Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
وَاِنْ كُنْتُمْ عَلٰی سَفَرٍ وَّلَمْ تَجِدُوْا كَاتِبًا فَرِهٰنٌ مَّقْبُوْضَةٌ ؕ— فَاِنْ اَمِنَ بَعْضُكُمْ بَعْضًا فَلْیُؤَدِّ الَّذِی اؤْتُمِنَ اَمَانَتَهٗ وَلْیَتَّقِ اللّٰهَ رَبَّهٗ ؕ— وَلَا تَكْتُمُوا الشَّهَادَةَ ؕ— وَمَنْ یَّكْتُمْهَا فَاِنَّهٗۤ اٰثِمٌ قَلْبُهٗ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ عَلِیْمٌ ۟۠
যদি তোমালোকে ভ্ৰমণত থকা আৰু কোনো লেখক নোপোৱা তেন্তে হস্তান্তৰকৃত বন্ধক ৰাখিবা। এতেকে যদি তোমালোকে এজনে আনজনক বিশ্বাস কৰা, তেন্তে যাৰ ওচৰত আমানত ৰখা হৈছে তেওঁ (সেই বিশ্বাস বজায় ৰাখি) আমানত প্ৰত্যাৰ্পন কৰা উচিত, আৰু তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত; আৰু তোমালোকে সাক্ষী গোপন নকৰিবা, কাৰণ যিয়ে ইয়াক গোপন কৰে নিশ্চয় তাৰ অন্তৰ হৈছে পাপী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاِنْ تُبْدُوْا مَا فِیْۤ اَنْفُسِكُمْ اَوْ تُخْفُوْهُ یُحَاسِبْكُمْ بِهِ اللّٰهُ ؕ— فَیَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। তোমালোকৰ মনত যি আছে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে সেইবোৰৰ হিচাব তোমালোকৰ পৰা লব। তাৰ পিছত যাক ইচ্ছা কৰিব তেওঁ তাক ক্ষমা কৰিব আৰু যাক ইচ্ছা কৰিব শাস্তি বিহিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
اٰمَنَ الرَّسُوْلُ بِمَاۤ اُنْزِلَ اِلَیْهِ مِنْ رَّبِّهٖ وَالْمُؤْمِنُوْنَ ؕ— كُلٌّ اٰمَنَ بِاللّٰهِ وَمَلٰٓىِٕكَتِهٖ وَكُتُبِهٖ وَرُسُلِهٖ ۫— لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْ رُّسُلِهٖ ۫— وَقَالُوْا سَمِعْنَا وَاَطَعْنَا غُفْرَانَكَ رَبَّنَا وَاِلَیْكَ الْمَصِیْرُ ۟
ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই (আমি) উভতি যাব লাগিব’।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا وُسْعَهَا ؕ— لَهَا مَا كَسَبَتْ وَعَلَیْهَا مَا اكْتَسَبَتْ ؕ— رَبَّنَا لَا تُؤَاخِذْنَاۤ اِنْ نَّسِیْنَاۤ اَوْ اَخْطَاْنَا ۚ— رَبَّنَا وَلَا تَحْمِلْ عَلَیْنَاۤ اِصْرًا كَمَا حَمَلْتَهٗ عَلَی الَّذِیْنَ مِنْ قَبْلِنَا ۚ— رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهٖ ۚ— وَاعْفُ عَنَّا ۥ— وَاغْفِرْ لَنَا ۥ— وَارْحَمْنَا ۥ— اَنْتَ مَوْلٰىنَا فَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟۠
আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিব তাৰ প্ৰতিফল সি নিজে পাব, আৰু যিয়ে বেয়া উপাৰ্জন কৰিব তাৰ প্ৰতিফলো সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক অপৰাধ নধৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ আমাৰ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। গতিকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት