Check out the new design

Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro by'amagambo Isura: Al Bayyinat   Umurongo:

আল-বায়্যিনাহ

Impamvu y'isura:
بيان كمال الرسالة المحمدية ووضوحها.
এই কথাৰ বৰ্ণনা যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালত সম্পূৰ্ণ আৰু স্পষ্ট।

لَمْ یَكُنِ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ مُنْفَكِّیْنَ حَتّٰی تَاْتِیَهُمُ الْبَیِّنَةُ ۟ۙ
স্পষ্ট আৰু পৰিপূৰ্ণ প্ৰমাণ নহালৈকে ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কুফুৰীৰ প্ৰতি নিজৰ ঐক্যতাৰ পৰা বিৰত থকা নাছিল।
Ibisobanuro by'icyarabu:
رَسُوْلٌ مِّنَ اللّٰهِ یَتْلُوْا صُحُفًا مُّطَهَّرَةً ۟ۙ
এইটো স্পষ্ট প্ৰমাণ আৰু মুক্ত তথা পৰিপূৰ্ণ প্ৰমাণ যে, আল্লাহৰ প্ৰেৰিত এজন ৰাছুল পৱিত্ৰ ছহিফা বা পত্ৰবোৰ পঢ়ি শুনাব, যাক কেৱল আল্লাহৰ পৱিত্ৰ বান্দাইহে স্পৰ্শ কৰে।
Ibisobanuro by'icyarabu:
فِیْهَا كُتُبٌ قَیِّمَةٌ ۟ؕ
যি ছহিফাবোৰত সত্য খবৰ আৰু উচিত আদেশ থাকে, যিয়ে মানুহক সেই পথ প্ৰদৰ্শন কৰে যাৰ ভিতৰত তেওঁলোকৰ সংশোধন আৰু হিদায়ত থাকে।
Ibisobanuro by'icyarabu:
وَمَا تَفَرَّقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ اِلَّا مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنَةُ ۟ؕ
আৰু ইহুদী, যিহঁতক তাওৰাত দিয়া হৈছিল। আৰু খৃষ্টান, যিহঁতক ইঞ্জিল দিয়া হৈছিল। ইয়াৰ পিছতো সিহঁতৰ মাজত বিভেদ সৃষ্টি হৈছিল যে, সিহঁতলৈ আল্লাহৰ ৰাছুল আহিছে। গতিকে কিছুমান লোকে ঈমান আনিছে আৰু কিছুমানে নবীৰ সত্যতাৰ বিষয়ে অৱগত হোৱাৰ পিছতো কুফুৰীৰ পথত পৰিচালিত হৈছিল।
Ibisobanuro by'icyarabu:
وَمَاۤ اُمِرُوْۤا اِلَّا لِیَعْبُدُوا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۙ۬— حُنَفَآءَ وَیُقِیْمُوا الصَّلٰوةَ وَیُؤْتُوا الزَّكٰوةَ وَذٰلِكَ دِیْنُ الْقَیِّمَةِ ۟ؕ
ইহুদী আৰু খৃষ্টানসকলৰ অপৰাধ আৰু বিদ্বেষ এই কথাৰ পৰা স্পষ্ট হয় যে, সিহঁতক এই কোৰআনত সেইবোৰ কথাৰ আদেশ দিয়া হৈছে যিবোৰৰ আদেশ সিহঁতৰ উভয় কিতাপত দিয়া হৈছিল। যেনে- কেৱল এক আল্লাহৰ ইবাদত কৰা, শ্বিৰ্কৰ পৰা বিৰত থকা, ছালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। সেয়েহে সিহঁতক যি আদেশ দিয়া হৈছিল, সেয়া প্ৰত্যক্ষ ধৰ্মৰ অংশ। যাৰ ভিতৰত কোনো বক্ৰতা নাই।
Ibisobanuro by'icyarabu:
Inyungu dukura muri ayat kuri Uru rupapuro:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি।

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী।

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে।

 
Ibisobanuro by'amagambo Isura: Al Bayyinat
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies Center.

Gufunga