Check out the new design

Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro by'amagambo Umurongo: (142) Isura: Al A’araf
وَوٰعَدْنَا مُوْسٰی ثَلٰثِیْنَ لَیْلَةً وَّاَتْمَمْنٰهَا بِعَشْرٍ فَتَمَّ مِیْقَاتُ رَبِّهٖۤ اَرْبَعِیْنَ لَیْلَةً ۚ— وَقَالَ مُوْسٰی لِاَخِیْهِ هٰرُوْنَ اخْلُفْنِیْ فِیْ قَوْمِیْ وَاَصْلِحْ وَلَا تَتَّبِعْ سَبِیْلَ الْمُفْسِدِیْنَ ۟
আল্লাহে তেওঁৰ ৰাছুল মূছাৰ লগত কথা পাতিবলৈ তেওঁক ত্ৰিশ ৰাতিৰ শপত দিলে, তাৰ পিছত দহ ৰাতি আৰু বৃদ্ধি কৰি এই সময় পৰিপূৰ্ণ কৰিলে, ফলত এয়া মুঠ চল্লিশ ৰাতি হল। প্ৰতিপালকৰ লগত কথা পাতিবলৈ যোৱাৰ সময়ত মূছাই তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ হে হাৰূন! মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধি হৈ থাকিবা, মানুহক উত্তম নেতৃত্ব প্ৰদান কৰি, নম্ৰ ব্যৱহাৰৰ মাজেৰে সিহঁতক সংশোধন কৰিবা। আৰু সেই সকল লোকৰ পথ অনুসৰণ নকৰিবা যিসকলে পাপ কৰ্ম কৰি বিপৰ্যয় সৃষ্টি কৰে। লগতে সেই সকলৰো সহায়ক নহবা যিসকলে অবাধ্যতা কৰি ফুৰে।
Ibisobanuro by'icyarabu:
Inyungu dukura muri ayat kuri Uru rupapuro:
• تؤكد الأحداث أن بني إسرائيل كانوا ينتقلون من ضلالة إلى أخرى على الرغم من وجود نبي الله موسى بينهم.
উক্ত ঘটনাবোৰে প্ৰমাণ কৰে যে, আল্লাহৰ নবী মূছা আলাইহিছ ছালাম বনী ইছৰাঈলৰ মাজত উপস্থিত থকাৰ পিছতো সিহঁতে এটাৰ পিছত আন এটা পথভ্ৰষ্টতাত পতিত হৈছিল।

• من مظاهر خذلان الأمة أن تُحَسِّن القبيح، وتُقَبِّح الحسن بمجرد الرأي والأهواء.
যিকোনো সম্প্ৰদায়ৰ ধ্বংস হোৱাৰ বাবে এইখিনিয়ে যথেষ্ট যে, সিহঁতে কেৱল নিজৰ প্ৰবৃত্তি আৰু ইচ্ছানুসৰি বেয়াক ভাল আৰু ভালক বেয়া বুলি উপস্থাপন কৰে।

• إصلاح الأمة وإغلاق أبواب الفساد هدف سام للأنبياء والدعاة.
ফিতনাৰ দুৱাৰ বন্ধ কৰা আৰু উম্মতক সংশোধন কৰাটো হৈছে নবী আৰু দাঈসকলৰ বাবে এক বৰ ডাঙৰ কঠিন কাম।

• قضى الله تعالى ألا يراه أحد من خلقه في الدنيا، وسوف يكرم من يحب من عباده برؤيته في الآخرة.
আল্লাহৰ এইটো ফয়চালা যে, পৃথিৱীত কোনেও তেওঁক দৰ্শন কৰিব নোৱাৰিব। আনহাতে আখিৰাতত তেওঁ নিজ বান্দাসকলৰ যাক ইচ্ছা কৰিব দৰ্শনৰ সৌভাগ্য প্ৰদান কৰিব।

 
Ibisobanuro by'amagambo Umurongo: (142) Isura: Al A’araf
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies Center.

Gufunga