Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል አሕዛብ   አንቀፅ:
لَا جُنَاحَ عَلَیْهِنَّ فِیْۤ اٰبَآىِٕهِنَّ وَلَاۤ اَبْنَآىِٕهِنَّ وَلَاۤ اِخْوَانِهِنَّ وَلَاۤ اَبْنَآءِ اِخْوَانِهِنَّ وَلَاۤ اَبْنَآءِ اَخَوٰتِهِنَّ وَلَا نِسَآىِٕهِنَّ وَلَا مَا مَلَكَتْ اَیْمَانُهُنَّ ۚ— وَاتَّقِیْنَ اللّٰهَ ؕ— اِنَّ اللّٰهَ كَانَ عَلٰی كُلِّ شَیْءٍ شَهِیْدًا ۟
তেওঁলোকৰ সৈতে যিসকলে পৰ্দা নোহোৱাকৈ তথা মুখামুখিকৈ কথা ক’ব পাৰিব সেইসকল হৈছেঃ তেওঁলোকৰ পিতা, তেওঁলোকৰ সন্তান-সন্ততি, তেওঁলোকৰ ভাতৃসকল, তেওঁলোকৰ ভতীজাসকল, আৰু তেওঁলোকৰ ভাগিনসকল, বংশগত সম্পৰ্কৰ হওক অথবা দুগ্ধপান সম্পৰ্কীয়। লগতে মুমিনা নাৰীসকল আৰু তেওঁলোকৰ দাস-দাসীসকলেও তেওঁলোকৰ সৈতে পৰ্দা নোহোৱাকৈ কথা পাতিব পাৰিব। হে মুমিনা নাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। কাৰণ তেওঁ তোমালোকৰ প্ৰত্যেক কথা আৰু কৰ্ম সম্পৰ্কে অৱগত।
ዓረብኛ ተፍሲሮች:
اِنَّ اللّٰهَ وَمَلٰٓىِٕكَتَهٗ یُصَلُّوْنَ عَلَی النَّبِیِّ ؕ— یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا صَلُّوْا عَلَیْهِ وَسَلِّمُوْا تَسْلِیْمًا ۟
নিশ্চয় আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশংসা কৰে। আৰু ফিৰিস্তাসকলে তেওঁৰ বাবে দুআ কৰে। গতিকে হে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁ চৰীয়ত মতে আমল কৰা বান্দাসকল! তোমালোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ আৰু ছালাম পাঠ কৰা।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ یُؤْذُوْنَ اللّٰهَ وَرَسُوْلَهٗ لَعَنَهُمُ اللّٰهُ فِی الدُّنْیَا وَالْاٰخِرَةِ وَاَعَدَّ لَهُمْ عَذَابًا مُّهِیْنًا ۟
যিসকল লোকে আল্লাহ আৰু তেওঁৰ ৰাছুলক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়ে, নিশ্চিতভাৱে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা পৃথিৱী আৰু আখিৰাতত বহু দূৰ আঁতৰাই দিছে। তথা তেওঁৰ ৰাছুলক কষ্ট দিয়াৰ বাবে তেওঁ আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ یُؤْذُوْنَ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ بِغَیْرِ مَا اكْتَسَبُوْا فَقَدِ احْتَمَلُوْا بُهْتَانًا وَّاِثْمًا مُّبِیْنًا ۟۠
যিসকল লোকে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা বিনা অপৰাধত কষ্ট দিয়ে, সিহঁতে প্ৰকৃততে মিছা কথা আৰু প্ৰকাশ্য গুনাহৰ বোজা বহন কৰিছে।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا النَّبِیُّ قُلْ لِّاَزْوَاجِكَ وَبَنٰتِكَ وَنِسَآءِ الْمُؤْمِنِیْنَ یُدْنِیْنَ عَلَیْهِنَّ مِنْ جَلَابِیْبِهِنَّ ؕ— ذٰلِكَ اَدْنٰۤی اَنْ یُّعْرَفْنَ فَلَا یُؤْذَیْنَ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক, আপোনাৰ জীয়েকহঁতক আৰু মুমিনা নাৰীসকলক কৈ দিয়কঃ তেওঁলোকে যেন নিজৰ ওপৰত চাদৰ এখন টানি লয়। যাতে পৰপুৰুষৰ সন্মুখত তেওঁলোকৰ শৰীৰৰ কোনো অংগ প্ৰকাশ নাপায়। ইয়াৰ ফলত এইটো চিনি পোৱা সহজ হৈ পৰিব যে, তেওঁলোক হৈছে স্বাধীন নাৰী। এতেকে তেওঁলোকক কোনেও অসুবিধা নিদিব, যিদৰে দাসীসকলক অসুবিধা দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।
ዓረብኛ ተፍሲሮች:
لَىِٕنْ لَّمْ یَنْتَهِ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْمُرْجِفُوْنَ فِی الْمَدِیْنَةِ لَنُغْرِیَنَّكَ بِهِمْ ثُمَّ لَا یُجَاوِرُوْنَكَ فِیْهَاۤ اِلَّا قَلِیْلًا ۟ۚۛ
মুনাফিকসকলে যদি সিহঁতৰ নিফাকৰ পৰা বিৰত নাথাকে, অৰ্থাৎ ইছলাম প্ৰকাশ কৰি অন্তৰত কুফৰী গোপন ৰখা অভ্যাসৰ পৰা যদি বিৰত নাথাকে। তথা যিসকলৰ পাপিষ্ঠ অন্তৰত প্ৰবৃত্তিৰ অশ্লীল চাহিদা লুকাই আছে, লগতে সেইসকল লোক যিসকলে মদীনাত মুমিনসকলক বিভক্ত কৰিবলৈ মিছা খবৰ বিয়পায়, যদি এই লোকসকলে নিজৰ নিজৰ কুকৰ্মৰ পৰা বিৰত নাথাকে তেন্তে হে ৰাছুল! সিহঁতক শাস্তি প্ৰদান কৰিবলৈ আমি আপোনাক নিৰ্দেশ জাৰি কৰিম, আৰু সিহঁতৰ ওপৰত আপোনাক কৰ্তৃত্ব প্ৰদান কৰিম। তেতিয়া সিহঁতে মদীনাত বেছি দিন আপোনাৰ সৈতে তিষ্টিব নোৱাৰিব। যিহেতু সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছে, সেয়ে সিহঁতক হয়তো ধ্বংস কৰা হ’ব নাইবা মদীনাৰ পৰা বহিষ্কৃত কৰা হ’ব।
ዓረብኛ ተፍሲሮች:
مَّلْعُوْنِیْنَ ۛۚ— اَیْنَمَا ثُقِفُوْۤا اُخِذُوْا وَقُتِّلُوْا تَقْتِیْلًا ۟
সিহঁত আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত। গতিকে সিহঁতক যি ঠাইতে পোৱা যাব, তাতেই সিহঁতক গ্ৰেপ্তাৰ কৰা হ’ব, তথা সিহঁতৰ নিফাকৰ ফলত আৰু পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰাৰ অপৰাধত সিহঁতক মৃত্যুদণ্ড দিয়া হ’ব।
ዓረብኛ ተፍሲሮች:
سُنَّةَ اللّٰهِ فِی الَّذِیْنَ خَلَوْا مِنْ قَبْلُ ۚ— وَلَنْ تَجِدَ لِسُنَّةِ اللّٰهِ تَبْدِیْلًا ۟
প্ৰকাশ্যভাৱে নিফাক কৰা মুনাফিকসকলৰ ক্ষেত্ৰত এইটোৱে হৈছে আল্লাহৰ ধাৰাবাহিক নিয়ম। আল্লাহৰ এই নিয়ম চিৰপ্ৰতিষ্ঠিত। ইয়াত কেতিয়াও আপুনি কোনো ধৰণৰ পৰিবৰ্তন নাপাব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• علوّ منزلة النبي صلى الله عليه وسلم عند الله وملائكته.
আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আছে অতি উচ্চ মৰ্যাদা।

• حرمة إيذاء المؤمنين دون سبب.
বিনা অপৰাধত মুমিনসকলক কষ্ট দিয়া হাৰাম।

• النفاق سبب لنزول العذاب بصاحبه.
নিফাকে মুনাফিকৰ ওচৰলৈ শাস্তি কঢ়িয়াই আনে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል አሕዛብ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት