Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል አሕዛብ   አንቀፅ:
وَمَنْ یَّقْنُتْ مِنْكُنَّ لِلّٰهِ وَرَسُوْلِهٖ وَتَعْمَلْ صَالِحًا نُّؤْتِهَاۤ اَجْرَهَا مَرَّتَیْنِ ۙ— وَاَعْتَدْنَا لَهَا رِزْقًا كَرِیْمًا ۟
তোমালোকৰ মাজৰ যিয়ে নিয়মিতভাৱে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, লগতে আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্ম কৰিব, আমি তেওঁক আন আন নাৰীসকলৰ তুলনাত দ্বিগুণ ছোৱাব প্ৰদান কৰিম। আমি তেওঁৰ বাবে আখিৰাতত প্ৰস্তুত কৰি ৰাখিছোঁ মহাপ্ৰতিদান, অৰ্থাৎ জান্নাত।
ዓረብኛ ተፍሲሮች:
یٰنِسَآءَ النَّبِیِّ لَسْتُنَّ كَاَحَدٍ مِّنَ النِّسَآءِ اِنِ اتَّقَیْتُنَّ فَلَا تَخْضَعْنَ بِالْقَوْلِ فَیَطْمَعَ الَّذِیْ فِیْ قَلْبِهٖ مَرَضٌ وَّقُلْنَ قَوْلًا مَّعْرُوْفًا ۟ۚ
হে নবী-মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নীসকল! তোমালোকে মান-মৰ্যাদা আৰু সন্মানৰ ক্ষেত্ৰত আন আন মহিলাসকলৰ দৰে নহয়। যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা তেন্তে তোমালোকে শ্ৰেষ্ঠতা আৰু মান-সন্মানৰ সেই উচ্চ শিখৰত উপনীত হ’বা, য’ত উপনীত হোৱা অন্যান্য মহিলাসকলৰ বাবে অসম্ভৱ। এতেকে যেতিয়া তোমালোকে অপৰিচিত লোকৰ সৈতে কথা ক’বা তেতিয়া কোমল কণ্ঠত তথা আকৰ্ষিত সুৰত কথা নক’বা। অন্যথা যাৰ অন্তৰত নিফাক আছে নাইবা হাৰাম কৰ্মত লিপ্ত হোৱাৰ ইচ্ছা আছে, সি লোভত পৰি বাট চাই থাকিব। এতেকে সন্দেহ-সংশয় নথকা গাম্ভীৰ্য্যপূৰ্ণ কথা পাতিবা, লগতে হাঁহি-ধেমালি নকৰিবা আৰু সদায় প্ৰয়োজনীয় কথাহে ক’বা।
ዓረብኛ ተፍሲሮች:
وَقَرْنَ فِیْ بُیُوْتِكُنَّ وَلَا تَبَرَّجْنَ تَبَرُّجَ الْجَاهِلِیَّةِ الْاُوْلٰی وَاَقِمْنَ الصَّلٰوةَ وَاٰتِیْنَ الزَّكٰوةَ وَاَطِعْنَ اللّٰهَ وَرَسُوْلَهٗ ؕ— اِنَّمَا یُرِیْدُ اللّٰهُ لِیُذْهِبَ عَنْكُمُ الرِّجْسَ اَهْلَ الْبَیْتِ وَیُطَهِّرَكُمْ تَطْهِیْرًا ۟ۚ
তোমালোকে ঘৰতেই অৱস্থান কৰা, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলাবা। লগতে ইছলামপূৰ্ব নাৰীসকলৰ দৰে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰিবা। কাৰণ সিহঁতে পুৰুষসকলক আকৰ্ষিত কৰিবলৈ নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছিল। পৰিপূৰ্ণৰূপে চালাত আদায় কৰিবা, ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰিবা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিবা। হে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকল আৰু তেওঁৰ পৰিয়ালবৰ্গ শুনা! আল্লাহে তোমালোকৰ দুখ-কষ্ট দূৰ কৰিব বিচাৰে। লগতে তোমালোকক উত্তম চৰিত্ৰৰ দ্বাৰা সুসজ্জিত কৰিব বিচাৰে আৰু সকলো প্ৰকাৰৰ বেয়া আচৰণৰ পৰা পৰিপূৰ্ণৰূপে পৰিশুদ্ধি কৰিব বিচাৰে। তোমালোকক এনেকৈ পৱিত্ৰ কৰিব বিচাৰে, যাৰ পিছত বেয়া বোলা একোৱেই নাথাকিব।
ዓረብኛ ተፍሲሮች:
وَاذْكُرْنَ مَا یُتْلٰی فِیْ بُیُوْتِكُنَّ مِنْ اٰیٰتِ اللّٰهِ وَالْحِكْمَةِ ؕ— اِنَّ اللّٰهَ كَانَ لَطِیْفًا خَبِیْرًا ۟۠
স্মৰণ কৰা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক, লগতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৱিত্ৰ ছুন্নতসমূহক। নিশ্চয় আল্লাহে তোমালোকক তেওঁৰ নবীৰ ঘৰত অৱস্থান কৰাৰ সুযোগ প্ৰদান কৰি তোমালোকৰ ওপৰত উপকাৰ কৰিছে। তেওঁ তোমালোকক যেতিয়া নবীৰ স্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল, তেতিয়া তেওঁ তোমালোকৰ বিষয়ে ভালকৈয়ে অৱগত আছিল। তথা তেৱেঁই তোমালোকক উম্মতৰ সকলো মুমিনসকলৰ মাতৃ হিচাপে নিৰ্বাচন কৰিছে।
ዓረብኛ ተፍሲሮች:
اِنَّ الْمُسْلِمِیْنَ وَالْمُسْلِمٰتِ وَالْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ وَالْقٰنِتِیْنَ وَالْقٰنِتٰتِ وَالصّٰدِقِیْنَ وَالصّٰدِقٰتِ وَالصّٰبِرِیْنَ وَالصّٰبِرٰتِ وَالْخٰشِعِیْنَ وَالْخٰشِعٰتِ وَالْمُتَصَدِّقِیْنَ وَالْمُتَصَدِّقٰتِ وَالصَّآىِٕمِیْنَ وَالصّٰٓىِٕمٰتِ وَالْحٰفِظِیْنَ فُرُوْجَهُمْ وَالْحٰفِظٰتِ وَالذّٰكِرِیْنَ اللّٰهَ كَثِیْرًا وَّالذّٰكِرٰتِ ۙ— اَعَدَّ اللّٰهُ لَهُمْ مَّغْفِرَةً وَّاَجْرًا عَظِیْمًا ۟
নিশ্চয় আল্লাহৰ ওচৰত নত স্বীকাৰ কৰা পুৰুষসকল আৰু নত স্বীকাৰকাৰিণী নাৰীসকল; আল্লাহৰ বাবে দান কৰা পুৰুষসকল আৰু দানশীলা নাৰীসকল; আল্লাহৰ আনুগত্য কৰা পুৰুষসকল আৰু আনুগত্য কৰা নাৰীসকল; কথা আৰু ঈমানত সত্যবাদী পুৰুষসকল আৰু সত্যবাদী নাৰীসকল; বিপদ-আপদ আৰু গুনাহৰ পৰা আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰা পুৰুষসকল আৰু ধৈৰ্য্যধাৰিণী নাৰীসকল; নিজৰ সম্পদৰ দ্বাৰা ফৰজ তথা নফল চাদাকাহ-খয়ৰাত কৰা পুৰুষসকল আৰু নাৰীসকল; ফৰজ তথা নফল ৰোজা পালন কৰা পুৰুষসকল আৰু নাৰীসকল; নিজৰ লজ্জাস্থান সুৰক্ষিত ৰখা পুৰুষসকল আৰু নাৰীসকল, যিসকলে নিজৰ লজ্জাস্থান এনে লোকৰ সন্মুখত উন্মুক্ত নকৰে যিসকলৰ বাবে জায়েজ নহয়। লগতে তেওঁলোকে ব্যভিচাৰ আদিৰ দৰে অশ্লীলতাৰ পৰা আৰু ইয়াৰ মাধ্যমসমূহৰ পৰা দূৰত্ব অৱলম্বন কৰে। প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে আল্লাহক অধিক স্মৰণ কৰা পুৰুষ আৰু নাৰীসকল, এই সকলোৰে বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত। আৰু কিয়ামতৰ দিনা তেওঁলোকৰ বাবে প্ৰস্তুত থাকিব মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من توجيهات القرآن للمرأة المسلمة: النهي عن الخضوع بالقول، والأمر بالمكث في البيوت إلا لحاجة، والنهي عن التبرج.
পৱিত্ৰ কোৰআনত মুছলিম নাৰীসকলক যিবোৰ উপদেশ দিয়া হৈছে, তাৰে অন্যতম হৈছেঃ পৰপুৰুষৰ সৈতে আকৰ্ষিত সুৰত কথা কোৱো নিষিদ্ধ, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলোৱাৰ আদেশ, লগতে বেপৰ্দা হৈ ওলোৱা নিষিদ্ধ।

• فضل أهل بيت رسول الله صلى الله عليه وسلم، وأزواجُه من أهل بيته.
নবী পৰিয়ালৰ গুৰুত্ব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলো তেওঁৰ পৰিয়ালৰ অন্তৰ্ভুক্ত।

• مبدأ التساوي بين الرجال والنساء قائم في العمل والجزاء إلا ما استثناه الشرع لكل منهما.
নাৰী-পুৰুষসকলৰ সমাধিকাৰৰ বৰ্ণনা, কৰ্ম আৰু প্ৰতিদান উভয় ক্ষেত্ৰতে তেওঁলোক সমান মৰ্যাদাৰ অধিকাৰী। যদিও চৰীয়তে কিছুমান ক্ষেত্ৰত তেওঁলোকক পৃথকে পৃথকে আদেশ দিছে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል አሕዛብ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት