Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል አሕዛብ   አንቀፅ:
قُلْ لَّنْ یَّنْفَعَكُمُ الْفِرَارُ اِنْ فَرَرْتُمْ مِّنَ الْمَوْتِ اَوِ الْقَتْلِ وَاِذًا لَّا تُمَتَّعُوْنَ اِلَّا قَلِیْلًا ۟
হে ৰাছুল! আপুনি সেই লোকসকলক কৈ দিয়ক যে, যদি তোমালোকে মৃত্যু অথবা হত্যাক ভয় কৰি যুদ্ধৰ পৰা পলায়ন কৰিব বিচাৰিছা, তেন্তে জানি থোৱা! এই পলায়নে তোমালোকক একো উপকাৰ কৰিব নোৱাৰিব। কাৰণ মৃত্যুৰ সময় নিৰ্ধাৰিত আছে। এতেকে যদি তোমালোকে পলায়ন কৰা, ইপিনে তোমালোকৰ মৃত্যুৰ সময়ো যদি নিকটৱৰ্তী নাথাকে, তথাপিও তোমালোকে অতি কম সময়হে পাৰ্থিৱ জীৱন উপভোগ কৰিব পাৰিবা।
ዓረብኛ ተፍሲሮች:
قُلْ مَنْ ذَا الَّذِیْ یَعْصِمُكُمْ مِّنَ اللّٰهِ اِنْ اَرَادَ بِكُمْ سُوْٓءًا اَوْ اَرَادَ بِكُمْ رَحْمَةً ؕ— وَلَا یَجِدُوْنَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ وَلِیًّا وَّلَا نَصِیْرًا ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি আল্লাহে তোমালোকক মৃত্যু দান কৰিব বিচাৰে অথবা হত্যা কৰিব বিচাৰে, যিটোক তোমালোকে অপছন্দ কৰা, নাইবা তেওঁ যদি তোমালোকক নিৰাপত্তা তথা কল্যাণ দান কৰিব বিচাৰে, যিটোক তোমালোকে পছন্দ কৰা তেন্তে কোৱাচোন! তেওঁক বাধা দিব পৰা কোনোবা আছেনে? নিশ্চিতৰূপে তোমালোকক ৰক্ষা কৰিব পৰা কোনো নাই। এই মুনাফিকসকলে আল্লাহৰ বাহিৰে আন কোনো সংৰক্ষক বিচাৰি নাপাব, যিয়ে সিহঁতক সুৰক্ষা প্ৰদান কৰিব পাৰিব। আৰু কোনো সহায়কো বিচাৰি নাপাব, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।
ዓረብኛ ተፍሲሮች:
قَدْ یَعْلَمُ اللّٰهُ الْمُعَوِّقِیْنَ مِنْكُمْ وَالْقَآىِٕلِیْنَ لِاِخْوَانِهِمْ هَلُمَّ اِلَیْنَا ۚ— وَلَا یَاْتُوْنَ الْبَاْسَ اِلَّا قَلِیْلًا ۟ۙ
নিশ্চয় আল্লাহে তোমালোকৰ মাজৰ সেইসকল লোকক ভালদৰেই জানে, যিসকলে আন আন লোকসকলক আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহযোগী হৈ যুদ্ধ কৰিবলৈ বাধা প্ৰদান কৰে। যিসকলে নিজৰ ভাতৃসকলক কয়ঃ তোমালোকে আমাৰ ফালে আহা, আৰু তেওঁৰ সৈতে মিলি যুদ্ধত অংশগ্ৰহণ নকৰিবা, অন্যথা অকালতে মৃত্যুবৰণ কৰিবা। নিশ্চয় আমি আশংকা কৰিছোঁ তোমালোক নিহত হ’বা। আন আন লোকসকলক বাধা প্ৰদান কৰা এই লোকসকলে কেতিয়াবা কেতিয়াবাহে যুদ্ধত চামিল হয়। সেইটোৰো এটা কাৰণ আছে, যাতে মানুহে সিহঁতক যুদ্ধত চামিল নোহোৱা বুলি অভিযোগ কৰিব নোৱাৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰাৰ উদ্দেশ্যে সিহঁতে কেতিয়াও অংশগ্ৰহণ নকৰে।
ዓረብኛ ተፍሲሮች:
اَشِحَّةً عَلَیْكُمْ ۖۚ— فَاِذَا جَآءَ الْخَوْفُ رَاَیْتَهُمْ یَنْظُرُوْنَ اِلَیْكَ تَدُوْرُ اَعْیُنُهُمْ كَالَّذِیْ یُغْشٰی عَلَیْهِ مِنَ الْمَوْتِ ۚ— فَاِذَا ذَهَبَ الْخَوْفُ سَلَقُوْكُمْ بِاَلْسِنَةٍ حِدَادٍ اَشِحَّةً عَلَی الْخَیْرِ ؕ— اُولٰٓىِٕكَ لَمْ یُؤْمِنُوْا فَاَحْبَطَ اللّٰهُ اَعْمَالَهُمْ ؕ— وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟
হে মুমিনসকল! সিহঁতে তোমালোকৰ প্ৰতি অতি কৃপণালী কৰে। ধন-সম্পদৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেইকাৰণেই তোমালোকক সহায় কৰিবলৈ ব্যয় নকৰে। শাৰীৰিক দিশতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত মিলি যুদ্ধ নকৰে। বন্ধত্বৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত বন্ধুত্ব নকৰে। শত্ৰুৰ লগত মোকাবিলাৰ সময়ত যেতিয়া সিহঁত ভীত-সন্ত্ৰস্ত হয়, হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব, সিহঁতে কাপুৰুষৰ নিচিনা মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই আপোনাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া সিহঁতৰ এই ভয় দূৰ হয়, তথা সিহঁত নিশ্চিন্ত হয় তেতিয়া সিহঁতে আপোনাক কথাৰ জৰিয়তে কটাক্ষ কৰি কষ্ট দিয়ে। সিহঁত হৈছে যুদ্ধলব্ধ সম্পদৰ লোভী, সেই সম্পদ লাভৰ আশাত সদায় ঘাত পাতি থাকে। এনেকুৱা বৈশিষ্ট্যৰ লোকসকলে কেতিয়াও প্ৰকৃত মুমিন হ’ব নোৱাৰে। সেইকাৰণেই আল্লাহে সিহঁতৰ কৰ্মৰ প্ৰতিফল ব্যৰ্থ কৰি দিছে। এই ব্যৰ্থ প্ৰক্ৰিয়া আল্লাহৰ বাবে অতি সহজ।
ዓረብኛ ተፍሲሮች:
یَحْسَبُوْنَ الْاَحْزَابَ لَمْ یَذْهَبُوْا ۚ— وَاِنْ یَّاْتِ الْاَحْزَابُ یَوَدُّوْا لَوْ اَنَّهُمْ بَادُوْنَ فِی الْاَعْرَابِ یَسْاَلُوْنَ عَنْ اَنْۢبَآىِٕكُمْ ؕ— وَلَوْ كَانُوْا فِیْكُمْ مَّا قٰتَلُوْۤا اِلَّا قَلِیْلًا ۟۠
এই কাপুৰুষসকলে ধাৰণা কৰে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ বিৰুদ্ধে একত্ৰিত হোৱা এই সেনাবাহিনীয়ে তেওঁলোকক নিঃশেষ নকৰালৈকে উভতি নাযাব। এই সেনাবাহিনীয়ে যদি পুনৰ আক্ৰমণ কৰিবলৈ আহে তেন্তে এই মুনাফিকসকলে কামনা কৰিব যে, যদি সিহঁত মদীনাৰ পৰা ওলাই বেদুইনসকলৰ লগত বসবাস কৰিলেহেঁতেন আৰু তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন যে, তোমালোকৰ শত্ৰুসকলে যুদ্ধত তোমালোকৰ কি অৱস্থা কৰিছে? হে মুমিনসকল! যদি সিহঁত তোমালোকৰ সৈতে থাকে, তথাপিও সিহঁতে তোমালোকৰ হৈ যুদ্ধ কৰাটো নাম মাত্ৰহে। গতিকে সিহঁতক গুৰুত্ব নিদিবা, তথা সিহঁতকলৈ পৰিতাপো নকৰিবা।
ዓረብኛ ተፍሲሮች:
لَقَدْ كَانَ لَكُمْ فِیْ رَسُوْلِ اللّٰهِ اُسْوَةٌ حَسَنَةٌ لِّمَنْ كَانَ یَرْجُوا اللّٰهَ وَالْیَوْمَ الْاٰخِرَ وَذَكَرَ اللّٰهَ كَثِیْرًا ۟ؕ
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা আৰু কৰ্মৰ মাজত নিশ্চিতভাৱে তোমালোকৰ বাবে আছে উত্তম আদৰ্শ। যিহেতু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং যুদ্ধত অংশগ্ৰহণ কৰিছে তথা যুদ্ধ কৰিছে, তেনেক্ষেত্ৰত তোমালোকে নিজৰ শৰীৰকলৈ কিয় কৃপণালী কৰা? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ সেই ব্যক্তিয়েই গ্ৰহণ কৰে, যিয়ে আল্লাহৰ ছোৱাব আৰু তেওঁৰ ৰহমত কামনা কৰে আৰু আখিৰাতৰ প্ৰতি আশা পোষণ কৰে, তথা ইয়াৰ বাবে যথেষ্ট আমল কৰে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে। আনহাতে যিয়ে আখাৰিতৰ ছোৱাব আশা নকৰে, সি আল্লাহকো স্মৰণ নকৰে আৰু ৰাছুলৰ আদৰ্শও গ্ৰহণ নকৰে।
ዓረብኛ ተፍሲሮች:
وَلَمَّا رَاَ الْمُؤْمِنُوْنَ الْاَحْزَابَ ۙ— قَالُوْا هٰذَا مَا وَعَدَنَا اللّٰهُ وَرَسُوْلُهٗ وَصَدَقَ اللّٰهُ وَرَسُوْلُهٗ ؗ— وَمَا زَادَهُمْ اِلَّاۤ اِیْمَانًا وَّتَسْلِیْمًا ۟ؕ
মুমিনসকলে যেতিয়া তেওঁলোকৰ সৈতে যুদ্ধ কৰিবলৈ অহা সন্মিলিত সেনাবাহিনীক স্বচক্ষে দেখা পালে তেতিয়া তেওঁলোকে ক’লেঃ এইটোৱেই হৈছে সেই কঠিন সন্ধিক্ষণ তথা পৰীক্ষাৰ সময়, লগতে সহায়-সহযোগিতাৰ সময়, যিটোৰ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক প্ৰতিশ্ৰুতি দিছিল। গতিকে আল্লাহ আৰু তেওঁৰ ৰাছুলে এই বিষয়ে যি যি কৈছিল সেয়া সত্য, তথা বাস্তৱ। সেনাবাহিনীক দেখি আল্লাহৰ প্ৰতি তেওঁলোকৰ ঈমান আৰু আনুগত্যৰ উৎসাহ উদ্দীপনাহে বৃদ্ধি হ’ল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الآجال محددة؛ لا يُقَرِّبُها قتال، ولا يُبْعِدُها هروب منه.
মৃত্যুৰ সময় নিৰ্ধাৰিত। যুদ্ধৰ ফলত ই কেতিয়াও নিকটৱৰ্তী নহয়। আনহাতে পলায়নৰ ফলত এই সময় কেতিয়াও পিছুৱাই নাযায়।

• التثبيط عن الجهاد في سبيل الله شأن المنافقين دائمًا.
আল্লাহৰ পথত জিহাদ কৰিবলৈ বাধা প্ৰদান কৰাটো হৈছে মুনাফিকসকলৰ পৰম্পৰাগত চৰিত্ৰ।

• الرسول صلى الله عليه وسلم قدوة المؤمنين في أقواله وأفعاله.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ মুমিনসকলৰ বাবে উত্তম আদৰ্শ।

• الثقة بالله والانقياد له من صفات المؤمنين.
আল্লাহৰ প্ৰতি ভৰসা কৰা আৰু তেওঁৰ আনুগত্য কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል አሕዛብ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት