Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
فَلَمَّا فَصَلَ طَالُوْتُ بِالْجُنُوْدِ ۙ— قَالَ اِنَّ اللّٰهَ مُبْتَلِیْكُمْ بِنَهَرٍ ۚ— فَمَنْ شَرِبَ مِنْهُ فَلَیْسَ مِنِّیْ ۚ— وَمَنْ لَّمْ یَطْعَمْهُ فَاِنَّهٗ مِنِّیْۤ اِلَّا مَنِ اغْتَرَفَ غُرْفَةً بِیَدِهٖ ۚ— فَشَرِبُوْا مِنْهُ اِلَّا قَلِیْلًا مِّنْهُمْ ؕ— فَلَمَّا جَاوَزَهٗ هُوَ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ ۙ— قَالُوْا لَا طَاقَةَ لَنَا الْیَوْمَ بِجَالُوْتَ وَجُنُوْدِهٖ ؕ— قَالَ الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوا اللّٰهِ ۙ— كَمْ مِّنْ فِئَةٍ قَلِیْلَةٍ غَلَبَتْ فِئَةً كَثِیْرَةً بِاِذْنِ اللّٰهِ ؕ— وَاللّٰهُ مَعَ الصّٰبِرِیْنَ ۟
তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনীসহ ওলাই আহিল, তেতিয়া তেওঁ ক’লে, ‘আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলৰ অন্তৰ্ভুক্ত নহয়; আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি মোৰ দলভুক্ত; ইয়াৰ বাহিৰে যিয়ে এচলু পানী গ্ৰহণ কৰিব সিও (মোৰ দলৰ অন্তৰ্ভুক্ত)’। এতেকে কিছুসংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সংগী ঈমান্দাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক’লে, ‘জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই’। কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে, আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ব, তেওঁলোকে ক’লে, ‘আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান বৃহৎ দলক পৰাজয় কৰিছে’! আৰু আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَمَّا بَرَزُوْا لِجَالُوْتَ وَجُنُوْدِهٖ قَالُوْا رَبَّنَاۤ اَفْرِغْ عَلَیْنَا صَبْرًا وَّثَبِّتْ اَقْدَامَنَا وَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟ؕ
আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিবলৈ জালুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ’ল, তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য্য ঢালি দিয়া আৰু আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা’।
የአረብኛ ቁርኣን ማብራሪያ:
فَهَزَمُوْهُمْ بِاِذْنِ اللّٰهِ ۙ۫— وَقَتَلَ دَاوٗدُ جَالُوْتَ وَاٰتٰىهُ اللّٰهُ الْمُلْكَ وَالْحِكْمَةَ وَعَلَّمَهٗ مِمَّا یَشَآءُ ؕ— وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَّفَسَدَتِ الْاَرْضُ وَلٰكِنَّ اللّٰهَ ذُوْ فَضْلٍ عَلَی الْعٰلَمِیْنَ ۟
এতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে। আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।
የአረብኛ ቁርኣን ማብራሪያ:
تِلْكَ اٰیٰتُ اللّٰهِ نَتْلُوْهَا عَلَیْكَ بِالْحَقِّ ؕ— وَاِنَّكَ لَمِنَ الْمُرْسَلِیْنَ ۟
এইবোৰ হৈছে আল্লাহৰ আয়াত, আমি তোমাৰ ওপৰত এইবোৰ যথাযথভাৱে তিলাৱত কৰোঁ; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት