Check out the new design

Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Assamese - Rafiiqul Islami Habiibu Rahman. * - Ishakiro ry'ibisobanuro

PDF XML CSV Excel API
Please review the Terms and Policies

Ibisobanuro by'amagambo Isura: Al An’am   Umurongo:
وَهُوَ الَّذِیْ یَتَوَفّٰىكُمْ بِالَّیْلِ وَیَعْلَمُ مَا جَرَحْتُمْ بِالنَّهَارِ ثُمَّ یَبْعَثُكُمْ فِیْهِ لِیُقْضٰۤی اَجَلٌ مُّسَمًّی ۚ— ثُمَّ اِلَیْهِ مَرْجِعُكُمْ ثُمَّ یُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟۠
তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।
Ibisobanuro by'icyarabu:
وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهٖ وَیُرْسِلُ عَلَیْكُمْ حَفَظَةً ؕ— حَتّٰۤی اِذَا جَآءَ اَحَدَكُمُ الْمَوْتُ تَوَفَّتْهُ رُسُلُنَا وَهُمْ لَا یُفَرِّطُوْنَ ۟
আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যুকাল উপস্থিত হয় তেতিয়া আমাৰ প্ৰেৰিত দূতসকলে (ফিৰিস্তাসকলে) তাৰ মৃত্যু ঘটায় আৰু তেওঁলোকে (নিজৰ কৰ্তব্যত) কোনো ত্ৰুটি নকৰে।
Ibisobanuro by'icyarabu:
ثُمَّ رُدُّوْۤا اِلَی اللّٰهِ مَوْلٰىهُمُ الْحَقِّ ؕ— اَلَا لَهُ الْحُكْمُ ۫— وَهُوَ اَسْرَعُ الْحٰسِبِیْنَ ۟
তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰকৃত প্ৰতিপালক আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম (কৰ্তৃত্ব) কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
Ibisobanuro by'icyarabu:
قُلْ مَنْ یُّنَجِّیْكُمْ مِّنْ ظُلُمٰتِ الْبَرِّ وَالْبَحْرِ تَدْعُوْنَهٗ تَضَرُّعًا وَّخُفْیَةً ۚ— لَىِٕنْ اَنْجٰىنَا مِنْ هٰذِهٖ لَنَكُوْنَنَّ مِنَ الشّٰكِرِیْنَ ۟
কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।
Ibisobanuro by'icyarabu:
قُلِ اللّٰهُ یُنَجِّیْكُمْ مِّنْهَا وَمِنْ كُلِّ كَرْبٍ ثُمَّ اَنْتُمْ تُشْرِكُوْنَ ۟
কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা মুক্তি দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।
Ibisobanuro by'icyarabu:
قُلْ هُوَ الْقَادِرُ عَلٰۤی اَنْ یَّبْعَثَ عَلَیْكُمْ عَذَابًا مِّنْ فَوْقِكُمْ اَوْ مِنْ تَحْتِ اَرْجُلِكُمْ اَوْ یَلْبِسَكُمْ شِیَعًا وَّیُذِیْقَ بَعْضَكُمْ بَاْسَ بَعْضٍ ؕ— اُنْظُرْ كَیْفَ نُصَرِّفُ الْاٰیٰتِ لَعَلَّهُمْ یَفْقَهُوْنَ ۟
কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন (সন্দেহপূৰ্ণ) দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে ভালকৈ বুজিব পাৰে।
Ibisobanuro by'icyarabu:
وَكَذَّبَ بِهٖ قَوْمُكَ وَهُوَ الْحَقُّ ؕ— قُلْ لَّسْتُ عَلَیْكُمْ بِوَكِیْلٍ ۟ؕ
আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।
Ibisobanuro by'icyarabu:
لِكُلِّ نَبَاٍ مُّسْتَقَرٌّ ؗ— وَّسَوْفَ تَعْلَمُوْنَ ۟
প্ৰত্যেক সংবাদৰ বাবে এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।
Ibisobanuro by'icyarabu:
وَاِذَا رَاَیْتَ الَّذِیْنَ یَخُوْضُوْنَ فِیْۤ اٰیٰتِنَا فَاَعْرِضْ عَنْهُمْ حَتّٰی یَخُوْضُوْا فِیْ حَدِیْثٍ غَیْرِهٖ ؕ— وَاِمَّا یُنْسِیَنَّكَ الشَّیْطٰنُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرٰی مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟
আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহকলৈ উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসংগ আৰম্ভ নকৰিব; আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।
Ibisobanuro by'icyarabu:
 
Ibisobanuro by'amagambo Isura: Al An’am
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Assamese - Rafiiqul Islami Habiibu Rahman. - Ishakiro ry'ibisobanuro

Yasobanuwe na Rafiiqul Islami Habiibu Rahman.

Gufunga