Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
اَلَّذِیْنَ یَاْكُلُوْنَ الرِّبٰوا لَا یَقُوْمُوْنَ اِلَّا كَمَا یَقُوْمُ الَّذِیْ یَتَخَبَّطُهُ الشَّیْطٰنُ مِنَ الْمَسِّ ؕ— ذٰلِكَ بِاَنَّهُمْ قَالُوْۤا اِنَّمَا الْبَیْعُ مِثْلُ الرِّبٰوا ۘ— وَاَحَلَّ اللّٰهُ الْبَیْعَ وَحَرَّمَ الرِّبٰوا ؕ— فَمَنْ جَآءَهٗ مَوْعِظَةٌ مِّنْ رَّبِّهٖ فَانْتَهٰی فَلَهٗ مَا سَلَفَ ؕ— وَاَمْرُهٗۤ اِلَی اللّٰهِ ؕ— وَمَنْ عَادَ فَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
যিসকলে সুত খায়, সিহঁতে সেই ব্যক্তিৰ দৰেই (কবৰৰ পৰা) উঠিব, যাক চয়তানে স্পৰ্শ কৰি বলিয়া বনাইছে। এইটো এইকাৰণে যে, সিহঁতে কয়, ব্যৱসায়-বাণিজ্যও দেখোন সুতৰ দৰেই। অথচ আল্লাহে ব্যৱসায়.-বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ উপদেশ আহি পাইছে, তাৰ পিছত সি (সুত খোৱাৰ পৰা) বিৰত হৈছে, গতিকে (নিষিদ্ধ হোৱাৰ পূৰ্বে) যি অতীত হৈছে সেইটো হৈছেই; তাৰ হিচাপ নিকাচ আল্লাহৰ অধীনত; আনহাতে যিসকলে অমান্য কৰি উভতি যাব (অৰ্থাৎ পুনৰ সুত খাব) সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
یَمْحَقُ اللّٰهُ الرِّبٰوا وَیُرْبِی الصَّدَقٰتِ ؕ— وَاللّٰهُ لَا یُحِبُّ كُلَّ كَفَّارٍ اَثِیْمٍ ۟
আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু চাদাকাক বৃদ্ধি কৰে; আল্লাহে কোনো অকৃতজ্ঞ, পাপীক ভাল নাপায়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ لَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ— وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟
নিশ্চয় যিসকলে ঈমান আনিছে, নেক আমল কৰিছে, ছালাত প্ৰতিষ্ঠা কৰিছে আৰু যাকাত প্ৰদান কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত; তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَذَرُوْا مَا بَقِیَ مِنَ الرِّبٰۤوا اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে সেইখিনি এৰি দিয়া, যদি তোমালোকে মুমিন হোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِنْ لَّمْ تَفْعَلُوْا فَاْذَنُوْا بِحَرْبٍ مِّنَ اللّٰهِ وَرَسُوْلِهٖ ۚ— وَاِنْ تُبْتُمْ فَلَكُمْ رُءُوْسُ اَمْوَالِكُمْ ۚ— لَا تَظْلِمُوْنَ وَلَا تُظْلَمُوْنَ ۟
কিন্তু যদি তোমালোকে (সুত বৰ্জন) নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধ সুনিশ্চিত বুলি জানি থোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ كَانَ ذُوْ عُسْرَةٍ فَنَظِرَةٌ اِلٰی مَیْسَرَةٍ ؕ— وَاَنْ تَصَدَّقُوْا خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟
আৰু যদি (খাতক) অভাৱগ্ৰস্থ হয় তেন্তে সচ্ছলতা নোহোৱালৈকে তাৰ অৱকাশ আছে; আৰু যদি তোমালোকে ছাদাকা (ক্ষমা) কৰি দিয়া তেন্তে এইটো তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
وَاتَّقُوْا یَوْمًا تُرْجَعُوْنَ فِیْهِ اِلَی اللّٰهِ ۫— ثُمَّ تُوَفّٰی كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟۠
আৰু তোমালোকে সেই দিৱসক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে ওভতাই লৈ যোৱা হ'ব। তাৰ পিছত প্ৰত্যেককে তাৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት