Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
كُتِبَ عَلَیْكُمُ الْقِتَالُ وَهُوَ كُرْهٌ لَّكُمْ ۚ— وَعَسٰۤی اَنْ تَكْرَهُوْا شَیْـًٔا وَّهُوَ خَیْرٌ لَّكُمْ ۚ— وَعَسٰۤی اَنْ تُحِبُّوْا شَیْـًٔا وَّهُوَ شَرٌّ لَّكُمْ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟۠
তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে যদিও এইটো তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেইটো তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটোক তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।
የአረብኛ ቁርኣን ማብራሪያ:
یَسْـَٔلُوْنَكَ عَنِ الشَّهْرِ الْحَرَامِ قِتَالٍ فِیْهِ ؕ— قُلْ قِتَالٌ فِیْهِ كَبِیْرٌ ؕ— وَصَدٌّ عَنْ سَبِیْلِ اللّٰهِ وَكُفْرٌ بِهٖ وَالْمَسْجِدِ الْحَرَامِ ۗ— وَاِخْرَاجُ اَهْلِهٖ مِنْهُ اَكْبَرُ عِنْدَ اللّٰهِ ۚ— وَالْفِتْنَةُ اَكْبَرُ مِنَ الْقَتْلِ ؕ— وَلَا یَزَالُوْنَ یُقَاتِلُوْنَكُمْ حَتّٰی یَرُدُّوْكُمْ عَنْ دِیْنِكُمْ اِنِ اسْتَطَاعُوْا ؕ— وَمَنْ یَّرْتَدِدْ مِنْكُمْ عَنْ دِیْنِهٖ فَیَمُتْ وَهُوَ كَافِرٌ فَاُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰাটো কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাটো আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা (শ্বিৰ্ক) হৈছে হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) যদি সিহঁত সক্ষম হয় তেন্তে তোমালোকক তোমালোকৰ (সুপ্ৰতিষ্ঠিত) দ্বীনৰ পৰা ওভতাই লৈ নোযোৱা পৰ্যন্ত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব। এতেকে তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে (জানি থোৱা) পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَاجَرُوْا وَجٰهَدُوْا فِیْ سَبِیْلِ اللّٰهِ ۙ— اُولٰٓىِٕكَ یَرْجُوْنَ رَحْمَتَ اللّٰهِ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟
নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকেই আল্লাহৰ ৰহমত কামনা কৰে; আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
یَسْـَٔلُوْنَكَ عَنِ الْخَمْرِ وَالْمَیْسِرِ ؕ— قُلْ فِیْهِمَاۤ اِثْمٌ كَبِیْرٌ وَّمَنَافِعُ لِلنَّاسِ ؗ— وَاِثْمُهُمَاۤ اَكْبَرُ مِنْ نَّفْعِهِمَا ؕ— وَیَسْـَٔلُوْنَكَ مَاذَا یُنْفِقُوْنَ ؕ۬— قُلِ الْعَفْوَؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ۟ۙ
সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োটাৰ মাজতে আছে মহাপাপ আৰু মানুহৰ বাবে (কিছু পৰিমাণ) উপকাৰো আছে; আৰু উভয়ৰে পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে (আল্লাহৰ পথত) কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈয়ে আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা,
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት