Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ   አንቀፅ:
یَسْتَفْتُوْنَكَ ؕ— قُلِ اللّٰهُ یُفْتِیْكُمْ فِی الْكَلٰلَةِ ؕ— اِنِ امْرُؤٌا هَلَكَ لَیْسَ لَهٗ وَلَدٌ وَّلَهٗۤ اُخْتٌ فَلَهَا نِصْفُ مَا تَرَكَ ۚ— وَهُوَ یَرِثُهَاۤ اِنْ لَّمْ یَكُنْ لَّهَا وَلَدٌ ؕ— فَاِنْ كَانَتَا اثْنَتَیْنِ فَلَهُمَا الثُّلُثٰنِ مِمَّا تَرَكَ ؕ— وَاِنْ كَانُوْۤا اِخْوَةً رِّجَالًا وَّنِسَآءً فَلِلذَّكَرِ مِثْلُ حَظِّ الْاُنْثَیَیْنِ ؕ— یُبَیِّنُ اللّٰهُ لَكُمْ اَنْ تَضِلُّوْا ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟۠
হে ৰাছুল! মানুহে আপোনাৰ পৰা কালালাহৰ মীৰাছ সম্পৰ্কে জানিব বিচাৰে। জানি থোৱা উচিত যে, কালালাহ সেই ব্যক্তিক কোৱা হয়, যাৰ মৃত্যুৰ পিছত (অংশীদাৰিত্ব পাবলৈ) তাৰ কোনো সন্তান তথা পিতৃ জীৱিত নাথাকে। আপুনি কৈ দিয়ক, আল্লাহে ইয়াৰ বিধান বৰ্ণনা কৰিছে যে, যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু তাৰ যদি কোনো সহোদৰ ভনীয়েক অথবা পিতৃৰ ফালৰ পৰা কোনো ভনী থাকে, তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ (নিৰ্দিষ্ট ভাগৰ) অৰ্ধাংশ পাব। আৰু মৃত ব্যক্তিৰ সহোদৰ ভাই অথবা পিতৃ ফালৰ পৰা ভাতৃয়ে আচাবা (যাৰ ভাগ সুনিচ্চিত নহয়) হিচাপে পৰিত্যক্ত সম্পত্তিৰ অংশীদাৰ হব, যদিহে তাৰ লগত কোনো নিৰ্দিষ্ট অংশীদাৰ নাথাকে। আনহাতে যদি তাৰ লগত কোনো নিৰ্দিষ্টি অংশ পোৱা ব্যক্তি থাকে তেন্তে সেই অংশ দিয়াৰ পিছতহে তেওঁ বাকী থকা সম্পত্তিৰ ওৱাৰিছ হব। আৰু সহোদৰ ভনী অথবা পিতৃৰ ফালৰ পৰা ভনী একাধিক থাকে তেন্তে তেওঁলোকে নিৰ্দিষ্ট অংশ হিচাপে এক তৃতীয়াংশ পাব। তথা যদি সহোদৰ আৰু পিতৃ ফালৰ পৰা ভাই ভনী উভয় থাকে, তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান হব। আল্লাহে তোমালোকৰ কল্যাণ কামনাৰে কালালাহ তথা মীৰাছৰ বিধান প্ৰস্তুত কৰিছে, যাতে তোমালোকে পথভ্ৰষ্ট নোহোৱা। তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عناية الله بجميع أحوال الورثة في تقسيم الميراث عليهم.
মীৰাছ বন্টনৰ ক্ষেত্ৰত আল্লাহে উত্তৰাধিকাৰী সকলৰ সকলো অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিছে।

• الأصل هو حِلُّ الأكل من كل بهيمة الأنعام، سوى ما خصه الدليل بالتحريم، أو ما كان صيدًا يعرض للمحرم في حجه أو عمرته.
মূলতে সকলো চতুষ্পদ জন্তু ভক্ষণ কৰা হালাল, হাৰাম কেৱল সেইসকল জন্তু যিবোৰ হাৰাম হোৱাৰ প্ৰমাণ আছে, অথবা হজ্জ তথা ওমৰাৰ সময়ত যিটো মুহৰিম ব্যক্তিৰ সন্মুখত চিকাৰ ৰূপে আহে।

• النهي عن استحلال المحرَّمات، ومنها: محظورات الإحرام، والصيد في الحرم، والقتال في الأشهر الحُرُم، واستحلال الهدي بغصب ونحوه، أو مَنْع وصوله إلى محله.
হাৰাম বস্তুক হালাল বুলি গণ্য কৰাৰ পৰা বিৰত থকাৰ আদেশ দিয়া হৈছে। যেনে- ইহৰাম অৱস্থাত যি যি হাৰাম, লগতে কাবা ঘৰৰ আশে পাশে হৰমৰ ভিতৰত চিকাৰ কৰা, সন্মানিত মাহবোৰত যুদ্ধ কৰা, বলপূৰ্বকভাৱে হজ্জত কুৰবানী কৰিবলৈ লৈ যোৱা জন্তু কাঢ়ি লোৱা অথবা সেইবোৰক জবেহ কৰা ঠাইত লৈ যাবলৈ বাধা প্ৰদান কৰা ইত্যাদি।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት