈছিলা লগতে পৰস্পৰৰ গোপনীয়তা সম্পৰ্কে অৱগত হৈছা। এইবোৰৰ বিনিময়ত সিহঁতে যি সম্পদ পাইছে, তাৰ প্ৰতি লোভ কৰাটো বৰ বেয়া তথা নিকৃষ্ট ৰুচি। অথচ সিহঁতে তোমালোকৰ পৰা বৰ মজবুত অঙ্গীকাৰ লৈছিল। সেয়া হৈছে, আল্লাহৰ শব্দ আৰু তেওঁৰ চৰীয়তৰ আধাৰত সিহঁতক তোমালোকৰ বাবে হালাল কৰা হৈছিল।
ዓረብኛ ተፍሲሮች:
وَلَا تَنْكِحُوْا مَا نَكَحَ اٰبَآؤُكُمْ مِّنَ النِّسَآءِ اِلَّا مَا قَدْ سَلَفَ ؕ— اِنَّهٗ كَانَ فَاحِشَةً وَّمَقْتًا ؕ— وَسَآءَ سَبِیْلًا ۟۠
আৰু সেইসকল নাৰীকো বিবাহ নকৰিবা, যাক তোমাৰ পিতৃয়ে নিকাহ কৰিছে, কিয়নো এয়া হাৰাম। আনহাতে যদি ইছলামপূৰ্বে কোনোবাই এনেকুৱা কৰ্মত লিপ্ত হৈছিল তেন্তে এই বিষয়ে তাৰ কোনো হিচাপ নহব। হাৰাম হোৱাৰ কাৰণটো হৈছে, পিতৃৰ পত্নীক পুত্ৰই বিবাহ কৰাটো এটা নিকৃষ্ট কৰ্ম। এনেকুৱা ব্যক্তিৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হয়, এনেকুৱা পথত পৰিচালিত ব্যক্তি বৰ বেয়া পথৰ পথিক।
ዓረብኛ ተፍሲሮች:
حُرِّمَتْ عَلَیْكُمْ اُمَّهٰتُكُمْ وَبَنٰتُكُمْ وَاَخَوٰتُكُمْ وَعَمّٰتُكُمْ وَخٰلٰتُكُمْ وَبَنٰتُ الْاَخِ وَبَنٰتُ الْاُخْتِ وَاُمَّهٰتُكُمُ الّٰتِیْۤ اَرْضَعْنَكُمْ وَاَخَوٰتُكُمْ مِّنَ الرَّضَاعَةِ وَاُمَّهٰتُ نِسَآىِٕكُمْ وَرَبَآىِٕبُكُمُ الّٰتِیْ فِیْ حُجُوْرِكُمْ مِّنْ نِّسَآىِٕكُمُ الّٰتِیْ دَخَلْتُمْ بِهِنَّ ؗ— فَاِنْ لَّمْ تَكُوْنُوْا دَخَلْتُمْ بِهِنَّ فَلَا جُنَاحَ عَلَیْكُمْ ؗ— وَحَلَآىِٕلُ اَبْنَآىِٕكُمُ الَّذِیْنَ مِنْ اَصْلَابِكُمْ ۙ— وَاَنْ تَجْمَعُوْا بَیْنَ الْاُخْتَیْنِ اِلَّا مَا قَدْ سَلَفَ ؕ— اِنَّ اللّٰهَ كَانَ غَفُوْرًا رَّحِیْمًا ۟ۙ
আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাতৃক বিবাহ কৰা হাৰাম কৰিছে, যদিও ওপৰৰ হওঁক, অৰ্থাৎ দাদী, নানী আৰু এই দুয়োৰ মাতৃকো। আৰু কন্যা সন্তানক, যদিও সেয়া তলৰ নহওঁক কিয়, যেনে- নাতিনী, নাতিনীৰ ছোৱালী ইত্যাদি, এইদৰে পুত্ৰৰ ঘৰৰ ছোৱালী আৰু সেই ছোৱালীৰ ছোৱালী। আৰু তোমালোকৰ পিতৃৰ ফালৰ পৰা অথবা মাকৰ ফালৰ পৰা ভনিকো হাৰাম কৰিছে, লগতে হাৰাম কৰিছে তোমালোকৰ পেহীক, এইদৰে তোমালোকৰ পিতৃৰ আৰু মাতৃৰ পেহীকো হাৰাম কৰিছে, ওপৰলৈ যিমান দূৰ পায়গৈ। এইদৰে হাৰাম কৰিছে তোমালোকৰ মাহীক, লগতে তোমালোকৰ পিতৃ আৰু মাতৃ মাহীকো হাৰাম কৰিছে, এই সম্পৰ্ক ওপৰলৈ যিমানদুৰ যায়। এইদৰে ভাগিনী আৰু ভতিজীৰ লগতো বিবাহ হাৰাম কৰিছে আৰু সিহঁতৰ ছোৱালীকো হাৰাম কৰিছে। আৰু তোমালোকৰ সেই মাতৃসকলকো হাৰাম কৰিছে যিসকলে তোমালোকক গাখীৰ খোৱাইছে, এই সম্পৰ্কীয় ভনিসকলকো হাৰাম কৰিছে। লগতে হাৰাম কৰিছে তোমালোকৰ স্ত্ৰীসকলৰ মাতৃকো, যদিও মিলন হওঁক বা নহওঁক। লগতে তোমালোকৰ পত্নীৰ সেইসকল ছোৱালীকো হাৰাম কৰিছে যিসকল তোমালোকৰ ফালৰ পৰা নহয়, যিসকল তোমালোকৰ ঘৰতেই বেছি ভাগ ডাঙৰ দীঘল হয় আৰু তোমালোকে সিহঁতৰ মাতৃৰ লগত সহবাস কৰিছা। আনহাতে যদি সিহঁত তোমালোকৰ ঘৰত ডাঙৰ দীঘল হোৱা নাই, আৰু সিহঁতৰ মাতৃক বিবাহ কৰাৰ পিছত সহবাস কৰা নাই তেন্তে সিহঁতৰ ছোৱালীক বিবাহ কৰাত কোনো অসুবিধা নাই। এইদৰে তোমালোকৰ বাবে তোমালোকৰ পুত্ৰ বধুক বিবাহ কৰাও হাৰাম কৰা হৈছে, যদিও সহবাস কৰা নাই। গাখীৰ সম্পৰ্কীয় পুত্ৰ বধুও এই বিধানৰ অন্তৰ্ভুক্ত। এইদৰে দুজনী সহোদৰা ভনি তথা গাখীৰ সম্পৰ্কীয় ভনিক একত্ৰিত বিবাহ কৰাও হাৰাম। অজ্ঞতা যুগত যি হৈছে, হৈছে। আল্লাহে সেয়া ক্ষমা কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰিব। তেওঁলোকক দয়া কৰিব। এইদৰে হাদীছৰ দ্বাৰা প্ৰমাণিত যে, পেহী আৰু ভতিজীক লগতে মাহী আৰু ভাগিনীক এজন স্বামীৰ অধীনত ৰখা বৈধ নহয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إذا دخل الرجل بامرأته فقد ثبت مهرها، ولا يجوز له التعدي عليه أو الطمع فيه، حتى لو أراد فراقها وطلاقها.
পতি পত্নী মিলন হোৱাৰ লগে লগে মোহৰ সুনিশ্চিত হৈ যায়। ইয়াৰ পিছত পতিৰ বাবে সেই মোহৰৰ প্ৰতি লোভ কৰা তথা তাত কোনো ধৰণৰ হ্ৰাস কৰা বৈধ নহয়, যদিও সি পৃথক হব বিচাৰে অথবা তালাক দিব বিচাৰে।

• حرم الله تعالى نكاح زوجات الآباء؛ لأنه فاحشة تمقتها العقول الصحيحة والفطر السليمة.
আল্লাহে পিতৃৰ পত্নীসকলক বিবাহ কৰা হাৰাম কৰিছে, কিয়নো এইটো এনেকুৱা নিকৃষ্ট কাম যিটোক মানৱ বিবেকেও অপছন্দ কৰে।

• بين الله تعالى بيانًا مفصلًا من يحل نكاحه من النساء ومن يحرم، سواء أكان بسبب النسب أو المصاهرة أو الرضاع؛ تعظيمًا لشأن الأعراض، وصيانة لها من الاعتداء.
আল্লাহে অতি স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, কোন কোন নাৰীক বিবাহ কৰা বৈধ আৰু কোন কোন নাৰীক বিবাহ কৰা হাৰাম। সেয়া বংশগত ভাৱেই হওক নাইবা শশুৰ গোষ্ঠীৰ হওক নাইবা গাখীৰ সম্পৰ্কীয় কাৰণতেই হওক। বংশৰ মহত্ব আৰু ইয়াক সুৰক্ষিত কৰিবলৈ এনেকুৱা বিধান প্ৰণয়ন কৰা হৈছে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት