Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አስ ሰጅደህ   አንቀፅ:

আচ-ছাজদাহ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان حقيقة الخلق وأحوال الإنسان في الدنيا والآخرة.
সৃষ্টিৰ বাস্তৱতা, লগতে পৃথিৱী আৰু আখিৰাতত মানুহৰ অৱস্থা সম্পৰ্কে বৰ্ণনা কৰা হৈছে।

الٓمّٓ ۟ۚ
(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
تَنْزِیْلُ الْكِتٰبِ لَا رَیْبَ فِیْهِ مِنْ رَّبِّ الْعٰلَمِیْنَ ۟ؕ
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা এই কোৰআনখন, বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা তেওঁৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। ইয়াত কোনো সন্দেহ নাই।
ዓረብኛ ተፍሲሮች:
اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ۚ— بَلْ هُوَ الْحَقُّ مِنْ رَّبِّكَ لِتُنْذِرَ قَوْمًا مَّاۤ اَتٰىهُمْ مِّنْ نَّذِیْرٍ مِّنْ قَبْلِكَ لَعَلَّهُمْ یَهْتَدُوْنَ ۟
এই কাফিৰসকলে কয় যে, মুহাম্মদে নিজে এইবোৰ ৰচনা কৰি তেওঁৰ প্ৰতিপালকৰ সৈতে সম্পৃক্ত কৰিছে। যদিও বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে কয়। বৰং সেইখন হৈছে সত্য গ্ৰন্থ, যাৰ মাজত কোনো সন্দেহ নাই। হে ৰাছুল! এইখন আপোনাৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা হৈছে। যাতে আপুনি ইয়াৰ সহায়ত সেইসকল লোকক পৰা সতৰ্ক কৰিব পাৰে যিসকলৰ ওচৰত ইয়াৰ পূৰ্বে আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ কোনো ৰাছুল অহা নাছিল। যাতে সিহঁতে হিদায়ত লাভ কৰিব পাৰে, তথা ইয়াৰ অনুসৰণ কৰিব পাৰে আৰু সেইমতে আমল কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَا فِیْ سِتَّةِ اَیَّامٍ ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ ؕ— مَا لَكُمْ مِّنْ دُوْنِهٖ مِنْ وَّلِیٍّ وَّلَا شَفِیْعٍ ؕ— اَفَلَا تَتَذَكَّرُوْنَ ۟
আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তথা এই দুয়োৰে মাজত থকা সকলো বস্তুকে তেওঁ কেৱল ছয় দিনত সৃষ্টি কৰিছে। অথচ তেওঁ নিমিষতে এইবোৰ সৃষ্টি কৰিবলৈ সক্ষম। ইয়াৰ পিছত তেওঁ নিজৰ মহা মৰ্যাদা অনুযায়ী আৰছৰ ওপৰত উঠিছে। হে মানৱজাতি! তেওঁৰ বাহিৰে তোমালোকৰ কোনো সংৰক্ষক নাই, যিয়ে তোমালোকৰ সকলো বিষয় সংৰক্ষণ কৰিব। তথা তোমালোকৰ কোনো মধ্যস্ততাকাৰীও নাই, যিয়ে তোমালোকৰ হৈ তেওঁৰ ওচৰত মধ্যস্ততা কৰিব। তোমালোকে চিন্তা-চৰ্চা নকৰা নেকি? এইটো তোমালোকৰ কেনেকুৱা স্বভাৱ, যিয়ে তোমালোকক সৃষ্টি কৰিছে তেওঁৰ ইবাদত নকৰি তোমালোকে আনৰ উপাসনা কৰি আছা?
ዓረብኛ ተፍሲሮች:
یُدَبِّرُ الْاَمْرَ مِنَ السَّمَآءِ اِلَی الْاَرْضِ ثُمَّ یَعْرُجُ اِلَیْهِ فِیْ یَوْمٍ كَانَ مِقْدَارُهٗۤ اَلْفَ سَنَةٍ مِّمَّا تَعُدُّوْنَ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিৰ সকলো বিষয়, পৱিত্ৰ তথা মহান আল্লাহেই নিয়ন্ত্ৰণ কৰে। তাৰ পিছত সেই বিষয়টো তেওঁৰ ওচৰলৈ এনেকুৱা এটা দিনত আৰোহণ কৰিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ পাৰ্থিৱ হিচাপ অনুযায়ী এহেজাৰ দিনৰ সমান।
ዓረብኛ ተፍሲሮች:
ذٰلِكَ عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ الْعَزِیْزُ الرَّحِیْمُ ۟ۙ
এই সকলোবোৰ যিজন সত্তাই পৰিচালনা কৰে, তেৱেঁই বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে সৰ্বজ্ঞ। ইয়াৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়। কিন্তু তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।
ዓረብኛ ተፍሲሮች:
الَّذِیْۤ اَحْسَنَ كُلَّ شَیْءٍ خَلَقَهٗ وَبَدَاَ خَلْقَ الْاِنْسَانِ مِنْ طِیْنٍ ۟ۚ
তেৱেঁই প্ৰত্যেক সৃষ্টিক সৌন্দৰ্য দান কৰিছে, আৰু তেৱেঁই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ বোকা মাটিৰে আদমক সৃষ্টিৰ সূচনা কৰিছে।
ዓረብኛ ተፍሲሮች:
ثُمَّ جَعَلَ نَسْلَهٗ مِنْ سُلٰلَةٍ مِّنْ مَّآءٍ مَّهِیْنٍ ۟ۚ
ইয়াৰ পিছত তাৰ বংশধৰসকলক শৰীৰৰ তুচ্ছ তৰল পদাৰ্থৰ দ্বাৰা অৰ্থাৎ বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছে।
ዓረብኛ ተፍሲሮች:
ثُمَّ سَوّٰىهُ وَنَفَخَ فِیْهِ مِنْ رُّوْحِهٖ وَجَعَلَ لَكُمُ السَّمْعَ وَالْاَبْصَارَ وَالْاَفْـِٕدَةَ ؕ— قَلِیْلًا مَّا تَشْكُرُوْنَ ۟
তাৰ পিছত পৰিপূৰ্ণৰূপে সুঠাম মানৱত পৰিণত কৰিছে। আৰু ইয়াৰ পিছত ৰূহ ফুঁৱাই দিয়া ফিৰিস্তাক আদেশ কৰি তাৰ ভিতৰত ৰূহ ফুঁৱাই দিছে। হে মানৱজাতি! তেৱেঁই তোমালোকক কাণ দান কৰিছে, যাতে তোমালোকে শুনিব পাৰা; আৰু চকু প্ৰদান কৰিছে, যাতে তোমালোকে দেখিব পাৰা; অন্তৰ প্ৰদান কৰিছে, যাতে তোমালোকে বুজিব পাৰা। আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছে, তাৰ বাবে তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
ዓረብኛ ተፍሲሮች:
وَقَالُوْۤا ءَاِذَا ضَلَلْنَا فِی الْاَرْضِ ءَاِنَّا لَفِیْ خَلْقٍ جَدِیْدٍ ؕ۬— بَلْ هُمْ بِلِقَآءِ رَبِّهِمْ كٰفِرُوْنَ ۟
আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু পৃথিৱীত বিলীন হৈ যাম, তথা আমাৰ শৰীৰবোৰ মাটিত পৰিণত হ’ব, তাৰ পিছতো আমাক নতুনভাৱে সৃষ্টি কৰা হ’ব নেকি? বিষয়টোক মগজুৱে স্বীকাৰ নকৰে”। বৰং প্ৰকৃততে সিহঁত হৈছে অস্বীকাৰকাৰী, ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে।
ዓረብኛ ተፍሲሮች:
قُلْ یَتَوَفّٰىكُمْ مَّلَكُ الْمَوْتِ الَّذِیْ وُكِّلَ بِكُمْ ثُمَّ اِلٰی رَبِّكُمْ تُرْجَعُوْنَ ۟۠
হে ৰাছুল! আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা এই লোকসকলক কৈ দিয়কঃ মৃত্যুৰ ফিৰিস্তাই তোমালোকৰ প্ৰাণ হৰণ কৰিব, যাক আল্লাহে তোমালোকৰ প্ৰাণ হৰণ কৰাৰ বাবে নিযুক্ত কৰি ৰাখিছে। এতেকে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰতেই তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে উভতি আহিব লাগিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الحكمة من بعثة الرسل أن يهدوا أقوامهم إلى الصراط المستقيم.
নবীসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, মানুহক সঠিক পথত পৰিচালিত কৰা।

• ثبوت صفة الاستواء لله من غير تشبيه ولا تمثيل.
কোনো ধৰণৰ উদাহৰণ আৰু কোনো সাদৃশ্যতা নোহোৱাকৈ আল্লাহৰ বাবে ইস্তিৱা বৈশিষ্ট্য সাব্যস্ত কৰাৰ প্ৰমাণ।

• استبعاد المشركين للبعث مع وضوح الأدلة عليه.
স্পষ্ট প্ৰমাণ প্ৰত্যক্ষ কৰাৰ পিছতো মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰে।

وَلَوْ تَرٰۤی اِذِ الْمُجْرِمُوْنَ نَاكِسُوْا رُءُوْسِهِمْ عِنْدَ رَبِّهِمْ ؕ— رَبَّنَاۤ اَبْصَرْنَا وَسَمِعْنَا فَارْجِعْنَا نَعْمَلْ صَالِحًا اِنَّا مُوْقِنُوْنَ ۟
কিয়ামতৰ দিনা অপৰাধীসকল যেতিয়া উপস্থিত হ’ব, তেতিয়া সিহঁত অপমানিত হৈ নিজৰ মূৰ তলমোৱা কৰি ৰাখিব, কাৰণ সিহঁত আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰিছিল। লগতে সিহঁতে তাচ্ছিল্য আৰু গ্লানি অনুভৱ কৰি ক’বঃ “হে আমাৰ প্ৰতিপালক! আমি যি পুনৰুত্থানক অস্বীকাৰ কৰিছিলোঁ, সেয়া আমি নিজ চকুৰে আজি দেখা পালোঁ। তথা তোমাৰ ৰাছুলসকলে তোমাৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল সেইবোৰৰ সত্যতাও আমি শুনিলোঁ। গতিকে তুমি আমাক এতিয়া পৃথিৱীৰ জীৱনলৈ ওভোতাই দিয়া; আমি এনেকুৱা সৎকৰ্ম কৰিম, যি কৰ্মই তোমাক সন্তুষ্ট কৰিব। নিশ্চিতভাৱে এতিয়া আমি পুনৰুত্থানক মনে প্ৰাণে বিশ্বাস কৰিছোঁ, আৰু ৰাছুলসকলে লৈ যোৱা বাৰ্তাকো বিশ্বাস কৰিছোঁ”। আপুনি যদি অপাৰধীবিলাকক এই পৰিস্থিতিত দেখা পায় তেন্তে এটা ভয়ানক দৃশ্য দেখিবলৈ পাব।
ዓረብኛ ተፍሲሮች:
وَلَوْ شِئْنَا لَاٰتَیْنَا كُلَّ نَفْسٍ هُدٰىهَا وَلٰكِنْ حَقَّ الْقَوْلُ مِنِّیْ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ اَجْمَعِیْنَ ۟
যদি আমি প্ৰত্যেককে হিদায়ত দিব বিচাৰিলোহেঁতেন তেন্তে নিশ্চয় সিহঁতক তাওফীক প্ৰদান কৰিলোহেঁতেন আৰু ইয়াৰ প্ৰেৰণা দিলোহেঁতেন। কিন্তু মোৰ হিকমত আৰু ন্যায় অনুযায়ী এই কথা চূড়ান্ত হৈছে যে, নিশ্চয় আমি কিয়ামতৰ দিনা জিন আৰু মানৱৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁতৰ দ্বাৰা জাহান্নাম ভৰ্তি কৰিম। কাৰণ সিহঁতে ঈমান তথা সঠিক সুদৃঢ় পথৰ পৰিবৰ্তে কুফৰ তথা বিভ্ৰান্তকৰ পথ বাচি লৈছে।
ዓረብኛ ተፍሲሮች:
فَذُوْقُوْا بِمَا نَسِیْتُمْ لِقَآءَ یَوْمِكُمْ هٰذَا ۚ— اِنَّا نَسِیْنٰكُمْ وَذُوْقُوْا عَذَابَ الْخُلْدِ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
কিয়ামতৰ দিনা সিহঁতক ধিক্কাৰ আৰু গৰিহণা দি কোৱা হ’বঃ আজি সেই অমনোযোগিতাৰ ফল ভোগ কৰা, যিটো তোমালোকে পাৰ্থিৱ জীৱনত অৱলম্বন কৰিছিলা, কাৰণ কিয়ামত দিৱসত হ’বলগীয়া আল্লাহৰ সাক্ষাৎ সম্পৰ্কে আৰু তোমালোকৰ হিচাপ-নিকাচ সম্পৰ্কে অমনোযোগী হৈ আছিলা। আজি আমি তোমালোকক শাস্তিৰ মাজত এৰিছোঁ, তোমালোকে যি শাস্তিৰ সন্মুখীন হৈছা সেই সম্পৰ্কে মোৰ অলপো ভ্ৰূক্ষেপ নাই। গতিকে এতিয়া তোমালোকে চিৰস্থায়ী শাস্তিৰ সোৱাদ লোৱা, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব, কাৰণ তোমালোকে পৃথিৱীত গুনাহৰ কৰ্মত লিপ্ত আছিলা।
ዓረብኛ ተፍሲሮች:
اِنَّمَا یُؤْمِنُ بِاٰیٰتِنَا الَّذِیْنَ اِذَا ذُكِّرُوْا بِهَا خَرُّوْا سُجَّدًا وَّسَبَّحُوْا بِحَمْدِ رَبِّهِمْ وَهُمْ لَا یَسْتَكْبِرُوْنَ ۟
আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আমাৰ আয়াতসমূহৰ প্ৰতি কেৱল সেইসকল লোকেই ঈমান পোষণ কৰে, যিসকলক আমাৰ আয়াতৰ দ্বাৰা উপদেশ দিলে তেওঁলোকে আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি তেওঁক ছাজদাহ কৰে। আৰু কোনো অৱস্থাতেই আল্লাহৰ ইবাদতৰ ক্ষেত্ৰত আৰু তেওঁক ছাজদা কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও অহংকাৰ নকৰে।
ዓረብኛ ተፍሲሮች:
تَتَجَافٰی جُنُوْبُهُمْ عَنِ الْمَضَاجِعِ یَدْعُوْنَ رَبَّهُمْ خَوْفًا وَّطَمَعًا ؗ— وَّمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟
তেওঁলোকে শোৱা বিছনাক পৰিত্যাগ কৰি আল্লাহৰ প্ৰতি মনোনিৱেশ কৰে। চালাতত থকা অৱস্থাত তথা অন্যান্য অৱস্থাতো তেওঁলোকে আল্লাহৰ শাস্তিক ভয় কৰি তেওঁৰ ওচৰত দুআ কৰে, আৰু তেওঁৰ ৰহমত কামনা কৰে। আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ সেইবোৰ তেওঁলোকে আল্লাহৰ পথত ব্যয় কৰে।
ዓረብኛ ተፍሲሮች:
فَلَا تَعْلَمُ نَفْسٌ مَّاۤ اُخْفِیَ لَهُمْ مِّنْ قُرَّةِ اَعْیُنٍ ۚ— جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟
কোনোৱেই নাজানে আল্লাহে তেওঁলোকৰ চকু শীতল কৰিবলৈ কি কি প্ৰস্তুত কৰি ৰাখিছে। এইবোৰ দৰাচলতে তেওঁলোকৰ সেই সৎকৰ্মসমূহৰ প্ৰতিদান, যিবোৰ তেওঁলোকে পৃথিৱীত কৰিছিল। এইটো ইমান ডাঙৰ প্ৰতিদান যিটো আল্লাহৰ বাহিৰে আন কোনেও আয়ত্ত কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَفَمَنْ كَانَ مُؤْمِنًا كَمَنْ كَانَ فَاسِقًا ؔؕ— لَا یَسْتَوٗنَ ۟
যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, এই ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ’ব নোৱাৰে যিয়ে আল্লাহৰ আদেশ উলঙ্ঘা কৰে। আল্লাহৰ ওচৰত প্ৰতিদানৰ ক্ষেত্ৰতো সিহঁত সমান হ’ব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَلَهُمْ جَنّٰتُ الْمَاْوٰی ؗ— نُزُلًا بِمَا كَانُوْا یَعْمَلُوْنَ ۟
এতেকে যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদানস্বৰূপে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে জান্নাত, য’ত তেওঁলোকে অৱস্থান কৰিব। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে এইটো এটা সন্মান; লগতে তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান, যিবোৰ তেওঁলোকে পৃথিৱীত কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَاَمَّا الَّذِیْنَ فَسَقُوْا فَمَاْوٰىهُمُ النَّارُ ؕ— كُلَّمَاۤ اَرَادُوْۤا اَنْ یَّخْرُجُوْا مِنْهَاۤ اُعِیْدُوْا فِیْهَا وَقِیْلَ لَهُمْ ذُوْقُوْا عَذَابَ النَّارِ الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟
আনহাতে যিসকলে কুফৰী কৰি আৰু গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল, কিয়ামতৰ দিনা হ’বলগীয়া সিহঁতৰ ঠিকনাটো হৈছে জাহান্নাম, যিটো সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। যেতিয়াই সিহঁতে তাৰ পৰা ওলোৱাৰ চেষ্টা কৰিব, তেতিয়াই সিহঁতক তালৈ পুনৰ খেদি পঠিওৱা হ’ব। লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “আজি জাহান্নামৰ এই শাস্তি ভোগ কৰা, যি শাস্তিক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা; যেতিয়া তোমালোকৰ ৰাছুলসকলে তোমালোকক এই শাস্তিৰ পৰা সতৰ্ক কৰিছিল”।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়।

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ।

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়।

وَلَنُذِیْقَنَّهُمْ مِّنَ الْعَذَابِ الْاَدْنٰی دُوْنَ الْعَذَابِ الْاَكْبَرِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟
আমি এই অস্বীকাৰকাৰীসকলক যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গৈছে, যদি সিহঁতে তাওবা নকৰে তেন্তে আমি সিহঁতক আখিৰাতৰ মহাশাস্তিৰ পূৰ্বেই পৃথিৱীত বিভিন্ন বিপদ-আপদৰ সোৱাদ উপভোগ কৰাম, যাতে সিহঁতে তাওবা কৰি নিজ প্ৰতিপালকৰ আনুগত্যৰ পিনে উভতি আহে।
ዓረብኛ ተፍሲሮች:
وَمَنْ اَظْلَمُ مِمَّنْ ذُكِّرَ بِاٰیٰتِ رَبِّهٖ ثُمَّ اَعْرَضَ عَنْهَا ؕ— اِنَّا مِنَ الْمُجْرِمِیْنَ مُنْتَقِمُوْنَ ۟۠
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যাক আল্লাহৰ আয়াতৰ দ্বাৰা উপদেশ দিয়া হয়, তথাপিও সি সেই উপদেশ গ্ৰহণ নকৰে। তথা সেই উপদেশক কেৰেপ নকৰি মুখ ঘূৰাই লয়। আল্লাহৰ আয়াতসমূহৰ পৰা বিমুখ হোৱা তথা কুফৰী আৰু গুনাহৰ দ্বাৰা অপৰাধ কৰা লোকসকলৰ পৰা নিশ্চয় আমি প্ৰতিশোধ লম।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ فَلَا تَكُنْ فِیْ مِرْیَةٍ مِّنْ لِّقَآىِٕهٖ وَجَعَلْنٰهُ هُدًی لِّبَنِیْۤ اِسْرَآءِیْلَ ۟ۚ
নিশ্চয় আমি মুছাক তাওৰাত প্ৰদান কৰিছিলোঁ। এতেকে হে ৰাছুল! ইছৰা আৰু মিৰাজৰ ৰাতি আপুনি মুছাৰ লগত কৰা সাক্ষাৎ সম্পৰ্কে সন্দেহ পোষণ নকৰিব। আমি মুছাৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থক বনী ইছৰাঈলৰ বাবে বিভ্ৰান্তিৰ পৰা উদ্ধাৰ হোৱাৰ পথপ্ৰদৰ্শক বনাইছিলোঁ।
ዓረብኛ ተፍሲሮች:
وَجَعَلْنَا مِنْهُمْ اَىِٕمَّةً یَّهْدُوْنَ بِاَمْرِنَا لَمَّا صَبَرُوْا ؕ۫— وَكَانُوْا بِاٰیٰتِنَا یُوْقِنُوْنَ ۟
আমি বনী ইছৰাঈলৰ মাজত কিছুমান প্ৰতিনিধি বনাইছিলোঁ, সত্যৰ সন্ধানত মানুহে তেওঁলোকৰ অনুসৰণ কৰিছিল। আমাৰ আদেশত তেওঁলোকে সত্যৰ পথ দেখুৱাইছিল। আৰু আমি তেওঁলোকক শক্তিশালী কৰিছিলোঁ, তেওঁলোকে এই মৰ্যাদা এইকাৰণে লাভ কৰিছিল যে, তেওঁলোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছিল। লগতে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে সকলো কঠিন পৰিস্থিতিক নেওচি দৃঢ়ভাৱে মোকাবিলা কৰিছিল। লগতে আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ ৰাছুলসকলৰ প্ৰতি অৱতীৰ্ণ হোৱা আয়াতসমূহক পূৰ্ণ সমৰ্থনৰ সৈতে বিশ্বাস পোষণ কৰিছিল।
ዓረብኛ ተፍሲሮች:
اِنَّ رَبَّكَ هُوَ یَفْصِلُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ মীমাংসা কৰি দিব, যিবোৰ বিষয়ক লৈ সিহঁতে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে তেতিয়া স্পষ্ট হৈ পৰিব, কোন সৎ পথত আছিল আৰু কোন অসৎ পথত আছিল। লগতে তেওঁ প্ৰত্যেককে উচিত প্ৰতিফল দান কৰিব।
ዓረብኛ ተፍሲሮች:
اَوَلَمْ یَهْدِ لَهُمْ كَمْ اَهْلَكْنَا مِنْ قَبْلِهِمْ مِّنَ الْقُرُوْنِ یَمْشُوْنَ فِیْ مَسٰكِنِهِمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ ؕ— اَفَلَا یَسْمَعُوْنَ ۟
ইহঁত অন্ধ হৈ পৰিছে নেকি, ইহঁতে গ'ম পোৱা নাই নেকি যে, ইহঁতৰ পূৰ্বে আমি কিমান উম্মত ধ্বংস কৰিছোঁ?! অথচ ইহঁতে সিহঁতৰ সেই বাসস্থানসমূহৰ মাজেৰে চলাফুৰা কৰে যিবোৰত সিহঁতে ধ্বংস হোৱাৰ পূৰ্বে বাস কৰিছিল। তথাপিও ইহঁতে সিহঁতৰ অৱস্থাৰ পৰা উপদেশ গ্ৰহণ নকৰে। কুফৰ আৰু গুনাহৰ বাবে ধ্বংস হোৱা সেই উম্মতসমূহৰ মাজত নিশ্চয় কেইটামান উপদেশ আছে, যিবোৰৰ দ্বাৰা সিহঁতৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণিত হয়, যিসকল আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ প্ৰেৰিত হৈছিল। আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা এই লোকসকলে কবূল কৰাৰ তথা উপদেশ গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে নেকি?
ዓረብኛ ተፍሲሮች:
اَوَلَمْ یَرَوْا اَنَّا نَسُوْقُ الْمَآءَ اِلَی الْاَرْضِ الْجُرُزِ فَنُخْرِجُ بِهٖ زَرْعًا تَاْكُلُ مِنْهُ اَنْعَامُهُمْ وَاَنْفُسُهُمْ ؕ— اَفَلَا یُبْصِرُوْنَ ۟
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে দেখা নাপায় নেকি যে, আমি এনেকুৱা মৃত ভূমিত বৰষুণৰ পানী অৱতীৰ্ণ কৰোঁ য’ত উদ্ভিদৰ কোনো নাম গোন্ধ নাই, এতেকে সেই পানীৰ জৰিয়তেই আমি বিভিন্ন উদ্ভিদ আৰু খেতি-বাতি উৎপন্ন কৰোঁ, যিবোৰ সিহঁতৰ উট, গৰু, ছাগলী আদিয়ে ভক্ষণ কৰে, আনকি সিহঁত নিজেও ভক্ষণ কৰে? এইবোৰ সিহঁতে দেখা নাপায় নেকি? লগতে এই কথা সিহঁতে কিয় বুজি নাপায় যে, যি সত্তাই মৃত ভূমিক উদ্ভিদ উৎপন্নৰ বাবে উপযোগী কৰি তুলিব পাৰে, তেওঁ নিশ্চয় মৃত ব্যক্তিসকলক জীৱিত কৰি তুলিবলৈ সক্ষম?
ዓረብኛ ተፍሲሮች:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْفَتْحُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তিসকলে সোনকালে শাস্তি বিচাৰি কয়ঃ “এই ফয়চালা কেতিয়া কৰা হ’ব, যিটোৰ বিষয়ে তোমালোকে দাবী কৰা যে, আমাৰ আৰু তোমালোকৰ মাজত কিয়ামতৰ দিনা মীমাংসা হ’ব; যিদিনা আমাক জাহান্নামত নিক্ষেপ কৰা হ’ব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰোৱা হ’ব”।
ዓረብኛ ተፍሲሮች:
قُلْ یَوْمَ الْفَتْحِ لَا یَنْفَعُ الَّذِیْنَ كَفَرُوْۤا اِیْمَانُهُمْ وَلَا هُمْ یُنْظَرُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, এই প্ৰতিশ্ৰুতি কিয়ামতৰ দিনা পূৰণ হ’ব। বান্দাসকলৰ মাজত সেইদিনাই মীমাংসা কৰা হ’ব। নিজ চকুৰে কিয়ামত প্ৰত্যক্ষ কৰাৰ পিছত পৃথিৱীত আল্লাহক অস্বীকাৰ কৰা লোকসকলে সেইদিনা বিশ্বাস কৰিলেও কোনো কামত নাহিব। সেইদিনা সিহঁতক অৱকাশো দিয়া নহ’ব যে, যাতে নিজ প্ৰতিপালকৰ ওচৰত তাওবা কৰিব পাৰে নাইবা তেওঁৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
فَاَعْرِضْ عَنْهُمْ وَانْتَظِرْ اِنَّهُمْ مُّنْتَظِرُوْنَ ۟۠
হে ৰাছুল! ইহঁত যিহেতু পথভ্ৰষ্টতাত বহু দূৰ আগুৱাই গৈছে, গতিকে ইহঁতৰ পৰা আপুনি মুখ ঘূৰাই লওক। আৰু অপেক্ষা কৰক সিহঁতৰ পৰিণাম কি হয়। ইহঁত দৰাচলতে সেই শাস্তিৰ অপেক্ষাত আছে, যি শাস্তিৰ প্ৰতিশ্ৰুতি আপুনি সিহঁতক প্ৰদান কৰিছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عذاب الكافر في الدنيا وسيلة لتوبته.
পৃথিৱীত কাফিৰসকলক শাস্তি দিয়াৰ উদ্দেশ্য হৈছে সিহঁতে যাতে তাওবা কৰে।

• ثبوت اللقاء بين نبينا صلى الله عليه وسلم وموسى عليه السلام ليلة الإسراء والمعراج.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছা আলাইহিচ্ছালামৰ লগত ইছৰা আৰু মিৰাজৰ ৰাতি সাক্ষাৎ হোৱাৰ প্ৰমাণ পোৱা গ’ল।

• الصبر واليقين صفتا أهل الإمامة في الدين.
ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাস হৈছে ধৰ্মৰ প্ৰতিনিধিসকলৰ দুটা অন্যতম বৈশিষ্ট্য।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አስ ሰጅደህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት