Check out the new design

Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro. Isurat: Al Maidat   Umurongo:

আল-মায়িদাহ

Zimwe mu ntego z'iyi surat.:
الأمر بالوفاء بالعقود، والتحذير من مشابهة أهل الكتاب في نقضها.
অঙ্গীকাৰ পূৰণৰ নিৰ্দেশ দিয়া হৈছে আৰু আহলে কিতাবসকলৰ দৰে অঙ্গীকাৰ ভঙ্গৰ পৰা সতৰ্ক কৰা হৈছে।

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَوْفُوْا بِالْعُقُوْدِ ؕ۬— اُحِلَّتْ لَكُمْ بَهِیْمَةُ الْاَنْعَامِ اِلَّا مَا یُتْلٰی عَلَیْكُمْ غَیْرَ مُحِلِّی الصَّیْدِ وَاَنْتُمْ حُرُمٌ ؕ— اِنَّ اللّٰهَ یَحْكُمُ مَا یُرِیْدُ ۟
হে ঈমান্দাৰসকল! তোমালোকে সেই সকলো প্ৰতিশ্ৰুতি পুৰণ কৰা যিবোৰ তোমালোকে স্ৰষ্টাৰ লগত কৰিছা আৰু যিবোৰ মানুহৰ লগত কৰিছা। আৰু আল্লাহে তোমালোকৰ প্ৰতি কৃপা কৰি তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰিছে (উট, গৰু, ছাগলী ইত্যাদি) কিন্তু কিছুমান জন্তু হাৰাম, যাৰ বৰ্ণনা আগলৈ কৰা হব। হজ্জ তথা উমৰাৰ ইহৰামৰ পিছত স্থলৰ জন্তু চিকাৰ কৰাও হাৰাম কৰা হৈছে। আল্লাহে তেওঁৰ হিকমত অনুসাৰে হালাল তথা হাৰামৰ আদেশ জাৰি কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে আৰু তেওঁৰ আদেশৰ প্ৰতি কোনোবাই আপত্তিও কৰিব নোৱাৰে।
Ibisobanuro by'icyarabu:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُحِلُّوْا شَعَآىِٕرَ اللّٰهِ وَلَا الشَّهْرَ الْحَرَامَ وَلَا الْهَدْیَ وَلَا الْقَلَآىِٕدَ وَلَاۤ آٰمِّیْنَ الْبَیْتَ الْحَرَامَ یَبْتَغُوْنَ فَضْلًا مِّنْ رَّبِّهِمْ وَرِضْوَانًا ؕ— وَاِذَا حَلَلْتُمْ فَاصْطَادُوْا ؕ— وَلَا یَجْرِمَنَّكُمْ شَنَاٰنُ قَوْمٍ اَنْ صَدُّوْكُمْ عَنِ الْمَسْجِدِ الْحَرَامِ اَنْ تَعْتَدُوْا ۘ— وَتَعَاوَنُوْا عَلَی الْبِرِّ وَالتَّقْوٰی ۪— وَلَا تَعَاوَنُوْا عَلَی الْاِثْمِ وَالْعُدْوَانِ ۪— وَاتَّقُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟
হে ঈমান্দাৰসকল! আল্লাহে যিবোৰ বস্তুক সন্মান প্ৰদান কৰিছে, আৰু সন্মান কৰাৰ আদেশ দিছে, সেইবোৰৰ অনাদৰ নকৰিবা। আৰু ইহৰাম অৱস্থাত যিবোৰ বস্তু অবৈধ, সেইবোৰৰ পৰা বিৰত থাকা, যেনে চিলাই কৰা কাপোৰ পৰিধান কৰা। হৰমত (কাবা ঘৰৰ আশে পাশে থকা স্থানত) যিবোৰ কাম কৰা অবৈধ (যেনে- চিকাৰ কৰা) তেনে কৰ্মৰ পৰা দূৰৈত থাকিবা। সন্মানিত মাহবোৰত (যেনে- জুল-কাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত) যুদ্ধ কৰা বৈধ বুলি নাভাবিবা। যিবোৰ জন্তু আল্লাহৰ ওৱাস্তে জবেহ কৰাৰ বাবে হৰমলৈ প্ৰেৰণ কৰা হয়, সেইবোৰক যাবলৈ বাধা প্ৰদান কৰি অথবা লুন্ঠণ কৰি সেইবোৰক অনাদৰ নকৰিবা। লগতে সেইবোৰ জন্তুকো অপমান নকৰিবা যিবোৰক হজ্জত কুৰবানী কৰাৰ বাবে প্ৰতীক হিচাপে ডিঙিত মালা পিন্ধাই দিয়া হৈছে। সেইসকল লোককো ক্ষতি নকৰিবা যিসকলে আল্লাহৰ সন্তুষ্টি তথা ব্যৱসায়-বাণিজ্যত লাভ কৰাৰ উদ্দেশ্যে কাবা ঘৰলৈ আহিছে। আৰু যেতিয়া তোমালোকে হজ্জ তথা উমৰাৰ কাম সম্পন্ন কৰি ইহৰাম খুলি পেলোৱা আৰু হৰমৰ পৰা ওলাই যোৱা, তেতিয়া ইচ্ছা কৰিলে চিকাৰ কৰিব পাৰা। যদি তোমালোকক কোনোবাই সন্মানিত মছজিদলৈ যাওঁতে বাধা প্ৰদান কৰে, তেন্তে সিহঁতৰ লগত শত্ৰুতা থকাৰ কাৰণে সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ নকৰিবা। হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত ইজনে সিজনক সহায় কৰিবা। লগতে পাপকাম তথা গুনাহৰ ক্ষেত্ৰত কাকো সহায় নকৰিবা আৰু কোনো মানুহৰ ধন-সম্পত্তি, ৰক্ত আৰু সন্মানৰ ক্ষেত্ৰত শত্ৰুতা পোষণ কৰাত কেতিয়াও কাকো সহযোগিতা নকৰিবা। তথা আল্লাহৰ আদেশ পৰিপূৰ্ণৰূপে পালন কৰি আৰু তেওঁৰ অবাধ্যতাৰ পৰা দূৰৈত থাকি তেওঁক ভয় কৰা। নিশ্চয় আল্লাহে অবাধ্যতাকাৰী সকলক অতি কষ্টদায়ক শাস্তি প্ৰদান কৰিব, সেয়ে তেওঁৰ শাস্তিৰ পৰা সাৱধান থাকিবা।
Ibisobanuro by'icyarabu:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• عناية الله بجميع أحوال الورثة في تقسيم الميراث عليهم.
মীৰাছ বন্টনৰ ক্ষেত্ৰত আল্লাহে উত্তৰাধিকাৰী সকলৰ সকলো অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিছে।

• الأصل هو حِلُّ الأكل من كل بهيمة الأنعام، سوى ما خصه الدليل بالتحريم، أو ما كان صيدًا يعرض للمحرم في حجه أو عمرته.
মূলতে সকলো চতুষ্পদ জন্তু ভক্ষণ কৰা হালাল, হাৰাম কেৱল সেইসকল জন্তু যিবোৰ হাৰাম হোৱাৰ প্ৰমাণ আছে, অথবা হজ্জ তথা ওমৰাৰ সময়ত যিটো মুহৰিম ব্যক্তিৰ সন্মুখত চিকাৰ ৰূপে আহে।

• النهي عن استحلال المحرَّمات، ومنها: محظورات الإحرام، والصيد في الحرم، والقتال في الأشهر الحُرُم، واستحلال الهدي بغصب ونحوه، أو مَنْع وصوله إلى محله.
হাৰাম বস্তুক হালাল বুলি গণ্য কৰাৰ পৰা বিৰত থকাৰ আদেশ দিয়া হৈছে। যেনে- ইহৰাম অৱস্থাত যি যি হাৰাম, লগতে কাবা ঘৰৰ আশে পাশে হৰমৰ ভিতৰত চিকাৰ কৰা, সন্মানিত মাহবোৰত যুদ্ধ কৰা, বলপূৰ্বকভাৱে হজ্জত কুৰবানী কৰিবলৈ লৈ যোৱা জন্তু কাঢ়ি লোৱা অথবা সেইবোৰক জবেহ কৰা ঠাইত লৈ যাবলৈ বাধা প্ৰদান কৰা ইত্যাদি।

 
Ibisobanuro. Isurat: Al Maidat
Urutonde rw'amasura Nimero ya Paji.
 
Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies Center.

Gufunga.